< इब्रानियों 1 >
1 पूर्व में परमेश्वर ने भविष्यद्वक्ताओं के माध्यम से हमारे पूर्वजों से अनेक समय खण्डों में विभिन्न प्रकार से बातें की,
১পূৰ্বকালত ঈশ্বৰে ভাৱবাদী সকলৰ মাধ্যমেদি বহু বাৰ নানাভাৱে আমাৰ পূর্বপুৰুষ সকলৰ সৈতে কথা পাতিছিল।
2 किंतु अब इस अंतिम समय में उन्होंने हमसे अपने पुत्र के द्वारा बातें की हैं, जिन्हें परमेश्वर ने सारी सृष्टि का वारिस चुना और जिनके द्वारा उन्होंने युगों की सृष्टि की. (aiōn )
২কিন্তু এতিয়া এই শেষৰ দিনবোৰত ঈশ্বৰে তেওঁৰ পুত্রৰ দ্বাৰাই আমাৰ লগত কথা ক’লে; ঈশ্বৰে সেই পুত্ৰকেই সকলোৰে উত্তৰাধিকাৰী হবলৈ নিযুক্ত কৰিলে আৰু তেওঁৰ যোগেদি বিশ্ব-ব্রহ্মাণ্ড খনো সৃষ্টি কৰিলে। (aiōn )
3 पुत्र ही परमेश्वर की महिमा का प्रकाश तथा उनके तत्व का प्रतिबिंब है. वह अपने सामर्थ्य के वचन से सारी सृष्टि को स्थिर बनाये रखता है. जब वह हमें हमारे पापों से धो चुके, वह महिमामय ऊंचे पर विराजमान परमेश्वर की दायीं ओर में बैठ गए.
৩সেই পুত্ৰ ঈশ্বৰৰ গৌৰৱময় পোহৰ৷ ঈশ্বৰৰ সকলো গুণৰ পূর্ণ প্রতিবিম্ব; পুত্রই ঈশ্বৰৰ পৰাক্ৰম বাক্যৰ দ্বাৰাই সকলো ধৰি ৰাখিছে। সেই পুত্রই সকলো মানুহক পাপৰ পৰা শুচি কৰিলে আৰু তাৰ পাছত স্বর্গত ঈশ্বৰৰ মহিমাৰ সোঁ হাতে ওখ সিংহাসনত বহিল।
4 वह स्वर्गदूतों से उतने ही उत्तम हो गए जितनी स्वर्गदूतों से उत्तम उन्हें प्रदान की गई महिमा थी.
৪ঈশ্বৰে তেওঁৰ পুত্রক যি নাম দিলে, সেই নাম যেনেকৈ স্বৰ্গৰ দূত সকলৰ নামতকৈ অধিক উত্তম, তেনেকৈ তেওঁ স্বর্গৰ দূত সকলৰ তুলনাত অনেক মহান হৈ উঠিল।
5 भला किस स्वर्गदूत से परमेश्वर ने कभी यह कहा: “तुम मेरे पुत्र हो! आज मैं तुम्हारा पिता हो गया हूं?” तथा यह: “उसका पिता मैं बन जाऊंगा और वह मेरा पुत्र हो जाएगा?”
৫কাৰণ, ঈশ্বৰে কেতিয়াবা সেই স্বর্গৰ দূত সকলৰ মাজত কোনো এজনক কৈছিল নেকি যে, “তুমি মোৰ পুত্ৰ; আজি মই তোমাৰ পিতৃ হ’লো?” আকৌ, তেওঁ কেতিয়াবা তেওঁলোকক কৈছিল নেকি যে, “মই তেওঁৰ পিতৃ আৰু তেওঁ মোৰ পুত্ৰ হ’ব?”
6 और तब, वह अपने पहलौठे पुत्र को संसार के सामने प्रस्तुत करते हुए कहते हैं: “परमेश्वर के सभी स्वर्गदूत उनके पुत्र की वंदना करें.”
৬পুণৰ, ঈশ্বৰে যেতিয়া সেই প্রথমে জন্মা জনক জগতলৈ আনিলে, তেতিয়া তেওঁ ক’লে, “ঈশ্বৰৰ সমস্ত দূত সকলে তেওঁৰ আৰাধনা কৰক।”
7 स्वर्गदूतों के विषय में उनका कहना है: “वह अपने स्वर्गदूतों को हवा में और अपने सेवकों को आग की लपटों में बदल देते हैं.”
