< 2 राजा 5 >
1 १ अराम के राजा का नामान नामक सेनापति अपने स्वामी की दृष्टि में बड़ा और प्रतिष्ठित पुरुष था, क्योंकि यहोवा ने उसके द्वारा अरामियों को विजयी किया था, और वह शूरवीर था, परन्तु कोढ़ी था।
১অৰামৰ ৰজাৰ সেনাপতিজনৰ নাম আছিল নামান। তেওঁ এজন সাহসী, পৰাক্ৰমী বীৰ আছিল আৰু তেওঁৰ যোগেদিয়েই যিহোৱাই অৰামীয়া সৈন্যৰ ওপৰত জয়ী হৈছিল। সেয়ে, ৰজাৰ ওচৰত তেওঁ এজন অতি মহান আৰু শ্রদ্ধাৰ ব্যক্তি আছিল। কিন্তু তেওঁ এজন কুষ্ঠৰোগীও আছিল।
2 २ अरामी लोग दल बाँधकर इस्राएल के देश में जाकर वहाँ से एक छोटी लड़की बन्दी बनाकर ले आए थे और वह नामान की पत्नी की सेवा करती थी।
২এবাৰ অৰামীয়া সৈন্যৰ দলে ইস্রায়েলক আক্রমণ কৰিবলৈ ওলাই যাওঁতে, ইস্ৰায়েল দেশৰ পৰা এজনী সৰু ছোৱালী তুলি লৈ আহিছিল; তাই নামানৰ ভাৰ্য্যাৰ সেৱা কৰিছিল।
3 ३ उसने अपनी स्वामिनी से कहा, “यदि मेरा स्वामी सामरिया के भविष्यद्वक्ता के पास होता, तो क्या ही अच्छा होता! क्योंकि वह उसको कोढ़ से चंगा कर देता।”
৩ছোৱালীজনীয়ে নামানৰ ভার্য্যাক ক’লে, “মোৰ ইচ্ছা, প্ৰভুৱে যদি চমৰিয়াত থকা ভাববাদীক সাক্ষাৎ কৰে, বৰ ভাল হয়! তেওঁ নিশ্চয়ে প্রভুক কুষ্ঠ ৰোগৰ পৰা সুস্থ কৰিব।”
4 ४ तो नामान ने अपने प्रभु के पास जाकर कह दिया, “इस्राएली लड़की इस प्रकार कहती है।”
৪তেতিয়া ইস্ৰায়েল দেশৰ পৰা অনা ছোৱালীজনীয়ে কোৱা সকলো কথা নামানে গৈ ৰজাক জনালে।
5 ५ अराम के राजा ने कहा, “तू जा, मैं इस्राएल के राजा के पास एक पत्र भेजूँगा।” तब वह दस किक्कार चाँदी और छः हजार टुकड़े सोना, और दस जोड़े कपड़े साथ लेकर रवाना हो गया।
৫“তেন্তে তুমি এতিয়াই যোৱাগৈ, ইস্ৰায়েলৰ ৰজালৈ মই এখন পত্ৰ পঠাই দিম,” অৰামৰ ৰজাই ক’লে। তেতিয়া নামানে নিজৰ লগত দহ কিক্কৰ ৰূপ, ছয় হাজাৰটা সোণৰ টুকুৰা আৰু দহ যোৰ পিন্ধা কাপোৰ লৈ ইস্রায়েললৈ যাত্ৰা কৰিলে।
6 ६ और वह इस्राएल के राजा के पास वह पत्र ले गया जिसमें यह लिखा था, “जब यह पत्र तुझे मिले, तब जानना कि मैंने नामान नामक अपने एक कर्मचारी को तेरे पास इसलिए भेजा है, कि तू उसका कोढ़ दूर कर दे।”
