< निर्गमन 39 >
1 नीले, बैंगनी और लाल रंग के सूत से पवित्र स्थान में सेवा के अवसर पर पहनने के लिए वस्त्र बनाए, और अहरोन के लिए पवित्र वस्त्र, जैसा याहवेह ने मोशेह को आज्ञा दी, वैसा ही बनाया.
১তেওঁলোকে, যিহোৱাই মোচিক আজ্ঞা দিয়াৰ দৰে, নীল বৰণীয়া, বেঙেনা বৰণীয়া আৰু ৰঙা বৰণীয়া সূতাৰে, পবিত্ৰ স্থানত পৰিচৰ্যা কৰিবৰ বাবে নিপুণৰূপে বোৱা মিহি বস্ত্ৰ, আৰু হাৰোণৰ বাবে পবিত্ৰ বস্ত্ৰ যুগুত কৰিলে।
2 उन्होंने एफ़ोद को सुनहरे और नीले बैंगनी तथा लाल रंग के कपड़े का और सूक्ष्म बंटे हुए सन के कपड़े का बनाया.
২তেওঁ সোণ, আৰু নীল বৰণীয়া, বেঙেনা বৰণীয়া, আৰু ৰঙা বৰণীয়া সূতা আৰু পকোৱা মিহি শণ সূতাৰে এফোদ বস্ত্ৰখন যুগুত কৰিলে।
3 उन्होंने सोने को पीटकर उसकी पत्तियां बनाई तथा इन्हें काटकर इनके धागे बनाए ताकि इन्हें नीले, बैंगनी तथा लाल रंग के सूत के उत्तम रेशों में बुना जा सके, जो एक कुशल कारीगर का काम था.
৩তেওঁলোকে সোণ পিটি পতা কৰি, কাটি মিহি গুনা তৈয়াৰ কৰি নীল বৰণীয়া, বেঙেনা বৰণীয়া, আৰু ৰঙা বৰণীয়া মিহি শণ সূতাৰ কাপোৰত নিপুণ শিল্পকাৰ্য্যৰ দ্বাৰাই কাম কৰালে।
4 उन्होंने एफ़ोद के जोड़ने के लिए कंधों की पट्टियां बनाईं और कंधे की इन पट्टियों को एफ़ोद के कंधे पर टांका
৪তেওঁলোকে ওপৰৰ দুয়োফালে এফোদৰ কান্ধত লগাবলৈ স্কন্ধপটি যুগুত কৰিলে।
5 कमरबंध एफ़ोद के साथ बुना हुआ बनाया, और एक ही प्रकार की सामग्री से बनाया, अर्थात् सुनहरे, नीले, बैंगनी और लाल रंग के कपड़ों और बंटी हुई मलमल से बनाया, जैसा ही याहवेह ने मोशेह को आज्ञा दी थी.
৫এফোদৰ কঁকালত বান্ধিবৰ বাবে তাৰ লগত নিপুণৰূপে বোৱা কাপোৰৰ সোণোৱালী, আৰু নীলা, বেঙেনা আৰু ৰঙা বৰণীয়া সূতা আৰু পকোৱা মিহি শণ সূতাৰে টঙালি প্রস্তুত কৰিলে। যিহোৱাই মোচিক আজ্ঞা কৰাৰ দৰে তেওঁলোকে সেই সকলো কৰিলে।
6 उन्होंने सुलेमानी गोमेद को सोने की महीन जालियों में जड़ा और उनमें इस्राएली पुत्रों के नाम मुहर जैसे खोदकर सोने के खानों में लगा दिये.
৬তেওঁলোকে মোহৰ কটাৰ দৰে কটা, ইস্ৰায়েলৰ বাৰজন পুত্ৰৰ নাম থকা, সোণত খটোৱাবলৈ গোমেদ পাথৰ যুগুত কৰিলে।
7 इन दोनों मणियों को इस्राएल के पुत्रों के यादगार मणियों के रूप में एफ़ोद के कंधों में लगाया, जैसा मोशेह को याहवेह ने आज्ञा दी थी.
