< उत्पत्ति 2 >
1 इस प्रकार परमेश्वर ने आकाश और पृथ्वी के लिए सब कुछ बनाकर अपना काम पूरा किया.
১এনেদৰে আকাশ-মণ্ডল আৰু পৃথিৱী নির্ম্মাণ কৰা হ’ল; আৰু উভয়কে সকলোৰে পৰিপূর্ণ কৰা হ’ল।
2 सातवें दिन परमेश्वर ने अपना सब काम पूरा कर लिया था; जो उन्होंने शुरू किया था; अपने सभी कामों को पूरा करके सातवें दिन उन्होंने विश्राम किया.
২ইতিমধ্যে ঈশ্বৰে তেওঁৰ কাম শেষ কৰি সপ্তম দিনত সোমাল আৰু সেইদিনা সকলো কাৰ্যৰ পৰা তেওঁ বিশ্ৰাম ল’লে।
3 परमेश्वर ने सातवें दिन को आशीष दी तथा उसे पवित्र ठहराया, क्योंकि यह वह दिन था, जब उन्होंने अपनी रचना, जिसकी उन्होंने सृष्टि की थी, पूरी करके विश्राम किया.
৩ঈশ্বৰে সেই সপ্তম দিনক আশীৰ্ব্বাদ কৰি পবিত্ৰ কৰিলে; কিয়নো সেইদিনা ঈশ্বৰে নিজৰ সকলো সৃষ্টি কাৰ্যৰ পৰা বিশ্ৰাম ল’লে।
4 यही वर्णन है कि जिस प्रकार याहवेह परमेश्वर ने आकाश और पृथ्वी को बनाया.
৪এয়াই হৈছে আকাশ-মণ্ডল আৰু পৃথিৱী সৃষ্টিৰ ইতিহাস। ঈশ্বৰ যিহোৱাই যিদিনা পৃথিৱী আৰু আকাশ-মণ্ডল নিৰ্ম্মাণ কৰিলে, সেই কালৰ ঘটনাৰ বিৱৰণ এই।
5 उस समय तक पृथ्वी में कोई हरियाली और कोई पौधा नहीं उगा था, क्योंकि तब तक याहवेह परमेश्वर ने पृथ्वी पर बारिश नहीं भेजी थी. और न खेती करने के लिए कोई मनुष्य था.
৫তেতিয়াও পৃথিবীৰ পথাৰত একো তৃণ আদি নাছিল; পথাৰত কোনো শস্যদায়ী গছ গজা নাছিল; কিয়নো তেতিয়াও ঈশ্বৰ যিহোৱাই পৃথিবীত বৰষুণ বৰষোৱা নাছিল আৰু মাটি চহাবৰ কাৰণে মানুহো নাছিল।
6 भूमि से कोहरा उठता था जिससे सारी भूमि सींच जाती थी.
৬কিন্তু পৃথিবীৰ পৰা এক ঘন কুঁৱলী উঠি আহিল আৰু গোটেই ভূমি ভিজালে।
7 फिर याहवेह परमेश्वर ने मिट्टी से मनुष्य को बनाया तथा उसके नाक में जीवन की सांस फूंक दिया. इस प्रकार मनुष्य जीवित प्राणी हो गया.
৭ঈশ্বৰ যিহোৱাই মাটিৰ পৰা ধুলি লৈ মানুহ নিৰ্ম্মাণ কৰিলে আৰু সেই মানুহৰ নাকত ফু দি নিশ্বাস সুমুৱাই দিলে; তাতে মানুহ জীৱন্ত প্ৰাণী হ’ল।
8 याहवेह परमेश्वर ने पूर्व दिशा में एदेन नामक स्थान में एक बगीचा बनाया और उस बगीचे में मनुष्य को रखा.
৮ঈশ্বৰ যিহোৱাই পূবফালে এদনত এখন বাৰী পাতিলে আৰু তাতে তেওঁ নিজে নিৰ্ম্মাণ কৰা মানুহক ৰাখিলে।
9 याहवेह परमेश्वर ने सुंदर पेड़ और जिनके फल खाने में अच्छे हैं, उगाए और बगीचे के बीच में जीवन का पेड़ और भले या बुरे के ज्ञान के पेड़ भी लगाया.
