< מִשְׁלֵי 22 >
נבחר שם מעשר רב מכסף ומזהב חן טוב׃ | 1 |
১প্ৰচুৰ ধনতকৈয়ো সুনাম মনোনীত কৰা, সোণ আৰু ৰূপতকৈ অনুগ্ৰহ উত্তম।
עשיר ורש נפגשו עשה כלם יהוה׃ | 2 |
২ধনী আৰু দৰিদ্ৰ লোক উভয়ৰে মাজত কোনো পাৰ্থক্য নাই, তেওঁলোকৰ সকলোৰে সৃষ্টিকৰ্ত্তা যিহোৱা হয়।
ערום ראה רעה ויסתר ופתיים עברו ונענשו׃ | 3 |
৩দূৰদৰ্শী লোকে বিপদ দেখা পায়, আৰু নিজকে লুকুৱাই ৰাখে; কিন্তু অশিক্ষিত লোক আগুৱাই যায়, আৰু তেওঁলোকে ইয়াৰ বাবে কষ্ট পায়।
עקב ענוה יראת יהוה עשר וכבוד וחיים׃ | 4 |
৪যিহোৱালৈ ৰখা ভয় নম্ৰতা, সম্পত্তি, আৰু জীৱনলৈ সন্মান আনে।
צנים פחים בדרך עקש שומר נפשו ירחק מהם׃ | 5 |
৫কুটিল লোকৰ পথত কাঁইট আৰু প্রৱঞ্চনাৰ ফান্দ থাকে; যিজনে নিজৰ আত্মা ৰক্ষা কৰে, তেওঁ সেইবোৰৰ পৰা দূৰত থাকে।
חנך לנער על פי דרכו גם כי יזקין לא יסור ממנה׃ | 6 |
৬সন্তানক তাৰ চলিবলগীয়া পথ অনুসাৰে শিক্ষা দিয়া, তাতে তেওঁ প্রাপ্ত বয়স্ক হ’লেও তেওঁ তাৰ পৰা ঘূৰি নাহিব।
עשיר ברשים ימשול ועבד לוה לאיש מלוה׃ | 7 |
৭ধনী লোকে দৰিদ্ৰ লোকৰ ওপৰত শাসন কৰে, আৰু যিজনে ধাৰ লয়, তেওঁ ধাৰ দিয়া জনৰ দাস হয়।
זורע עולה יקצור און ושבט עברתו יכלה׃ | 8 |
৮যি জনে দুষ্টতাৰ গুটি সিচেঁ, তেওঁ সমস্যাৰ শস্য দাব; আৰু তেওঁৰ ক্ৰোধৰ লাঠি ব্যৱহাৰ কৰা নহ’ব।
טוב עין הוא יברך כי נתן מלחמו לדל׃ | 9 |
৯উদাৰ দৃষ্টিৰ লোক আশীৰ্ব্বাদপ্রাপ্ত হ’ব, কাৰণ তেওঁ দৰিদ্ৰৰ সৈতে নিজৰ আহাৰ ভাগ কৰে।
גרש לץ ויצא מדון וישבת דין וקלון׃ | 10 |
১০নিন্দকক উলিয়াই পঠোৱা, তেতিয়া তাত আৰু বিবাদ নহ’ব, এনে কি বিৰোধ আৰু অপমানো নহ’ব।
אהב טהור לב חן שפתיו רעהו מלך׃ | 11 |
১১যিজনে শুদ্ধ হৃদয় ভাল পায়, আৰু যাৰ কথা অমায়িক, তেওঁৰ বন্ধুৰ বাবে তেওঁৰ এজন ৰজা হ’ব।
עיני יהוה נצרו דעת ויסלף דברי בגד׃ | 12 |
১২যিহোৱাৰ চকুৱে জ্ঞানৰ ওপৰত দৃষ্টি ৰাখে; কিন্তু তেওঁ বিশ্বাসঘাতকৰ কথা উৎখাত কৰে।
אמר עצל ארי בחוץ בתוך רחבות ארצח׃ | 13 |
১৩এলেহুৱাই কয়, “বাটত এটা সিংহ আছে! মুকলি ঠাইত মোক বধ কৰিব।”
שוחה עמקה פי זרות זעום יהוה יפול שם׃ | 14 |
১৪ব্যভিচাৰিণীৰ মুখ দ’ গাতৰ দৰে; যি কোনোৱে সেই গাতত পৰিব তেওঁৰ বিৰুদ্ধে যিহোৱাৰ ক্রোধ প্রজ্বলিত হ’ব।
אולת קשורה בלב נער שבט מוסר ירחיקנה ממנו׃ | 15 |
১৫সন্তানৰ হৃদয়ত মুৰ্খতা আৱদ্ধ হৈ থাকে; কিন্তু চেকনীৰ অনুশাসনে তাক তাৰ পৰা দূৰ কৰে।
