< תהילים 61 >

למנצח על נגינת לדוד שמעה אלהים רנתי הקשיבה תפלתי׃ 1
হে ঈশ্বৰ, মোৰ ক্রন্দন শুনা; মোৰ প্ৰাৰ্থনালৈ কাণ দিয়া।
מקצה הארץ אליך אקרא בעטף לבי בצור ירום ממני תנחני׃ 2
মোৰ মন দুখত যেতিয়া ভাঙি পৰে, মই পৃথিবীৰ অন্তত থাকিলেও তাৰ পৰা তোমাক মাতিম; তুমি মোক মোতকৈ ওখ শিলটোলৈ লৈ যোৱা য’ত মোৰ নিৰাপত্তা আছে।
כי היית מחסה לי מגדל עז מפני אויב׃ 3
কিয়নো তুমি মোৰ আশ্ৰয়, শত্ৰুৰ পৰা ৰক্ষা কৰোঁতা দৃঢ় দুৰ্গ।
אגורה באהלך עולמים אחסה בסתר כנפיך סלה׃ 4
মই যেন চিৰকাললৈকে তোমাৰ তম্বুত বাস কৰিবলৈ পাম; তোমাৰ ডেউকাৰ আঁৰত মই যেন আশ্রয় পাম। (চেলা)
כי אתה אלהים שמעת לנדרי נתת ירשת יראי שמך׃ 5
কিয়নো হে ঈশ্বৰ, তুমিয়েই মোৰ সঙ্কল্পবোৰ শুনিলা। তোমাৰ নাম শ্রদ্ধা কৰাসকলৰ আধিপত্য তুমি মোক দিলা।
ימים על ימי מלך תוסיף שנותיו כמו דר ודר׃ 6
তুমি ৰজাৰ আয়ুস দীর্ঘাযু় কৰিবা; তেওঁ বয়স বহু পুৰুষলৈকে থাকিব।
ישב עולם לפני אלהים חסד ואמת מן ינצרהו׃ 7
তেওঁ ঈশ্বৰৰ সাক্ষাতে চিৰকাল বাস কৰিব; তেওঁৰ ৰক্ষাৰ অৰ্থে দয়া আৰু সত্যতা ব্যৱহাৰ কৰা।
כן אזמרה שמך לעד לשלמי נדרי יום יום׃ 8
তাতে, মই চিৰকাললৈকে তোমাৰ প্ৰশংসাৰ গান কৰিম; প্রতিদিনে নিজৰ সঙ্কল্প সিদ্ধ কৰিম।

< תהילים 61 >