< 2 शमूएल 5 >

1 तब इस्राएल के सब गोत्र दाऊद के पास हेब्रोन में आकर कहने लगे, “सुन, हम लोग और तू एक ही हाड़ माँस हैं।
তাৰ পাছত ইস্ৰায়েলৰ সকলো ফৈদে হিব্ৰোণত থকা দায়ূদৰ ওচৰলৈ আহি ক’লে, “চাওঁক, আমি আপোনাৰ হাড় আৰু মঙহ৷
2 फिर भूतकाल में जब शाऊल हमारा राजा था, तब भी इस्राएल का अगुआ तू ही था; और यहोवा ने तुझ से कहा, ‘मेरी प्रजा इस्राएल का चरवाहा, और इस्राएल का प्रधान तू ही होगा।’”
আৰু আগেয়ে যেতিয়া চৌল আমাৰ ৰজা আছিল, তেতিয়াও আপুনিয়েই ইস্ৰায়েলক বাহিৰলৈ আৰু ভিতৰলৈ অনা নিয়া কৰিছিল৷ আৰু যিহোৱাই আপোনাক কৈছিল, যে, ‘তুমিয়েই ৰখীয়া হৈ মোৰ প্ৰজা ইস্ৰায়েলৰ লোকসকলক চলাবা আৰু ইস্ৰায়েলৰ ওপৰত অধিপতি হ’বা’।”
3 अतः सब इस्राएली पुरनिये हेब्रोन में राजा के पास आए; और दाऊद राजा ने उनके साथ हेब्रोन में यहोवा के सामने वाचा बाँधी, और उन्होंने इस्राएल का राजा होने के लिये दाऊद का अभिषेक किया।
এইদৰে ইস্ৰায়েলৰ আটাই বৃদ্ধলোক হিব্ৰোণত থকা ৰজাৰ ওচৰলৈ আহিল আৰু দায়ুদ ৰজাই হিব্ৰোণত যিহোৱাৰ সাক্ষাতে তেওঁলোকৰ লগত এটি নিয়ম কৰিলে৷ আৰু তেওঁলোকে ইস্ৰায়েলৰ ওপৰত দায়ূদক ৰজা পাতি অভিষেক কৰিলে।
4 दाऊद तीस वर्ष का होकर राज्य करने लगा, और चालीस वर्ष तक राज्य करता रहा।
দায়ূদে ত্ৰিশ বছৰ বয়সত ৰজা হৈ চল্লিশ বছৰ ৰাজত্ব কৰিলে।
5 साढ़े सात वर्ष तक तो उसने हेब्रोन में यहूदा पर राज्य किया, और तैंतीस वर्ष तक यरूशलेम में समस्त इस्राएल और यहूदा पर राज्य किया।
তেওঁ হিব্ৰোণত যিহূদাৰ ওপৰত সাত বছৰ ছমাহ ৰাজত্ব কৰিলে আৰু যিৰূচালেমত গোটেই ইস্ৰায়েলৰ আৰু যিহূদাৰ ওপৰত তেত্ৰিশ বছৰ ৰাজত্ব কৰিলে।
6 तब राजा ने अपने जनों को साथ लिए हुए यरूशलेम को जाकर यबूसियों पर चढ़ाई की, जो उस देश के निवासी थे। उन्होंने यह समझकर, कि दाऊद यहाँ घुस न सकेगा, उससे कहा, “जब तक तू अंधों और लँगड़ों को दूर न करे, तब तक यहाँ घुस न पाएगा।”
তাৰ পাছত ৰজা আৰু তেওঁৰ লোকসকলে দেশ-নিবাসী যিবুচীয়াসকলৰ বিৰুদ্ধে যিৰূচালেমলৈ বুলি যাত্ৰা কৰিলে৷ তেওঁলোকে দায়ূদক ক’লে, “তুমি এই ঠাইত সোমাবলৈ নাপাবা কিয়নো কণাবোৰে আৰু খোৰা- বোৰেই তোমাক খেদাই দিব; তেওঁলোকে ভাবিছিল, দায়ুদ এই ঠাইত আৰু সোমাব নোৱাৰিব।”
7 तो भी दाऊद ने सिय्योन नामक गढ़ को ले लिया, वही दाऊदपुर भी कहलाता है।
তথাপিও দায়ূদে চিয়োন দুৰ্গ হাত কৰি ল’লে; সেয়ে দায়ূদৰ নগৰ।
8 उस दिन दाऊद ने कहा, “जो कोई यबूसियों को मारना चाहे, उसे चाहिये कि नाले से होकर चढ़े, और अंधे और लँगड़े जिनसे दाऊद मन से घिन करता है उन्हें मारे।” इससे यह कहावत चली, “अंधे और लँगड़े महल में आने न पाएँगे।”
