< במדבר 32 >
ומקנה רב היה לבני ראובן ולבני גד עצום מאד ויראו את ארץ יעזר ואת ארץ גלעד והנה המקום מקום מקנה׃ | 1 |
১ৰূবেণৰ সন্তান সকলৰ আৰু গাদৰ সন্তান সকলৰ অতিশয় অধিক পশুৰ জাক আছিল; এই কাৰণে তেওঁলোকে যেতিয়া যাজেৰ আৰু গিলিয়দ দেশখন দেখিলে, তেওঁলোকে তেওঁলোকৰ পশুবোৰৰ কাৰণে সেই ঠাই ভাল দেখিলে।
ויבאו בני גד ובני ראובן ויאמרו אל משה ואל אלעזר הכהן ואל נשיאי העדה לאמר׃ | 2 |
২সেই কাৰণে গাদ আৰু ৰূবেণৰ সন্তান সকলে আহি মোচিক, পুৰোহিত ইলিয়াজৰক আৰু মণ্ডলীৰ অধ্যক্ষসকলক ক’লে,
עטרות ודיבן ויעזר ונמרה וחשבון ואלעלה ושבם ונבו ובען׃ | 3 |
৩অটাৰোৎ, দীবোন, যাজেৰ, নিম্ৰা, হিচবোন, ইলিয়ালি, চিবাম, নবো আৰু বিয়োন,
הארץ אשר הכה יהוה לפני עדת ישראל ארץ מקנה הוא ולעבדיך מקנה׃ | 4 |
৪এই যি যি দেশ যিহোৱাই ইস্ৰায়েলৰ মণ্ডলীৰ আগত পৰাজয় কৰিলে, এয়ে পশুবোৰৰ বাবে যোগ্য ঠাই; আৰু আমি, আপোনাৰ যি দাসকল, আমাৰ অধিক পশুৰ জাক আছে।”
ויאמרו אם מצאנו חן בעיניך יתן את הארץ הזאת לעבדיך לאחזה אל תעברנו את הירדן׃ | 5 |
৫তেওঁলোকে আকৌ ক’লে, “আমি যদি আপোনাৰ দৃষ্টিত অনুগ্ৰহ পাইছোঁ, তেতিয়াহলে উত্তৰাধিকাৰৰ অৰ্থে আপোনাৰ এই দাসবোৰক এই দেশ দান কৰক। আমাক যৰ্দ্দন পাৰ কৰি নিনিব।”
ויאמר משה לבני גד ולבני ראובן האחיכם יבאו למלחמה ואתם תשבו פה׃ | 6 |
৬তেতিয়া মোচিয়ে গাদৰ আৰু ৰূবেণৰ সন্তান সকলক ক’লে, “তোমালোকৰ ভাইসকলে যুদ্ধ কৰিবলৈ যোৱাৰ সময়ত তোমালোকে এই ঠাইত বাস কৰিবা নে?
ולמה תנואון את לב בני ישראל מעבר אל הארץ אשר נתן להם יהוה׃ | 7 |
৭যিহোৱাই ইস্ৰায়েলৰ সন্তান সকলক দিয়া দেশলৈ তেওঁলোকে পাৰ হৈ নাযাবলৈ তেওঁলোকৰ মন কেলেই নিৰুৎসাহ কৰিছা?
