< 1 शमूएल 6 >

1 यहोवा का सन्दूक पलिश्तियों के देश में सात महीने तक रहा।
যিহোৱাৰ নিয়ম-চন্দুক পলেষ্টীয়াসকলৰ দেশত সাত মাহলৈকে আছিল।
2 तब पलिश्तियों ने याजकों और भावी कहनेवालों को बुलाकर पूछा, “यहोवा के सन्दूक से हम क्या करें? हमें बताओ कि क्या प्रायश्चित देकर हम उसे उसके स्थान पर भेजें?”
পলেষ্টীয়াসকলে পুৰোহিত আৰু মঙ্গল চোৱা সকলক মাতি আনি ক’লে, “আমি যিহোৱাৰ নিয়ম-চন্দুকৰ বিষয়ে কি কৰিম? কওকচোন, আমি ইয়াক নিজৰ দেশলৈ কেনেকৈ পঠাম?”
3 वे बोले, “यदि तुम इस्राएल के देवता का सन्दूक वहाँ भेजो, तो उसे वैसे ही न भेजना; उसकी हानि भरने के लिये अवश्य ही दोषबलि देना। तब तुम चंगे हो जाओगे, और तुम जान लोगे कि उसका हाथ तुम पर से क्यों नहीं उठाया गया।”
তেওঁলোকে ক’লে, “তোমালোকে বিনা উপহাৰেৰে ইস্ৰায়েলৰ ঈশ্বৰৰ নিয়ম-চন্দুক নপঠাবা, কিন্তু যি কোনো উপায়ে দোষাৰ্থক উপহাৰ তেওঁৰ তালৈ পঠাই দিয়া, তেতিয়াহে তোমালোক সুস্থ হ’বা, আৰু তেওঁৰ হাত তোমালোকৰ পৰা কিয় দূৰ হোৱা নাই, তেতিয়াহে তোমালোকে বুজিবা।”
4 उन्होंने पूछा, “हम उसकी हानि भरने के लिये कौन सा दोषबलि दें?” वे बोले, “पलिश्ती सरदारों की गिनती के अनुसार सोने की पाँच गिलटियाँ, और सोने के पाँच चूहे; क्योंकि तुम सब और तुम्हारे सरदार दोनों एक ही रोग से ग्रसित हो।
তেওঁলোকে সুধিলে, “অামি তেওঁলৈ কি দোষাৰ্থক উপহাৰ পঠাম?” তেওঁলোকে উত্তৰ দি ক’লে, “তোমালোকে পাঁচটা সোণৰ বিহ ফোঁহোৰা আকৃতিৰে সজা আৰু সোণৰ পাঁচোটা নিগনি দি পঠোৱা; পাঁচ নম্বৰটো পলেষ্টীয়াসকলৰ পাঁচ জন অধিপতিক বুজায়৷ কাৰণ, তোমালোক আৰু তোমালোকৰ অধিপতিসকল সেই একেই মহামাৰীত আক্ৰান্ত।
5 तो तुम अपनी गिलटियों और अपने देश के नष्ट करनेवाले चूहों की भी मूरतें बनाकर इस्राएल के देवता की महिमा मानो; सम्भव है वह अपना हाथ तुम पर से और तुम्हारे देवताओं और देश पर से उठा ले।
এই হেতুকে তোমালোকে তোমালোকৰ বিহ ফোঁহোৰাৰ আৰু দেশ বিনষ্ট কৰা নিগনি আকৃতিৰে মুৰ্ত্তি নিৰ্ম্মাণ কৰা, আৰু ইস্ৰায়েলৰ ঈশ্বৰক গৌৰৱান্বিত কৰা৷ তেওঁ তোমালোকৰ পৰা আৰু তোমালোকৰ দেৱতাবোৰৰ পৰা আৰু তোমালোকৰ দেশৰ পৰাও হয়তো নিজৰ ক্ৰোধ তেওঁ দূৰ কৰিব।
6 तुम अपने मन क्यों ऐसे हठीले करते हो जैसे मिस्रियों और फ़िरौन ने अपने मन हठीले कर दिए थे? जब उसने उनके मध्य में अचम्भित काम किए, तब क्या उन्होंने उन लोगों को जाने न दिया, और क्या वे चले न गए?