তেতিয়াই দায়ূদে কৈছিল, “যি কোনোৱে যিবুচীয়াসকলক আক্ৰমণ কৰিব খোজে, তেওঁ পানীৰ নলাইদি উঠি গৈ দায়ূদৰ ঘিণলগীয়া সেই ‘কণা আৰু খোৰা’বোৰক আঘাত কৰক।” এই কাৰণে মানুহে কয়, “ই ‘কণা আৰু খোৰা’বোৰ ৰাজপ্ৰাসাদৰ ভিতৰত সোমাব নোৱাৰিব।”
9 और दाऊद उस गढ़ में रहने लगा, और उसका नाम दाऊदपुर रखा। और दाऊद ने चारों ओर मिल्लो से लेकर भीतर की ओर शहरपनाह बनवाई।
তাৰ পাছত দায়ূদে সেই দুৰ্গত নিবাস কৰি, তাৰ নাম দায়ূদৰ নগৰ ৰাখিলে৷ আৰু মিল্লোৰ পৰা ভিতৰৰ চাৰিওফালে গড় নিৰ্ম্মাণ কৰিলে।
10 १० और दाऊद की बड़ाई अधिक होती गई, और सेनाओं का परमेश्वर यहोवा उसके संग रहता था।
১০পাছত দায়ুদ ক্ৰমে ক্ৰমে বৃদ্ধি পাই মহান হ’ল; কিয়নো বাহিনীসকলৰ ঈশ্বৰ যিহোৱা তেওঁৰ লগে লগে আছিল।
11 ११ तब सोर के राजा हीराम ने दाऊद के पास दूत, और देवदार की लकड़ी, और बढ़ई, और राजमिस्त्री भेजे, और उन्होंने दाऊद के लिये एक भवन बनाया।
১১তেতিয়া তূৰৰ ৰজা হীৰমে দায়ূদৰ ওচৰলৈ দূত পঠিয়ালে আৰু এৰচ কাঠ, কাঠমিস্ত্ৰীসকল আৰু ৰাজমিস্ত্ৰীসকলক পঠিয়াই দিলে৷ তেওঁলোকে দায়ূদৰ কাৰণে এটা গৃহ নিৰ্ম্মাণ কৰিলে।
12 १२ और दाऊद को निश्चय हो गया कि यहोवा ने मुझे इस्राएल का राजा करके स्थिर किया, और अपनी इस्राएली प्रजा के निमित्त मेरा राज्य बढ़ाया है।
১২তাতে দায়ূদে জানিলে যিহোৱাই যে ইস্ৰায়েলৰ ওপৰত তেওঁক ৰজা পাতিলে, সেই বাবে নিজৰ প্ৰজা ইস্ৰায়েলসকলৰ বাবে তেওঁৰ ৰাজ্য উন্নত কৰিলে।
13 १३ जब दाऊद हेब्रोन से आया तब उसने यरूशलेम की और रखैलियाँ रख लीं, और पत्नियाँ बना लीं; और उसके और बेटे-बेटियाँ उत्पन्न हुईं।
১৩দায়ূদে হিব্ৰোণৰ পৰা অহাৰ পাছত, যিৰূচালেমত আন আন উপপত্নী আৰু পত্নীসমূহক ল’লে, তাতে দায়ূদলৈ আৰু অধিক পো আৰু জী জন্মিল।
14 १४ उसकी जो सन्तान यरूशलेम में उत्पन्न हुई, उनके ये नाम हैं, अर्थात् शम्मू, शोबाब, नातान, सुलैमान,
১৪যিৰূচালেমত তেওঁলৈ যিসকল সন্তান জন্ম পালে, তেওঁলোকৰ নাম চম্মুৱা, চোবব, নাথন, চলোমন,
15 १५ यिभार, एलीशू, नेपेग, यापी,
১৫যিভৰ, ইলীচূৱা, নেফগ, যাফীয়া,
16 १६ एलीशामा, एल्यादा, और एलीपेलेत।
১৬ইলীচামা, ইলিয়াদা আৰু ইলীফেলট আছিল।
17 १७ जब पलिश्तियों ने यह सुना कि इस्राएल का राजा होने के लिये दाऊद का अभिषेक हुआ, तब सब पलिश्ती दाऊद की खोज में निकले; यह सुनकर दाऊद गढ़ में चला गया।
১৭পাছত যেতিয়া দায়ূদক ইস্ৰায়েলৰ ওপৰত ৰজা অভিষেক কৰা সম্বাদ পালে, তেতিয়া আটাই পলেষ্টীয়াসকলে দায়ূদক বিচাৰিবলৈ উঠি আহিল। দায়ূদে তাকে শুনি দুৰ্গলৈ নামি গ’ল।