כה עשו אבתיכם בשלחי אתם מקדש ברנע לראות את הארץ׃ | 8 |
৮যি কালত মই তোমালোকৰ পিতৃসকলক দেশ চাবৰ কাৰণে কাদেচ-বৰ্ণেয়াৰ পৰা পঠিয়াইছিলোঁ সেই কালত তেওঁলোকেও সেইদৰে কৰিছিল।
ויעלו עד נחל אשכול ויראו את הארץ ויניאו את לב בני ישראל לבלתי בא אל הארץ אשר נתן להם יהוה׃ | 9 |
৯কিয়নো তেওঁলোকে ইষ্কোল উপত্যকালৈকে গৈ দেশ চাই, যিহোৱাই দিয়া সেই দেশত নোসোমাবলৈ ইস্ৰায়েলৰ সন্তান সকলৰ মন নিৰোৎসাহ কৰিছিল।
ויחר אף יהוה ביום ההוא וישבע לאמר׃ | 10 |
১০এই কাৰণে সেই দিনা যিহোৱাৰ ক্ৰোধ জ্বলি উঠিল আৰু তেওঁ শপত কৰি, এই কথা কৈছিল,
אם יראו האנשים העלים ממצרים מבן עשרים שנה ומעלה את האדמה אשר נשבעתי לאברהם ליצחק וליעקב כי לא מלאו אחרי׃ | 11 |
১১‘মই অব্ৰাহাম, ইচহাক আৰু যাকোবক যি দেশ দিম বুলি শপত কৰিছিলোঁ, মিচৰৰ পৰা অহা লোকসকলৰ মাজত বিশ বছৰ আৰু তাতোতকৈ অধিক বয়সীয়া কোনো এজন লোকেও সেই দেশ দেখিবলৈ নাপাব, কিয়নো তেওঁবিলাকে মোৰ পথত সম্পূৰ্ণৰূপে নচলিলে;
בלתי כלב בן יפנה הקנזי ויהושע בן נון כי מלאו אחרי יהוה׃ | 12 |
১২কেৱল কনিজ্জীয়া যিফুন্নিৰ পুত্ৰ কালেব আৰু নুনৰ পুত্ৰ যিহোচূৱাই সেই দেশ দেখিব, কাৰণ তেওঁলোকে যিহোৱাৰ পথত সম্পূৰ্ণৰূপে চলিলে’।
ויחר אף יהוה בישראל וינעם במדבר ארבעים שנה עד תם כל הדור העשה הרע בעיני יהוה׃ | 13 |
১৩এইদৰে ইস্ৰায়েললৈ যিহোৱাৰ ক্ৰোধ জ্বলি উঠাত, যিহোৱাৰ দৃষ্টিত কু কৰ্ম কৰা আটাই বংশৰ শেষ নোহোৱালৈকে, তেওঁ চল্লিশ বছৰ ধৰি তেওঁলোকক অৰণ্যত ভ্ৰমণ কৰালে।
והנה קמתם תחת אבתיכם תרבות אנשים חטאים לספות עוד על חרון אף יהוה אל ישראל׃ | 14 |
১৪এতিয়া চোৱা, ইস্ৰায়েলৰ বিৰুদ্ধে যিহোৱাৰ প্ৰচণ্ড ক্ৰোধ আৰু বঢ়াবলৈ, পাপী লোকসকলৰ নিচিনা তোমালোকে তোমালোকৰ পিতৃসকলৰ ঠাইত উঠিছা।
כי תשובן מאחריו ויסף עוד להניחו במדבר ושחתם לכל העם הזה׃ | 15 |
১৫কিয়নো, তোমালোকে যদি এইদৰে তেওঁৰ পাছৰ পৰা বিমুখ হোৱা, তেনেহলে তেওঁ পুনৰায় ইস্ৰায়েলক অৰণ্যত ত্যাগ কৰিব; তেতিয়া তোমালোকে এই সকলো লোকক বিনষ্ট কৰাবা।”
ויגשו אליו ויאמרו גדרת צאן נבנה למקננו פה וערים לטפנו׃ | 16 |