৭সেয়ে ইস্ৰায়েলৰ পুত্ৰসকলৰ সোঁৱৰণীয় পাথৰ স্বৰূপে তাক এফোদৰ স্কন্ধপটিৰ ওপৰত লগালে। যিহোৱাই মোচিক আজ্ঞা দিয়াৰ দৰেই কৰিলে।
8 उन्होंने एक कुशल शिल्पकार द्वारा न्याय की पेटी बनवाई, उसे बेलबूटेदार एफ़ोद के समान बनवाया. उसे सुनहरे, नीले, बैंगनी और लाल रंग के कपड़े तथा बंटी हुई मलमल से बनवाया.
৮এফোদ তৈয়াৰ কৰাৰ দৰে, তেওঁ সোণোৱালী, আৰু নীলা, বেঙেনা আৰু ৰঙা বৰণীয়া সূতা আৰু পকোৱা মিহি শণ সূতাৰে নিপুণ শিল্পকাৰ্যেৰে বুকুপটা যুগুত কৰিলে।
9 इसे मोड़कर दो भाग बनाए, और इसका आकार चौकोर था, यह साढ़े बाईस सेंटीमीटर लंबा तथा साढ़े बाईस सेंटीमीटर चौड़ा था.
৯এই বুকুপটা চাৰিচুকীয়া আছিল। তেওঁলোকে বুকুপটাটো দুতৰপ কৰিলে; সেয়ে দীঘে এবেগেত, বহলে এবেগেত আছিল।
10 इस पर उन्होंने मणियों की चार पंक्तियां बनाई. पहली पंक्ति में एक माणिक्य, एक पुखराज और एक मरकत थे.
১০তেওঁলোকে তাত চাৰি শাৰী বহুমূলীয়া পাথৰ খুৱালে। প্ৰথম শাৰীত ৰুবী, পীতমণি, আৰু মৰকত;
11 दूसरी पंक्ति में एक लाल मणि, एक नीलम और एक हीरा लगाए.
১১দ্বিতীয় শাৰীত পদ্মৰাগ, নীলকান্ত, আৰু হীৰা;
12 तीसरी पंक्ति में एक तृणमणि, एक यशब और एक याकूत.
১২তৃতীয় শাৰীত পেৰোজ, যিষ্ম, আৰু কটাহেলা;
13 चौथी पंक्ति में एक स्वर्णमणि, एक सुलेमानी और एक सूर्यकांत मणि; इन्हें नक्काशी किए हुए सोने के खांचों में लगा दिये.
১৩আৰু চতুৰ্থ শাৰীত বৈদূৰ্য্য, গোমেদক আৰু সূৰ্যকান্ত আছিল; এই সকলো পাথৰ সোণত খটোৱা হ’ল।
14 ये इस्राएल के बारह पुत्रों के अनुसार बारह मणियां थी. हर मणि पर बारह गोत्रों में से एक नाम लिखे गये, जिस तरह एक कारीगर मुहर पर खोदता है. एक मणि पर इस्राएल के बारह गोत्रों में से एक का नाम था.
১৪এই পাথৰ ইস্ৰায়েলৰ বাৰজন পুত্রৰ নাম অনুসাৰে, একাদিক্রমে ডাঙৰৰ পৰা সৰুলৈকে লিখা হ’ল; মোহৰৎ খোদিত কৰা দৰে প্ৰত্যেক পাথৰত বাৰ ফৈদৰ বাবে এজন এজন পুত্ৰৰ নাম ক্ষুদিত কৰা হ’ল।
15 वक्षपेटिका के लिए बंटी हुई डोरियों के रूप में सोने की गुंथी हुई जंजीर बनवाया.
১৫তেওঁলোকে ৰছীৰ দৰে পকোৱা মালাৰ নিচিনা দুডাল শুদ্ধ সোণৰ শিকলি তৈয়াৰ কৰি, বুকুপটাত লগাই দিলে।
16 वक्षपेटिका के लिए सोने के दो कड़े भी बनवाये, और इन दोनों कड़ों को वक्षपेटिका के दोनों सिरों पर लगवाये.
১৬তেওঁলোকে সোণৰ দুটা আঙঠি তৈয়াৰ কৰি, বুকুপটাৰ দুই মূৰত সেই আঙঠি দুটা লগালে।
17 इसके बाद सोने की इन दोनों डोरियों को वक्षपेटिका के सिरों में लगे हुए दोनों कड़ों में लगवाये.