মিচৰীয়া লোক আৰু ফৰৌণ ৰজাই যেনেকৈ তেওঁলোকৰ মন কঠিন কৰিছিল তেনেকৈ তোমালোকে কিয় মন কঠিন কৰিবা? তেওঁলোকৰ মাজত যেতিয়া তেওঁ অদ্ভুত কাৰ্য কৰিছিল, তেতিয়া জানো তেওঁলোকক এৰি দিয়া নাছিল? তাৰ পাছত তেওঁলোক গুছি গ’ল৷
7 इसलिए अब तुम एक नई गाड़ी बनाओ, और ऐसी दो दुधार गायें लो जो जूए तले न आई हों, और उन गायों को उस गाड़ी में जोतकर उनके बच्चों को उनके पास से लेकर घर को लौटा दो।
এই হেতুকে এতিয়া কাঠ লৈ এখন নতুন ৰথ সাজা আৰু কান্ধত যুৱলি নোলোৱা দুজনী খীৰঁতী গাই গৰু আনি ৰথত লগোৱা আৰু সিহঁতৰ পোৱালি সিহঁতৰ পৰা আঁতৰাই ঘৰলৈ লৈ যাবা।
8 तब यहोवा का सन्दूक लेकर उस गाड़ी पर रख दो, और सोने की जो वस्तुएँ तुम उसकी हानि भरने के लिये दोषबलि की रीति से दोगे उन्हें दूसरे सन्दूक में रख के उसके पास रख दो। फिर उसे रवाना कर दो कि चली जाए।
তাৰ পাছত যিহোৱাৰ নিয়ম-চন্দুক সেই ৰথৰ ওপৰত তুলি দিবা; আৰু যি সোণৰ বস্তুবোৰ দোষাৰ্থক উপহাৰৰ অৰ্থে প্ৰস্তুত কৰিছিলা, সেইবোৰ এটা বাকচত ভৰাই নিয়ম-চন্দুকৰ কাষত থৈ পঠিয়াই দিবা আৰু সেই নিয়ম-চন্দুকক নিজ বাটে যাব দিবা।
9 और देखते रहना; यदि वह अपने देश के मार्ग से होकर बेतशेमेश को चले, तो जानो कि हमारी यह बड़ी हानि उसी की ओर से हुई और यदि नहीं, तो हमको निश्चय होगा कि यह मार हम पर उसकी ओर से नहीं, परन्तु संयोग ही से हुई।”
তাৰ পাছত লক্ষ্য কৰিবা, সেই ৰথ যদি নিজে বৈৎচেমচ নগৰলৈ যায়, তেতিয়া যিহোৱাই যে এনে মহামাৰী ঘটালে সেই বিষয়ে বুজিবা; আৰু যদি নাযায়, তেন্তে আমাক প্ৰহাৰ কৰা জন তেওঁ নহয় বুলি আমি জানিম; কিন্তু ইয়াৰ পৰিৱৰ্ত্তে ঘটনাক্ৰমেহে আমালৈ এই সকলো ঘটিল।”
10 १० उन मनुष्यों ने वैसा ही किया; अर्थात् दो दुधार गायें लेकर उस गाड़ी में जोतीं, और उनके बच्चों को घर में बन्द कर दिया।
১০তাৰ পাছত লোকসকলে তেওঁলোকক যি দৰে কৈছিল, সেইদৰেই কৰিলে; খীৰঁতী গাই গৰু আনি ৰথত লগালে, আৰু সিহঁতৰ পোৱালি দুটাক ঘৰত বান্ধি হ’ল।
11 ११ और यहोवा का सन्दूक, और दूसरा सन्दूक, और सोने के चूहों और अपनी गिलटियों की मूरतों को गाड़ी पर रख दिया।