১৬তেতিয়া তেওঁলোকে মোচিৰ ওচৰলৈ আহি ক’লে, “আমি এই ঠাইত নিজ পশুবোৰৰ কাৰণে গঁৰাল সাজিম, আৰু আমাৰ পৰিয়ালবোৰৰ কাৰণে নগৰবোৰ নিৰ্ম্মাণ কৰিম;
ואנחנו נחלץ חשים לפני בני ישראל עד אשר אם הביאנם אל מקומם וישב טפנו בערי המבצר מפני ישבי הארץ׃ | 17 |
১৭আৰু আমি ইস্ৰায়েলৰ সন্তান সকলক নিজ ঠাইলৈ নিনিয়া মানে আমি নিজে ৰণলৈ সাজো হৈ, তেওঁলোকৰ আগে আগে যাম; কেৱল আমাৰ পৰিয়ালবোৰ দেশ নিবাসীসকলৰ ভয়ত গঢ়েৰে আবৃত নগৰবোৰত বাস কৰিব।
לא נשוב אל בתינו עד התנחל בני ישראל איש נחלתו׃ | 18 |
১৮ইস্ৰায়েলৰ সন্তান সকলৰ প্ৰতিজনে নিজ নিজ উত্তৰাধিকাৰৰ ভাগ নোপোৱালৈ আমি নিজ নিজ ঘৰলৈ উভটি নাহিম।
כי לא ננחל אתם מעבר לירדן והלאה כי באה נחלתנו אלינו מעבר הירדן מזרחה׃ | 19 |
১৯আমি যৰ্দ্দনৰ সিপাৰে থকা সেই দেশৰ উত্তৰাধিকাৰৰ ভাগ তেওঁলোকৰ সৈতে নলওঁ, কিয়নো পূৱ দিশে যৰ্দ্দনৰ এইপাৰে আমি উত্তৰাধিকাৰৰ ভাগ পালোঁ।”
ויאמר אליהם משה אם תעשון את הדבר הזה אם תחלצו לפני יהוה למלחמה׃ | 20 |
২০তেতিয়া মোচিয়ে তেওঁলোকক ক’লে, “তোমালোকে কোৱা এই কাৰ্য যদি কৰা, তোমালোকে যদি সুসজ্জিত হৈ যিহোৱাৰ সাক্ষাতে যুদ্ধলৈ যাব নিজকে সাজু কৰা,
ועבר לכם כל חלוץ את הירדן לפני יהוה עד הורישו את איביו מפניו׃ | 21 |
২১তেতিয়া তোমালোকৰ প্রতিজন যুদ্ধলৈ সাজু হোৱা লোকে যিহোৱাৰ সাক্ষাতে যৰ্দ্দন পাৰ হৈ যাব লাগিব যেতিয়ালৈ তেওঁ নিজ শত্ৰুবোৰক নিজৰ আগৰ পৰা দূৰ নকৰে
ונכבשה הארץ לפני יהוה ואחר תשבו והייתם נקיים מיהוה ומישראל והיתה הארץ הזאת לכם לאחזה לפני יהוה׃ | 22 |
২২আৰু তেওঁৰ আগত যেতিয়ালৈ দেশ বশীভূত নহয়। তাৰ পাছত তোমালোক উভটি আহিব পাৰিবা। যিহোৱাৰ দৃষ্টিত আৰু ইস্ৰায়েলৰ দৃষ্টিত তোমালোক নিৰ্দ্দোষী হ’বা, আৰু যিহোৱাৰ সাক্ষাতে এই দেশ তোমালোকৰ উত্তৰাধীকাৰ হ’ব।
ואם לא תעשון כן הנה חטאתם ליהוה ודעו חטאתכם אשר תמצא אתכם׃ | 23 |
২৩কিন্তু যদি তোমালোকে সেই দৰে নকৰা, তেন্তে চোৱা, তোমালোকে যিহোৱাৰ অহিতে পাপ কৰিবা, আৰু তোমালোকৰ পাপে যে তোমালোকক বিচাৰি ওলিয়াব, সেই বিষয়ে নিশ্চয় জানিবা।
