< 2 शमूएल 13 >
1 १ तामार नामक एक सुन्दरी जो दाऊद के पुत्र अबशालोम की बहन थी, उस पर दाऊद का पुत्र अम्नोन मोहित हुआ।
১তাৰ পাছত এনেকুৱা ঘটনা হ’ল, যে, দায়ূদৰ পুত্ৰ অবচালোমৰ তামাৰ নামেৰে এজনী শুৱনি ভনীয়েক আছিল। আৰু দায়ূদৰ পুত্ৰ অম্নোন তাইলৈ কামাসক্ত হ’ল;
2 २ अम्नोन अपनी बहन तामार के कारण ऐसा विकल हो गया कि बीमार पड़ गया; क्योंकि वह कुमारी थी, और उसके साथ कुछ करना अम्नोन को कठिन जान पड़ता था।
২অম্নোনে মনতে এনে দুখ পালে, যে, সি নিজ ভনীয়েক তামাৰৰ কাৰণে নৰিয়া পৰিল৷ তাই কুমাৰী আছিল, আৰু সেই কাৰণে অম্নোনে তাইলৈ কিবা কৰিবলৈ দুসাধ্য বুলি ভাবিলে।
3 ३ अम्नोन के योनादाब नामक एक मित्र था, जो दाऊद के भाई शिमआह का बेटा था, और वह बड़ा चतुर था।
৩দায়ূদৰ ককায়েক চিমিয়াৰ পুত্ৰ যোনাদবৰ নামেৰে অম্নোনৰ এজন বন্ধু আছিল৷ যোনাদব এজন বৰ চতুৰ লোক আছিল।
4 ४ और उसने अम्नोन से कहा, “हे राजकुमार, क्या कारण है कि तू प्रतिदिन ऐसा दुबला होता जाता है क्या तू मुझे न बताएगा?” अम्नोन ने उससे कहा, “मैं तो अपने भाई अबशालोम की बहन तामार पर मोहित हूँ।”
৪সি অম্নোনক সুধিলে, হে ৰাজপুত্ৰ তুমি প্ৰতি দিনে এনেকৈ নিৰুৎসাহ হৈছা কিয়? সেই বিষয়ে মোক নোকোৱানে? তেতিয়া অম্নোনে তাক উত্তৰ দি ক’লে, “মোৰ ককাই অবচালোমৰ ভনীয়েক তামাৰলৈ মই প্ৰেমাসক্ত হৈছোঁ।”
5 ५ योनादाब ने उससे कहा, “अपने पलंग पर लेटकर बीमार बन जा; और जब तेरा पिता तुझे देखने को आए, तब उससे कहना, ‘मेरी बहन तामार आकर मुझे रोटी खिलाएँ, और भोजन को मेरे सामने बनाए, कि मैं उसको देखकर उसके हाथ से खाऊँ।’”
৫তেতিয়া যোনাদৰে তাক ক’লে, “তুমি নিজৰ খাটৰ ওপৰত শুই নৰিয়াৰ ভাও ধৰা৷ যেতিয়া তোমাৰ পিতৃয়ে তোমাক চাবলৈ আহিব তেতিয়া তেওঁক ক’বা, ‘অনুগ্ৰহ কৰি মোৰ ভনী তামাৰক মোক আহাৰ দিবৰ বাবে মোৰ আগত পঠিয়াই দিয়ক আৰু মোৰ আগত আহাৰ যুগুত কৰা দেখি যেন তাইৰ হাতে ভোজন কৰোঁ, এই কাৰণে মোৰ ওচৰলৈ আহিবলৈ তাইক আজ্ঞা কৰক’।”
6 ६ अतः अम्नोन लेटकर बीमार बना; और जब राजा उसे देखने आया, तब अम्नोन ने राजा से कहा, “मेरी बहन तामार आकर मेरे देखते दो पूरियां बनाए, कि मैं उसके हाथ से खाऊँ।”
