< מִשְׁלֵי 11 >

מאזני מרמה תועבת יהוה ואבן שלמה רצונו׃ 1
ভুল তুলাচনী যিহোৱাৰ ঘিণলগীয়া; কিন্তু সঠিক জোখ তেওঁৰ সন্তোষ জনক।
בא זדון ויבא קלון ואת צנועים חכמה׃ 2
যেতিয়া অহংকাৰ হয়, তেতিয়া অপমানো হয়; কিন্তু নম্ৰতাই প্রজ্ঞা আনে।
תמת ישרים תנחם וסלף בוגדים ושדם׃ 3
সাধুলোকৰ সততা তেওঁলোকৰ পথদৰ্শক; কিন্তু বিশ্বাস-ঘাতকসকলৰ কুটিলতাই তেওঁলোকক বিনষ্ট কৰে।
לא יועיל הון ביום עברה וצדקה תציל ממות׃ 4
ক্ৰোধৰ দিনত ধন-সম্পত্তি মূল্যহীন; কিন্তু সত্যতাই মৃত্যুৰ পৰা তোমাক উদ্ধাৰ কৰে।
צדקת תמים תישר דרכו וברשעתו יפל רשע׃ 5
সিদ্ধলোকৰ ধাৰ্মিকতাই তেওঁৰ পথ সমান কৰে; কিন্তু দুষ্টলোক নিজৰ দুষ্টতাৰ দ্বাৰাই পতিত হয়।
צדקת ישרים תצילם ובהות בגדים ילכדו׃ 6
যিজনে সিদ্ধ কাৰ্যৰ দ্বাৰাই ঈশ্বৰক আনন্দিত কৰে, তেওঁ ৰক্ষা পায়; কিন্তু নিজৰ আকাংক্ষাৰ বাবে বিশ্বাসঘাতক সকলে ফান্দত পৰে।
במות אדם רשע תאבד תקוה ותוחלת אונים אבדה׃ 7
দুষ্টলোকৰ যেতিয়া মৃত্যু হয়, তেতিয়া তেওঁৰ আশাবোৰ বিলুপ্ত হৈ যায়; আৰু আশা যি তেওঁৰ শক্তি আছিল, সেই শক্তি ব্যৰ্থ হৈ যায়।
צדיק מצרה נחלץ ויבא רשע תחתיו׃ 8
সৎ কাৰ্য কৰা জনে সঙ্কটৰ পৰা ৰক্ষা পায়; কিন্তু ইয়াৰ পৰিৱৰ্তে দুষ্টলোকলৈ সঙ্কট আহে।
בפה חנף ישחת רעהו ובדעת צדיקים יחלצו׃ 9
তেওঁ নিজৰ অবিশ্বাসী মুখেৰে চুবুৰীয়াক ধ্বংস কৰে; কিন্তু জ্ঞানেৰে যিজনে সৎ কাৰ্য কৰে, তেওঁ সুৰক্ষিত হয়।
בטוב צדיקים תעלץ קריה ובאבד רשעים רנה׃ 10
১০যেতিয়া সৎ কাৰ্য কৰা লোকৰ উন্নতি হয়, তেতিয়া নগৰখনে উল্লাস কৰে; কিন্তু যেতিয়া দুষ্টলোকৰ বিনাশ ঘটে, তেতিয়া আনন্দ-ধ্বনি হয়।
בברכת ישרים תרום קרת ובפי רשעים תהרס׃ 11
১১ঈশ্বৰক সন্তুষ্ট কৰা লোকসকলৰ আশীৰ্ব্বাদৰ দ্বাৰাই নগৰৰ উন্নতি হয়; কিন্তু দুষ্টলোকৰ মুখৰ দ্বাৰাই নগৰ উচ্ছন্ন হয়।
בז לרעהו חסר לב ואיש תבונות יחריש׃ 12
১২বন্ধুক অবজ্ঞা কৰা লোক জ্ঞানশূন্য; কিন্তু সুবিবেচনা কৰা লোক নিমাতে থাকে।
הולך רכיל מגלה סוד ונאמן רוח מכסה דבר׃ 13
১৩পৰচৰ্চ্চা কৰা লোকে গুপুত কথা প্ৰকাশ কৰে; কিন্তু বিশ্বাসী লোকে বিষয়বোৰ গুপুতে ৰাখে।
באין תחבלות יפל עם ותשועה ברב יועץ׃ 14
১৪যি খন দেশ জ্ঞানেৰে পৰিচালিত নহয়, সেই দেশৰ পতন হয়; কিন্তু বহুত উপদেষ্টাৰ আলোচনাৰ দ্বাৰাই দেশৰ উন্নতি হয়।
רע ירוע כי ערב זר ושנא תקעים בוטח׃ 15
১৫যিজনে অচিনাকী লোকৰ জামিন হয়, তেওঁৰ নিশ্চয় অনিষ্ট হ’ব; কিন্তু যিজনে জামিন হ’বলৈ ইচ্ছা নকৰে, তেওঁ নিৰাপদে থাকে।
אשת חן תתמך כבוד ועריצים יתמכו עשר׃ 16
