< नहेमायाह 7 >

1 जब शहरपनाह बन गई, और मैंने उसके फाटक खड़े किए, और द्वारपाल, और गवैये, और लेवीय लोग ठहराये गए,
দেৱালবোৰ যেতিয়া সাজি সমাপ্ত কৰা হৈছিল। তেতিয়া মই দুৱাৰবোৰ যথাস্থানত খুউৱাইছিলোঁ আৰু দুৱৰী, গায়ক, আৰু লেবীয়াসকলক নিযুক্ত কৰা হৈছিল,
2 तब मैंने अपने भाई हनानी और राजगढ़ के हाकिम हनन्याह को यरूशलेम का अधिकारी ठहराया, क्योंकि यह सच्चा पुरुष और बहुतेरों से अधिक परमेश्वर का भय माननेवाला था।
মই মোৰ ভাই হনানীক, হননিয়াৰ সৈতে যিৰূচালেমৰ দ্বায়ীত্ব দিছিলোঁ, যদিও তেওঁ এজন বিশ্বাসী আৰু ঈশ্বৰলৈ বহুলোকতকৈ অধিক ভয়কাৰী আছিল, কিন্তু তেওঁ দুৰ্গৰ দ্বায়ীত্ব বহন কৰিব পৰা নাছিল।
3 और मैंने उनसे कहा, “जब तक धूप कड़ी न हो, तब तक यरूशलेम के फाटक न खोले जाएँ और जब पहरुए पहरा देते रहें, तब ही फाटक बन्द किए जाएँ और बेड़े लगाए जाएँ। फिर यरूशलेम के निवासियों में से तू रखवाले ठहरा जो अपना-अपना पहरा अपने-अपने घर के सामने दिया करें।”
মই তেওঁলোকক ক’লোঁ, “যেতিয়ালৈকে টান ৰ’দ নহয়, তেতিয়ালৈকে যিৰূচালেমৰ দুৱাৰবোৰ মেলিব নালাগে। দুৱৰী সকলে পৰ দি থকাৰ সময়ত আপোনালোকে দুৱাৰবোৰ বন্ধ কৰিব, আৰু ডাং বোৰ দিব পাৰিব। আপোনালোকে যিৰূচালেমত নিবাস কৰা লোক সকলক প্রহৰীৰ বাবে নিযুক্ত কৰিব, কিছুমানে তেওঁলোকৰ প্রহৰী স্থানত, আৰু কিছুমানে নিজৰ ঘৰৰ সন্মুখত পহৰা দিব।”
4 नगर तो लम्बा चौड़ा था, परन्तु उसमें लोग थोड़े थे, और घर नहीं बने थे।
এই নগৰ বহল আৰু ডাঙৰ আছিল, কিন্তু তাৰ ভিতৰত লোক কম আছিল, আৰু এতিয়াও ঘৰবোৰ পুনৰ নিৰ্ম্মাণ কৰা হোৱা নাছিল।
5 तब मेरे परमेश्वर ने मेरे मन में यह उपजाया कि रईसों, हाकिमों और प्रजा के लोगों को इसलिए इकट्ठे करूँ, कि वे अपनी-अपनी वंशावली के अनुसार गिने जाएँ। और मुझे पहले-पहल यरूशलेम को आए हुओं का वंशावली पत्र मिला, और उसमें मैंने यह लिखा हुआ पाया।
প্ৰধান লোক সকলক, কৰ্মচাৰী সকলক আৰু লোক সকলক বংশাৱলীত তেওঁলোকৰ নাম অন্তৰ্ভুক্ত কৰিবৰ বাবে একগোট কৰিবলৈ মোৰ ঈশ্ৱৰে মোৰ হৃদয়ত কথা ক’লে। মই বাবিলৰ পৰা প্ৰথমে অহা লোকসকলৰ এখন বংশাৱলী-পত্ৰ পালোঁ, আৰু তলত উল্লেখিত এই সকলো বিচাৰি পালোঁ।
6 जिनको बाबेल का राजा, नबूकदनेस्सर बन्दी बना करके ले गया था, उनमें से प्रान्त के जो लोग बँधुआई से छूटकर, यरूशलेम और यहूदा के अपने-अपने नगर को आए।
“প্রদেশৰ এই লোক সকল, যি সকলক বাবিলৰ ৰজা নবূখদনেচৰে বন্দি কৰি লৈ গৈছিল, আৰু বন্দিত্ৱত ৰাখিছিল। তেওঁলোক বন্দিত্ৱৰ পৰা মুকলি হৈ যিৰূচালেম আৰু যিহূদাৰ নিজৰ নিজৰ নগৰলৈ উভটি আহিছিল।