৬তেতিয়া অম্নোনে নৰিয়াৰ ভাও ধৰি পৰি থাকিল৷ তাতে ৰজাই তাক চাবলৈ আহোতে, অম্নোনে ৰজাক ক’লে, “মই বিনয় কৰোঁ, মোৰ ভনী তামাৰক মোৰ অসুস্থতাৰ বাবে মোৰ আগত যেন আহাৰ যোগাৰ কৰে আৰু মই তাইৰ হাতে যেন ভোজন কৰোঁ এই কাৰণে মোৰ ওচৰলৈ আহিবলৈ তাইক আজ্ঞা কৰক৷”
7 ७ तब दाऊद ने अपने घर तामार के पास यह कहला भेजा, “अपने भाई अम्नोन के घर जाकर उसके लिये भोजन बना।”
৭তেতিয়া দায়ূদে তামাৰৰ ঘৰলৈ মানুহ পঠিয়াই কোৱালে বোলে, “এতিয়া তুমি তোমাৰ ককাই অম্নোনৰ ঘৰলৈ গৈ, তাৰ কাৰণে আহাৰ যুগুত কৰি দিয়া।”
8 ८ तब तामार अपने भाई अम्नोन के घर गई, और वह पड़ा हुआ था। तब उसने आटा लेकर गूँधा, और उसके देखते पूरियां पकाईं।
৮তাতে তামাৰ নিজ ককাই অম্নোনে শুই থকা সেই ঘৰলৈ গ’ল৷ তামাৰে আটাগুড়ি লৈ খচি, তেওঁৰ আগতে পিঠা বনালে।
9 ९ तब उसने थाल लेकर उनको उसके लिये परोसा, परन्तु उसने खाने से इन्कार किया। तब अम्नोन ने अपने दासों से कहा, “मेरे आस-पास से सब लोगों को निकाल दो।” तब सब लोग उसके पास से निकल गए।
৯তাই তাৰ সৈতে লৈ গৈ, সেই পিঠা তেওঁক দিলে কিন্তু তেওঁ খাবলৈ অমান্তি হ’ল৷ তেতিয়া অম্নোনে ক’লে, “মোৰ ওচৰৰ পৰা সকলো লোকক বাহিৰলৈ যাবলৈ দিয়া৷” তাতে সকলোৱে তেওঁৰ ওচৰৰ পৰা বাহিৰলৈ গ’ল।
10 १० तब अम्नोन ने तामार से कहा, “भोजन को कोठरी में ले आ, कि मैं तेरे हाथ से खाऊँ।” तो तामार अपनी बनाई हुई पूरियों को उठाकर अपने भाई अम्नोन के पास कोठरी में ले गई।
১০তেতিয়া অম্মোনে তামাৰক ক’লে, “মই তোমাৰ হাতে ভোজন কৰিবৰ কাৰণে খোৱা বস্তুবোৰ মোৰ কোঁঠালিলৈ আনা৷” তেতিয়া তামাৰে নিজ হাতে বনোৱা সেই পিঠা লৈ ভিতৰ কোঁঠালিলৈ তেওঁৰ ককাই অম্নোনৰ ওচৰলৈ গ’ল।
11 ११ जब वह उनको उसके खाने के लिये निकट ले गई, तब उसने उसे पकड़कर कहा, “हे मेरी बहन, आ, मुझसे मिल।”
১১যেতিয়া তাই পিঠা লৈ তেওঁৰ ওচৰলৈ আনিলে, তেতিয়া অম্নোনে তাইক ধৰি ক’লে, “হে মোৰ ভনী, আহা মোৰ লগত শয়ন কৰা।”
12 १२ उसने कहा, “हे मेरे भाई, ऐसा नहीं, मुझे भ्रष्ट न कर; क्योंकि इस्राएल में ऐसा काम होना नहीं चाहिये; ऐसी मूर्खता का काम न कर।
১২তাতে তাই উত্তৰ দি ক’লে, “নহয়, নহয়, মোৰ ককাই, মোক বলাৎকাৰ নকৰিবা কিয়নো ইস্ৰায়েলৰ মাজত এনে কৰ্ম কৰা অযুগুত৷ তুমি এনে মুৰ্খৰ কৰ্ম নকৰিবা!