৬লগত ইস্ৰায়েলৰ ৰজালৈ লিখা পত্ৰখনো তেওঁ ল’লে; ৰজালৈ নিয়া পত্র খনত লিখা আছিল, “এই পত্রৰে সৈতে মই মোৰ সেৱক নামানৰ কুষ্ঠৰোগ সুস্থ হ’বৰ কাৰণে তেওঁক আপোনাৰ ওচৰলৈ পঠাইছো।”
7 ७ यह पत्र पढ़ने पर इस्राएल के राजा ने अपने वस्त्र फाड़े और बोला, “क्या मैं मारनेवाला और जिलानेवाला परमेश्वर हूँ कि उस पुरुष ने मेरे पास किसी को इसलिए भेजा है कि मैं उसका कोढ़ दूर करूँ? सोच विचार तो करो, वह मुझसे झगड़े का कारण ढूँढ़ता होगा।”
৭ইস্ৰায়েলৰ ৰজাই সেই পত্ৰ পঢ়ি বেজাৰতে নিজৰ কাপোৰ ফালি ক’লে, “মই জানো ঈশ্বৰ? মোৰ জানো কাৰোবাৰ মৃত্যু আৰু জীৱনৰ ওপৰত হাত আছে। কিয় এই লোকজনে এজন মানুহৰ কুষ্ঠ ৰোগ সুস্থ কৰাৰ বাবে তেওঁক মোৰ ওচৰলৈ পঠাইছে? ইয়াতে বুজা গৈছে যে, তেওঁ মোৰ লগত কাজিয়া আৰম্ভ কৰিবলৈহে ছল কৰিছে।”
8 ८ यह सुनकर कि इस्राएल के राजा ने अपने वस्त्र फाड़े हैं, परमेश्वर के भक्त एलीशा ने राजा के पास कहला भेजा, “तूने क्यों अपने वस्त्र फाड़े हैं? वह मेरे पास आए, तब जान लेगा, कि इस्राएल में भविष्यद्वक्ता है।”
৮যেতিয়া ইস্ৰায়েলৰ ৰজাই নিজৰ কাপোৰ ফলা কথা ঈশ্বৰৰ লোক ইলীচাই শুনিলে, তেওঁ ৰজাৰ ওচৰলৈ এই বার্তা পঠালে, “আপুনি কিয় আপোনাৰ বস্ত্ৰ ফালিলে? সেই মানুহক মোৰ ওচৰলৈ আহিব দিয়ক; তাতে তেওঁ জানিব যে ইস্ৰায়েলৰ মাজত এজন ভাববাদী আছে।”
9 ९ तब नामान घोड़ों और रथों समेत एलीशा के द्वार पर आकर खड़ा हुआ।
৯সেয়ে, নামানে নিজৰ ঘোঁৰা আৰু ৰথবোৰৰে সৈতে আহি, ইলীচাৰ ঘৰৰ দুৱাৰমুখত থিয় হ’ল।
10 १० तब एलीशा ने एक दूत से उसके पास यह कहला भेजा, “तू जाकर यरदन में सात बार डुबकी मार, तब तेरा शरीर ज्यों का त्यों हो जाएगा, और तू शुद्ध होगा।”
১০ইলীচাই এজন লোকৰ দ্বাৰাই তেওঁৰ ওচৰলৈ এই বার্তা কৈ পঠালে, “আপুনি যাওঁক আৰু যৰ্দ্দন নদীত সাতবাৰ জোবোৰা মাৰক, তাতে আপোনাৰ গাৰ মঙহ পূর্বৰ দৰে হৈ পৰিব আৰু আপুনি শুচি হ’ব।”
11 ११ परन्तु नामान क्रोधित हो यह कहता हुआ चला गया, “मैंने तो सोचा था, कि अवश्य वह मेरे पास बाहर आएगा, और खड़ा होकर अपने परमेश्वर यहोवा से प्रार्थना करके कोढ़ के स्थान पर अपना हाथ फेरकर कोढ़ को दूर करेगा!