১৬দয়ালু মহিলাই সন্মান পায়; কিন্তু নিৰ্দয় লোকে সম্পত্তিক ধৰি ৰাখে।
גמל נפשו איש חסד ועכר שארו אכזרי׃ 17
১৭দয়ালু লোকে নিজৰ উপকাৰ কৰে; কিন্তু নিৰ্দয় লোকে নিজৰ অনিষ্ট কৰে।
רשע עשה פעלת שקר וזרע צדקה שכר אמת׃ 18
১৮দুষ্টলোকে উপাৰ্জনৰ বাবে মিছা কথা কয়; কিন্তু যি জনে সত্যৰ গুটি সিঁচে তেওঁ প্ৰকৃত পুৰস্কাৰ পায়।
כן צדקה לחיים ומרדף רעה למותו׃ 19
১৯যি সাধুলোকে সৎ কাৰ্য কৰে, তেওঁ জীৱন লাভ কৰে; কিন্তু যিলোকে দুষ্টতা অনুসৰণ কৰে, তেওঁৰ মৃত্যুৰ হ’ব।
תועבת יהוה עקשי לב ורצונו תמימי דרך׃ 20
২০কুটিল মনৰ লোক যিহোৱাৰ ঘিণ লগা; কিন্তু যিসকলৰ আচৰণ সিদ্ধ, তেওঁলোকত তেওঁ আনন্দ পায়।
יד ליד לא ינקה רע וזרע צדיקים נמלט׃ 21
২১নিশ্চিত হোৱা যে, দুষ্ট লোকে শাস্তি নোপোৱাকৈ নাথাকিব; কিন্তু সত্যতাত চলা লোকসকলৰ বংশই উদ্ধাৰ পাব।
נזם זהב באף חזיר אשה יפה וסרת טעם׃ 22
২২গাহৰিৰ নাকত সোণৰ নথ যেনে, সুবিবেচনা নথকা সুন্দৰী মহিলাও তেনে।
תאות צדיקים אך טוב תקות רשעים עברה׃ 23
২৩সত্যতাত চলা লোকৰ আকাংক্ষাৰ ফল উত্তম; কিন্তু দুষ্টলোকে কেৱল ক্ৰোধৰ আশা কৰে।
יש מפזר ונוסף עוד וחושך מישר אך למחסור׃ 24
২৪যি লোকে গুটি সিঁচে, তেওঁ অধিক সংগ্রহ কৰে; আৰু যি লোকে গুটি নিসিঁচে, তেনে লোকলৈ দৰিদ্ৰতাহে আহে।
נפש ברכה תדשן ומרוה גם הוא יורא׃ 25
২৫দয়ালু লোকৰ উন্নতি হয়, আৰু যি লোকে আনলোকক পানী দিয়ে, তেওঁ নিজৰ বাবেও পানী পায়।
מנע בר יקבהו לאום וברכה לראש משביר׃ 26
২৬যি লোকে শস্য বিক্রী কৰিবলৈ অমান্তি হয়, তেওঁক লোকসকলে শাও দিয়ে; কিন্তু যি লোকে বিক্রী কৰে, তেওঁ মুৰত মুকুট স্বৰূপ আশীৰ্ব্বাদ লাভ কৰে।
שחר טוב יבקש רצון ודרש רעה תבואנו׃ 27
২৭যিলোকে আগ্রহেৰে ভাল কৰিবলৈ বিচাৰে, তেওঁ অনুগ্ৰহো বিচাৰে; কিন্তু যি জনে দুষ্টতা বিচাৰে, তেওঁ তাকে পায়।
בוטח בעשרו הוא יפל וכעלה צדיקים יפרחו׃ 28
২৮যিজনে নিজৰ ধন-সম্পত্তিত নির্ভৰ কৰে, তেওঁ পতিত হয়; কিন্তু সত্যতাত চলা জন পাতৰ দৰে লহপহকৈ বাঢ়ি উঠে।
עוכר ביתו ינחל רוח ועבד אויל לחכם לב׃ 29
২৯যিজনে নিজৰ পৰিয়ালক দুখ দিয়ে, তেওঁৰ বায়ুৰূপ আধিপত্য হ’ব; আৰু অজ্ঞানী লোক বুদ্ধিমানৰ দাস হ’ব।
פרי צדיק עץ חיים ולקח נפשות חכם׃ 30
৩০সত্যতাত চলা জন জীৱনদায়ক গছৰ দৰে, কিন্তু হিংস্রতাই জীৱন কাঢ়ি নিয়ে।
הן צדיק בארץ ישלם אף כי רשע וחוטא׃ 31
৩১সত্যতাত চলা জনে যদি তেওঁ পাবলগীয়া প্ৰতিফল পায়, তেনেহ’লে কিমান অধিক পৰিমাণে দুষ্টলোক আৰু পাপীয়ে পাব।

< מִשְׁלֵי 11 >