< यहेजकेल 10 >
1 मैंने देखा कि करूबों के सिरों के ऊपर जो गुम्बज था, उसके ऊपर मुझे नीलमणि का एक सिंहासन जैसा दिखाई दिया.
১তেতিয়া মই কৰূব কেইজনৰ মূৰৰ ওপৰত থকা চন্দ্ৰতাপ যেন বস্তুটো গম্বুজৰ ফালে চাই দেখিলোঁ; তেওঁলোকৰ ওপৰত এটি নীলকান্ত মণিৰ নিচিনা, এখন সিংহাসনৰ মূৰ্ত্তিৰ নিচিনা এক পদাৰ্থই দেখা দিছিল।
2 जो व्यक्ति मलमल का कपड़ा पहने हुए था, उससे याहवेह ने कहा, “करूबों के नीचे चक्कों के बीच में जाओ, और अपने हथेलियों को करूबों के बीच जलते कोयलों से भर लो और उनको शहर के ऊपर बिखेर दो.” और जैसे कि मैंने देखा, वह अंदर चला गया.
২আৰু যিহোৱাই শণ সূতাৰ বস্ত্ৰ পিন্ধা পুৰুষজনক কৈছিল, “তুমি ঘূৰি থকা চক্ৰবোৰৰ মাজলৈ, কৰূব কেইজনৰ তললৈ গৈ তেওঁলোকৰ মাজৰ পৰা অঞ্জলী ভৰাই জুইৰ আঙঠা লৈ নগৰখনত সেইবোৰ সিচঁৰিত কৰি পেলোৱা।” তেতিয়া সেই পুৰুষজন মই লক্ষ্য কৰি থাকোতেই তাত সোমাল।
3 जब वह व्यक्ति अंदर गया, तब करूब मंदिर के दाहिने तरफ खड़े थे, और भीतरी आंगन एक बादल से भर गया.
৩সেই পুৰুষজন সোমোৱা সময়ত, কৰূব কেইজন গৃহৰ সোঁফালে থিয় হৈ আছিল আৰু ভিতৰ চোতালখন মেঘেৰে পৰিপূৰ্ণ হৈ আছিল।
4 तब याहवेह का तेज करूबों के ऊपर से उठा और मंदिर के डेवढ़ी पर आ गया. मंदिर बादल से भरा हुआ था और आंगन याहवेह के तेज के चमक से भरा था.
৪তেতিয়া যিহোৱাৰ গৌৰৱ কৰূব কেইজনৰ পৰা উঠি গৈ গৃহৰ দুৱাৰ ডলিৰ ওপৰত আছিল; আৰু গৃহটি মেঘেৰে আৰু চোতালখন যিহোৱাৰ গৌৰৱৰ দীপ্তিৰে পৰিপূৰ্ণ হৈছিল।
5 करूबों के पंखों की आवाज बाहरी आंगन तक ऐसे सुनाई देती थी, जैसे सर्वशक्तिमान परमेश्वर की आवाज सुनाई देती है, जब वह बोलते हैं.
৫আৰু সৰ্ব্বশক্তিমান ঈশ্বৰে কথা কোৱা সময়ৰ শব্দৰ দৰে কৰূব কেইজনৰ ডেউকাৰ শব্দ বাহিৰ-চোতাললৈকে শুনা গৈছিল।
6 जब याहवेह ने मलमल के कपड़े पहने हुए व्यक्ति को आज्ञा दी, “करूबों के नीचे चक्कों के बीच से आग ले लो,” तो वह व्यक्ति गया और एक पहिये के बाजू में खड़ा हो गया.
৬“তুমি ঘূৰি থকা চক্ৰবোৰৰ মাজৰ পৰা কৰূব কেইজনৰ মাজ ঠাইৰ পৰা জুই লোৱা” এইবুলি তেওঁ শণ সূতাৰ বস্ত্ৰ পিন্ধা পুৰুষজনক আজ্ঞা দিয়াত, তেওঁ সোমাই গৈ এটা চক্ৰৰ কাষত থিয় হ’ল।
7 तब करूबों में से एक ने अपने बीच की आग की तरफ अपना हाथ बढ़ाया और उसमें से कुछ आग लेकर मलमल के कपड़े पहने व्यक्ति के हाथों में रख दिया, जो उसे लेकर बाहर चला गया.