בנו לכם ערים לטפכם וגדרת לצנאכם והיצא מפיכם תעשו׃ | 24 |
২৪তোমালোকে নিজ নিজ পৰিয়ালৰ কাৰণে নগৰ, আৰু মেৰ-ছাগ আৰু ছাগলীৰ জাকৰ কাৰণে গঁৰাল সাজা; আৰু তোমালোকৰ মুখৰ পৰা ওলোৱা বাক্যৰ দৰেই সেই কাৰ্য কৰা।”
ויאמר בני גד ובני ראובן אל משה לאמר עבדיך יעשו כאשר אדני מצוה׃ | 25 |
২৫তেতিয়া গাদৰ আৰু ৰূবেণৰ সন্তান সকলে মোচিক ক’লে, “আমাৰ প্ৰভুৱে যি আজ্ঞা কৰিলে, আপোনাৰ এই দাসবোৰে সেইদৰেই কৰিব।
טפנו נשינו מקננו וכל בהמתנו יהיו שם בערי הגלעד׃ | 26 |
২৬আমাৰ ল’ৰা-ছোৱালী, আমাৰ পত্নীসকল আৰু মেৰ-ছাগ, ছাগলী গৰু আদিৰ আটাই পশুৰ জাকবোৰ এই ঠাইৰ গিলিয়দৰ নগৰবোৰত থাকিব।
ועבדיך יעברו כל חלוץ צבא לפני יהוה למלחמה כאשר אדני דבר׃ | 27 |
২৭কিন্তু আমাৰ প্ৰভুৰ কথাৰ দৰে, আপোনাৰ এই দাসবোৰৰ সকলোৱে সাজু হৈ যুদ্ধ কৰিবৰ কাৰণে যিহোৱাৰ সাক্ষাতে পাৰ হৈ যাব।”
ויצו להם משה את אלעזר הכהן ואת יהושע בן נון ואת ראשי אבות המטות לבני ישראל׃ | 28 |
২৮তেতিয়া মোচিয়ে তেওঁলোকৰ বিষয়ে পুৰোহিত ইলিয়াজৰক, নুনৰ পুত্ৰ যিহোচূৱাক আৰু ইস্ৰায়েলৰ সন্তান সকলৰ সকলো পিতৃ-বংশৰ অধ্যক্ষসকলক উপদেশ দিলে।
ויאמר משה אלהם אם יעברו בני גד ובני ראובן אתכם את הירדן כל חלוץ למלחמה לפני יהוה ונכבשה הארץ לפניכם ונתתם להם את ארץ הגלעד לאחזה׃ | 29 |
২৯মোচিয়ে তেওঁলোকক ক’লে, “গাদৰ আৰু ৰূবেণৰ সন্তান সকলৰ প্ৰতিজনে যুদ্ধলৈ সুসজ্জিত হৈ, যিহোৱাৰ সাক্ষাতে তোমালোকৰ লগত যদি যৰ্দ্দন পাৰ হৈ যায়, তেন্তে দেশ তোমালোকৰ আগত বশীভূত হ’লে, তোমালোকে অধিকাৰ কৰিবৰ অৰ্থে তেওঁলোকক এই গিলিয়দ দেশ দিবা।
ואם לא יעברו חלוצים אתכם ונאחזו בתככם בארץ כנען׃ | 30 |
৩০কিন্তু যদি তেওঁলোক সুসজ্জিত হৈ, তোমালোকৰ লগত পাৰ নহয়, তেন্তে তেওঁলোকে তোমালোকৰ মাজত কনান দেশত উত্তৰাধীকাৰ পাব।”
ויענו בני גד ובני ראובן לאמר את אשר דבר יהוה אל עבדיך כן נעשה׃ | 31 |
৩১তেতিয়া গাদৰ আৰু ৰূবেণৰ সন্তান সকলে উত্তৰ দিলে, “যিহোৱাই আপোনাৰ এই দাসবোৰক যি আজ্ঞা কৰিছে, আমি সেইদৰেই কৰিম।
נחנו נעבר חלוצים לפני יהוה ארץ כנען ואתנו אחזת נחלתנו מעבר לירדן׃ | 32 |
