< תהילים 29 >
מזמור לדוד הבו ליהוה בני אלים הבו ליהוה כבוד ועז׃ | 1 |
১হে ঈশ্বৰৰ সন্তান সকল, তোমালোকে যিহোৱাৰ গৌৰৱ কীৰ্ত্তন কৰা, যিহোৱাৰ গৌৰৱ আৰু পৰাক্ৰম কীৰ্ত্তন কৰা,
הבו ליהוה כבוד שמו השתחוו ליהוה בהדרת קדש׃ | 2 |
২যিহোৱাৰ নামৰ গৌৰৱ কীৰ্ত্তন কৰা; পবিত্ৰ সমাৰোহত যিহোৱাৰ আৰাধনা কৰা।
קול יהוה על המים אל הכבוד הרעים יהוה על מים רבים׃ | 3 |
৩জল সমূহৰ ওপৰত যিহোৱাৰ স্বৰ শুনা যায়; গৌৰৱান্বিত ঈশ্বৰে বজ্ৰধ্বনিৰে গর্জন কৰে, যিহোৱা মহাজল সমূহৰ ওপৰত বিদ্যমান।
קול יהוה בכח קול יהוה בהדר׃ | 4 |
৪যিহোৱাৰ স্বৰ ক্ষমতাপূর্ণ; যিহোৱাৰ স্বৰ মহিমাৰে পৰিপূৰ্ণ।
קול יהוה שבר ארזים וישבר יהוה את ארזי הלבנון׃ | 5 |
৫যিহোৱাৰ স্বৰে এৰচ গছবোৰ ভাঙে; যিহোৱাই লিবানোনৰ এৰচ গছবোৰ ভাঙি পেলায়।
וירקידם כמו עגל לבנון ושרין כמו בן ראמים׃ | 6 |
৬তেওঁ লিবানোনৰ পর্বতমালাক দামুৰিৰ দৰে ডেও দি নচুৱায়; চিৰিয়োনক নচুৱায় যুবা বন্য ষাঁড়ৰ দৰে।
৭যিহোৱাৰ স্বৰে বিজুলীৰ চমক সৃষ্টি কৰে।
קול יהוה יחיל מדבר יחיל יהוה מדבר קדש׃ | 8 |
৮যিহোৱাৰ স্বৰে মৰুপ্রান্তৰ কঁপাই তোলে; কাদেচৰ মৰুপ্রান্তৰ যিহোৱাই কঁপাই তোলে।
קול יהוה יחולל אילות ויחשף יערות ובהיכלו כלו אמר כבוד׃ | 9 |
৯যিহোৱাৰ স্বৰত হৰিণীবোৰে পোৱালি দিয়ে, ডাল-পাতবোৰ পৰি গৈ বনক নগ্ন কৰে, কিন্তু তেওঁৰ মন্দিৰত সকলোৱে কয়, “গৌৰৱ!”
יהוה למבול ישב וישב יהוה מלך לעולם׃ | 10 |
১০যিহোৱা জলপ্লাৱনত সিংহাসনত অধিষ্ঠিত আছিল, যিহোৱা চিৰকাললৈকে ৰজা স্বৰূপে সিংহাসনত অধিষ্ঠিত হৈ আছে।
יהוה עז לעמו יתן יהוה יברך את עמו בשלום׃ | 11 |
১১যিহোৱাই তেওঁৰ লোকসকলক শক্তিদান কৰক! যিহোৱাই তেওঁৰ লোকসকলক শান্তি দি আশীৰ্ব্বাদ কৰক!