< भजन संहिता 73 >
1 १ आसाप का भजन सचमुच इस्राएल के लिये अर्थात् शुद्ध मनवालों के लिये परमेश्वर भला है।
১অৱশ্যেই ঈশ্বৰ ইস্ৰায়েললৈ মঙ্গলজনক; তেওঁ শুদ্ধ চিত্তৰ লোকসকললৈ শুভ কৰোঁতা।
2 २ मेरे डग तो उखड़ना चाहते थे, मेरे डग फिसलने ही पर थे।
২কিন্তু মোৰ ভৰি হ’লে প্ৰায় পিছল খাইছিল; মোৰ খোজ প্ৰায় পিছলি গৈছিল।
3 ३ क्योंकि जब मैं दुष्टों का कुशल देखता था, तब उन घमण्डियों के विषय डाह करता था।
৩তেতিয়া অহংকাৰী লোকলৈ মোৰ অসূয়া জন্মিছিল; মই দুষ্টবোৰক বৰ সুখত থকা দেখিছিলোঁ।
4 ४ क्योंकि उनकी मृत्यु में वेदनाएँ नहीं होतीं, परन्तु उनका बल अटूट रहता है।
৪কাৰণ তেওঁলোকে মৃত্যুৰ যন্ত্ৰণা নাপায়; কিন্তু তেওঁলোক সুস্থ সবল হৈ থাকে।
5 ५ उनको दूसरे मनुष्यों के समान कष्ट नहीं होता; और अन्य मनुष्यों के समान उन पर विपत्ति नहीं पड़ती।
৫তেওঁলোকে আন মানুহে দুখ পোৱাৰ দৰে দুখ নাপায়; অন্যলোকৰ বিপদৰ নিচিনাকৈ তেওঁলোক বিপদতো নপৰে।
6 ६ इस कारण अहंकार उनके गले का हार बना है; उनका ओढ़ना उपद्रव है।
৬এই কাৰণে অহংকাৰ তেওঁলোকৰ দিঙিৰ হাৰ স্বৰূপ; অত্যাচাৰ তেওঁলোকৰ কাৰণে শৰীৰ আবৰণ স্বৰূপ হৈছে।
7 ७ उनकी आँखें चर्बी से झलकती हैं, उनके मन की भावनाएँ उमड़ती हैं।
৭তেওঁলোকৰ মনৰ অন্ধকাৰ পাপ হৈ বাহিৰ হয়; তেওঁলোকৰ মন্দ চিন্তা শেষ পর্যন্ত তেওঁলোকৰ অন্তৰৰ ভিতৰত থাকে।
8 ८ वे ठट्ठा मारते हैं, और दुष्टता से हिंसा की बात बोलते हैं; वे डींग मारते हैं।
৮তেওঁলোকে মহা বিদ্ৰূপেৰে দুষ্টতাৰ কথা কয়; তেওঁলোকে অহংকাৰ কৰি ভয় দেখুৱাই আক্রমণ কৰে।
9 ९ वे मानो स्वर्ग में बैठे हुए बोलते हैं, और वे पृथ्वी में बोलते फिरते हैं।
৯তেওঁলোকে স্বর্গৰ বিৰুদ্ধে কথা কয়; তেওঁলোকৰ জিভাই পৃথিৱী ভ্ৰমণ কৰে।
10 १० इसलिए उसकी प्रजा इधर लौट आएगी, और उनको भरे हुए प्याले का जल मिलेगा।
১০এই কাৰণে ঈশ্বৰৰ সন্তান সকল তেওঁলোকৰ ফালে ঘূৰি যায়; গভীৰ ভাবে তেওঁলোকৰ বাক্যবোৰ পান কৰে।
11 ११ फिर वे कहते हैं, “परमेश्वर कैसे जानता है? क्या परमप्रधान को कुछ ज्ञान है?”
১১তেওঁলোকে কয়, “ঈশ্বৰে কেনেকৈ জানিব? কিহবলৈ গৈ আছে তাক জানো সৰ্ব্বোপৰি জনাই জানিব?”
12 १२ देखो, ये तो दुष्ट लोग हैं; तो भी सदा आराम से रहकर, धन-सम्पत्ति बटोरते रहते हैं।
১২চোৱা, তেওঁলোক দুষ্ট; তেওঁলোকৰ মনৰ ভাব সদায় নিশ্চিন্ত, অধিক সম্পত্তি বঢ়াই থাকে।
13 १३ निश्चय, मैंने अपने हृदय को व्यर्थ शुद्ध किया और अपने हाथों को निर्दोषता में धोया है;
১৩“মই যে পাপ নকৰাকৈ নিজকে শুচি কৰি ৰাখিলোঁ; ই তেন্তে কি অৰ্থহীন নেকি?