7 वे जरुब्बाबेल, येशुअ, नहेम्याह, अजर्याह, राम्याह, नहमानी, मोर्दकै, बिलशान, मिस्पेरेत, बिगवै, नहूम और बानाह के संग आए। इस्राएली प्रजा के लोगों की गिनती यह है:
তেওঁলোক জৰুব্বাবিল, যেচুৱা, নহিমিয়া, অজৰিয়া, ৰয়মিয়া, নহমানী, মৰ্দখয়, বিলচন, মিস্পৰৎ, বিগবয়, নহুম, আৰু বানা, এওঁলোকৰ লগত আহিল। উল্লেখিত ইস্ৰায়েল লোকৰ পুৰুষ সকলৰ সংখ্যা তলত অন্তৰ্ভুক্ত আছে।
8 परोश की सन्तान दो हजार एक सौ बहत्तर,
পৰিয়োচৰ বংশধৰ দুই হাজাৰ এশ বাসত্তৰ জন।
9 शपत्याह की सन्तान तीन सौ बहत्तर,
চফটিয়াৰ বংশধৰ তিনিশ বাসত্তৰ জন।
10 १० आरह की सन्तान छः सौ बावन।
১০আৰহৰ বংশধৰ ছশ বাৱন্ন জন।
11 ११ पहत्मोआब की सन्तान याने येशुअ और योआब की सन्तान, दो हजार आठ सौ अठारह।
১১যেচুৱা আৰু যোৱাবৰ বংশধৰ আৰু পহৎ-মোৱাবৰ বংশধৰসকল দুই হাজাৰ আঠশ ওঠৰ জন।
12 १२ एलाम की सन्तान बारह सौ चौवन,
১২এলমৰ বংশধৰসকল এক হাজাৰ দুশ চৌৱন্ন জন।
13 १३ जत्तू की सन्तान आठ सौ पैंतालीस।
১৩জত্তুৰ বংশধৰসকল আঠশ পঞ্চলিশ জন।
14 १४ जक्कई की सन्तान सात सौ साठ।
১৪জক্কয়ৰ বংশধৰসকল সাতশ ষাঠি জন।
15 १५ बिन्नूई की सन्तान छः सौ अड़तालीस।
১৫বিন্নুইৰ বংশধৰসকল ছশ আঠচল্লিশ জন।
16 १६ बेबै की सन्तान छः सौ अट्ठाईस।
১৬বেবয়ৰ বংশধৰসকল ছশ আঠাইশ জন।
17 १७ अजगाद की सन्तान दो हजार तीन सौ बाईस।
১৭অজগদৰ বংশধৰসকল দুই হাজাৰ তিনিশ বাইশ জন।
18 १८ अदोनीकाम की सन्तान छः सौ सड़सठ।
১৮অদোনীকামৰ বংশধৰসকল ছশ সাতষষ্ঠি জন।
19 १९ बिगवै की सन्तान दो हजार सड़सठ।
১৯বিগবয়ৰ বংশধৰসকল দুই হাজাৰ সাতষষ্ঠি জন।
20 २० आदीन की सन्तान छः सौ पचपन।
২০আদীনৰ বংশধৰসকল ছশ পচপন্ন জন।
21 २१ हिजकिय्याह की सन्तान आतेर के वंश में से अट्ठानवे।
২১হিষ্কিয়াৰ আটেৰৰ বংশধৰসকল আঠানব্বৈ জন।
22 २२ हाशूम, की सन्तान तीन सौ अट्ठाईस।
২২হাচুমৰ বংশধৰসকল তিনি শ আঠাইশ জন।
23 २३ बेसै की सन्तान तीन सौ चौबीस।
২৩বেচয়ৰ বংশধৰসকল তিনি শ চৌবিশ জন।
24 २४ हारीफ की सन्तान एक सौ बारह।
২৪হাৰীফৰ বংশধৰসকল এশ বাৰ জন।
25 २५ गिबोन के लोग पंचानबे।
২৫গিবিয়োনৰ বংশধৰসকল পঞ্চানব্বই জন।
26 २६ बैतलहम और नतोपा के मनुष्य एक सौ अट्ठासी।
২৬বৈৎলেহেম আৰু নটোফাৰ পৰা অহা লোক এশ আঠাশী জন।
27 २७ अनातोत के मनुष्य एक सौ अट्ठाईस।
২৭অনাথোতৰ পৰা অহা লোক এশ আঠাইশ জন।
28 २८ बेतजमावत के मनुष्य बयालीस।
২৮বৈৎআজমাবতৰ লোকসকল বিয়াল্লিশ জন।
