< यहेजकेल 47 >

1 फिर वह पुरुष मुझे भवन के द्वार पर लौटा ले गया; और भवन की डेवढ़ी के नीचे से एक सोता निकलकर पूर्व की ओर बह रहा था। भवन का द्वार तो पूर्वमुखी था, और सोता भवन के पूर्व और वेदी के दक्षिण, नीचे से निकलता था।
তেতিয়া সেই মানুহে মোক গৃহটিৰ দুৱাৰমুখলৈ উলিয়াই আনিলে; আৰু চোৱা! গৃহটিৰ দুৱাৰ ডলিৰ তলৰ পৰা জল সমূহ ওলাই পূৱ দিশলৈ বৈ গ’ল, কিয়নো গৃহটিৰ আগফাল পূৱদিশে আছিল; আৰু বেদিটোৰ দক্ষিণে গৃহটিৰ সোঁ কাষৰ তলৰ পৰা সেই জল সমূহ নামি গৈছিল।
2 तब वह मुझे उत्तर के फाटक से होकर बाहर ले गया, और बाहर-बाहर से घुमाकर बाहरी अर्थात् पूर्वमुखी फाटक के पास पहुँचा दिया; और दक्षिणी ओर से जल पसीजकर बह रहा था।
পাছত তেওঁ মোক বাটচৰাটোৰ বাটেদি উত্তৰফালে উলিয়াই নিলে আৰু মোক ঘূৰি অহা বাটেদি, পূৱফালে মুখ কৰা বাটচৰাটোলৈ যোৱা পথেদি বাহিৰৰ বাটচৰাটোলৈ আনিলে, আৰু চোৱা, সোঁ ফালে জল সমূহ ওলাই বৈ গৈছিল।
3 जब वह पुरुष हाथ में मापने की डोरी लिए हुए पूर्व की ओर निकला, तब उसने भवन से लेकर, हजार हाथ तक उस सोते को मापा, और मुझे जल में से चलाया, और जल टखनों तक था।
পাছত পুৰুষজনে হাতত ৰছী এডাল লৈ পূৱফাললৈ আগ বাঢ়ি গৈ এক হাজাৰ হাত জুখিলে আৰু মোক জল সমূহৰ মাজেদি নিলে; সেয়ে খাৰ-গঁঠিয়া পানী।
4 उसने फिर हजार हाथ मापकर मुझे जल में से चलाया, और जल घुटनों तक था, फिर और हजार हाथ मापकर मुझे जल में से चलाया, और जल कमर तक था।
তেতিয়া তেওঁ এক হাজাৰ হাত জুখিলে আৰু জল সমূহৰ মাজেদি মোক নিলে; সেয়ে একাঁঠুৱা পানী। পুনৰায় তেওঁ এক হাজাৰ হাত জুখিলে আৰু মোক জল সমূহৰ মাজেদি নিলে; সেয়ে এককলীয়া পানী।
5 तब फिर उसने एक हजार हाथ मापे, और ऐसी नदी हो गई जिसके पार मैं न जा सका, क्योंकि जल बढ़कर तैरने के योग्य था; अर्थात् ऐसी नदी थी जिसके पार कोई न जा सकता था।
পাছত তেওঁ আকৌ এক হাজাৰ হাত জুখিলে, সেয়ে মই পাৰ হৈ যাব নোৱাৰা এখন নদী; কিয়নো জল সমূহ বাঢ়িল, সাঁতোৰিব লগা জল সমূহ হ’ল, পাৰ হৈ যাব নোৱাৰা এখন নদী হ’ল।
6 तब उसने मुझसे पूछा, “हे मनुष्य के सन्तान, क्या तूने यह देखा है?” फिर उसने मुझे नदी के किनारे-किनारे लौटाकर पहुँचा दिया।
তেওঁ মোক ক’লে, “হে মনুষ্য সন্তান, তুমি ইয়াক দেখিছা নে?” এইবুলি তেওঁ মোক পুনৰায় নদীখনৰ দাঁতিলৈ লৈ গ’ল।
7 लौटकर मैंने क्या देखा, कि नदी के दोनों तटों पर बहुत से वृक्ष हैं।
মই উলটি অহাত, চোৱা, নদীখনৰ পাৰত ইপাৰে সিপাৰে অনেক অনেক গছ আছে।
8 तब उसने मुझसे कहा, “यह सोता पूर्वी देश की ओर बह रहा है, और अराबा में उतरकर ताल की ओर बहेगा; और यह भवन से निकला हुआ सीधा ताल में मिल जाएगा; और उसका जल मीठा हो जाएगा।