১১তেতিয়া নামান তাৰ পৰা খং উঠি গুচি গ’ল আৰু তেওঁ ক’লে, “চোৱাছোন, মই ভাবিছিলোঁ, তেওঁ অৱশ্যেই ওলাই আহি মোৰ ওচৰত থিয় হ’ব আৰু নিজৰ ঈশ্বৰ যিহোৱাৰ নামেৰে প্ৰাৰ্থনা কৰিব, ৰোগৰ ঠাইত হাত বুলাই মোৰ কুষ্ঠ ৰোগ সুস্থ কৰিব।
12 १२ क्या दमिश्क की अबाना और पर्पर नदियाँ इस्राएल के सब जलाशयों से उत्तम नहीं हैं? क्या मैं उनमें स्नान करके शुद्ध नहीं हो सकता हूँ?” इसलिए वह क्रोध से भरा हुआ लौटकर चला गया।
১২ইস্ৰায়েলৰ সকলো নদীতকৈ জানো দম্মেচকৰ অবানা আৰু ফাৰ্পৰ নদী উত্তম নহয়? মই জানো সেইবোৰত গা ধুই শুচি হ’ব নোৱাৰিম?” এই বুলি তেওঁ প্রচণ্ড খঙেৰে সৈতে ঘূৰি গুচি গ’ল।
13 १३ तब उसके सेवक पास आकर कहने लगे, “हे हमारे पिता यदि भविष्यद्वक्ता तुझे कोई भारी काम करने की आज्ञा देता, तो क्या तू उसे न करता? फिर जब वह कहता है, कि स्नान करके शुद्ध हो जा, तो कितना अधिक इसे मानना चाहिये।”
১৩তেতিয়া দাসবোৰে তেওঁৰ ওচৰ চাপি আহি নিবেদন কৰি ক’লে, “হে মোৰ পিতৃ, ভাববাদীজনে আপোনাক কোনো কষ্টৰ কাম কৰিবলৈ দিয়া হ’লে, আপুনি জানো তাক নকৰিলেহেঁতেন? তেন্তে কিনো ডাঙৰ কথা, তেওঁ কেৱল কৈছে যে, ‘জোবোৰা মাৰি শুচি হোৱা’; সেয়ে আপুনি তাক কৰা উচিত।”
14 १४ तब उसने परमेश्वर के भक्त के वचन के अनुसार यरदन को जाकर उसमें सात बार डुबकी मारी, और उसका शरीर छोटे लड़के का सा हो गया; और वह शुद्ध हो गया।
১৪তেতিয়া নামানে ঈশ্বৰৰ লোকৰ কথা অনুসাৰে যৰ্দ্দন নদীত নামি গৈ সাত বাৰ ডুব মাৰিলে আৰু তেতিয়াই তেওঁৰ দেহ পূর্বৰ দৰে শুচি হ’ল। একেবাৰে সৰু ল’ৰাৰ দৰে তেওঁৰ গাৰ ছাল পৰিস্কাৰ হ’ল।
15 १५ तब वह अपने सब दल बल समेत परमेश्वर के भक्त के यहाँ लौट आया, और उसके सम्मुख खड़ा होकर कहने लगा, “सुन, अब मैंने जान लिया है, कि समस्त पृथ्वी में इस्राएल को छोड़ और कहीं परमेश्वर नहीं है! इसलिए अब अपने दास की भेंट ग्रहण कर।”
১৫নামান আৰু তেওঁৰ সকলো সঙ্গী তেতিয়া ঈশ্বৰৰ লোকৰ ওচৰলৈ উভটি আহিল। ইলীচাৰ সন্মুখত থিয় হৈ ক’লে, “মই এতিয়া জানিলোঁ যে, ইস্রায়েলৰ বাহিৰে গোটেই পৃথিৱীতে আৰু ক’তো ঈশ্বৰ নাই। গতিকে এতিয়া অনুগ্রহ কৰি, আপোনাৰ এই দাসৰ পৰা এটি উপহাৰ গ্ৰহণ কৰক।”
16 १६ एलीशा ने कहा, “यहोवा जिसके सम्मुख मैं उपस्थित रहता हूँ उसके जीवन की शपथ मैं कुछ भेंट न लूँगा;” और जब उसने उसको बहुत विवश किया कि भेंट को ग्रहण करे, तब भी वह इन्कार ही करता रहा।