29 २९ किर्यत्यारीम, कपीरा, और बेरोत के मनुष्य सात सौ तैंतालीस।
২৯কিৰিয়ৎ-যিয়াৰীম কফীৰা, আৰু বেৰোতৰ লোকসকল সাতশ তিয়াল্লিশ জন।
30 ३० रामाह और गेबा के मनुष्य छः सौ इक्कीस।
৩০ৰামা আৰু গেবাৰ লোকসকল ছশ একৈশ জন।
31 ३१ मिकमाश के मनुष्य एक सौ बाईस।
৩১মিকমচৰ লোকসকল এশ বাইশ জন।
32 ३२ बेतेल और आई के मनुष्य एक सौ तेईस।
৩২বৈৎএল আৰু অয়ৰ লোকসকল এশ তেইশ জন।
33 ३३ दूसरे नबो के मनुष्य बावन।
৩৩অন্য নবোতৰ লোকসকল বাৱন্ন জন।
34 ३४ दूसरे एलाम की सन्तान बारह सौ चौवन।
৩৪অন্য এলমৰ লোকসকল এক হাজাৰ দুশ চৌৱন্ন জন।
35 ३५ हारीम की सन्तान तीन सौ बीस।
৩৫হাৰীমৰ লোকসকল তিনি শ বিশ জন।
36 ३६ यरीहो के लोग तीन सौ पैंतालीस।
৩৬যিৰীহোৰ লোকসকল তিনি শ পঞ্চল্লিশ জন।
37 ३७ लोद हादीद और ओनो के लोग सात सौ इक्कीस।
৩৭লোদ, হাদীদ, আৰু ওনোৰ লোকসকল সাত শ একৈশ জন।
38 ३८ सना के लोग तीन हजार नौ सौ तीस।
৩৮চনাৱাৰ লোকসকল তিনি হাজাৰ ন শ ত্ৰিশ জন।
39 ३९ फिर याजक अर्थात् येशुअ के घराने में से यदायाह की सन्तान नौ सौ तिहत्तर।
৩৯পুৰোহিতসকল: যিদয়াৰ বংশধৰসকল (যেচুৱাৰ ঘৰৰ) ন শ তেসত্তৰ জন।
40 ४० इम्मेर की सन्तान एक हजार बावन।
৪০ইম্মেৰৰ বংশধৰসকল এক হাজাৰ বাৱন্ন জন।
41 ४१ पशहूर की सन्तान बारह सौ सैंतालीस।
৪১পচহুৰৰ বংশধৰসকল এক হাজাৰ দুশ সাতচল্লিশ জন।
42 ४२ हारीम की सन्तान एक हजार सत्रह।
৪২হাৰীমৰ বংশধৰসকল এক হাজাৰ সোঁতৰ জন।
43 ४३ फिर लेवीय ये थेः होदवा के वंश में से कदमीएल की सन्तान येशुअ की सन्तान चौहत्तर।
৪৩লেবীয়াসকল: হোদবাৰ বংশধৰ কদ্মীয়েল, আৰু কদমীয়েলৰ যেচুৱাৰ বংশধৰসকল চৌসত্তৰ জন।
44 ४४ फिर गवैये ये थेः आसाप की सन्तान एक सौ अड़तालीस।
৪৪গায়কসকল: আচফৰ বংশধৰসকল এশ আঠচল্লিশ জন।
45 ४५ फिर द्वारपाल ये थेः शल्लूम की सन्तान, आतेर की सन्तान, तल्मोन की सन्तान, अक्कूब की सन्तान, हतीता की सन्तान, और शोबै की सन्तान, जो सब मिलकर एक सौ अड़तीस हुए।
৪৫চল্লুম, আটেৰ, টল্মোন, অক্কুব, হটীটা, চোবয়ৰ বংশধৰৰ দুৱৰীসকল এশ আঠত্রিশ জন।
46 ४६ फिर नतीन अर्थात् सीहा की सन्तान, हसूपा की सन्तान, तब्बाओत की सन्तान,
৪৬মন্দিৰৰ দাসবোৰ: চীহা, হচুফা, টব্বায়োৎ,
47 ४७ केरोस की सन्तान, सीआ की सन्तान, पादोन की सन्तान,
৪৭কেৰোচ, চীয়া, পাদোন,
48 ४८ लबाना की सन्तान, हगाबा की सन्तान, शल्मै की सन्तान।
৪৮লবানা, হগাবা, চলম্য়,
49 ४९ हानान की सन्तान, गिद्देल की सन्तान, गहर की सन्तान,
৪৯হানন, গিদ্দেল, গহৰ,
50 ५० रायाह की सन्तान, रसीन की सन्तान, नकोदा की सन्तान,