৭তেতিয়া কৰূবজনে কৰূব কেইজনৰ মাজৰ পৰা তেওঁলোকৰ মাজত থকা জুইলৈ হাত মেলি তাৰ কিছু লৈ শণ সূতাৰ বস্ত্ৰ পিন্ধা পুৰুষজনৰ হাতত দিলে। তেওঁ সেইখিনি লৈ ওলাই আহিল।
8 (करूबों के पंखों के नीचे मनुष्य के हाथों जैसा कुछ दिखता था.)
৮আৰু কৰূব কেইজনৰ গাত, তেওঁলোকৰ নিজ নিজ ডেউকাৰ তলত মানুহৰ হাতৰ নিচিনা এক বস্তু দেখা গ’ল।
9 मैंने देखा करूबों के बाजू में चार पहिये, हर एक करूब के बाजू में एक पहिया; वे पहिये पुखराज की तरह चमक रहे थे.
৯পাছত মই চাই দেখিলোঁ, আৰু চোৱা! এজন কৰূবৰ কাষত এটা চক্ৰ আৰু আন কৰূবৰ কাষত আন চক্ৰ, এইদৰে চাৰিজন কৰূবৰ কাষত চাৰিটা চক্ৰ আছিল; আৰু সেই চক্ৰ কেইটাৰ আভা বৈদূৰ্য্য মণিৰ নিচিনা।
10 उन चारों पहियों की आकृति एक जैसी थी; और ऐसा लगता था, मानो वे एक दूसरे में समाये हुए हों.
১০আৰু সেইবোৰৰ আকৃতি হ’লে, চাৰিওটা একে আকৃতিৰ, এনে লাগে যেন চক্ৰৰ মাজতহে চক্ৰ আছে।
11 जब वे आगे बढ़ते थे, तो वे चारों दिशाओं में से उस दिशा की ओर जाते थे, जिधर करूबों का मुंह होता था; जब करूब चलते थे, तो पहिये बिना इधर-उधर मुड़े उसी दिशा में जाते थे. करूब बिना इधर-उधर मुड़े उसी दिशा में जाते थे, जिधर उनका मुंह होता था.
১১যোৱা সময়ত সেইবোৰ চাৰিকাষে যায়; যোৱা সময়ত সেইবোৰ কোনো ফালে নুঘূৰে, কিন্তু যি ঠাই মূৰটোৰ সন্মূখ, সেইবোৰ সেই ঠাইৰ ফালে পাছে পাছে যায়, যোৱা সময়ত কোনো ফালে নুঘূৰে।
12 उनकी पीठ, उनके हाथ और उनके पंखों सहित उनका पूरा शरीर पूरी तरह आंखों से भरा हुआ था, और वैसा ही उनके चारों पहिये आंख ही आंख से भरे थे.
১২আৰু তেওঁলোকৰ গোটেই গা আৰু তেওঁলোকৰ পিঠি, হাত, ডেউকা আৰু চক্ৰ চাৰিওফালে চকুৰে ভৰা, তেওঁলোক চাৰিওজনৰেই চক্ৰ চকুৰে ভৰা।
13 मैंने सुना कि उन पहियों को “घूमनेवाले पहिये” कहा गया.
১৩সেই চক্ৰকেইটাৰ বিষয়ে হ’লে, মই সেইবোৰক ঘূৰি থকা চক্ৰ বুলি মতা শুনিলোঁ।
14 हर एक करूब के चार-चार मुख थे: एक मुख करूब जैसा, दूसरा मनुष्य जैसा, तीसरा सिंह जैसा और चौथा मुख गरुड़ जैसा था.
১৪প্ৰতিজনৰ চাৰিখন চাৰিখন মুখ; প্ৰথমখন কৰূবৰ, দ্বিতীয়খন মানুহৰ, তৃতীয়খন সিংহৰ আৰু চতুৰ্থখন কুৰৰ পক্ষীৰ মুখ।
15 तब करूब ऊपर उठे. ये वही जीवित प्राणी थे, जिन्हें मैंने खेबर नदी के किनारे देखा था.