১৭মালাৰ দৰে গঁথা সোণৰ সেই শিকলি দুডাল বুকুপটাৰ দুই মুৰত থকা আঙঠি দুটাত লগালে।
18 उन्होंने दोनों डोरियों के दूसरे सिरों को नक्काशी किए हुए दोनों खांचों में जुड़वाये. उन्हें एफ़ोद के कंधों में सामने की ओर लगवाये.
১৮মালাৰ দৰে গঁথা শিকলি দুডালৰ দুই মূৰ সোণৰ খাপ দুটাত লগালে, এফোদৰ আগফালে স্কন্ধপটি দুটাৰ ওপৰত লগালে।
19 उन्होंने फिर सोने के दो और कड़े बनाकर इन्हें वक्षपेटिका के सिरों पर अंदर की ओर एफ़ोद से सटाकर लगवाये.
১৯সোণৰ দুটা আঙঠি গঢ়াই, বুকুপটাৰ দুই মূৰত এফোদৰ সন্মুখত থকা ভিতৰৰ দাঁতিত লগালে।
20 फिर उन्होंने दो कड़े बनाए और उन्हें एफ़ोद के कंधों की तरफ़ की छोर के सामने की तरफ़ से मिला दिया, जो एफ़ोद की बुनी हुई पट्टी के पास से थी.
২০তাৰ পাছত আৰু দুটা আঙঠি গঢ়াই, এফোদৰ স্কন্ধপটি দুটাৰ তল ভাগত তাৰ আগফালে, জোৰা দিয়া ঠাইৰ ওচৰত, এফোদৰ নিপুণৰূপে বোৱা টঙালিৰ ওপৰত তাক লগালে।
21 उन्होंने वक्ष पटल को उसके कड़ों के द्वारा एफ़ोद के कड़ों से एक नीले रंग की रस्सी द्वारा बांध दिया, जिससे यह अब एफ़ोद के बुने हुए भाग पर जुड़ गया, जिससे वक्ष पटल एवं एफ़ोद एक दूसरे से जुड़े रहते थे. यह सब याहवेह द्वारा मोशेह से कहे गये वचन के अनुसार किया गया.
২১বুকুপটা এফোদৰ নিপুণৰূপে বোৱা টঙালিৰ ওপৰত যেন থাকে, আৰু এফোদৰ পৰা যেন এৰাই নাযায়, সেই বাবে তেওঁলোকে নীলা ফিতাৰে বুকুপটাক তাৰ আঙঠিৰে সৈতে এফোদৰ আঙঠিত বান্ধিলে। যিহোৱাই মোচিক দিয়া আজ্ঞা অনুসাৰে তেওঁলোকে সকলো কৰিলে।
22 फिर उन्होंने एफ़ोद का पूरा अंगरखा नीले कपड़े का बनवाया.
২২বচলেলে এফোদৰ চোলা সিপিনীয়ে বোৱা, সম্পূৰ্ণ বেঙেনা বৰণীয়া কাপোৰেৰে তৈয়াৰ কৰিলে।
23 इस वस्त्र के बीच में एक छेद था. छेद के चारों ओर एक कोर बनाया ताकि वह फट न पाए.
২৩সেই চোলাত মুৰ সুমুৱাবলৈ সোঁ মাজত খোলা আছিল। সেয়ে নাফালিবৰ বাবে, ডিঙিৰ চাৰিওফালটো চিলোৱা হৈছিল।
24 इस वस्त्र की किनारी पर नीली, बैंगनी तथा लाल, सूक्ष्म बंटी हुई सन के रेशों से अनार बनाए.
২৪তেওঁলোকে সেই চোলাৰ তল দাঁতিত, নীলা, বেঙেনা আৰু ৰঙা বৰণীয়া সূতা, আৰু পকোৱা মিহি শণ সূতাৰে ডালিমৰ নক্সা তুলিলে।
25 उन्होंने सोने की घंटियां भी बनाईं और इन्हें वस्त्र की किनारी के चारों ओर अनारों के बीच में लगा दिया.
