< भजन संहिता 86 >
1 १ दाऊद की प्रार्थना हे यहोवा, कान लगाकर मेरी सुन ले, क्योंकि मैं दीन और दरिद्र हूँ।
১হে যিহোৱা, মোৰ কথালৈ কাণ দিয়া, মোক উত্তৰ দিয়া; কিয়নো মই দুখী আৰু দৰিদ্ৰ।
2 २ मेरे प्राण की रक्षा कर, क्योंकि मैं भक्त हूँ; तू मेरा परमेश्वर है, इसलिए अपने दास का, जिसका भरोसा तुझ पर है, उद्धार कर।
২মোৰ প্ৰাণ ৰক্ষা কৰা; কিয়নো মই তোমাৰ ভক্ত; তুমিয়েই মোৰ ঈশ্বৰ; তোমাৰ ওপৰত ভাৰসা কৰা দাসক তুমি পালন কৰা।
3 ३ हे प्रभु, मुझ पर अनुग्रह कर, क्योंकि मैं तुझी को लगातार पुकारता रहता हूँ।
৩হে প্ৰভু, মোক কৃপা কৰা; কিয়নো ওৰে দিনটো মই তোমাৰ আগত প্ৰাৰ্থনা কৰি আছোঁ।
4 ४ अपने दास के मन को आनन्दित कर, क्योंकि हे प्रभु, मैं अपना मन तेरी ही ओर लगाता हूँ।
৪তোমাৰ দাসৰ মনত আনন্দ দান কৰা; কিয়নো হে প্ৰভু, মই মোৰ প্রাণ তোমালৈ তুলি ধৰিছোঁ।
5 ५ क्योंकि हे प्रभु, तू भला और क्षमा करनेवाला है, और जितने तुझे पुकारते हैं उन सभी के लिये तू अति करुणामय है।
৫হে প্ৰভু, তুমি মঙ্গলময় আৰু ক্ষমাদানকাৰী; তোমাৰ আগত প্ৰাৰ্থনা কৰা সকলৰ প্রতি তুমি দয়াৰে পৰিপূর্ণ।
6 ६ हे यहोवा मेरी प्रार्थना की ओर कान लगा, और मेरे गिड़गिड़ाने को ध्यान से सुन।
৬হে যিহোৱা, মোৰ প্ৰাৰ্থনালৈ কাণ পাতা, মোৰ মিনতিৰ ক্রন্দন তুমি শুনা।
7 ७ संकट के दिन मैं तुझको पुकारूँगा, क्योंकि तू मेरी सुन लेगा।
৭সঙ্কটৰ কালত মই তোমাৰ আগত প্ৰাৰ্থনা কৰিম; কিয়নো তুমি মোক উত্তৰ দিবা।
8 ८ हे प्रभु, देवताओं में से कोई भी तेरे तुल्य नहीं, और न किसी के काम तेरे कामों के बराबर हैं।
৮হে প্ৰভু, দেৱতাবোৰৰ মাজত তোমাৰ তুল্য কোনো নাই; তোমাৰ কাৰ্যৰ লগত কোনো কাৰ্যৰ তুলনা নহয়।
9 ९ हे प्रभु, जितनी जातियों को तूने बनाया है, सब आकर तेरे सामने दण्डवत् करेंगी, और तेरे नाम की महिमा करेंगी।
৯হে প্ৰভু, তুমি সৃষ্টি কৰা সমস্ত জাতিয়ে আহি তোমাৰ আগত প্ৰণিপাত কৰিব; তেওঁলোকে তোমাৰ মহিমা কীর্তন কৰিব।
10 १० क्योंकि तू महान और आश्चर्यकर्म करनेवाला है, केवल तू ही परमेश्वर है।
১০কিয়নো তুমি মহান আৰু তুমি আচৰিত কৰ্ম কৰোঁতা। কেৱল তুমিয়েই ঈশ্বৰ।
11 ११ हे यहोवा, अपना मार्ग मुझे सिखा, तब मैं तेरे सत्य मार्ग पर चलूँगा, मुझ को एक चित्त कर कि मैं तेरे नाम का भय मानूँ।
১১হে যিহোৱা, তোমাৰ পথৰ বিষয়ে মোক শিক্ষা দিয়া, যাতে মই তোমাৰ সত্যত চলিব পাৰোঁ; তোমাৰ নামক ভয় কৰাৰ কাৰণে মোৰ দুই মনৰ অন্তৰক এক মন দিয়া।
12 १२ हे प्रभु, हे मेरे परमेश्वर, मैं अपने सम्पूर्ण मन से तेरा धन्यवाद करूँगा, और तेरे नाम की महिमा सदा करता रहूँगा।
১২হে মোৰ ঈশ্বৰ যিহোৱা, মই সমস্ত হৃদয়ৰে তোমাৰ প্ৰশংসা কৰিম, চিৰকাল তোমাৰ নামৰ গৌৰৱ কৰিম।
13 १३ क्योंकि तेरी करुणा मेरे ऊपर बड़ी है; और तूने मुझ को अधोलोक की तह में जाने से बचा लिया है। (Sheol )
১৩কিয়নো মোৰ প্ৰতি তোমাৰ গভীৰ প্রেম অসীম; চিয়োলৰ অতি গভীৰ অধোলোকৰ পৰা তুমি মোৰ প্ৰাণ ৰক্ষা কৰিলা। (Sheol )
14 १४ हे परमेश्वर, अभिमानी लोग मेरे विरुद्ध उठ गए हैं, और उपद्रवियों का झुण्ड मेरे प्राण के खोजी हुए हैं, और वे तेरा कुछ विचार नहीं रखते।
১৪হে ঈশ্বৰ, অহঙ্কাৰীবোৰ মোৰ বিৰুদ্ধে উঠিছে; অত্যাচাৰীবোৰৰ দলে মোৰ প্ৰাণ লব বিচাৰিছে; তেওঁলোকে তোমাক নিজৰ সন্মুখত নাৰাখে।
15 १५ परन्तु प्रभु दयालु और अनुग्रहकारी परमेश्वर है, तू विलम्ब से कोप करनेवाला और अति करुणामय है।
১৫কিন্তু হে প্ৰভু, তুমি দয়াৰে পৰিপূর্ণ অনুগ্রহকাৰী ঈশ্বৰ; তুমি ক্ৰোধত ধীৰ, গভীৰ প্রেম আৰু বিশ্ৱস্ততাত মহান।
16 १६ मेरी ओर फिरकर मुझ पर अनुग्रह कर; अपने दास को तू शक्ति दे, और अपनी दासी के पुत्र का उद्धार कर।
১৬তুমি মোলৈ ঘূৰা আৰু মোক কৃপা কৰা; তোমাৰ দাসক তোমাৰ শক্তি দান কৰা; তোমাৰ দাসীৰ পুত্ৰক তুমি ৰক্ষা কৰা।
17 १७ मुझे भलाई का कोई चिन्ह दिखा, जिसे देखकर मेरे बैरी निराश हों, क्योंकि हे यहोवा, तूने आप मेरी सहायता की और मुझे शान्ति दी है।
১৭মোক তোমাৰ কৰুণাৰ এটি চিন দেখুৱা, যাতে মোক যি সকলে ঘৃণা কৰে তেওঁলোকে তাকে দেখি লাজ পায়; কাৰণ, হে যিহোৱা, তুমিয়েই মোক সহায় কৰিলা আৰু শান্তনা দিলা।