পাছত তেওঁ মোক ক’লে, এই জল সমূহ পূৱ অঞ্চললৈ ওলাই গৈছে; এয়ে অৰাবাৰ মাজেদি নামি যাব, তাৰ পাছত সমূদ্ৰলৈ যাব; এই জন সমূহ সমূদ্ৰত সোমালে তাৰ পানী উত্তম হৈ যাব।
9 जहाँ-जहाँ यह नदी बहे, वहाँ-वहाँ सब प्रकार के बहुत अण्डे देनेवाले जीवजन्तु जीएँगे और मछलियाँ भी बहुत हो जाएँगी; क्योंकि इस सोते का जल वहाँ पहुँचा है, और ताल का जल मीठा हो जाएगा; और जहाँ कहीं यह नदी पहुँचेगी वहाँ सब जन्तु जीएँगे।
আৰু এই মহানদীখন যোৱা সকলো ঠাইৰ অসংখ্য জীৱ-জন্তু জীব আৰু বহুসংখ্যক মাছ হ’ব; কিয়নো এই জল সমূহ সমূদ্ৰলৈ গ’লে তাৰ জল সমূহ উত্তম হৈ যাব; আৰু নদীখন যোৱা সকলো ঠাই সকলো প্ৰাণী জীব।
10 १० ताल के तट पर मछुए खड़े रहेंगे, और एनगदी से लेकर एनएगलैम तक वे जाल फैलाए जाएँगे, और उन्हें महासागर की सी भाँति-भाँति की अनगिनत मछलियाँ मिलेंगी।
১০তাৰ পাৰত মাছমৰীয়াসকল থিয় হ’ব আৰু অয়িন-গদীৰ পৰা অয়িন-ইগ্লয়িমলৈকে জাল মেলি দিয়া ঠাই হ’ব; তেওঁলোকৰ মাছ মহাসমূদ্ৰৰ মাছৰ দৰে নানা বিধৰ অসংখ্য মাছ হ’ব।
11 ११ परन्तु ताल के पास जो दलदल और गड्ढे हैं, उनका जल मीठा न होगा; वे खारे ही रहेंगे।
১১কিন্তু তাৰ বোকা ঠাই আৰু দল-দলনিবোৰ উত্তম নহ’ব; সেইবোৰ লোণীয়া ঠাই হ’ব।
12 १२ नदी के दोनों किनारों पर भाँति-भाँति के खाने योग्य फलदाई वृक्ष उपजेंगे, जिनके पत्ते न मुर्झाएँगे और उनका फलना भी कभी बन्द न होगा, क्योंकि नदी का जल पवित्रस्थान से निकला है। उनमें महीने-महीने, नये-नये फल लगेंगे। उनके फल तो खाने के, और पत्ते औषधि के काम आएँगे।”
১২আৰু নদীখনৰ কাষত, তাৰ পাৰত ইফালে সিফালে সকলোবিধৰ খোৱা গুটিৰ গছ হ’ব, সেইবোৰৰ পাত জঁয় নপৰিব আৰু গুটি নুঢুকাব; জল সমূহ ধৰ্মধামৰ পৰা ওলোৱাৰ কাৰণে সেইবোৰত মাহে মাহে নতুন নতুন গুটি ধৰিব; আৰু সেইবোৰৰ গুটি আহাৰৰ কাৰণে, আৰু সেইবোৰৰ পাত সুস্থ কৰিবৰ কাৰণে হ’ব।
13 १३ परमेश्वर यहोवा यह कहता है: “जिस सीमा के भीतर तुम को यह देश अपने बारहों गोत्रों के अनुसार बाँटना पड़ेगा, वह यह है: यूसुफ को दो भाग मिलें।
১৩প্ৰভু যিহোৱাই এই কথা কৈছে, যি সীমাৰ ভিতৰত তোমালোকে ইস্ৰায়েলৰ বাৰ ফৈদ অনুসাৰে আধিপত্যৰ কাৰণে দেশ ভাগ বাঁটিবা, সেই সীমা এই; যোচেফে দুভাগ পাব।
14 १४ उसे तुम एक दूसरे के समान निज भाग में पाओगे, क्योंकि मैंने शपथ खाई कि उसे तुम्हारे पितरों को दूँगा, इसलिए यह देश तुम्हारा निज भाग ठहरेगा।
১৪আৰু মই তোমালোকৰ পূৰ্বপুৰুষসকলক দিবলৈ যি দেশৰ বিষয়ে হাত দাঙি শপত কৰিছিলোঁ, সেই দেশ তোমালোকে সমানে আধিপত্যস্বৰূপে ল’বা; সেই দেশ আধিপত্যস্বৰূপে তোমালোকৰ হ’ব।
15 १५ “देश की सीमा यह हो, अर्थात् उत्तर ओर की सीमा महासागर से लेकर हेतलोन के पास से सदाद की घाटी तक पहुँचे,