১৬ইলীচাই ক’লে, “মই যি জনাৰ সাক্ষাতে থিয় হৈ আছোঁ, সেই জীৱনময় যিহোৱাৰ শপত, মই একোকে গ্ৰহণ নকৰোঁ।” নামানে উপহাৰ গ্ৰহণ কৰিবলৈ তেওঁক বহুবাৰ অনুনয়-বিনয় কৰাতো তেওঁ মান্তি নহ’ল।
17 १७ तब नामान ने कहा, “अच्छा, तो तेरे दास को दो खच्चर मिट्टी मिले, क्योंकि आगे को तेरा दास यहोवा को छोड़ और किसी परमेश्वर को होमबलि या मेलबलि न चढ़ाएगा।
১৭নামানে ক’লে, “আপুনি যদি ইয়াক নলয়, তেন্তে অন্ততঃ মোক ইস্রায়েলৰ পৰা দুটা খছৰে বোজা কৰিব পৰাকৈ মাটি আপোনাৰ এই দাসক দিয়ক; কিয়নো এতিয়াৰ পৰা মই যিহোৱাৰ বাহিৰে কোনো ইতৰ দেৱতালৈ হোমবলি বা বলি উৎসর্গ নকৰিম।
18 १८ एक बात यहोवा तेरे दास की क्षमा करे, कि जब मेरा स्वामी रिम्मोन के भवन में दण्डवत् करने को जाए, और वह मेरे हाथ का सहारा ले, और मुझे भी रिम्मोन के भवन में दण्डवत् करनी पड़े, तब यहोवा तेरे दास का यह काम क्षमा करे कि मैं रिम्मोन के भवन में दण्डवत् करूँ।”
১৮কিন্তু, এটা বিষয়ত যেন যিহোৱাই আপোনাৰ এই দাসক ক্ষমা কৰে; মোৰ ৰজাই যেতিয়া সেৱা কৰিবৰ অৰ্থে ৰিম্মোনৰ মন্দিৰলৈ যায় আৰু তেওঁ মোৰ হাতৰ সাহার্যত নির্ভৰ কৰে, সেই সময়ত মই নিজেও ৰিম্মোন দেৱতাৰ গৃহত মূৰ দোৱাঁব লগা হয়; তেতিয়া এই ক্ষেত্রত যিহোৱাই আপোনাৰ দাসক ক্ষমা কৰক।”
19 १९ उसने उससे कहा, “कुशल से विदा हो।” वह उसके यहाँ से थोड़ी दूर चला गया था,
১৯ইলীচাই তেওঁক ক’লে, “শান্তি মনেৰে যোৱা।” তেতিয়া তেওঁ ইলীচাৰ ওচৰৰ পৰা গুছি গ’ল।
20 २० कि परमेश्वर के भक्त एलीशा का सेवक गेहजी सोचने लगा, “मेरे स्वामी ने तो उस अरामी नामान को ऐसा ही छोड़ दिया है कि जो वह ले आया था उसको उसने न लिया, परन्तु यहोवा के जीवन की शपथ मैं उसके पीछे दौड़कर उससे कुछ न कुछ ले लूँगा।”
২০নামান তেওঁৰ ওচৰৰ পৰা কিছু দূৰ যোৱাৰ পাছতে ঈশ্বৰৰ লোক ইলীচাৰ দাস গেহজীয়ে নিজৰ মনতে ক’লে, “সেই অৰামীয়া নামানে অনা উপহাৰবোৰ গ্রহণ নকৰি মোৰ প্ৰভুৱে তেওঁক এনেয়ে এৰি দিলে! জীৱিত যিহোৱাৰ শপত, মই তেওঁৰ পাছে পাছে লৰি গৈ তেওঁৰ পৰা কিছু কিছু লওঁগৈ!”
21 २१ तब गेहजी नामान के पीछे दौड़ा नामान किसी को अपने पीछे दौड़ता हुआ देखकर, उससे मिलने को रथ से उतर पड़ा, और पूछा, “सब कुशल क्षेम तो है?”
২১এইবুলি গেহজীয়ে নামানৰ পাছে পাছে ল’ৰি গ’ল। নামানে গেহজীক তেওঁৰ ফালে লৰি অহা দেখি তেওঁৰ লগত সাক্ষাৎ হ’বলৈ ৰথৰ পৰা নামি সুধিলে, “কি, সকলোবোৰ ঠিকে আছেনে?”