৩২আমি সুসজ্জিত হৈ, যিহোৱাৰ সাক্ষাতে পাৰ হৈ কনান দেশত সোমাম, কিন্তু আমাৰ উত্তৰাধীকাৰ যৰ্দ্দনৰ ইপাৰত আমাৰ স্বত্ব থাকিব।”
ויתן להם משה לבני גד ולבני ראובן ולחצי שבט מנשה בן יוסף את ממלכת סיחן מלך האמרי ואת ממלכת עוג מלך הבשן הארץ לעריה בגבלת ערי הארץ סביב׃ | 33 |
৩৩পাছত মোচিয়ে গাদৰ আৰু ৰূবেণৰ সন্তান সকলক, আৰু যোচেফৰ পুত্ৰ মনচিৰ আধা ফৈদক ইমোৰীয়াসকলৰ ৰজা চীহোনৰ ৰাজ্য আৰু বাচানৰ ৰজা ওগৰ ৰাজ্য দিলে। আৰু নিজ নিজ অঞ্চলে সৈতে নগৰ থকা দেশবোৰ, এইদৰে চাৰিওফালে থকা দেশৰ আটাই নগৰবোৰ দিলে।
ויבנו בני גד את דיבן ואת עטרת ואת ערער׃ | 34 |
৩৪গাদৰ সন্তান সকলে দীবোন, অটাৰোৎ, অৰোয়েৰ,
ואת עטרת שופן ואת יעזר ויגבהה׃ | 35 |
৩৫অটাৰোৎ-চোফন, যাজেৰ, যগ্বেহা,
ואת בית נמרה ואת בית הרן ערי מבצר וגדרת צאן׃ | 36 |
৩৬বৈৎ-নিম্ৰা আৰু বৈৎ-হাৰণ, গড়েৰে আবৃত এই নগৰবোৰ পুনৰায় নিৰ্ম্মাণ কৰিলে আৰু মেৰ-ছাগবোৰ জাকৰ কাৰণে গঁৰালবোৰ সাজিলে।
ובני ראובן בנו את חשבון ואת אלעלא ואת קריתים׃ | 37 |
৩৭আৰু ৰূবেণৰ সন্তান সকলে হিচবোন, ইলিয়ালি, কিৰিয়াথয়িম,
ואת נבו ואת בעל מעון מוסבת שם ואת שבמה ויקראו בשמת את שמות הערים אשר בנו׃ | 38 |
৩৮নবো, আৰু বাল-মিয়োন, আৰু চিবমাও পুনৰায় নিৰ্ম্মাণ কৰিলে; তেওঁলোকে পুনৰায় নিৰ্ম্মাণ কৰা নগৰৰ নাম নতুনকৈ দিলে।
וילכו בני מכיר בן מנשה גלעדה וילכדה ויורש את האמרי אשר בה׃ | 39 |
৩৯আৰু মনচিৰ পুত্ৰ মাখীৰৰ সন্তান সকলে গিলিয়দলৈ গৈ, তাক হাত কৰি ল’লে, আৰু তাত থকা ইমোৰীয়াসকলক দূৰ কৰিলে।
ויתן משה את הגלעד למכיר בן מנשה וישב בה׃ | 40 |
৪০পাছত মোচিয়ে মনচিৰ পুত্ৰ মাখীৰক গিলিয়দ দেশ দিলে; তেওঁৰ লোকসকলে তাৰ মাজত বাস কৰিলে।
ויאיר בן מנשה הלך וילכד את חותיהם ויקרא אתהן חות יאיר׃ | 41 |
৪১আৰু মনচিৰ সন্তান যায়ীৰে গৈ, তেওঁলোকৰ সৰু গাওঁবোৰ হাত কৰি ল’লে, আৰু সেইবোৰৰ নাম হব্বোৎ-যায়ীৰ [অৰ্থাৎ যায়ীৰৰ গাওঁ] ৰাখিলে।
ונבח הלך וילכד את קנת ואת בנתיה ויקרא לה נבח בשמו׃ | 42 |
৪২আৰু নোবহে গৈ, কনাৎ নগৰ আৰু তাৰ গাওঁবোৰ হাত কৰি ল’লে, আৰু নিজৰ নামৰ দৰেই তাৰো নাম নোবহ ৰাখিলে।