১৫পাছত কৰূব কেইজন ওপৰলৈ উঠি গ’ল। কবাৰ নদীৰ পাৰত মই দেখা প্ৰাণী এইবোৰ।
16 जब करूब चलते थे, तो उनके बाजू के पहिये भी चलते थे; और जब करूब भूमि से ऊपर उठने के लिये अपने पंख फैलाते थे, तब पहिये उनकी बाजू नहीं छोड़ते थे.
১৬কৰূব কেইজন যোৱা সময়ত চক্ৰকেইটাও তেওঁলোকৰ কাষে কাষে যায়; আৰু কৰূব কেইজনে পৃথিৱীৰ পৰা ওপৰলৈ উঠিবলৈ ডেউকা দঙা সময়ত, চক্ৰকেইটায়ো তেওঁলোকৰ কাষ নেৰে।
17 जब करूब स्थिर रहते थे, तो वे भी स्थिर रहते थे; और जब करूब ऊपर उठते थे, तो वे पहिये भी उनके साथ ऊपर उठते थे, क्योंकि जीवित प्राणियों की आत्मा उनमें थी.
১৭তেওঁলোক ৰ’লে, সেইবোৰো ৰয় আৰু তেওঁলোক ওপৰলৈ উঠা সময়ত সেইবিলাকো তেওঁলোকৰ লগত উঠে; কিয়নো প্ৰাণী কেইজনৰ আত্মা সেইবোৰত আছিল।
18 तब याहवेह का तेज मंदिर की डेवढ़ी के ऊपर से चला गया और करूबों के ऊपर आकर ठहर गया.
১৮পাছত যিহোৱাৰ গৌৰৱ দুৱাৰডলিৰ ওপৰৰ পৰা প্ৰস্থান কৰি কৰূব কেইজনৰ ওপৰত ৰ’ল।
19 जब मैं देख रहा था, तब करूब अपने पंख फैलाकर भूमि से ऊपर उठे, और जब वे गये, तो वे पहिये भी उनके साथ गये. वे याहवेह के भवन के पूर्वी द्वार के प्रवेश स्थल पर रुक गये, और इस्राएल के परमेश्वर का तेज उनके ऊपर था.
১৯কৰূব কেইজনে প্ৰস্থান কৰোঁতে, ডেউকা দাঙি মোৰ সন্মুখেৰে পৃথিৱীৰ পৰা ওপৰলৈ উঠি গ’ল আৰু তেওঁলোকৰ কাষে কাষে চক্ৰকেইটাও গ’ল। তেওঁলোক যিহোৱাৰ গৃহৰ পূব দিশৰ বাট-চৰাৰ দুৱাৰমুখত থিয় হ’ল আৰু ইস্ৰায়েলৰ ঈশ্বৰৰ মহিমা তেওঁলোকৰ ওপৰত আছিল।
20 ये वही जीवित प्राणी थे, जिन्हें मैंने खेबर नदी के पास इस्राएल के परमेश्वर के नीचे देखा था, और मैं समझ गया कि वे करूब थे.
২০তেতিয়া মই ইস্ৰায়েলৰ ঈশ্বৰৰ তলত থকা কবাৰ নদীত দেখা দৰ্শনৰ পশুবোৰৰ কথা স্মৰণ কৰিলোঁ; আৰু বুজিব পাতিলোঁ যে, সেইবোৰ কৰূব আছিল।
21 हर एक के चार-चार मुख और चार-चार पंख थे और उनके पंखों के नीचे मनुष्य के हाथ जैसे कुछ दिखते थे.
২১প্ৰতিজনৰ চাৰিখন চাৰিখন মুখ আৰু চাৰিখন চাৰিখন ডেউকা আৰু নিজ নিজ ডেউকাৰ তলত মানুহৰ হাতৰ দৰে হাত আছিল।
22 उनके मुखों का रूप वैसा ही था, जैसा मैंने खेबर नदी के पास देखा था. हर एक आगे सीधा ही चलता था.
২২তেওঁলোকৰ মুখৰ আকৃতিৰ বিষয়ে হ’লে, মই কবাৰ নদীৰ ওচৰত দেখা মুখেই মুখ আৰু একে আকৃতি, একে বস্তু; তেওঁলোক প্ৰতিজনে পোনে পোনে যায়।