< उत्पत्ति 40 >
1 कुछ समय बाद राजा फ़रोह के कटोरा-वाहक और उनके खाना बनानेवाले ने अपने स्वामी फ़रोह के विरुद्ध कुछ गलती की.
১এইবোৰ ঘটনাৰ পাছত, মিচৰৰ ৰজাৰ প্রধান পান-পাত্ৰ ধৰোঁতা আৰু প্রধান পিঠা প্রস্তুতকাৰীয়ে তেওঁলোকৰ প্ৰভু অর্থাৎ মিচৰৰ ৰজাৰ অহিতে অপৰাধ কৰিলে।
2 और प्रधान खानसामे और प्रधान पिलाने वाले दोनों पर राजा गुस्सा हुए,
২ফৰৌণে তেওঁৰ এই প্ৰধান পান-পাত্ৰ ধৰোঁতা আৰু প্রধান পিঠা প্রস্তুতকাৰী বিষয়া দুজনৰ ওপৰত ক্রোধিত হৈছিল।
3 इसलिये राजा ने उन दोनों को कारावास में डाल दिया, जहां योसेफ़ भी बंदी थे.
৩তাতে যি কাৰাগাৰত যোচেফ আটকাধীন হৈ আছিল, কাৰাৰক্ষক প্রধানৰ সেই একেটা ঘৰৰ কাৰাগাৰতে তেওঁলোকক বন্দী কৰি থলে।
4 अंगरक्षकों के प्रधान ने योसेफ़ के हाथ उन दोनों को सौंप दिया. योसेफ़ उनका ध्यान रखते थे. और वे दोनों कुछ समय तक कारावास में रहे,
৪প্রধান কাৰাৰক্ষকে তেওঁলোকক যোচেফৰ পৰিচর্যাৰ অধীনত ৰাখিলে আৰু তেওঁ তেওঁলোকৰ তত্বাৱধান লবলৈ ধৰিলে। এইদৰে তেওঁলোক কিছু দিন সেই কাৰাগাৰত থাকিল।
5 तब एक रात दोनों ने अलग-अलग सपना देखा, और हर एक सपने का अपना अलग-अलग अर्थ था.
৫এদিনাখন ৰাতি কাৰাগাৰত আটকাধীন অৱস্থাতে মিচৰৰ ৰজাৰ সেই পান-পাত্ৰ ধৰোঁতা আৰু ৰুটি-প্রস্তুতকাৰী দুয়োৱে এটাকৈ সপোন দেখিলে আৰু প্রত্যেকৰ সপোনৰ নিজস্ব অর্থ আছিল।
6 जब सुबह योसेफ़ वहां आए और उन दोनों को देखा कि वे उदास थे.
৬ৰাতিপুৱা যোচেফে তেওঁলোকৰ ওচৰলৈ গৈ তেওঁলোকক মন মাৰি থকা দেখিলে।
7 योसेफ़ ने जो उसके साथ उसके स्वामी के घर में कारावास में थे, उनसे पूछा: “आप दोनो ऐसे उदास क्यों हैं?”
৭তেতিয়া তেওঁ তেওঁৰ প্ৰভুৰ ঘৰৰ কাৰাগাৰত নিজৰ সৈতে বন্দী হৈ থকা, ফৰৌণৰ সেই দুজন বিষয়াক সুধিলে, “আজি আপোনালোকক কিয় ইমান মন মাৰি থকা দেখা গৈছে?”
8 उन्होंने कहा, “हम दोनों ही ने स्वप्न देखा है, किंतु कोई भी नहीं है, जो उसका मतलब बता सके.” यह सुनकर योसेफ़ ने कहा, “क्या आप नहीं जानते कि स्वप्न की व्याख्या परमेश्वर की ओर से होती है? कृपया आप मुझे अपना स्वप्न बताएं.”