22 २२ उसने कहा, “हाँ, सब कुशल है; परन्तु मेरे स्वामी ने मुझे यह कहने को भेजा है, ‘एप्रैम के पहाड़ी देश से भविष्यद्वक्ताओं के दल में से दो जवान मेरे यहाँ अभी आए हैं, इसलिए उनके लिये एक किक्कार चाँदी और दो जोड़े वस्त्र दे।’”
২২গেহজীয়ে ক’লে, “সকলো ঠিকেই আছে। কিন্তু মোৰ প্ৰভুৱে এই কথা ক’বলৈ মোক পঠালে যে, ‘ইফ্ৰয়িমৰ পাহাৰীয়া অঞ্চলৰ পৰা শিষ্য ভাববাদীসকলৰ দুজন যুৱক এতিয়াই মোৰ কাষলৈ আহিল; সেয়ে অনুগ্রহ কৰি, তেওঁলোকৰ বাবে এক কিক্কৰ ৰূপ আৰু দুযোৰ কাপোৰ দিয়ক।’”
23 २३ नामान ने कहा, “खुशी से दो किक्कार ले ले।” तब उसने उससे बहुत विनती करके दो किक्कार चाँदी अलग थैलियों में बाँधकर, दो जोड़े वस्त्र समेत अपने दो सेवकों पर लाद दिया, और वे उन्हें उसके आगे-आगे ले चले।
২৩তাতে নামানে ক’লে, “আপুনি যদি দুই কিক্কৰ লয়, তাতো মই অতি সুখী হ’ম।” এই বুলি নামানে দুযোৰ কাপোৰ আৰু দুটা বস্তাত দুই কিক্কৰ ৰূপ বান্ধি নিজৰ দুজন দাসক কঢ়িয়াই নিবলৈ দিলে; তেওঁলোকে সেইবোৰ লৈ গেহজীৰ আগে আগে গ’ল।
24 २४ जब वह टीले के पास पहुँचा, तब उसने उन वस्तुओं को उनसे लेकर घर में रख दिया, और उन मनुष्यों को विदा किया, और वे चले गए।
২৪পাছত পাহাৰৰ কাষ গৈ পোৱাত, তেওঁ দাসবোৰৰ পৰা সেই ৰূপৰ বস্তাবোৰ ল’লে আৰু ঘৰৰ ভিতৰত লুকুৱাই থৈ দাস দুজনক বিদায় দিলে। তেতিয়া তেওঁলোক গুচি গ’ল।
25 २५ और वह भीतर जाकर, अपने स्वामी के सामने खड़ा हुआ। एलीशा ने उससे पूछा, “हे गेहजी तू कहाँ से आता है?” उसने कहा, “तेरा दास तो कहीं नहीं गया।”
২৫তাৰ পাছত তেওঁ ভিতৰলৈ গৈ নিজৰ প্ৰভুৰ সন্মুখত থিয় হ’ল। তেতিয়া ইলীচাই তেওঁক সুধিলে, “গেহজী, তুমি ক’ৰ পৰা আহিলা?” তেওঁ উত্তৰ দিলে, “আপোনাৰ দাস ক’লৈকো যোৱা নাই।”
26 २६ उसने उससे कहा, “जब वह पुरुष इधर मुँह फेरकर तुझ से मिलने को अपने रथ पर से उतरा, तब से वह पूरा हाल मुझे मालूम था; क्या यह समय चाँदी या वस्त्र या जैतून या दाख की बारियाँ, भेड़-बकरियाँ, गाय बैल और दास-दासी लेने का है?
২৬কিন্তু ইলীচাই তেওঁক ক’লে, “সেই মানুহজনে যেতিয়া তোমাৰ লগত সাক্ষাৎ কৰিবলৈ নিজৰ ৰথৰ পৰা নামিছিল, তেতিয়া মোৰ অন্তৰ জানো তোমাৰ লগত যোৱা নাছিল? ধন, কাপোৰ-কানি, জিত গছৰ বাৰী, দ্ৰাক্ষাবাৰী, মেৰ-ছাগ, গৰু আৰু দাস-দাসী লোৱাৰ এইটো জানো সময়?
27 २७ इस कारण से नामान का कोढ़ तुझे और तेरे वंश को सदा लगा रहेगा।” तब वह हिम सा श्वेत कोढ़ी होकर उसके सामने से चला गया।
২৭এই হেতুকে নামানৰ কুষ্ঠৰোগ তোমাৰ আৰু তোমাৰ বংশধৰ সকলৰ মাজত চিৰকাল লাগি থাকিব।” তেতিয়া গেহজী ইলীচাৰ সন্মুখৰ পৰা গুছি গ’ল আৰু তেওঁৰ গাৰ ছাল হিমৰ নিচিনা বগা কুষ্ঠৰোগ হ’ল।