< תהילים 140 >
למנצח מזמור לדוד חלצני יהוה מאדם רע מאיש חמסים תנצרני׃ | 1 |
১হে যিহোৱা, দুষ্ট লোকৰ হাতৰ পৰা মোক উদ্ধাৰ কৰা, অত্যাচাৰী লোকৰ হাতৰ পৰা মোক ৰক্ষা কৰা।
אשר חשבו רעות בלב כל יום יגורו מלחמות׃ | 2 |
২তেওঁলোকে মনে মনে কু-কল্পনা কৰে আৰু প্রতিদিনে যুদ্ধলৈ উত্তেজিত কৰে।
שננו לשונם כמו נחש חמת עכשוב תחת שפתימו סלה׃ | 3 |
৩তেওঁলোকে সাপৰ নিচিনাকৈ নিজৰ নিজৰ জিভা ধাৰ কৰিলে; তেওঁলোকৰ ওঁঠৰ তলত কালসৰ্পৰ বিষ থাকে! (চেলা)
שמרני יהוה מידי רשע מאיש חמסים תנצרני אשר חשבו לדחות פעמי׃ | 4 |
৪হে যিহোৱা, দুষ্টৰ হাতৰ পৰা মোক উদ্ধাৰ কৰা, অত্যাচাৰী লোকৰ হাতৰ পৰা মোক ৰক্ষা কৰা; মোৰ ভৰি যেন উজুটি খায়, তাৰ বাবে তেওঁলোকে কৌশল ৰচিলে।
טמנו גאים פח לי וחבלים פרשו רשת ליד מעגל מקשים שתו לי סלה׃ | 5 |
৫অহঙ্কাৰীবোৰে মোলৈ গুপুতে ফান্দ প্রস্তুত কৰিলে; তেওঁলোকে জৰীবোৰ জালৰ দৰে মেলিলে; তেওঁলোকে বাটৰ কাষত মোলৈ ফান্দ পাতিলে। (চেলা)
אמרתי ליהוה אלי אתה האזינה יהוה קול תחנוני׃ | 6 |
৬মই যিহোৱাক কলোঁ, “তুমিয়েই মোৰ ঈশ্বৰ; হে যিহোৱা, মোৰ কাকুতিৰ স্বৰলৈ কাণ পাতা।”
יהוה אדני עז ישועתי סכתה לראשי ביום נשק׃ | 7 |
৭হে যিহোৱা, মোৰ প্ৰভু, মোৰ শক্তিশালী উদ্ধাৰকর্তা; যুদ্ধৰ দিনা তুমিয়েই মোক ৰক্ষা কৰিলা।
אל תתן יהוה מאויי רשע זממו אל תפק ירומו סלה׃ | 8 |
৮হে যিহোৱা, দুষ্ট লোকৰ বাঞ্ছা পূৰ্ণ নকৰিবা; তেওঁলোকৰ ষড়যন্ত্র সফল হবলৈ নিদিবা। (চেলা)
ראש מסבי עמל שפתימו יכסומו׃ | 9 |
৯যি সকলে মূৰ উঠাই মোক বেৰি ধৰিছে, তেওঁলোকৰ ওঁঠে যি সকলো অপকাৰ কৰিলে, সেইবোৰে তেওঁলোকক ঢাকি ধৰক!
ימיטו עליהם גחלים באש יפלם במהמרות בל יקומו׃ | 10 |
১০তেওঁলোকৰ ওপৰত জলন্ত আঙঠা পৰক! তেওঁলোকক জুইত পেলোৱা হওঁক! তেওঁলোক পুনৰায় উঠিব নোৱাৰাকৈ গভীৰ গাতত পেলোৱা হওঁক!
איש לשון בל יכון בארץ איש חמס רע יצודנו למדחפת׃ | 11 |
১১নিন্দকবোৰক পৃথিৱীত থিৰে থাকিবলৈ নিদিবা; অত্যাচাৰীজনক নিপাত কৰিবলৈ দুষ্ট লোকে চিকাৰ কৰিব!
ידעת כי יעשה יהוה דין עני משפט אבינים׃ | 12 |
১২মই জানো, যিহোৱাই দৰিদ্রৰ পক্ষে বিচাৰ নিষ্পত্তি কৰিব, অভাৱীসকলৰ কাৰণে ন্যায় বিচাৰ কৰিব।
אך צדיקים יודו לשמך ישבו ישרים את פניך׃ | 13 |
১৩ধাৰ্মিকসকলে অৱশ্যে তোমাৰ নামৰ ধন্যবাদ কৰিব; ভক্তসকলে তোমাৰ সাক্ষাতে বসতি কৰিব।