৮তেওঁলোকে ক’লে, “আমি দুয়োজনেই এটাকৈ সপোন দেখিলোঁ; কিন্তু তাৰ অর্থ বুজাবলৈ কোনো নাই।” তেতিয়া যোচেফে তেওঁলোকক ক’লে, “সপোনৰ অর্থ কোৱাৰ ক্ষমতা জানো ঈশ্বৰৰ পৰা নহয়? আপোনালোকে অনুগ্রহ কৰি মোক কওঁকচোন।”
9 तब प्रधान पिलाने वाले ने योसेफ़ से कहा, “अपने स्वप्न में मैंने देखा कि मेरे पास एक दाखलता है,
৯তেতিয়া প্ৰধান পান-পাত্ৰ ধৰোঁতাই যোচেফক নিজৰ সপোনৰ কথা ক’লে। তেওঁ ক’লে, “শুনক, সপোনত মই মোৰ সন্মুখত এজোপা দ্ৰাক্ষালতাৰ গছ দেখিলোঁ;
10 जिसमें तीन शाखाएं हैं. जैसे ही इन पर कलियां खिली, उनमें फूल खिलें और अंगूर लगकर पक गए.
১০সেই গছত তিনিটা ডাল আছিল; সেই ডালত কুঁহি মেলাৰ লগে লগে ফুল ফুলিবলৈ ধৰিলে আৰু থোপে থোপে আঙুৰবোৰ লাগি পকি উঠিল।
11 और मैं फ़रोह का प्याला मेरे हाथ में था, और मैंने अंगूर लेकर प्याले में रस निचोड़ा. फिर मैंने प्याला फ़रोह के हाथों में दिया.”
১১ফৰৌণৰ পান-পাত্ৰ তেতিয়া মোৰ হাততে আছিল। মই সেই আঙুৰবোৰ লৈ পাত্ৰটোত চেপি ৰস উলিয়াই ফৰৌণৰ হাতত সেই পান-পাত্ৰ দিলোঁগৈ।”
12 स्वप्न सुनकर योसेफ़ ने कहा, “वे तीन शाखाएं तीन दिन हैं.
১২যোচেফে তেওঁক ক’লে, “ইয়াৰ অর্থ হৈছে এই; সেই তিনিটা ডালে তিনি দিন বুজায়।
13 और तीन दिन में फ़रोह आपको वापस बुला लेंगे और आपका काम दुबारा आपको सौंप देंगे और आप फिर से पिलाने का काम शुरू करेंगे.
১৩তিনি দিনৰ ভিতৰত ফৰৌণে আপোনাৰ মূৰ উচ্চ কৰি আপোনাক পুনৰ আগৰ কার্যত নিযুক্তি দিব; আপুনি আগেয়ে পান-পাত্ৰ ধৰোঁতা হৈ যেনেকৈ ফৰৌণৰ হাতত পান-পাত্ৰ তুলি দিছিলে, তেনেকৈয়ে আকৌ দিব।
14 योसेफ़ ने उनसे कहा जब आप फ़रोह राजा के पास जायेंगे तब मुझे मत भूलना, लेकिन राजा को मेरे बारे में बताना और मुझे कारावास से बाहर निकलवाना.
১৪তেন্তে আপোনাৰ সুদিনৰ সময়ত মোক সুঁৱৰি মোলৈ দয়া কৰি কৃপা দৃষ্টি কৰিব; ফৰৌণৰ আগত মোৰ সম্বন্ধে জনাই মোক এই কাৰাগাৰৰ পৰা উলিয়াই নিব;
15 मुझे अपने घर इब्रियों के देश से ज़बरदस्ती से लाया गया था और यहां पर भी मैंने ऐसा कोई अपराध नहीं किया है जिसके लिये मुझे इस काल-कोठरी में डाला गया.”
১৫কিয়নো সত্য কথা কবলৈ হ’লে ইব্ৰীয়াবিলাকৰ দেশৰ পৰা মোক জোৰ কৰি অনা হৈছিল আৰু এই দেশতো মই এনে একো কার্য কৰা নাই যিহৰ কাৰণে তেওঁলোকে মোক এই কাৰাগাৰত ভৰাই থৈছে।”
16 फिर प्रधान खाना बनानेवाले ने देखा कि दूसरे नौकर के स्वप्न की व्याख्या उनके पक्ष में थी, तब उसने योसेफ़ से कहा, “मैंने भी एक स्वप्न देखा है: मैंने देखा कि मेरे सिर पर सफ़ेद रोटी की तीन टोकरियां रखी हैं.