২৫তেওঁলোকে শুদ্ধ সোণৰ জুণুকা গঢ়াই, সেই জুণুকাবোৰ ডালিমৰ মাজে মাজে চোলাৰ তলৰ দাঁতিৰ চাৰিওফালে লগাই দিলে।
26 वस्त्र में एक अनार, फिर एक घंटी, और एक अनार फिर एक घंटी लगाई गई कि वह वस्त्र पहनकर सेवा का काम करें. यह वैसा ही किया जैसा याहवेह ने मोशेह से कहा था.
২৬পৰিচৰ্যা কৰোঁতে, পিন্ধিবলৈ চোলাৰ তল দাঁতিত এটা জুণুকা এটা ডালিম, এটা জুণুকা এটা ডালিম এই দৰে চোলাৰ চাৰিওফালে লগাই দিলে। যিহোৱাই মোচিক দিয়া আজ্ঞা অনুসাৰে তেওঁলোকে সকলো কৰিলে।
27 अहरोन एवं उनके पुत्रों के लिए उन्होंने मलमल के कुर्ते,
২৭তেওঁলোকে হাৰোণ আৰু তেওঁৰ পুত্ৰসকলৰ বাবে মিহি শণ সূতাৰে কোট চোলা প্রস্তুত কৰিলে।
28 पगड़ियां एवं टोपियां और जांघिया बनाई.
২৮মিহি শণ সূতাৰ পাগুৰি, পকোৱা মিহি শণ সূতাৰে কপালত বন্ধা কাপোৰ, মিহি শণ সূতাৰে গুপ্তাঙ্গ ঢাকিবলৈ কাপোৰ প্রস্তত কৰিলে।
29 उन्होंने नीले, बैंगनी तथा लाल रंग के मलमल से पगड़ी बनाई, जैसा याहवेह ने मोशेह को आज्ञा दी थी.
২৯পকোৱা মিহি শণ সূতা আৰু নীলা, বেঙেনা, আৰু ৰঙা বৰণীয়া সূতাৰে, শিল্পকাৰে ফুল বছা টঙালি যুগুত কৰিলে।
30 शुद्ध सोने की एक पट पर मुहर के समान ये अक्षर खोदे गए: याहवेह के लिए पवित्र.
৩০যিহোৱাই মোচিক আজ্ঞা দিয়াৰ দৰে, তেওঁলোকে শুদ্ধ সোণৰ পবিত্ৰ মুকুট যুগুত কৰিলে, আৰু মোহৰত খোদিতকৰাৰ দৰে তাৰ ওপৰত “যিহোৱাৰ উদ্দেশ্যে পবিত্ৰ”, এই বচন ক্ষুদিত কৰিলে।
31 उन्होंने उसमें एक नीला फीता लगाया कि वह पगड़ी के ऊपर रहे—जैसा याहवेह ने मोशेह को आज्ञा दी थी.
৩১তেওঁলোকে পাগুৰিৰ ওপৰত মুকুট বান্ধিবলৈ, নীলা বৰণীয়া ফিতা লগালে।
32 इस प्रकार मिलनवाले तंबू और पवित्र स्थान का काम पूरा हुआ. इस्राएलियों ने सब कुछ वैसा ही किया, जैसे जैसे याहवेह ने मोशेह को आज्ञा दी थी.