১১পাছত সিহঁতে যিহোৱাৰ নিয়ম-চন্দুক, সোণৰ নিগনি আৰু বিহ ফোঁহোৰাৰ আকৃতিৰে সজা বস্তুবোৰ বাকচত ভৰাই ৰথৰ ওপৰত তুলি দিলে।
12 १२ तब गायों ने बेतशेमेश का सीधा मार्ग लिया; वे सड़क ही सड़क रम्भाती हुई चली गईं, और न दाहिने मुड़ीं और न बायें; और पलिश्तियों के सरदार उनके पीछे-पीछे बेतशेमेश की सीमा तक गए।
১২তাৰ পাছত সেই গৰু দুজনীয়ে বৈৎচেমচৰ দিশে হেম্বেলিয়াই হেম্বেলিয়াই গ’ল; সিহঁতে সোঁ-হাতে কি বাওঁ-হাতে নুঘূৰিলে; আৰু পলেষ্টীয়াসলকৰ অধিপতিসকলে বৈৎচেমচৰ সীমালৈকে সিহঁতৰ পাছে পাছে গ’ল।
13 १३ और बेतशेमेश के लोग तराई में गेहूँ काट रहे थे; और जब उन्होंने आँखें उठाकर सन्दूक को देखा, तब उसके देखने से आनन्दित हुए।
১৩সেই সময়ত বৈৎচেমচ নিবাসীসকলে উপত্যকাত ঘেহুঁধান দাই থাকোঁতে, ওপৰলৈ মুৰ-দাঙি চাই নিয়ম-চন্দুকটো দেখি তেওঁলোকে আনন্দ কৰিলে।
14 १४ गाड़ी यहोशू नामक एक बेतशेमेशी के खेत में जाकर वहाँ ठहर गई, जहाँ एक बड़ा पत्थर था। तब उन्होंने गाड़ी की लकड़ी को चीरा और गायों को होमबलि करके यहोवा के लिये चढ़ाया।
১৪ৰথখন বৈৎচেমচ নিবাসী যিহোচূৱাৰ পথাৰ পালে আৰু যি ঠাইত ডাঙৰ শিল এটা আছিল, সেই ঠাইতে ৰ’লহি৷ তাৰ পাছত তেওঁলোকে ৰথৰ কাঠ ফালি, গৰু দুজনীক হোমৰ অৰ্থে যিহোৱাৰ উদ্দেশ্য উৎসৰ্গ কৰিলে।
15 १५ और लेवियों ने यहोवा के सन्दूक को उस सन्दूक के समेत जो साथ था, जिसमें सोने की वस्तुएँ थी, उतार के उस बड़े पत्थर पर रख दिया; और बेतशेमेश के लोगों ने उसी दिन यहोवा के लिये होमबलि और मेलबलि चढ़ाए।
১৫লেবীয়াসকলে যিহোৱাৰ নিয়ম-চন্দুক আৰু তাৰ লগত সোণৰ বস্তু থকা বাকচটো নমালে আৰু সেই ডাঙৰ শিলটোৰ ওপৰত ৰাখিলে। বৈৎচেমচৰ লোকসকলে সেইদিনাই যিহোৱাৰ উদ্দেশ্যে হোমবলি আৰু মঙ্গলাৰ্থক বলি উৎসৰ্গ কৰিলে।
16 १६ यह देखकर पलिश्तियों के पाँचों सरदार उसी दिन एक्रोन को लौट गए।
১৬পলেষ্টীয়াসকলৰ পাঁচজন অধিপতিয়ে এই সকলো দেখিলে আৰু সেই দিনাই ইক্ৰোণলৈ উভটি গ’ল।
17 १७ सोने की गिलटियाँ जो पलिश्तियों ने यहोवा की हानि भरने के लिये दोषबलि करके दे दी थीं उनमें से एक तो अश्दोद की ओर से, एक गाज़ा, एक अश्कलोन, एक गत, और एक एक्रोन की ओर से दी गई थी।