৯সেই ঠাইৰ মাটিত ঈশ্বৰ যিহোৱাই দেখিবলৈ সুন্দৰ, খাবলৈকো ভাল এনে সকলো জাতৰ গছ উৎপন্ন কৰিলে; বাৰীৰ মাজত তেওঁ জীৱন-বৃক্ষ আৰু ভাল বেয়া জ্ঞান দিওঁতা বৃক্ষকো উৎপন্ন কৰিলে।
10 एदेन से एक नदी बहती थी जो बगीचे को सींचा करती थी और वहां से नदी चार भागों में बंट गई.
১০সেই বাৰীত পানী দিবৰ কাৰণে এদনৰ পৰা এখন নদী ওলাই আহিছিল আৰু সেই ঠাইৰ পৰাই নদীখন চাৰিটা উপনৈত ভাগ হৈছিল।
11 पहली नदी का नाम पीशोन; जो बहती हुई हाविलाह देश में मिल गई, जहां सोना मिलता है.
১১প্ৰথম নৈৰ নাম পীচোন; এই নদীখন সমুদায় হবীলা দেশকে ঘেৰি বৈ গৈছে; এই দেশত সোণ পোৱা যায়।
12 (उस देश में अच्छा सोना है. मोती एवं सुलेमानी पत्थर भी वहां पाए जाते हैं.)
১২সেই দেশৰ সোণ উত্তম; তাত গুগগুলু আৰু বহুৰঙী মূল্যৱান পাথৰো পোৱা যায়।
13 दूसरी नदी का नाम गीहोन है. यह नदी कूश देश में जाकर मिलती है.
১৩দ্বিতীয় নৈখনৰ নাম গীহোন। এই নদী কুচ দেশখনক ঘেৰি বৈ গৈছে।
14 तीसरी नदी का नाम हिद्देकेल है; यह अश्शूर के पूर्व में बहती है. चौथी नदी का नाम फरात है.
১৪তৃতীয় নৈখনৰ নাম হিদ্দেকেল। সেই নদী অচুৰ দেশৰ পূবদিশে বৈ গৈছে। চতুৰ্থ নদীখনৰ নাম হৈছে ফৰাৎ।
15 याहवेह परमेश्वर ने आदम को एदेन बगीचे में इस उद्देश्य से रखा कि वह उसमें खेती करे और उसकी रक्षा करे.
১৫ঈশ্বৰ যিহোৱাই মানুহক নি এদন বাৰীত ৰাখিলে যাতে তেওঁ তাত কাম কৰে আৰু তাৰ যত্ন লয়।
16 याहवेह परमेश्वर ने मनुष्य से यह कहा, “तुम बगीचे के किसी भी पेड़ के फल खा सकते हो;
১৬ঈশ্বৰ যিহোৱাই মানুহক এই আজ্ঞা দিলে, “তুমি বাৰীৰ সকলো গছৰ ফল স্বচ্ছন্দে খাব পাৰা;
17 लेकिन भले या बुरे के ज्ञान का जो पेड़ है उसका फल तुम कभी न खाना, क्योंकि जिस दिन तुम इसमें से खाओगे, निश्चय तुम मर जाओगे.”
১৭কিন্তু ভাল বেয়া জ্ঞান দিওঁতা গছৰ ফল হ’লে নাখাবা; কিয়নো যি দিনা তুমি তাক খাবা, সেই দিনা অৱশ্যেই তোমাৰ মৃত্যু হ’ব।”
18 इसके बाद याहवेह परमेश्वर ने कहा, “आदम का अकेला रहना अच्छा नहीं है. मैं उसके लिए एक सुयोग्य साथी बनाऊंगा.”
