< गिनती 34 >

1 फिर यहोवा ने मूसा से कहा,
পাছত যিহোৱাই মোচিক ক’লে,
2 “इस्राएलियों को यह आज्ञा दे: कि जो देश तुम्हारा भाग होगा वह तो चारों ओर की सीमा तक का कनान देश है, इसलिए जब तुम कनान देश में पहुँचो,
“তুমি ইস্ৰায়েলৰ সন্তান সকলক এই আজ্ঞা দিয়া, তেওঁলোকক এই কথা কোৱা, ‘যেতিয়া তোমালোক কনান দেশত সোমাবা, তোমালোকে অধিকাৰৰ অৰ্থে পাব লগা দেশ এই, চাৰিসীমা অনুসাৰে এয়ে কনান দেশ,
3 तब तुम्हारा दक्षिणी प्रान्त सीन नामक जंगल से ले एदोम देश के किनारे-किनारे होता हुआ चला जाए, और तुम्हारी दक्षिणी सीमा खारे ताल के सिरे पर आरम्भ होकर पश्चिम की ओर चले;
তেতিয়া ইদোমৰ কাষত থকা ছিন মৰুভূমিৰ পৰা তোমালোকৰ দক্ষিণ অঞ্চল হ’ব; তোমালোকৰ দক্ষিণ সীমা লৱণ-সমুদ্ৰৰ অন্তৰ পৰা পূৱফালে হ’ব।
4 वहाँ से तुम्हारी सीमा अक्रब्बीम नामक चढ़ाई के दक्षिण की ओर पहुँचकर मुड़े, और सीन तक आए, और कादेशबर्ने के दक्षिण की ओर निकले, और हसरद्दार तक बढ़के अस्मोन तक पहुँचे;
আৰু তোমালোকৰ সীমা পৰ্ব্বত পাৰ হৈ যোৱা অক্ৰব্বীম নামেৰে ঠাইৰ দক্ষিণে ঘূৰি ছিনলৈকে যাব আৰু কাদেচ-বৰ্ণেয়াৰ দক্ষিণফালে ওলাব আৰু হচৰ-অদ্দৰ ওলাই অচমোনলৈকে যাব।
5 फिर वह सीमा अस्मोन से घूमकर मिस्र के नाले तक पहुँचे, और उसका अन्त समुद्र का तट ठहरे।
পাছত এই সীমা অচমোনৰ পৰা মিচৰ জুৰিলৈ ঘূৰি আহিব আৰু সমুদ্ৰত এই সীমা শেষ হ’ব।
6 “फिर पश्चिमी सीमा महासमुद्र हो; तुम्हारी पश्चिमी सीमा यही ठहरे।
আৰু তোমালোকৰ পশ্চিম সীমা হ’লে, মহাসাগৰ আৰু তাৰ অঞ্চল; এয়ে তোমালোকৰ পশ্চিম সীমা হ’ব।
7 “तुम्हारी उत्तरी सीमा यह हो, अर्थात् तुम महासमुद्र से ले होर पर्वत तक सीमा बाँधना;
আৰু তোমালোকৰ উত্তৰ সীমা এই; তোমালোকে মহাসাগৰ পৰা হোৰ পৰ্ব্বত লক্ষ্য কৰিবা।
8 और होर पर्वत से हमात की घाटी तक सीमा बाँधना, और वह सदाद पर निकले;
পাছত হোৰ পৰ্ব্বতৰ পৰা হমাতৰ প্ৰৱেশস্থানলৈকে ঠিক কৰিবা আৰু তাৰ পৰা সেই সীমা ওলাই চদাদ পাব।
9 फिर वह सीमा जिप्रोन तक पहुँचे, और हसरेनान पर निकले; तुम्हारी उत्तरी सीमा यही ठहरे।
আৰু সেই সীমা বাহিৰ হৈ জিফ্ৰোণলৈ যাব আৰু হচৰ-ঐননত তাৰ শেষ হ’ব। এয়ে তোমালোকৰ উত্তৰ সীমা হ’ব।
10 १० “फिर अपनी पूर्वी सीमा हसरेनान से शपाम तक बाँधना;
১০আৰু তোমালোকে হচৰ-ঐননৰ পৰা চফামলৈকে তোমালোকৰ পূৱ সীমা ঠিক কৰিবা।
11 ११ और वह सीमा शपाम से रिबला तक, जो ऐन के पूर्व की ओर है, नीचे को उतरते-उतरते किन्नेरेत नामक ताल के पूर्व से लग जाए;
১১পাছত সেই সীমা চফামৰ পৰা ঐনৰ পূৱফাল হৈ ৰিব্লালৈ নামি যাব; সেয়ে আৰু নামি কিন্নেৰৎ সাগৰৰ পূৱ চুকত লাগিব।
12 १२ और वह सीमा यरदन तक उतरकर खारे ताल के तट पर निकले। तुम्हारे देश की चारों सीमाएँ ये ही ठहरें।”
১২পাছত সেই সীমা যৰ্দ্দনলৈ নামি লৱণ-সমুদ্ৰত তাৰ শেষ হ’ব। সেই চাৰিফালৰ সীমা অনুসাৰেই তোমালোকৰ দেশ হ’ব’।”
13 १३ तब मूसा ने इस्राएलियों से फिर कहा, “जिस देश के तुम चिट्ठी डालकर अधिकारी होंगे, और यहोवा ने उसे साढ़े नौ गोत्र के लोगों को देने की आज्ञा दी है, वह यही है;