৫০ৰায়া, ৰচীন, নকোদা,
51 ५१ गज्जाम की सन्तान, उज्जा की सन्तान, पासेह की सन्तान,
৫১গজ্জম, উজ্জা, পাচেহ,
52 ५२ बेसै की सन्तान, मूनीम की सन्तान, नपूशस की सन्तान,
৫২বেচয়, মিয়ূনীম, নফূচীম,
53 ५३ बकबूक की सन्तान, हकूपा की सन्तान, हर्हूर की सन्तान,
৫৩বকবুক, হকুফা, হৰ্হূৰ,
54 ५४ बसलीत की सन्तान, महीदा की सन्तान, हर्शा की सन्तान,
৫৪বচলীৎ, মহীদা, হৰ্চা,
55 ५५ बर्कोस की सन्तान, सीसरा की सन्तान, तेमह की सन्तान,
৫৫বৰ্কোচ, চীচৰা, তেমহ,
56 ५६ नसीह की सन्तान, और हतीपा की सन्तान।
৫৬নচীহ, আৰু হটীফাৰ বংশধৰসকল।
57 ५७ फिर सुलैमान के दासों की सन्तान: सोतै की सन्तान, सोपेरेत की सन्तान, परीदा की सन्तान,
৫৭চলোমনৰ দাসৰ বংশধৰসকল: চোটয়, চোফেৰৎ, পৰীদা,
58 ५८ याला की सन्तान, दर्कोन की सन्तान, गिद्देल की सन्तान,
৫৮যালা, দৰ্কোণ, গিদ্দেল,
59 ५९ शपत्याह की सन्तान, हत्तील की सन्तान, पोकरेत-सबायीम की सन्तान, और आमोन की सन्तान।
৫৯চফটিয়া, হত্তীল, পোখৰৎ-হচবয়িম, আমোনৰ বংশধৰসকল।
60 ६० नतीन और सुलैमान के दासों की सन्तान मिलाकर तीन सौ बानवे थे।
৬০সকলো মন্দিৰৰ দাস আৰু চলোমনৰ দাসবোৰৰ বংশধৰসকল সৰ্ব্বমুঠ তিনি শ বিৰানব্বৈই জন আছিল।
61 ६१ और ये वे हैं, जो तेल्मेलाह, तेलहर्शा, करूब, अद्दोन, और इम्मेर से यरूशलेम को गए, परन्तु अपने-अपने पितरों के घराने और वंशावली न बता सके, कि इस्राएल के हैं, या नहीं
৬১এওঁলোক তেল-মেলহ, তেল-হৰ্চা, কৰূব, অদ্দোন, আৰু ইম্মেৰৰ পৰা অহা লোক; কিন্তু তেওঁলোকে আৰু তেওঁলোকৰ পূৰ্বপুৰুষৰ পৰিয়াল সকলে ইস্ৰায়েলৰ পৰা অহা বংশধৰ বুলি প্ৰমাণ দিব নোৱাৰিলে।
62 ६२ दलायाह की सन्तान, तोबियाह की सन्तान, और नकोदा की सन्तान, जो सब मिलाकर छः सौ बयालीस थे।
৬২দলায়াৰ, টোবিয়াৰ, আৰু নকোদাৰ বংশধৰসকল ছশ বিয়াল্লিশ জন।
63 ६३ और याजकों में से हबायाह की सन्तान, हक्कोस की सन्तान, और बर्जिल्लै की सन्तान, जिसने गिलादी बर्जिल्लै की बेटियों में से एक से विवाह कर लिया, और उन्हीं का नाम रख लिया था।
৬৩পুৰোহিতসকলৰ: হবয়া, হক্কোচ, আৰু বৰ্জ্জিল্লয়ৰ বংশধৰসকল, বাৰ্জ্জিলয়ে গিলিয়দীয়া বাৰ্জিল্লয়ৰ জীয়েক এজনীক বিয়া কৰিছিল আৰু তেওঁক তেওঁলোক নামেৰেই মতা হৈছিল।
64 ६४ इन्होंने अपना-अपना वंशावली पत्र और अन्य वंशावली पत्रों में ढूँढ़ा, परन्तु न पाया, इसलिए वे अशुद्ध ठहरकर याजकपद से निकाले गए।
৬৪বংশাৱলীত নাম লিখা লোকসকলৰ মাজত এওঁলোকে নিজৰ নিজৰ নাম বিচাৰি নাপালে, সেয়ে তেওঁলোকক অশুচি বুলি গণ্য কৰি, পুৰোহিত বাবৰ পৰা আঁতৰোৱা হ’ল।