১৫আৰু দেশৰ সীমা এইদৰে হ’ব। উত্তৰফালে মহাসমূদ্ৰৰ পৰা হিতলোনৰ বাটেদি চদাদৰ প্ৰৱেশ স্থানৰ ফাললৈ।
16 १६ और उस सीमा के पास हमात बेरोता, और सिब्रैम जो दमिश्क और हमात की सीमाओं के बीच में है, और हसर्हत्तीकोन तक, जो हौरान की सीमा पर है।
১৬হমাৎ, বেৰোথা, দম্মেচকৰ আৰু হমাতৰ সীমাৰ মাজত থকা চিব্ৰয়িম, আৰু হাওৰাণৰ সীমাত থকা হাচেৰ-হত্তীকোণ।
17 १७ यह सीमा समुद्र से लेकर दमिश्क की सीमा के पास के हसरेनोन तक पहुँचे, और उसकी उत्तरी ओर हमात हो। उत्तर की सीमा यही हो।
১৭এইদৰে সীমাটো সমুদ্ৰৰ পৰা দম্মেচকৰ সীমাত থকা হচৰ-ঐনোনলৈকে যাব আৰু উত্তৰ ফালে উত্তৰদিশে হমাতৰ সীমা।
18 १८ पूर्वी सीमा जिसकी एक ओर हौरान दमिश्क; और यरदन की ओर गिलाद और इस्राएल का देश हो; उत्तरी सीमा से लेकर पूर्वी ताल तक उसे मापना। पूर्वी सीमा तो यही हो।
১৮এয়ে উত্তৰ ফাল। আৰু পূৱফাল হাওৰাণ, দম্মেচক, ও গিলিয়দ, এই কেইটাৰে আৰু ইস্ৰায়েল দেশৰে মাজত থকা যৰ্দ্দন হ’ব; উত্তৰ সীমাৰ পৰা পূৱ সমূদ্ৰলৈকে তোমালোকে জুখিবা।
19 १९ दक्षिणी सीमा तामार से लेकर मरीबा-कादेश नामक सोते तक अर्थात् मिस्र के नाले तक, और महासागर तक पहुँचे। दक्षिणी सीमा यही हो।
১৯এয়ে পূৱ ফাল। আৰু দক্ষিণ দিশে দক্ষিণ ফাল, তামৰৰ পৰা মৰীবোৎ-কাদেচৰ জল সমূহেদি, মিচৰ জুৰিয়েদি মহাসমূদ্ৰলৈকে হ’ব। এয়ে দক্ষিণ দিশৰ দক্ষিণ ফাল।
20 २० पश्चिमी सीमा दक्षिणी सीमा से लेकर हमात की घाटी के सामने तक का महासागर हो। पश्चिमी सीमा यही हो।
২০আৰু দক্ষিণ সীমাৰে পৰা হমাতৰ প্ৰৱেশস্থানৰ সন্মূখলৈকে পশ্চিমফাল মহাসাগৰ হ’ব।
21 २१ “इस प्रकार देश को इस्राएल के गोत्रों के अनुसार आपस में बाँट लेना।
২১এয়ে পশ্চিমফাল। এইদৰে ইস্ৰায়েলৰ ফৈদ অনুসাৰে তোমালোকে এইদেশ তোমালোকৰ কাৰণে ভাগ বাঁটিবা।
22 २२ इसको आपस में और उन परदेशियों के साथ बाँट लेना, जो तुम्हारे बीच रहते हुए बालकों को जन्माएँ। वे तुम्हारी दृष्टि में देशी इस्राएलियों के समान ठहरें, और तुम्हारे गोत्रों के बीच अपना-अपना भाग पाएँ।
২২তোমালোকে নিজৰ নিজৰ কাৰণে, আৰু বিদেশী লোকসকলে তোমালোকৰ মাজত প্ৰবাস কৰি তোমালোকৰ মাজত সন্তান উৎপন্ন কৰিব, তেওঁলোকৰ কাৰণেও তাক আধিপত্যৰ অৰ্থে চিঠি-খেলৰে বাগ বাঁটিবা; আৰু তেওঁলোক ইস্ৰায়েলৰে সন্তান সকলৰ মাজত তোমালোকৰ বিবেচনাত স্বজাতীয় যেন হ’ব; তেওঁলোকে ইস্ৰায়েলৰ ফৈদবোৰৰ মাজত তোমালোকৰ লগত আধিপত্য পাব।
23 २३ जो परदेशी जिस गोत्र के देश में रहता हो, उसको वहीं भाग देना, परमेश्वर यहोवा की यही वाणी है।
২৩তেতিয়া প্ৰভু যিহোৱাই কৈছে, ‘যি ফৈদৰ মাজত বিদেশীয়ে বাস কৰিব, তাতেই তোমালোকে তাৰ আধিপত্য দিবা।’

< यहेजकेल 47 >