১৩পুনৰায় মোচিয়ে ইস্ৰায়েলৰ সন্তান সকলক এই আজ্ঞা কৰিলে, “যি দেশ তোমালোকে চিঠি-খেলেৰে অধিকাৰ কৰিবা, যি দেশ যিহোৱাই ন ফৈদ আৰু আধা ফৈদক দিবলৈ আজ্ঞা কৰিছে, সেয়ে এই দেশ।
14 १४ परन्तु रूबेनियों और गादियों के गोत्र तो अपने-अपने पितरों के कुलों के अनुसार अपना-अपना भाग पा चुके हैं, और मनश्शे के आधे गोत्र के लोग भी अपना भाग पा चुके हैं;
১৪কিয়নো নিজ নিজ পিতৃ-বংশ অনুসাৰে ৰূবেণৰ সন্তান সকলৰ ফৈদ আৰু নিজ নিজ পিতৃ-বংশ অনুসাৰে গাদৰ সন্তান সকলৰ ফৈদ আৰু মনচিৰ আধা ফৈদে নিজ নিজ উত্তৰাধিকাৰ ল’লে।
15 १५ अर्थात् उन ढाई गोत्रों के लोग यरीहो के पास यरदन के पार पूर्व दिशा में, जहाँ सूर्योदय होता है, अपना-अपना भाग पा चुके हैं।”
১৫যিৰীহোৰ সন্মুখত যৰ্দ্দনৰ পূৱ পাৰত সূৰ্য ওলোৱা ফালে সেই আঢ়ৈ ফৈদে নিজ নিজ উত্তৰাধিকাৰ ল’লে।”
16 १६ फिर यहोवा ने मूसा से कहा,
১৬পাছত যিহোৱাই মোচিক ক’লে,
17 १७ “जो पुरुष तुम लोगों के लिये उस देश को बाँटेंगे उनके नाम ये हैं एलीआजर याजक और नून का पुत्र यहोशू।
১৭যিসকলে দেশ ভাগ কৰি তোমালোকক দিব, তেওঁলোকৰ নাম এই, ইলিয়াজৰ পুৰোহিত আৰু নুনৰ পুত্ৰ যিহোচূৱা।
18 १८ और देश को बाँटने के लिये एक-एक गोत्र का एक-एक प्रधान ठहराना।
১৮আৰু উত্তৰাধিকাৰৰ অৰ্থে দেশ ভাগ কৰিবলৈ প্ৰত্যেক ফৈদৰ এজন এজন অধ্যক্ষ ল’বা।
19 १९ और इन पुरुषों के नाम ये हैं यहूदागोत्री यपुन्ने का पुत्र कालेब,
১৯সেই লোকসকলৰ নাম এই: যিহূদা ফৈদৰ যিফুন্নিৰ পুত্ৰ কালেব।
20 २० शिमोनगोत्री अम्मीहूद का पुत्र शमूएल,
২০আৰু চিমিয়োনৰ সন্তান সকলৰ ফৈদৰ অম্মীহূদৰ পুত্ৰ চমূৱেল।
21 २१ बिन्यामीनगोत्री किसलोन का पुत्र एलीदाद,
২১আৰু বিন্যামীন ফৈদৰ কিশ্লোনৰ পুত্ৰ ইলীদদ।
22 २२ दान के गोत्र का प्रधान योग्ली का पुत्र बुक्की,
২২আৰু দানৰ সন্তান সকলৰ ফৈদৰ অধ্যক্ষ যগ্লীৰ পুত্ৰ বুক্লী।
23 २३ यूसुफियों में से मनश्शेइयों के गोत्र का प्रधान एपोद का पुत्र हन्नीएल,
২৩আৰু যোচেফৰ পুত্ৰসকলৰ মাজত মনচিৰ সন্তান সকলৰ ফৈদৰ অধ্যক্ষ এপোদৰ পুত্ৰ হন্নীয়েল।
24 २४ और एप्रैमियों के गोत्र का प्रधान शिप्तान का पुत्र कमूएल,
২৪আৰু ইফ্ৰয়িমৰ সন্তান সকলৰ ফৈদৰ অধ্যক্ষ চিপ্তনৰ পুত্ৰ কেমূৱেল।
25 २५ जबूलूनियों के गोत्र का प्रधान पर्नाक का पुत्र एलीसापान,
২৫আৰু জবূলূনৰ সন্তান সকলৰ ফৈদৰ অধ্যক্ষ পৰ্ণাকৰ পুত্ৰ ইলিচাফন।
26 २६ इस्साकारियों के गोत्र का प्रधान अज्जान का पुत्र पलतीएल,
২৬আৰু ইচাখৰৰ সন্তান সকলৰ ফৈদৰ অধ্যক্ষ অজ্জনৰ পুত্ৰ পল্টীয়েল।
27 २७ आशेरियों के गोत्र का प्रधान शलोमी का पुत्र अहीहूद,
২৭আৰু আচেৰৰ সন্তান সকলৰ ফৈদৰ অধ্যক্ষ চলোমীৰ পুত্ৰ অহীহূদ।
28 २८ और नप्तालियों के गोत्र का प्रधान अम्मीहूद का पुत्र पदहेल।”
২৮আৰু নপ্তালীৰ সন্তান সকলৰ ফৈদৰ অধ্যক্ষ অম্মীহূদৰ পুত্ৰ পদহেল।
29 २९ जिन पुरुषों को यहोवा ने कनान देश को इस्राएलियों के लिये बाँटने की आज्ञा दी वे ये ही हैं।
২৯কনান দেশত ইস্ৰায়েলৰ সন্তান সকলৰ কাৰণে উত্তৰাধীকাৰ ভাগ কৰি দিবলৈ যিহোৱাই এই সকলো লোকক আজ্ঞা কৰিলে।

< गिनती 34 >