13 १३ फिर मैं अपनी नामधराई लिये हुए कहाँ जाऊँगी? और तू इस्राएलियों में एक मूर्ख गिना जाएगा। तू राजा से बातचीत कर, वह मुझ को तुझे ब्याह देने के लिये मना न करेगा।”
১৩মই কলৈ গৈ মোৰ মুখ ঢাকিম? আৰু তুমিও ইস্ৰায়েলৰ মাজত এজন লজ্জাহীন মুৰ্খৰ নিচিনা হ’বা। এই হেতুকে এতিয়া মই বিনয় কৰোঁ, তুমি ৰজাৰ আগত জনোৱা কিয়নো তেওঁ মোক তোমালৈ বিয়া দিবলৈ অসন্মত নহ’ব।”
14 १४ परन्तु उसने उसकी न सुनी; और उससे बलवान होने के कारण उसके साथ कुकर्म करके उसे भ्रष्ट किया।
১৪কিন্তু অম্নোনে তাইৰ কথা শুনিবলৈ অসন্মত হ’ল আৰু নিজে তাইতকৈ বলী হোৱা হেতুকে, তেওঁ তাইক বলেৰে ধৰি তাইৰ লগত শয়ন কৰিলে।
15 १५ तब अम्नोन उससे अत्यन्त बैर रखने लगा; यहाँ तक कि यह बैर उसके पहले मोह से बढ़कर हुआ। तब अम्नोन ने उससे कहा, “उठकर चली जा।”
১৫তাৰ পাছত অম্নোনে তাইক অতিশয় ঘিণ কৰিব ধৰিলে৷ তেওঁ যি পৰিমানে তাইলৈ কামাসক্ত আছিল তাতকৈ অধিক পৰিমাণে তাইক ঘিণ কৰিব ধৰিলে। এই হেতুকে অম্নোনে তাইক ক’লে, “উঠি গুচি যোৱা।”
16 १६ उसने कहा, “ऐसा नहीं, क्योंकि यह बड़ा उपद्रव, अर्थात् मुझे निकाल देना उस पहले से बढ़कर है जो तूने मुझसे किया है।” परन्तु उसने उसकी न सुनी।
১৬তাতে তাই তেওঁক ক’লে, “এনে নকৰিবা! কিয়নো তুমি মোলৈ কৰা প্ৰথম দোষতকৈ, মোক বাহিৰ কৰি উলিয়াই খেদাতোহে বেচিকৈ বেয়া!” কিন্তু অম্নোনে তাইৰ কথা নুশুনিলে৷
17 १७ तब उसने अपने सेवक जवान को बुलाकर कहा, “इस स्त्री को मेरे पास से बाहर निकाल दे, और उसके पीछे किवाड़ में चिटकनी लगा दे।”
১৭তাৰ সলনি তেওঁ নিজৰ দাসক মাতি ক’লে, “এইক মোৰ ওচৰৰ পৰা উলিয়াই নে আৰু তাইৰ পাছত দুৱাৰৰ ডাং লগাই দে।”
18 १८ वह तो रंगबिरंगी कुर्ती पहने थी; क्योंकि जो राजकुमारियाँ कुँवारी रहती थीं वे ऐसे ही वस्त्र पहनती थीं। अतः अम्नोन के टहलुए ने उसे बाहर निकालकर उसके पीछे किवाड़ में चिटकनी लगा दी।
১৮তেতিয়া তেওঁৰ দাসে তাইক বাহিৰ কৰি দি তাইৰ পাছত দুৱাৰৰ ডাং লগাই দিলে। সেই কণ্যাৰ গাত দীঘল অলংকাৰপূর্ণ চোলা আছিল, কিয়নো বিয়া নিদিয়া ৰাজকুমাৰীসকলে সেইৰূপ চোলা পিন্ধে।
19 १९ तब तामार ने अपने सिर पर राख डाली, और अपनी रंगबिरंगी कुर्ती को फाड़ डाला; और सिर पर हाथ रखे चिल्लाती हुई चली गई।
১৯তেতিয়া তামাৰে নিজৰ মুৰত ছাঁই ল’লে, আৰু নিজৰ গাত থকা সেই দীঘল অলংকাৰপূর্ণ চোলা ফালি মুৰত হাত দি চিঞৰি কান্দি কান্দি গুচি আহিল।