עשק דל להרבות לו נתן לעשיר אך למחסור׃ | 16 |
১৬নিজৰ ধন বৃদ্ধি কৰিবলৈ দৰিদ্ৰ লোকক উপদ্ৰৱ কৰা জন, বা ধনী লোকক দান দিয়া জন, দৰিদ্ৰ হ’ব।
הט אזנך ושמע דברי חכמים ולבך תשית לדעתי׃ | 17 |
১৭জ্ঞানী লোকৰ কথা শুনা; আৰু মনোযোগ দিয়া; আৰু মোৰ জ্ঞানৰ কথাত তোমাৰ হৃদয় মনোনিবেশ কৰা।
כי נעים כי תשמרם בבטנך יכנו יחדו על שפתיך׃ | 18 |
১৮কাৰণ তুমি যদি সেইবোৰক তোমাৰ অন্তৰত ৰাখা, আৰু যদি সেই সকলোবোৰ তোমাৰ ওঁঠত থাকে, তেনেহ’লে সেয়ে তোমাৰ বাবে সুখজনক হ’ব।
להיות ביהוה מבטחך הודעתיך היום אף אתה׃ | 19 |
১৯সেয়ে তোমাৰ বিশ্বাস যাতে যিহোৱাত হ’ব পাৰে, মই আজি সেইবোৰ তোমাক শিকালোঁ, এনে কি কেৱল তোমাকেই এই সকলো শিকালোঁ।
הלא כתבתי לך שלשום במועצות ודעת׃ | 20 |
২০পৰামৰ্শ আৰু জ্ঞানৰ বিষয়ে মই তোমাৰ বাবে ত্রিশটা নীতিবচন লিখা নাই নে?
להודיעך קשט אמרי אמת להשיב אמרים אמת לשלחיך׃ | 21 |
২১তোমাক বিশ্বাসযোগ্য বাক্যৰ সত্যতাক শিকালোঁ, যাতে তোমাক পঠোৱা সকলক তুমি বিশ্বাসযোগ্য উত্তৰ দিব পাৰা।
אל תגזל דל כי דל הוא ואל תדכא עני בשער׃ | 22 |
২২দৰিদ্ৰ লোকৰ বস্তু কাঢ়ি নলবা, কিয়নো তেওঁ দৰিদ্র; বা দুৱাৰত থকা অভাবি লোকক দমন নকৰিবা।
כי יהוה יריב ריבם וקבע את קבעיהם נפש׃ | 23 |
২৩কিয়নো যিহোৱাই তেওঁলোকৰ অভিযোগৰ প্ৰতিবাদ কৰিব, আৰু যি সকলে তেওঁলোকৰ বস্তু কাঢ়ি লয়, তেওঁ তেওঁলোকৰ জীৱন কাঢ়ি ল’ব।
אל תתרע את בעל אף ואת איש חמות לא תבוא׃ | 24 |
২৪যিজনে ক্রোধেৰে শাসন কৰে, তেওঁৰ সৈতে বন্ধুত্ব নকৰিবা, আৰু ক্ৰোধী লোকৰ সৈতে তুমি যোৱা উচিত নহয়;
פן תאלף ארחתו ולקחת מוקש לנפשך׃ | 25 |
২৫নহ’লে তুমি তেওঁৰ আচৰণ শিকিবা, আৰু তুমি নিজকে নিজে ফান্দত পেলাবা।
אל תהי בתקעי כף בערבים משאות׃ | 26 |
২৬ধনৰ বিষয়ে প্ৰতিজ্ঞা কৰা জনৰ দৰে নহবা, আৰু তুমি অন্য লোকৰ ধাৰৰ বাবে জামিনদাৰ হোৱা উচিত নহয়।
אם אין לך לשלם למה יקח משכבך מתחתיך׃ | 27 |
২৭যদি ধাৰ শুজিবলৈ তোমাৰ উপায় নাথাকে, তেনেহ’লে তোমাৰ শোৱাপাটি তোমাৰ পৰা তেওঁ লৈ যোৱাত কিহে বাধা দিব পাৰিব?
אל תסג גבול עולם אשר עשו אבותיך׃ | 28 |
২৮তোমাৰ পিতৃয়ে স্থাপন কৰা, পূৰ্বৰ সীমাৰ শিল নুগুচাবা।
חזית איש מהיר במלאכתו לפני מלכים יתיצב בל יתיצב לפני חשכים׃ | 29 |
২৯নিজৰ কামত নিপুন থকা লোকক তুমি দেখিছা নে? তেওঁ ৰজাৰ আগত থিয় হ’ব, তেওঁ সৰ্ব্বসাধাৰণ লোকৰ আগত থিয় নহ’ব।