18 १८ तब पलिश्ती आकर रपाईम नामक तराई में फैल गए।
১৮তেতিয়া পলেষ্টীয়াসকলে আহি ৰফায়ীম উপত্যকা জুৰি ল’লে।
19 १९ तब दाऊद ने यहोवा से पूछा, “क्या मैं पलिश्तियों पर चढ़ाई करूँ? क्या तू उन्हें मेरे हाथ कर देगा?” यहोवा ने दाऊद से कहा, “चढ़ाई कर; क्योंकि मैं निश्चय पलिश्तियों को तेरे हाथ कर दूँगा।”
১৯তেতিয়া দায়ূদে যিহোৱাৰ পৰা সহায় বিচাৰিলে৷ তেওঁক সুধিলে, “মই পলেষ্টীয়াসকলক আক্ৰমণ কৰিম নে? আপুনি তেওঁলোকক মোৰ হাতত সমৰ্পণ কৰিব নে?” তেতিয়া যিহোৱাই দায়ূদক ক’লে, “আক্ৰমণ কৰা, কিয়নো মই নিশ্চয়ে ফিলিষ্টীয়াসকলক তোমাৰ হাতত সমৰ্পণ কৰিম।”
20 २० तब दाऊद बालपरासीम को गया, और दाऊद ने उन्हें वहीं मारा; तब उसने कहा, “यहोवा मेरे सामने होकर मेरे शत्रुओं पर जल की धारा के समान टूट पड़ा है।” इस कारण उसने उस स्थान का नाम बालपरासीम रखा।
২০তেতিয়া দায়ূদে বালপৰাচীমলৈ আহি তাতে তেওঁলোকক পৰাজয় কৰিলে৷ তেওঁ মন্তব্য কৰি ক’লে, “যিহোৱাই মোৰ শত্ৰূবোৰক মোৰ সন্মুখত বান পানীয়ে সেতু ভঙাৰ দৰে তেওঁলোকক ভাঙিলে।” এই কাৰণে সেই ঠাইৰ নাম বালপৰাচীম ৰাখা হ’ল।
21 २१ वहाँ उन्होंने अपनी मूरतों को छोड़ दिया, और दाऊद और उसके जन उन्हें उठा ले गए।
২১সেই ঠাইতে তেওঁলোকৰ মুৰ্ত্তিবোৰ এৰি থৈ গ’ল; তাতে দায়ুদ আৰু তেওঁৰ লোকসকলে সেইবোৰ লৈ আহিল।
22 २२ फिर दूसरी बार पलिश्ती चढ़ाई करके रपाईम नामक तराई में फैल गए।
২২তাৰ পাছত পলেষ্টীয়াসকলে আকৌ আহি ৰফায়ীম উপত্যকা জুৰি ল’লে।
23 २३ जब दाऊद ने यहोवा से पूछा, तब उसने कहा, “चढ़ाई न कर; उनके पीछे से घूमकर तूत वृक्षों के सामने से उन पर छापा मार।
২৩তেতিয়া দায়ূদে যিহোৱাৰ পৰা পুনৰ সহায় বিচাৰিলে আৰু যিহোৱাই তেওঁক ক’লে, “তুমি তেওঁলোকৰ সন্মুখেৰে আক্ৰমণ নকৰিবা, বৰং তেওঁলোকৰ পাছফালেদি ঘূৰি গৈ, নুনি গছ কেই জোপাৰ সন্মুখত তেওঁলোকৰ আগত উপস্থিত হ’বা।
24 २४ और जब तूत वृक्षों की फुनगियों में से सेना के चलने की सी आहट तुझे सुनाई पड़े, तब यह जानकर फुर्ती करना, कि यहोवा पलिश्तियों की सेना के मारने को मेरे आगे अभी पधारा है।”
২৪যেতিয়া সেই নুনি গছ কেইজোপাৰ মাজেৰে সৈন্য যোৱাৰ নিছিনা শব্দ শুনিবা, তেতিয়া সৈন্য-সামন্তৰে সৈতে আক্ৰমণ কৰিবা৷ কিয়নো তেতিয়াই যিহোৱাই পলেষ্টীয়াসকলৰ সৈন্য-সামন্তক আক্রমণ কৰিবৰ অৰ্থে তোমাৰ আগতেই গ’ল, গতিকে তুমি এইদৰেই কৰা৷”
25 २५ यहोवा की इस आज्ञा के अनुसार दाऊद गेबा से लेकर गेजेर तक पलिश्तियों को मारता गया।
২৫তেতিয়া দায়ূদে যিহোৱাৰ আজ্ঞা অনুসাৰে কাৰ্য কৰিলে। তেওঁ গেবাৰ পৰা গেজৰলৈকে পলেষ্টীয়াসকলক বধ কৰিলে।

< 2 शमूएल 5 >