20 २० उसके भाई अबशालोम ने उससे पूछा, “क्या तेरा भाई अम्नोन तेरे साथ रहा है? परन्तु अब, हे मेरी बहन, चुप रह, वह तो तेरा भाई है; इस बात की चिन्ता न कर।” तब तामार अपने भाई अबशालोम के घर में मन मारे बैठी रही।
২০তাৰ পাছত তাইৰ ককায়েক অবচালোমে তাইক সুধিলে, “তোমাৰ ককাই অম্নোন তোমাৰ লগত আছিল নেকি? কিন্তু এতিয়া হে মোৰ ভনী, মনে মনে থাকা, সি তোমাৰ ককাই; এই কথাত বৰকৈ দুখ নকৰিবা।” তেতিয়াৰে পৰা তামাৰ বিষাদ মনেৰে নিজ ককাই অবচালোমৰ ঘৰত থাকিল।
21 २१ जब ये सब बातें दाऊद राजा के कान में पड़ीं, तब वह बहुत झुँझला उठा।
২১পাছে দায়ুদ ৰজাই এই সকলো কথা শুনি অতিশয় ক্ৰুদ্ধ হ’ল।
22 २२ और अबशालोम ने अम्नोन से भला-बुरा कुछ न कहा, क्योंकि अम्नोन ने उसकी बहन तामार को भ्रष्ट किया था, इस कारण अबशालोम उससे घृणा करता था।
২২আৰু অবচালোমে অম্নোনক ভাল বেয়া একোকে নক’লে; কিয়নো তেওঁৰ ভনীয়েক তামাৰক অম্নোনে বলাৎকাৰ কৰাৰ কাৰণে অবচালোমে তাক ঘিণ কৰিলে।
23 २३ दो वर्ष के बाद अबशालोम ने एप्रैम के निकट के बाल्हासोर में अपनी भेड़ों का ऊन कतरवाया और अबशालोम ने सब राजकुमारों को नेवता दिया।
২৩সম্পূর্ণ দুবছৰৰ পাছত ইফ্ৰয়িমৰ ওচৰত থকা বালহাচোৰত অবচালোমৰ লোকসকলে মেৰৰ নোম কটা কাম কৰি আছিল৷ তাতে অবচালোমে আটাইকেইজন ৰাজকোঁৱৰক নিমন্ত্ৰণ কৰিলে।
24 २४ वह राजा के पास जाकर कहने लगा, “विनती यह है, कि तेरे दास की भेड़ों का ऊन कतरा जाता है, इसलिए राजा अपने कर्मचारियों समेत अपने दास के संग चले।”
২৪অবচালোমে ৰজাৰ ওচৰলৈ আহি ক’লে, “চাওঁক, আপোনাৰ এই দাসৰ লগত মেৰৰ নোম কটা লোকসকল আছে৷ এই কাৰণে মই বিনয় কৰোঁ, মহাৰাজ আৰু মহাৰাজৰ দাসবোৰ আপোনাৰ এই দাসৰ লগত আহক।”
25 २५ राजा ने अबशालोम से कहा, “हे मेरे बेटे, ऐसा नहीं; हम सब न चलेंगे, ऐसा न हो कि तुझे अधिक कष्ट हो।” तब अबशालोम ने विनती करके उस पर दबाव डाला, परन्तु उसने जाने से इन्कार किया, तो भी उसे आशीर्वाद दिया।
২৫তাতে ৰজাই অবচালোমক ক’লে, “সেয়ে নহয় বোপা, আমি সকলোৱে নাযাওঁ; গ’লে তোমাৰ অধিক ভাৰহে হ’ব।” তথাপি তেওঁ বৰকৈ ধৰিলে; কিন্তু ৰজাই যাবলৈ মান্তি নহ’ল যদিও তেওঁক আশীৰ্ব্বাদ কৰিলে।
26 २६ तब अबशालोम ने कहा, “यदि तू नहीं तो मेरे भाई अम्नोन को हमारे संग जाने दे।” राजा ने उससे पूछा, “वह तेरे संग क्यों चले?”