১৮তাৰ পাছত ঈশ্বৰ যিহোৱাই ক’লে, “মানুহ অকলে থকা ভাল নহয়; মই তেওঁৰ বাবে এজন উপযুক্ত সহকাৰী নিৰ্ম্মাণ কৰিম।”
19 याहवेह परमेश्वर ने पृथ्वी में पशुओं तथा पक्षियों को बनाया और उन सभी को मनुष्य के पास ले आए, ताकि वह उनका नाम रखे; आदम ने जो भी नाम रखा, वही उस प्राणी का नाम हो गया.
১৯ঈশ্বৰ যিহোৱাই মাটিৰ পৰা সকলো প্রকাৰৰ জীৱ-জন্তু আৰু আকাশৰ চৰাইবোৰ নিৰ্ম্মাণ কৰিলে; তাৰ পাছত তেওঁ সকলো প্রাণীকে মানুহৰ ওচৰলৈ আনিলে; তেওঁ চাব বিচাৰিলে যে মানুহে সেই সকলোবোৰক কি নাম দি মাতে। তেওঁ সেই প্রাণীবোৰৰ যাক যি নামেৰে মাতিলে, তাৰ নাম সেয়ে হ’ল।
20 आदम ने सब जंतुओं का नाम रख दिया. किंतु आदम के लिए कोई साथी नहीं था, जो उसके साथ रह सके.
২০মানুহে সকলো ঘৰচীয়া পশু, আকাশৰ চৰাই, বনৰীয়া জন্তুবোৰৰ নাম দিলে; কিন্তু মানুহে নিজৰ কাৰণে সেইবোৰৰ মাজত উপযুক্ত সহকাৰী নাপালে।
21 इसलिये याहवेह परमेश्वर ने आदम को गहरी नींद में डाला; जब वह सो गया, याहवेह परमेश्वर ने उसकी एक पसली निकाली और उस जगह को मांस से भर दिया.
২১সেয়ে ঈশ্বৰ যিহোৱাই মানুহলৈ গভীৰ টোপনি আনিলে; তাতে তেওঁ গভীৰ টোপনি গ’ল। তেতিয়া ঈশ্বৰ যিহোৱাই তেওঁৰ এডাল কামী-হাড় উলিয়াই সেই ঠাই মঙহেৰে পুৰালে।
22 फिर याहवेह परमेश्वर ने उस पसली से एक स्त्री बना दी और उसे आदम के पास ले गए.
২২ঈশ্বৰ যিহোৱাই মানুহৰ পৰা উলিওৱা কামী-হাড়ডালেৰে এগৰাকী স্ত্ৰী নিৰ্ম্মাণ কৰি তেওঁক মানুহৰ ওচৰলৈ লৈ আনিলে।
23 आदम ने कहा, “अब यह मेरी हड्डियों में की हड्डी और मेरे मांस में का मांस है; उसे ‘नारी’ नाम दिया जायेगा, क्योंकि यह ‘नर’ से निकाली गई थी.”
২৩তেতিয়া মানুহে ক’লে, “এতিয়া হৈছে; এওঁ মোৰ হাড়ৰো হাড়, মোৰ মঙহৰো মঙহ; এওঁক ‘নাৰী’ বুলি মতা হ’ব; কিয়নো এওঁক নৰৰ পৰা লোৱা হৈছে।”
24 इस कारण पुरुष अपने माता-पिता को छोड़कर अपनी पत्नी से मिला रहेगा तथा वे दोनों एक देह होंगे.
২৪সেইবাবে মানুহে নিজৰ পিতৃ মাতৃক ত্যাগ কৰি তেওঁৰ স্ত্রীৰ প্রতি আসক্ত হ’ব আৰু তেওঁলোক দুয়োজন এক দেহ হ’ব।
25 आदम एवं उसकी पत्नी नग्न तो थे पर लजाते न थे.
২৫সেই সময়ত সেই মানুহ আৰু তেওঁৰ স্ত্রী দুয়োজন বিবস্ত্ৰ আছিল; কিন্তু তাক তেওঁলোকে লাজ বুলি নাজানিছিল।