১৬প্রধান ৰুটি-প্রস্তুতকাৰীয়ে যেতিয়া দেখিলে যে, অন্যজনৰ সপোনৰ অর্থটো ভাল, তেতিয়া তেওঁ যোচেফক ক’লে, “মইও এটা সপোন দেখিলোঁ; শুনক, মই সপোনত মোৰ মূৰৰ ওপৰত ৰুটিৰ তিনিটা খৰাহি থকা দেখিলোঁ;
17 सबसे ऊपर की टोकरी में फ़रोह के लिए तैयार किए गए सभी प्रकार के व्यंजन थे, टोकरी सिर पर रखी हुई थी; पक्षी उसमें से खाते जा रहे थे.”
১৭তাৰে ওপৰৰ খৰাহিটোত আছিল ফৰৌণৰ কাৰণে বিভিন্ন ধৰণৰ তাও দি সেকা আহাৰ; কিন্তু চৰাইবোৰে আহি মোৰ মূৰৰ ওপৰৰ সেই খৰাহিৰ পৰা সেইবোৰ খালে।”
18 स्वप्न सुनकर योसेफ़ ने अर्थ बताया: “वे तीन टोकरियां तीन दिन हैं.
১৮তেতিয়া যোচেফে উত্তৰ দি ক’লে, “আপোনাৰ সপোনৰ অর্থ এই; তিনিটা খৰাহিৰে তিনি দিন বুজায়;
19 इन तीन दिनों में फ़रोह तुम्हारा सिर काट देंगे और शरीर को पेड़ पर लटका देंगे और पक्षी आकर तुम्हारे शरीर को नोचेंगे.”
১৯তিনি দিনৰ ভিতৰত ফৰৌণে আপোনাৰ পৰা আপোনাৰ মূৰ কাটি লৈ এডাল কাঠত আৰিব; চৰাইবোৰে আহি আপোনাৰ শৰীৰৰ পৰা মঙহ খাবহি।”
20 यही हुआ. तीसरे दिन फ़रोह का जन्मदिन था उसने अपने सभी सेवकों को भोज दिया उस दिन प्रधान पिलाने वाले और प्रधान पकाने वाले दोनों को कारावास से बाहर लाया गया.
২০পাছত তৃতীয় দিনা ফৰৌণৰ জন্ম দিন আছিল। ফৰৌণে তেওঁৰ দাসবোৰৰ কাৰণে এক ভোজৰ আয়োজন কৰিলে। সেইদিনা ফৰৌণে তেওঁৰ অন্যান্য দাসবোৰতকৈ তেওঁৰ প্ৰধান পান-পাত্ৰ ধৰোঁতা আৰু প্রধান ৰুটি-প্রস্তুতকাৰীৰ প্রতি বিশেষ মনোযোগ দিলে।
21 प्रधान पिलाने वाले को फिर से उसकी जवाबदारी दे दी गई; वह फ़रोह के हाथ में फिर से प्याला देने लगे.
২১তেওঁ প্ৰধান পান-পাত্ৰ ধৰোঁতাক আগৰ কামত নিযুক্ত কৰিলে আৰু তেওঁ পুনৰ ফৰৌণৰ হাতত পান-পাত্র তুলি দিলে।
22 लेकिन प्रधान पकाने वाले को फांसी पर लटका दिया; सब कुछ वैसा ही हुआ जैसा योसेफ़ ने बताया था.
২২কিন্তু প্রধান ৰুটি-প্রস্তুতকাৰীক হ’লে তেওঁ আৰি থলে। যোচেফে তেওঁলোকক যেনেকৈ সপোনৰ অর্থ কৈছিল, তেনেকৈয়ে ঘটিল।
23 यह सब देखकर भी प्रधान पिलाने वाले ने योसेफ़ को याद न किया; पर भूल गया.
২৩কিন্তু তথাপিও যোচেফক সহায় কৰিবলৈ প্ৰধান পান-পাত্ৰ ধৰোঁতাৰ মনত নপৰিল; যোচেফৰ কথা তেওঁ একেবাৰে পাহৰি গ’ল।