২৬তেতিয়া অবচালোমে ক’লে, “যদি সেয়ে নহয়, তেন্তে মোৰ ভাই অম্নোনক আমাৰ লগত যাবলৈ অনুমতি দিয়ক।” তেতিয়া ৰজাই তেওঁক ক’লে, “অম্নোন তোমাৰ লগত কিয় যাব লাগে?”
27 २७ परन्तु अबशालोम ने उसे ऐसा दबाया कि उसने अम्नोन और सब राजकुमारों को उसके साथ जाने दिया।
২৭অবচালোমে বৰকৈ ধৰাত ৰজাই অম্নোনক আৰু সকলো ৰাজকোঁৱৰক তেওঁৰ লগত যাবলৈ অনুমতি দিলে।
28 २८ तब अबशालोम ने अपने सेवकों को आज्ञा दी, “सावधान रहो और जब अम्नोन दाखमधु पीकर नशे में आ जाए, और मैं तुम से कहूँ, ‘अम्नोन को मार डालना।’ क्या इस आज्ञा का देनेवाला मैं नहीं हूँ? हियाव बाँधकर पुरुषार्थ करना।”
২৮অবচালোমে তেওঁৰ দাসবোৰক এই আজ্ঞা কৰিলে, বোলে, “ভালদৰে শুন৷ অম্নোনৰ মন কোন সময়ত দ্ৰাক্ষাৰসত প্ৰফুল্লিত হয়, তহঁতে তাক ভালকৈ চাবি আৰু যেতিয়া ‘অম্নোনক আঘাত কৰ’ বুলি মই তহঁতক কম, তেতিয়া তাক বধ কৰিবি, ভয় নকৰিবি; মই তহঁতক জানো হুকুম দিয়া নাই? সাহিয়াল হৈ বীৰত্ব দেখুওৱা।”
29 २९ अतः अबशालोम के सेवकों ने अम्नोन के साथ अबशालोम की आज्ञा के अनुसार किया। तब सब राजकुमार उठ खड़े हुए, और अपने-अपने खच्चर पर चढ़कर भाग गए।
২৯তেতিয়া অবচালোমৰ দাসবোৰে তেওঁৰ আজ্ঞাৰ দৰে অম্নোনলৈ কৰিলে। তেতিয়া আন আটাই ৰাজকোঁৱৰসকল উঠি, প্ৰতিজনে নিজ নিজ খছৰৰ পিঠিত উঠি পলাল।
30 ३० वे मार्ग ही में थे, कि दाऊद को यह समाचार मिला, “अबशालोम ने सब राजकुमारों को मार डाला, और उनमें से एक भी नहीं बचा।”
৩০তেওঁলোক বাটত থাকোঁতেই দায়ূদলৈ এই বাতৰি আহিল, বোলে, “অবচালোমে আটাইকেইজন ৰাজকোঁৱৰক বধ কৰিলে, তেওঁলোকৰ এজনো অৱশিষ্ট নাই।”
31 ३१ तब दाऊद ने उठकर अपने वस्त्र फाड़े, और भूमि पर गिर पड़ा, और उसके सब कर्मचारी वस्त्र फाड़े हुए उसके पास खड़े रहे।
৩১তেতিয়া ৰজাই উঠি নিজৰ কাপোৰ ফালি মাটিত দীঘল হৈ পৰিল; আৰু তেওঁৰ দাসবোৰেও নিজ নিজ কাপোৰ ফালি ৰজাৰ ওচৰত থিয় হৈ ৰ’ল।
32 ३२ तब दाऊद के भाई शिमआह के पुत्र योनादाब ने कहा, “मेरा प्रभु यह न समझे कि सब जवान, अर्थात् राजकुमार मार डाले गए हैं, केवल अम्नोन मारा गया है; क्योंकि जिस दिन उसने अबशालोम की बहन तामार को भ्रष्ट किया, उसी दिन से अबशालोम की आज्ञा से ऐसी ही बात निश्चित थी।
