< רות 2 >

ולנעמי מידע לאישה איש גבור חיל ממשפחת אלימלך ושמו בעז׃ 1
ইলীমেলকৰ গোষ্ঠীৰ মাজৰ বোৱজ নামেৰে এজন ভদ্ৰ আৰু ধনীলোক নয়মীৰ স্বামীৰ সম্পৰ্কীয় আছিল।
ותאמר רות המואביה אל נעמי אלכה נא השדה ואלקטה בשבלים אחר אשר אמצא חן בעיניו ותאמר לה לכי בתי׃ 2
মোৱাবীয়া ৰূথে নয়মীক ক’লে, “নিবেদন কৰোঁ, মই পথাৰলৈ যাওঁ আৰু যি ব্যক্তিৰ দৃষ্টিত অনুগ্ৰহ পাওঁ, তাৰ পাছে পাছে শস্যৰ পৰি থকা থোক বোটলোগৈ।” তেতিয়া নয়মীয়ে তেওঁক ক’লে, “আইটি যোৱা।”
ותלך ותבוא ותלקט בשדה אחרי הקצרים ויקר מקרה חלקת השדה לבעז אשר ממשפחת אלימלך׃ 3
তেতিয়া তেওঁ গ’ল আৰু গৈ এখন পথাৰ পালে; তাতে তেওঁ ধান দাই থকাসকলৰ পাছে পাছে গৈ শস্যৰ পৰি থকা থোক বোটলিবলৈ ধৰিলে, আৰু ঘটনাক্ৰমে তেওঁ ইলীমেলকৰ গোষ্ঠীৰ মাজৰ সেই বোৱজৰ মাটি ডোখৰতে উপস্থিত হ’ল।
והנה בעז בא מבית לחם ויאמר לקוצרים יהוה עמכם ויאמרו לו יברכך יהוה׃ 4
পাছত বোৱজে বৈৎলেহেমৰ পৰা আহি ধান দোৱাসকলক ক’লে, “যিহোৱা তোমালোকৰ সঙ্গী হওক।” সিহঁতে উত্তৰ দিলে, “যিহোৱাই আপোনাক আশীৰ্ব্বাদ কৰক।”
ויאמר בעז לנערו הנצב על הקוצרים למי הנערה הזאת׃ 5
পাছত বোৱজে ধান দোৱাসকলৰ ওপৰত নিযুক্ত কৰা নিজ দাসক সুধিলে, “সেইজনী গাভৰু কোন ঠাইৰ?”
ויען הנער הנצב על הקוצרים ויאמר נערה מואביה היא השבה עם נעמי משדה מואב׃ 6
তেতিয়া ধান দোৱাসকলৰ ওপৰত নিযুক্ত কৰা দাসে ক’লে, “তাই নয়মীৰ লগত মোৱাব দেশৰ পৰা অহা মোৱাবীয়া গাভৰু৷
ותאמר אלקטה נא ואספתי בעמרים אחרי הקוצרים ותבוא ותעמוד מאז הבקר ועד עתה זה שבתה הבית מעט׃ 7
তাই আহি মোক ক’লে, ‘অনুগ্ৰহ কৰি ধান দোৱাসকলৰ পাছে পাছে গৈ মুঠিৰ মাজে মাজে পৰি থকা থোকবোৰ বুটলি গোটাবলৈ মোক দিয়ক’, সেয়ে ৰাতিপুৱাৰে পৰা এতিয়ালৈকে তাই থোকবোৰ বুটলি আছে। তাই ঘৰত অলপ সময়হে জিৰণি লৈছিল।”
ויאמר בעז אל רות הלוא שמעת בתי אל תלכי ללקט בשדה אחר וגם לא תעבורי מזה וכה תדבקין עם נערתי׃ 8
তেতিয়া বোৱজে ৰূথক ক’লে, “আইটি, শুনাচোন, তুমি বুটলিবলৈ আন পথাৰলৈ নাযাবা; মোৰ পথাৰ ত্যাগ নকৰিবা, কিন্তু ইয়াতে থাকি, মোৰ গাভৰু দাসী সকলৰ লগত কাম কৰা।
עיניך בשדה אשר יקצרון והלכת אחריהן הלוא צויתי את הנערים לבלתי נגעך וצמת והלכת אל הכלים ושתית מאשר ישאבון הנערים׃ 9