১৭যিহোৱাৰ উদ্দেশ্যে পলেষ্টীয়াসকলে দোষাৰ্থক উপহাৰ ৰূপে পঠোৱা বিহ ফোঁহোৰাৰ আকৃতিৰে সজা সোণৰ বস্তুবোৰ, অচ্‌দোদৰ অৰ্থে এটা, গাজাৰ অৰ্থে এটা, অস্কিলোনৰ অৰ্থে এটা, গাতৰ অৰ্থে এটা আৰু ইক্ৰোণৰ অৰ্থে এটা আছিল৷
18 १८ और वह सोने के चूहे, क्या शहरपनाह वाले नगर, क्या बिना शहरपनाह के गाँव, वरन् जिस बड़े पत्थर पर यहोवा का सन्दूक रखा गया था वहाँ पलिश्तियों के पाँचों सरदारों के अधिकार तक की सब बस्तियों की गिनती के अनुसार दिए गए। वह पत्थर आज तक बेतशेमेशी यहोशू के खेत में है।
১৮আৰু গড়েৰে আবৃত হোৱা নগৰ হওক বা গাওঁ হওক, পাঁচজন অধিপতিৰ অধীনত পলেষ্টীয়াসকলৰ যিমান নগৰ আছিল, সিমান সোণৰ নিগনি আছিল; এই কথা যিহোৱাৰ চন্দুক যিহৰ ওপৰত ৰখা হৈছিল, সেই মহা-শিল ইয়াৰ সাক্ষী হৈ ৰ’ল; বৈৎচেমচীয়া যিহোচূৱাৰ পথাৰত সেই শিল আজিলৈকে আছে।
19 १९ फिर इस कारण से कि बेतशेमेश के लोगों ने यहोवा के सन्दूक के भीतर झाँका था उसने उनमें से सत्तर मनुष्य, और फिर पचास हजार मनुष्य मार डाले; और वहाँ के लोगों ने इसलिए विलाप किया कि यहोवा ने लोगों का बड़ा ही संहार किया था।
১৯তেওঁ বৈৎচেমচৰ লোকসকলৰ মাজৰ কিছুমানক আঘাত কৰিলে; কাৰণ তেওঁলোকে যিহোৱাৰ নিয়ম-চন্দুকলৈ চাইছিল; সেয়ে তেওঁ সত্তৰজন মানুহক বধ কৰিছিল৷ যিহোৱাই কৰা মহা-প্ৰহাৰ দেখি তেওঁলোকে বিলাপ কৰিলে।
20 २० तब बेतशेमेश के लोग कहने लगे, “इस पवित्र परमेश्वर यहोवा के सामने कौन खड़ा रह सकता है? और वह हमारे पास से किसके पास चला जाए?”
২০বৈৎচেমচৰ লোকসকলে ক’লে, “এই পবিত্ৰ ঈশ্বৰ যিহোৱাৰ সন্মুখত কোনে থিয় হ’ব পাৰিব? আৰু তেওঁ আমাৰ পৰা কাৰ ওচৰলৈ যাব?”
21 २१ तब उन्होंने किर्यत्यारीम के निवासियों के पास यह कहने को दूत भेजे, “पलिश्तियों ने यहोवा का सन्दूक लौटा दिया है; इसलिए तुम आकर उसे अपने यहाँ ले जाओ।”
২১তেওঁলোকে কিৰিয়ৎ-যিয়াৰীম-নিবাসী লোকসকললৈ দূত পঠাই ক’লে, “পলেষ্টীয়াসকলে যিহোৱাৰ নিয়ম-চন্দুক ওভোটাই আনিলে; তোমালোকে নামি আহি এই নিয়ম-চন্দুক তোমালোকৰ ওচৰলৈ লৈ যোৱা।

< 1 शमूएल 6 >