৩২তেতিয়া দায়ূদৰ ককায়েক চিমিয়াৰ পুত্ৰ সেই যোনাদবে মাত লগাই ক’লে, “সকলো ৰাজকোঁৱৰ যে হত হ’ল, মোৰ প্ৰভুৱে এনে নাভাবক, কিয়নো কেৱল অম্নোনৰহে মৃত্যু হৈছে। কাৰণ অবচালোমৰ ভনী তামাৰক বলাৎকাৰ কৰা দিনৰে পৰা অবচালোমে ইয়াক থিৰ কৰিছিল।
33 ३३ इसलिए अब मेरा प्रभु राजा अपने मन में यह समझकर कि सब राजकुमार मर गए उदास न हो; क्योंकि केवल अम्नोन ही मारा गया है।”
৩৩এতেকে সকলো ৰাজকোঁৱৰ মৰাৰ কথা মোৰ প্ৰভু ৰজাই যেন নিজ মনত ঠাই নিদিয়ে কিয়নো কেৱল অম্নোনহে মৰিছে।”
34 ३४ इतने में अबशालोम भाग गया। और जो जवान पहरा देता था उसने आँखें उठाकर देखा, कि पीछे की ओर से पहाड़ के पास के मार्ग से बहुत लोग चले आ रहे हैं।
৩৪কিন্তু ইয়াৰ ভিতৰতে অবচালোম পলাল। পাছত ডেকা পৰিয়াই চকু তুলি চাই পৰ্বতৰ কাষৰ পৰা নিজৰ পাছফালে থকা বাটেদি অনেক লোকক অহা দেখিলে।
35 ३५ तब योनादाब ने राजा से कहा, “देख, राजकुमार तो आ गए हैं; जैसा तेरे दास ने कहा था वैसा ही हुआ।”
৩৫তাতে যোনাদবে ৰজাক ক’লে, “সৌৱা চাওঁক, ৰাজকোঁৱৰসকল আহিছে; আপোনাৰ দাসৰ কথাৰ দৰে সেয়েই ঘটিল।”
36 ३६ वह कह ही चुका था, कि राजकुमार पहुँच गए, और चिल्ला चिल्लाकर रोने लगे; और राजा भी अपने सब कर्मचारियों समेत बिलख-बिलख कर रोने लगा।
৩৬এই কথা কোৱা মাত্ৰকে ৰাজকোঁৱৰসকল আহি পাই, চিঞৰি কান্দিবলৈ ধৰিলে৷ তাতে ৰজা আৰু তেওঁৰ আটাই দাসবোৰেও বৰকৈ কান্দিবলৈ ধৰিলে।
37 ३७ अबशालोम तो भागकर गशूर के राजा अम्मीहूद के पुत्र तल्मै के पास गया। और दाऊद अपने पुत्र के लिये दिन-दिन विलाप करता रहा।
৩৭কিন্তু অবচালোম পলাই গচুৰৰ ৰজা অম্মীহোৰৰ পুত্ৰ তল্ময়ৰ ওচৰলৈ গ’ল। দায়ূদে প্ৰতিদিনে নিজৰ পুত্ৰৰ কাৰণে শোক কৰিলে।
38 ३८ अतः अबशालोम भागकर गशूर को गया, तब वहाँ तीन वर्ष तक रहा।
৩৮এইদৰে অবচালোম পলাই গচুৰলৈ গৈ, তাত তিনি বছৰ থাকিল।
39 ३९ दाऊद के मन में अबशालोम के पास जाने की बड़ी लालसा रही; क्योंकि अम्नोन जो मर गया था, इस कारण उसने उसके विषय में शान्ति पाई।
৩৯পাছত দায়ুদ ৰজাই অবচালোমৰ ওচৰলৈ যাবলৈ হাবিয়াহ কৰিলে কিয়নো তেওঁ অম্নোনৰ মৃত্যু হোৱাত সেই বিষয়ে শান্ত্বনাপ্ৰাপ্ত হৈছিল।