65 ६५ और अधिपति ने उनसे कहा, कि जब तक ऊरीम और तुम्मीम धारण करनेवाला कोई याजक न उठे, तब तक तुम कोई परमपवित्र वस्तु खाने न पाओगे।
৬৫আৰু দেশাধ্যক্ষই তেওঁলোকক ক’লে যে, উৰীম আৰু তুম্মীমৰ পুৰোহিতৰ সৈতে যেতিয়ালৈকে তেওঁলোক থিয় নহয়, তেতিয়ালৈকে পুৰোহিতে ভগোৱা উৎসৰ্গিত আহাৰ তেওঁলোকক খাবলৈ অনুমতি দিয়া নহঁওক।
66 ६६ पूरी मण्डली के लोग मिलाकर बयालीस हजार तीन सौ साठ ठहरे।
৬৬সমাজত সমবেত হোৱা লোকসকল সৰ্ব্বমুঠ বিয়াল্লিশ হাজাৰ তিনি শ ষাঠি জন আছিল।
67 ६७ इनको छोड़ उनके सात हजार तीन सौ सैंतीस दास-दासियाँ, और दो सौ पैंतालीस गानेवाले और गानेवालियाँ थीं।
৬৭তাৰ উপৰিও তেওঁলোকৰ সাত হাজাৰ তিনি শ সাতত্ৰিশ জন দাস-দাসী আছিল। তেওঁলোকৰ দুশ পঞ্চল্লিশ জন গায়ক আৰু গায়িকা আছিল।
68 ६८ उनके घोड़े सात सौ छत्तीस, खच्चर दो सौ पैंतालीस,
৬৮তেওঁলোকৰ সাত শ ছয়ত্ৰিশটা ঘোঁৰা, দুশ পঞ্চল্লিশটা খচ্ছৰ,
69 ६९ ऊँट चार सौ पैंतीस और गदहे छः हजार सात सौ बीस थे।
৬৯চাৰিশ পঁয়ত্ৰিশটা উট, আৰু ছয় হাজাৰ সাত শ বিশটা গাধ আছিল।
70 ७० और पितरों के घरानों के कई एक मुख्य पुरुषों ने काम के लिये दान दिया। अधिपति ने तो चन्दे में हजार दर्कमोन सोना, पचास कटोरे और पाँच सौ तीस याजकों के अंगरखे दिए।
৭০পূৰ্বপুৰুষৰ পৰিয়ালৰ মূখ্য লোক সকলৰ মাজৰ কিছুমানে সেই কামৰ বাবে দান দিলে। দেশাধ্যক্ষই ভঁৰালত এক হাজাৰ সোণৰ মূদ্রা, পঞ্চাশটা চৰিয়া, আৰু পুৰোহিতৰ বাবে পাঁচ শ ত্ৰিশ খন বস্ত্ৰ দিলে।
71 ७१ और पितरों के घरानों के कई मुख्य-मुख्य पुरुषों ने उस काम के चन्दे में बीस हजार दर्कमोन सोना और दो हजार दो सौ माने चाँदी दी।
৭১পূৰ্বপুৰুষৰ মূখ্য লোকসকলৰ কিছুমানে কামৰ বাবে ভঁৰালত বিশ হাজাৰ সোণৰ মূদ্রা আৰু দুই হাজাৰ দুশ ৰূপ মূদ্রা দিলে।
72 ७२ और शेष प्रजा ने जो दिया, वह बीस हजार दर्कमोन सोना, दो हजार माने चाँदी और सड़सठ याजकों के अंगरखे हुए।
৭২অৱশিষ্ট লোকসকলে বিশ হাজাৰ সোণৰ মূদ্রা আৰু দুই হাজাৰ ৰূপৰ মূদ্রা, আৰু পুৰোহিতৰ বাবে সাতষষ্ঠি খন বস্ত্ৰ দিলে।
73 ७३ इस प्रकार याजक, लेवीय, द्वारपाल, गवैये, प्रजा के कुछ लोग और नतीन और सब इस्राएली अपने-अपने नगर में बस गए।
৭৩পুৰোহিত, লেবীয়া, দুৱৰী, গায়ক, আৰু কিছু সংখ্যক লোকে, মন্দিৰৰ দাস, আৰু সকলো ইস্ৰায়েল লোকে নিজৰ নিজৰ নগৰত বাস কৰিলে। সপ্তম মাহত ইস্রায়েলৰ লোকসকলে নিজৰ নিজৰ নগৰত সংস্থাপন কৰিলে।

< नहेमायाह 7 >