< תהילים 95 >

לכו נרננה ליהוה נריעה לצור ישענו׃ 1
আহাঁ, আমি যিহোৱাৰ উদ্দেশ্যে গান কৰোঁহক; আমাৰ পৰিত্ৰাণৰ শিলাৰ অৰ্থে আনন্দ-ধ্বনি কৰোঁহক।
נקדמה פניו בתודה בזמרות נריע לו׃ 2
আহাঁ, আমি ধন্যবাদ জনাই জনাই তেওঁৰ আগত উপস্থিত হওঁ; স্তুতি-গানেৰে তেওঁৰ উদ্দেশ্যে আনন্দ ধ্বনি কৰোঁহক।
כי אל גדול יהוה ומלך גדול על כל אלהים׃ 3
কিয়নো যিহোৱা মহান ঈশ্বৰ, সকলো দেৱতাবোৰৰ ওপৰত তেৱেঁই মহান ৰজা।
אשר בידו מחקרי ארץ ותועפות הרים לו׃ 4
পৃথিৱীৰ সকলো গভীৰ স্থান তেওঁৰ হাতত আছে, পৰ্ব্বতবোৰৰ টিংবোৰো তেওঁৰেই।
אשר לו הים והוא עשהו ויבשת ידיו יצרו׃ 5
সমুদ্ৰ তেওঁৰেই, কাৰণ তেৱেঁই তাক স্ৰজিলে; তেওঁৰ হাতে শুকান ভূমি নিৰ্ম্মাণ কৰিলে।
באו נשתחוה ונכרעה נברכה לפני יהוה עשנו׃ 6
আহাঁ, আমি আঁঠুকাঢ়ি প্ৰণিপাত কৰোঁ, আমাৰ সৃষ্টিকৰ্ত্তা যিহোৱাৰ আগত আঁঠু লওঁ;
כי הוא אלהינו ואנחנו עם מרעיתו וצאן ידו היום אם בקלו תשמעו׃ 7
কিয়নো তেৱেঁই আমাৰ ঈশ্বৰ, আমি তেওঁৰ প্রজা; তেওঁৰ হাতৰ চৰণীয়া পথাৰৰ মেৰ-ছাগৰ নিচিনা। “আজি যদি তোমালোকে তেওঁৰ মাত শুনিলেহেঁতেন!”
אל תקשו לבבכם כמריבה כיום מסה במדבר׃ 8
তোমালোকৰ পূর্বপুৰুষসকলৰ দৰে তোমালোকে নিজৰ নিজৰ হৃদয় কঠিন নকৰিবা; তেওঁলোকে মৰুপ্রান্তৰৰ মাজত মিৰীবা আৰু মচ্ছাত মোৰ পৰীক্ষা কৰিছিল।
אשר נסוני אבותיכם בחנוני גם ראו פעלי׃ 9
যদিও তোমালোকৰ পূর্বপুৰুষসকলে মোৰ কার্য দেখিছিল, তথাপিও তেওঁলোকে তাত মোক পৰীক্ষা কৰি প্রমাণ চাইছিল।
ארבעים שנה אקוט בדור ואמר עם תעי לבב הם והם לא ידעו דרכי׃ 10
১০চল্লিশ বছৰ ধৰি সেই কালৰ লোকসকলৰ প্রতি মই বিৰক্ত হৈছিলো। মই কৈছিলোঁ, “এই লোকসকলৰ হৃদয় বিপথে পৰিচালিত হৈছে; তেওঁলোকে মোৰ পথ নাজানে।”
אשר נשבעתי באפי אם יבאון אל מנוחתי׃ 11
১১এই হেতুকে মই মোৰ ক্ৰোধত শপত খাই কৈছিলোঁ, “তেওঁলোক মোৰ বিশ্ৰামত সোমাব নাপাব।”

< תהילים 95 >