৭স্বর্গৰ দূত সকলৰ বিষয়ে ঈশ্বৰে কৈছে, “তেওঁ নিজৰ দুত সকলক বায়ুৰূপে আৰু নিজৰ সেৱক সকলক অগ্নিশিখাৰূপে তৈয়াৰ কৰে।”
8 परंतु पुत्र के विषय में: “हे परमेश्वर, आपका सिंहासन अनश्वर है; आपके राज्य का राजदंड वही होगा, जो सच्चाई का राजदंड है. (aiōn )
৮কিন্তু পুত্ৰৰ বিষয়ে ঈশ্বৰে ক’লে, “হে ঈশ্বৰ, তোমাৰ সিংহাসন চিৰকাল স্থায়ী, তোমাৰ ৰাজ্যৰ শাসন, ন্যায়ৰ শাসন। (aiōn )
9 धार्मिकता आपको प्रिय है तथा दुष्टता घृणास्पद; यही कारण है कि परमेश्वर, आपके परमेश्वर ने हर्ष के तेल से आपको अभिषिक्त करके आपके समस्त साथियों से ऊंचे स्थान पर बसा दिया है.
৯তুমি ধাৰ্মিকতাক প্ৰেম কৰিলা আৰু দুৰাচাৰীক ঘিণ কৰিলা; এই কাৰণে ঈশ্বৰে, তোমাৰ ঈশ্বৰে তোমাৰ সঙ্গী সকলতকৈ তোমাক অধিক আনন্দৰূপ তেলেৰে অভিষিক্ত কৰিলে।”
10 और, “प्रभु! आपने प्रारंभ में ही पृथ्वी की नींव रखी, तथा आकाशमंडल आपके ही हाथों की कारीगरी है.
১০“হে প্ৰভু, তুমি আদিতে পৃথিৱীৰ ভিত্তিমূল স্থাপন কৰিলা। আকাশ-মণ্ডলো তোমাৰ হাতৰ কৰ্ম৷
11 वे तो नष्ट हो जाएंगे किंतु आप अस्तित्व में ही रहेंगे. वे सभी वस्त्र समान पुराने हो जाएंगे.
১১সেইবোৰ ধ্বংস হৈ যাব; কিন্তু তুমি নিত্য; সেই সকলো কাপোৰৰ দৰে পুৰণি হৈ যাব।
12 आप उन्हें वस्त्रों के ही समान परिवर्तित कर देंगे. उनका अस्तित्व समाप्त हो जाएगा. पर आप न बदलनेवाले हैं, आपके समय का कोई अंत नहीं.”
১২তুমি চাদৰৰ দৰে সেইবোৰক নুৰিয়াবা, কাপোৰৰ দৰে সেইবোৰ সলোৱা হ’ব, কিন্তু তুমি হ’লে সদায় একে আছা আৰু তোমাৰ বছৰবোৰৰ কেতিয়াও শেষ নহ’ব।”
13 भला किस स्वर्गदूत से परमेश्वर ने यह कहा, “मेरी दायीं ओर में बैठ जाओ जब तक मैं तुम्हारे शत्रुओं को तुम्हारे चरणों की चौकी न बना दूं”?
১৩কিন্তু ঈশ্বৰে স্বর্গৰ দূত সকলৰ মাজৰ কোনো জনক কেতিয়াবা এই কথা কৈছে নে যে, “মই তোমাৰ শত্ৰুবোৰক তোমাৰ ভৰি-পীৰা নকৰোঁমানে, তুমি মোৰ সোঁ হাতে বহি থাকা?”
14 क्या सभी स्वर्गदूत सेवा के लिए चुनी आत्माएं नहीं हैं कि वे उनकी सेवा करें, जो उद्धार पानेवाले हैं?
১৪সকলো স্বর্গৰ দূতেই জানো সেৱাকাৰী আত্মা নহয়? মোৰ আৰাধনা কৰিবলৈ আৰু পৰিত্রাণৰ অধিকাৰী হ’বলৈ উদ্যত হোৱা সকলৰ পৰিচর্যাৰ কাৰণেই জানো তেওঁলোকক পঠোৱা হোৱা নাই?