পথাৰৰ যি ভাগতে শস্য দোৱা হয়, তালৈকে চকু দি তুমি দাসীসকলৰ পাছত যাবা; তোমাক স্পৰ্শ কৰিবলৈ মই জানো ডেকাবোৰক নিষেধ কৰা নাই? আৰু পিয়াহ লাগিলে তুমি পাত্ৰৰ ওচৰলৈ গৈ ডেকাবোৰে তুলি অনা পানী খাবা।”
ותפל על פניה ותשתחו ארצה ותאמר אליו מדוע מצאתי חן בעיניך להכירני ואנכי נכריה׃ 10
১০তেতিয়া তেওঁ তললৈ মুখ কৰি মাটিত পৰি প্ৰণিপাত কৰিলে আৰু তেওঁক ক’লে, “মই বিদেশীনী হোৱা স্বত্তেও কিয় আপুনি মোক কৃপাদৃষ্টি কৰিছে, আৰু কিয় মই আপোনাৰ এই অনুগ্ৰহ লাভ কৰিছোঁ।”
ויען בעז ויאמר לה הגד הגד לי כל אשר עשית את חמותך אחרי מות אישך ותעזבי אביך ואמך וארץ מולדתך ותלכי אל עם אשר לא ידעת תמול שלשום׃ 11
১১বোৱজে উত্তৰ দি ক’লে, “তোমাৰ স্বামীৰ মৃত্যুৰ পাছত তুমি শাহুৱেৰালৈ যেনেদৰে ব্যৱহাৰ কৰি আছা, আৰু পিতৃ-মাতৃ লগতে নিজ জন্মভুমি এৰি, তুমি আগেয়ে নজনা লোকসকলৰ ওচৰলৈ আহিছা, এই সকলো কথা সম্পূৰ্ণকৈ মোক জানিবলৈ দিলে।
ישלם יהוה פעלך ותהי משכרתך שלמה מעם יהוה אלהי ישראל אשר באת לחסות תחת כנפיו׃ 12
১২যিহোৱাই তোমাৰ কৰ্ম অনুসাৰে তোমাক ফল দিয়ক; তুমি ইস্ৰায়েলৰ যি যিহোৱাৰ ডেউকাৰ তলত আশ্রয় ল’বলৈ আহিছা, তেৱেঁই তোমাক সম্পূৰ্ণকৈ পুৰস্কাৰ দিয়ক।”
ותאמר אמצא חן בעיניך אדני כי נחמתני וכי דברת על לב שפחתך ואנכי לא אהיה כאחת שפחתיך׃ 13
১৩তেতিয়া ৰূথে ক’লে, “হে মোৰ প্ৰভু, আপুনি মোলৈ কৃপাদৃষ্টি কৰক; কিয়নো আপুনি মোক শান্তনা দিলে, আৰু মই আপোনাৰ দাসী নোহোৱা স্বত্তেও মোক নিজৰ দাসীৰ দৰে মৰমৰ কথা ক’লে।”
ויאמר לה בעז לעת האכל גשי הלם ואכלת מן הלחם וטבלת פתך בחמץ ותשב מצד הקוצרים ויצבט לה קלי ותאכל ותשבע ותתר׃ 14
১৪পাছত ভোজনৰ সময়ত বোৱজে ৰূথক ক’লে, “তুমি এই ঠাইলৈ আহি পিঠা লৈ খোৱা, আৰু তুমি লোৱা পিঠাডোখৰ টেঙা দ্ৰাক্ষাৰসত জুবুৰিওৱা।” তেতিয়া তেওঁ ধান দোৱা লোকসকলৰ কাষত আহি বহিল আৰু বোৱজে হাত মেলি ভজা যৱ তেওঁক খাবলৈ দিলে। তাতে তেওঁ ভোজন কৰি তৃপ্ত হ’ল, আৰু তাৰে কিছু অংশ ৰাখি হ’ল।
ותקם ללקט ויצו בעז את נעריו לאמר גם בין העמרים תלקט ולא תכלימוה׃ 15
১৫পাছত তেওঁ ধান বুটলিবলৈ উঠি আহোতে, বোৱজে তেওঁৰ ডেকা দাসসকলক আজ্ঞা দি ক’লে, “তাইক মুঠিবোৰৰ মাজতো বুটলিবলৈ দে, আৰু তাইক অপমান নকৰিবি।
וגם של תשלו לה מן הצבתים ועזבתם ולקטה ולא תגערו בה׃ 16