৩২এই দৰে সাক্ষাৎ কৰা তম্বুৰ আবাসৰ সকলো কাৰ্য কৰি শেষ কৰিলে, যিহোৱাই মোচিক দিয়া আজ্ঞাৰ দৰেই ইস্ৰায়েলৰ লোকসকলে সকলো কাৰ্য কৰিলে।
33 फिर वे पवित्र स्थान की सब वस्तुएं मोशेह के पास लाए: अर्थात् तंबू, इसकी अंकुड़ियों, तख्ते, छड़ें, खंभे तथा कुर्सियां;
৩৩তেওঁলোকে মোচিৰ ওচৰলৈ সেই আবাস লৈ গ’ল; তম্বু, আৰু তাৰ সকলো সামগ্রী, তাৰ হাঁকোটা, তক্তা, ডাং, খুঁটা, আৰু চুঙী।
34 मेढ़े की खालों का ओढ़ना जो लाल रंग से रंगी गई थी, सूंस की खाल का ओढ़ना तथा पर्दा;
৩৪ৰঙা ৰং কৰা মেৰ-ছাগৰ ছালৰ আৱৰণ, তহচ জন্তুৰ ছালৰ আৱৰণ, আৰু আঁৰ কৰি ৰখা পৰ্দা,
35 संदूक, डंडों समेत करुणासन, बीच वाला पर्दा;
৩৫সাক্ষ্য-ফলিৰ নিয়ম চন্দুক, আৰু তাৰ কানমাৰি, আৰু পাপাবৰণ।
36 मेज़ और उसके सभी सामान, भेंट की रोटी,
৩৬মেজ, তাৰ সকলো সঁজুলি, আৰু দৰ্শন-পিঠা;
37 सारे सामान सहित, दीवट उसकी सजावट के दीपक, और दीये के लिए तेल,
৩৭শুদ্ধ সোণৰ দীপাধাৰ আৰু শাৰী পাতি ৰখা প্ৰদীপবোৰ, তাৰ সকলো সঁজুলি, আৰু প্ৰদীপৰ বাবে তেল;
38 सोने की वेदी और अभिषेक का तेल, सुगंधधूप और तंबू के द्वार का पर्दा;
৩৮সোণৰ বেদি, অভিষেক কৰা তেল, সুগন্ধি ধূপ, আৰু তম্বুৰ দুৱাৰৰ বাবে পৰ্দা।
39 कांसे की वेदी और उसकी कांसे की झंझरी, उसके डंडे तथा उसके सामान; कांसे की हौदी;
৩৯পিতলৰ বেদি তাৰ লগৰ পিতলৰ জালি, তাৰ কানমাৰি, আৰু তাৰ সকলো সঁজুলি। প্ৰক্ষালন-পাত্ৰ, আৰু তাৰ খুৰা।
40 आंगन के द्वार का पर्दा, उसके खंभे और कुर्सियां सहित आंगन का पर्दा; उसकी डोरियां, उसकी खूंटियां; तथा मिलनवाले तंबू के पवित्र स्थान का सारा सामान;
৪০চোতালৰ পৰ্দাবোৰ, তাৰ খুঁটা আৰু চুঙী, আৰু চোতালৰ দুৱাৰৰ পৰ্দা, তাৰ ৰছী আৰু তম্বুৰ খুটি, আৰু সাক্ষাৎ কৰা তম্বুৰ বাবে আবাসৰ কাৰ্যৰ সকলো সজুলি।
41 पवित्र स्थान में सेवा के अवसर पर पहनने के बुने हुए वस्त्र, अहरोन तथा उनके पुत्रों के लिए पवित्र वस्त्र, जो पुरोहित के पद पर कार्य करते समय पहनकर जाना था.
৪১পবিত্ৰ-স্থানত পৰিচৰ্যা কৰিবলৈ নিপুণৰূপে প্রস্তুত কৰা মিহি বস্ত্ৰ, আৰু পুৰোহিত কৰ্ম কৰিবলৈ হাৰোণ পুৰোহিতৰ পবিত্ৰ বস্ত্ৰ, আৰু তেওঁৰ পুত্ৰসকলৰ বস্ত্ৰ।
42 इस प्रकार इस्राएलियों ने वह सब काम पूरा किया, जिसकी याहवेह ने मोशेह को आज्ञा दी थी.
৪২যি যি কৰ্ম কৰিবলৈ যিহোৱাই মোচিক আজ্ঞা কৰিছিল, সেই সকলোকে ইস্ৰায়েলৰ লোকসকলে কৰিলে।
43 मोशेह ने उन सब कामों को जांचा जो उन्होंने किया था, और सब काम जैसी याहवेह की आज्ञा थी, उसी के अनुसार ही किया गया था. फिर मोशेह ने सबको आशीष दी.
৪৩তাৰ পাছত মোচিয়ে সেই সকলো কাম চোৱা চিতা কৰি সেই কাম সম্পূৰ্ন হোৱা দেখিলে। যিহোৱাৰ আজ্ঞা অনুসাৰেই সকলোকে কৰিলে; সেয়ে মোচিয়ে তেওঁলোকক আশীৰ্ব্বাদ কৰিলে।