< תהילים 80 >

למנצח אל ששנים עדות לאסף מזמור רעה ישראל האזינה נהג כצאן יוסף ישב הכרובים הופיעה׃ 1
হে ইস্ৰায়েলৰ ৰখীয়া, কাণ পাতা; তুমি যোচেফৰ বংশক মেৰ-ছাগৰ জাকৰ দৰে চলাই আনিছা! তুমি কৰূববোৰৰ ওপৰত বহি, আমাৰ ওপৰত তোমাৰ দীপ্তি প্ৰকাশ কৰিছা!
לפני אפרים ובנימן ומנשה עוררה את גבורתך ולכה לישעתה לנו׃ 2
তুমি ইফ্ৰয়িম, বিন্যামীন আৰু মনচি ফৈদৰ সন্মুখত তোমাৰ পৰাক্ৰম জগাই তোলা, আমাক উদ্ধাৰ কৰিবলৈ আহাঁ।
אלהים השיבנו והאר פניך ונושעה׃ 3
হে ঈশ্বৰ, তুমি আমাৰ অৱস্থাৰ পৰিৱৰ্ত্তন কৰা; আমাৰ ওপৰত তোমাৰ মুখ উজ্জ্বল কৰা, যাতে আমি উদ্ধাৰ পাব পাৰোঁ।
יהוה אלהים צבאות עד מתי עשנת בתפלת עמך׃ 4
হে বাহিনীবোৰৰ ঈশ্বৰ যিহোৱা, তোমাৰ লোকসকলৰ প্ৰাৰ্থনাত, তুমি কিমান কাললৈ ক্ৰোধ কৰি থাকিবা?
האכלתם לחם דמעה ותשקמו בדמעות שליש׃ 5
তুমি তেওঁলোকক চকুলোৰ আহাৰ খাবলৈ দিলা, আৰু প্রচুৰ পৰিমাণে চকুৰ পানী পান কৰিবলৈ দিলা।
תשימנו מדון לשכנינו ואיבינו ילעגו למו׃ 6
তুমি আমাক এনে কাৰণ কৰিলা যাতে আমাৰ প্রতিবেশী জাতিবোৰে আমাক লৈ বিবাদ কৰে। আমাৰ শত্রুবোৰে আমাক লৈ নিজৰ মাজত হাঁহি-তামাচা কৰে।
אלהים צבאות השיבנו והאר פניך ונושעה׃ 7
হে বাহিনীবোৰৰ ঈশ্বৰ, আমাৰ অৱস্থাৰ পৰিৱৰ্ত্তন কৰা; আমাৰ ওপৰত তোমাৰ মুখ উজ্জ্বল কৰা, যাতে আমি উদ্ধাৰ পাব পাৰোঁ।
גפן ממצרים תסיע תגרש גוים ותטעה׃ 8
তুমি মিচৰৰ পৰা এজোপা দ্ৰাক্ষালতাৰ দৰে আমাক তুলি আনিলা; আন জাতিবোৰক খেদাই দি তুমি তাক ৰোপন কৰিলা।
פנית לפניה ותשרש שרשיה ותמלא ארץ׃ 9
তুমি তাৰ কাৰণে ভূমি পৰিস্কাৰ কৰিলা; তাতে দ্রাক্ষালতাই দকৈ শিপা ধৰি দেশখনকে জুৰিলে।
כסו הרים צלה וענפיה ארזי אל׃ 10
১০তাৰ ছাঁয়াত পাহাৰ-পৰ্ব্বতবোৰ ঢাক খাই গ’ল; তাৰ ডালবোৰে বৃহৎ এৰচ গছবোৰ ঢাকি পেলালে;
תשלח קצירה עד ים ואל נהר יונקותיה׃ 11
১১সমুদ্ৰলৈকে ইয়াৰ শাখাবোৰ আৰু ফৰাৎ নদী পর্যন্ত ইয়াৰ অঙ্কুৰবোৰ বিস্তাৰিত হ’ল।
למה פרצת גדריה וארוה כל עברי דרך׃ 12
১২তেন্তে কিয় তুমি তাৰ দেৱাল ভাঙি পেলালা? সেয়ে আটাই বাটৰুৱাই তাৰ ফল ছিঙে।
יכרסמנה חזיר מיער וזיז שדי ירענה׃ 13
১৩বনৰ বৰাহে আহি তাক নষ্ট কৰে; পথাৰৰ পশুবোৰেও তাক খায়।
אלהים צבאות שוב נא הבט משמים וראה ופקד גפן זאת׃ 14
১৪হে বাহিনীবোৰৰ ঈশ্বৰ, তুমি উলটি আহাঁ; স্বৰ্গৰ পৰা তুমি তললৈ দৃষ্টি কৰা আৰু এই দ্ৰাক্ষালতাৰ দেখ-ভাল কৰা,
וכנה אשר נטעה ימינך ועל בן אמצתה לך׃ 15
১৫যি পুলি গছক তুমি নিজৰ সোঁ হাতেৰে ৰোপন কৰিলা; যাৰ অঙ্কুৰবোৰক তুমি বৃদ্ধি কৰিলা।
שרפה באש כסוחה מגערת פניך יאבדו׃ 16
১৬সেই গছ জুইত পোৰা হ’ল, তাক কাটি পেলোৱা হৈছে; তোমাৰ শত্রুবোৰ তোমাৰ মুখৰ ধমকিত বিনষ্ট হওঁক।
תהי ידך על איש ימינך על בן אדם אמצת לך׃ 17
১৭কিন্তু তোমাৰ সোঁ হাতৰ লোকৰ ওপৰত তুমি নিজৰ হাত ৰাখা; হাত ৰাখা সেই মনুষ্য পুত্রৰ ওপৰত যাক তুমি নিজৰ কাৰণে শক্তিশালী কৰিলা।
ולא נסוג ממך תחינו ובשמך נקרא׃ 18
১৮তাতে আমি কেতিয়াও তোমাৰ ওচৰৰ পৰা উলটি নাযাম; তুমি আমাক পুনৰ জীৱন দিয়া, আমি তোমাৰ নামত নিবেদন কৰিম।
יהוה אלהים צבאות השיבנו האר פניך ונושעה׃ 19
১৯হে বাহিনীবোৰৰ ঈশ্বৰ, আমাৰ অৱস্থাৰ পৰিৱৰ্ত্তন কৰা; আমাৰ ওপৰত তোমাৰ মুখ উজ্জ্বল কৰা, যাতে আমি উদ্ধাৰ পাব পাৰোঁ।

< תהילים 80 >