14 १४ क्योंकि मैं दिन भर मार खाता आया हूँ और प्रति भोर को मेरी ताड़ना होती आई है।
১৪মই ওৰে দিনটো আঘাতিত হলোঁ; প্ৰতি ৰাতিপুৱা তুমি মোক অপদস্থ কৰিলা।”
15 १५ यदि मैंने कहा होता, “मैं ऐसा कहूँगा”, तो देख मैं तेरे सन्तानों की पीढ़ी के साथ छल करता।
১৫যদি মই এনেকুৱা কথাবোৰ কলোহেঁতেন, তেন্তে সেয়া কোনোমতে তোমাৰ সন্তানৰ কথা নহলহেঁতেন।
16 १६ जब मैं सोचने लगा कि इसे मैं कैसे समझूँ, तो यह मेरी दृष्टि में अति कठिन समस्या थी,
১৬এই সমস্যাৰ বিষয়ে বুজিবলৈ মই বৰ চেষ্টা কৰিছিলোঁ; কিন্তু বুজি পাবৰ বাবে এই সমস্যাটো বহুত কঠিন আছিল।
17 १७ जब तक कि मैंने परमेश्वर के पवित्रस्थान में जाकर उन लोगों के परिणाम को न सोचा।
১৭যেতিয়া মই ঈশ্বৰৰ মন্দিৰলৈ গলো, তাৰ পাছতহে তেওঁলোকৰ কি দশা হ’ব মই বুজিব পাতিলোঁ।
18 १८ निश्चय तू उन्हें फिसलनेवाले स्थानों में रखता है; और गिराकर सत्यानाश कर देता है।
১৮সঁচাকৈ তুমি তেওঁলোকক পিছল খোৱা ঠাইত থৈছা; তুমি তেওঁলোকক বিনাশৰ গাতত পেলাই তেওঁলোকৰ সর্বনাশ কৰিবা।
19 १९ वे क्षण भर में कैसे उजड़ गए हैं! वे मिट गए, वे घबराते-घबराते नाश हो गए हैं।
১৯তেওঁলোক কেনেকৈ নিমিষতে মৰুভুমিত উচ্ছন্ন হয়, নানা আতঙ্কজনক শঙ্কাত তেওঁলোক একেবাৰে বিনষ্ট হ’ব।
20 २० जैसे जागनेवाला स्वप्न को तुच्छ जानता है, वैसे ही हे प्रभु जब तू उठेगा, तब उनको छाया सा समझकर तुच्छ जानेगा।
২০তেওঁলোক এটা সপোন দেখি সাৰ পায় সপোনটো তুচ্ছ জ্ঞান কৰাৰ নিচিনাকৈ; হে ঈশ্ৱৰ, যেতিয়া তুমি উঠিবা, তেতিয়া তেওঁলোকক ছায়া বুলি তুচ্ছ জ্ঞান কৰিবা।
21 २१ मेरा मन तो कड़वा हो गया था, मेरा अन्तःकरण छिद गया था,
২১যেতিয়া মই মনত গভীৰ দুখ পাইছিলোঁ; আৰু মোৰ অন্তৰত আঘাত লাগিছিল,
22 २२ मैं अबोध और नासमझ था, मैं तेरे सम्मुख मूर्ख पशु के समान था।
২২তেতিয়া মই অজ্ঞান আৰু মনৰ কল্পনা অভাব বোধ কৰিছিলোঁ; তোমাৰ সাক্ষাতে অচেতন হোৱা পশুৰ নিচিনা আছিলোঁ।
23 २३ तो भी मैं निरन्तर तेरे संग ही था; तूने मेरे दाहिने हाथ को पकड़ रखा।
২৩তথাপি মই সদায় তোমাৰ লগতে আছোঁ; তুমি মোৰ সোঁ হাত খনত ধৰি ৰাখিলা।
24 २४ तू सम्मति देता हुआ, मेरी अगुआई करेगा, और तब मेरी महिमा करके मुझ को अपने पास रखेगा।
২৪তুমি তোমাৰ উপদেশেৰে মোক পথ দেখুৱাবা, পৰবর্তী সময়ত মোক গৌৰৱেৰে গ্ৰহণ কৰিবা।
25 २५ स्वर्ग में मेरा और कौन है? तेरे संग रहते हुए मैं पृथ्वी पर और कुछ नहीं चाहता।
২৫তোমাৰ বাহিৰে স্বৰ্গত মোৰ কোন আছে? তোমাৰ বাহিৰে পৃথিৱীত মোৰ এনে কোনো আশ্রয় নাই।
26 २६ मेरे हृदय और मन दोनों तो हार गए हैं, परन्तु परमेश्वर सर्वदा के लिये मेरा भाग और मेरे हृदय की चट्टान बना है।
২৬মোৰ শৰীৰ আৰু হৃদয় দুয়োটা পৰাজিত হ’ল; কিন্তু ঈশ্বৰ চিৰকাললৈকে মোৰ মনৰ শক্তি।
27 २७ जो तुझ से दूर रहते हैं वे तो नाश होंगे; जो कोई तेरे विरुद्ध व्यभिचार करता है, उसको तू विनाश करता है।
২৭কিয়নো চোৱা, তোমাৰ পৰা দূৰৈত থকা লোকসকলৰ সর্বনাশ হ’ব; তোমাক এৰি অবিশ্বাসী হোৱা সকলোকে তুমি ধ্বংস কৰিবা।
28 २८ परन्तु परमेश्वर के समीप रहना, यही मेरे लिये भला है; मैंने प्रभु यहोवा को अपना शरणस्थान माना है, जिससे मैं तेरे सब कामों को वर्णन करूँ।
২৮কিন্তু মোৰ পক্ষে হলে, ঈশ্বৰৰ ওচৰ চপাই মঙ্গল; মই প্রভু যিহোৱাক মোৰ আশ্ৰয় স্থান ৰূপে গ্রহণ কৰিলোঁ; মই তোমাৰ সকলো কার্য ঘোষণা কৰিম।