১৬বন্ধা মুঠিবোৰৰ পৰাও কিছু কিছু টানি উলিয়াই তাইক বুটলিবৰ কাৰণে এৰি দিবি, আৰু তাইক বুটলিবলৈ বাধা নিদিবি।”
ותלקט בשדה עד הערב ותחבט את אשר לקטה ויהי כאיפה שערים׃ 17
১৭তেতিয়া ৰূথে সন্ধিয়ালৈকে সেই পথাৰত যৱ ধান বুটলিলে; আৰু নিজে বুটলা যৱ ধান মাৰোতে প্ৰায় এক ঐফা যৱ ধান পালে।
ותשא ותבוא העיר ותרא חמותה את אשר לקטה ותוצא ותתן לה את אשר הותרה משבעה׃ 18
১৮পাছত তেওঁ সেই যৱ ধান খিনি লৈ নগৰলৈ গ’ল আৰু তেওঁ বুটলি গোটোৱা ধান শাহুৱেকে চালে। তাতে ৰূথে ভজা যৱ খাই তৃপ্ত হোৱাৰ পাছত যি অৱশিষ্ট ভাগ ৰাখিছিল, সেইখিনিও উলিয়াই তেওঁ শাহুৱেকক দিলে।
ותאמר לה חמותה איפה לקטת היום ואנה עשית יהי מכירך ברוך ותגד לחמותה את אשר עשתה עמו ותאמר שם האיש אשר עשיתי עמו היום בעז׃ 19
১৯তেতিয়া শাহুৱেকে তেওঁক ক’লে, “তুমি আজি ক’ত ধান বুটলিছিলা? বা ক’ত কাম কৰিবলৈ গৈছিলা? যি জন মানুহে তোমাক ইমান মৰম কৰিলে, তেওঁ আশীৰ্ব্বাদ প্ৰাপ্ত হওঁক।” তেতিয়া তেওঁ যি জনৰ ওচৰত কাম কৰিছিল, সেই জনৰ বিষয়ে শাহুৱেকক বুজাই ক’লে, “যি মানুহৰ তাত মই আজি কাম কৰিছিলোঁ, তেওঁৰ নাম বোৱজ।”
ותאמר נעמי לכלתה ברוך הוא ליהוה אשר לא עזב חסדו את החיים ואת המתים ותאמר לה נעמי קרוב לנו האיש מגאלנו הוא׃ 20
২০তেতিয়া নয়মীয়ে নিজ বোৱাৰীয়েকক ক’লে, “সেই সৰ্ব্বশক্তিমান ঈশ্বৰে জীৱিত আৰু মৃত লোকলৈ দয়া কৰিবলৈ এৰা নাই, তেওঁ যিহোৱাৰ পৰা আশীৰ্ব্বাদ পাওক।” নয়মীয়ে পুনৰ ক’লে, “সেই ব্যক্তিজন আমাৰ সম্পৰ্কীয়, আৰু আমাৰ উদ্ধাৰ পোৱা জাতি সমূহৰ মাজৰ এজন।”
ותאמר רות המואביה גם כי אמר אלי עם הנערים אשר לי תדבקין עד אם כלו את כל הקציר אשר לי׃ 21
২১পাছত মোৱাবীয়া ৰূথে ক’লে, “তেওঁ মোক ইয়াকো ক’লে যে, ‘মোৰ ধান আটাইবোৰ দাই শেষ নোহোৱালৈকে তুমি মোৰ দাস-দাসীসকলৰ লগ নেৰিবা’।”
ותאמר נעמי אל רות כלתה טוב בתי כי תצאי עם נערותיו ולא יפגעו בך בשדה אחר׃ 22
২২আৰু নয়মীয়ে নিজ বোৱাৰীয়েক ৰূথক ক’লে, “আইটি তুমি তেওঁৰ দাসীসকলৰ লগে লগে যোৱা ভাল; সেয়ে নহ’লে, আন কোনো পথাৰত কোনোবাই তোমাক অপমান কৰিব পাৰে।”
ותדבק בנערות בעז ללקט עד כלות קציר השערים וקציר החטים ותשב את חמותה׃ 23
২৩এইদৰে যৱ ধান আৰু ঘেহুঁ ধান দাই শেষ নকৰালৈকে তেওঁ ধান বুটলি বোৱজৰ দাসীসকলৰ লগে লগে থাকিল, আৰু নিজ শাহুৱেকৰ লগত বাস কৰিলে।

< רות 2 >