< במדבר 16 >

ויקח קרח בן יצהר בן קהת בן לוי ודתן ואבירם בני אליאב ואון בן פלת בני ראובן׃ 1
পাছত লেবীৰ পৰিনাতি, কহাতৰ নাতিয়েক, যিচহৰৰ পুতেক কোৰহ আৰু ৰূবেণৰ সন্তান সকলৰ মাজৰ, ইলিয়াবৰ পুতেক দাথন আৰু অবীৰাম আৰু পেলতৰ পুতেক ওনে, এওঁলোকে কিছুমান লোকক গোটাই ল’লে।
ויקמו לפני משה ואנשים מבני ישראל חמשים ומאתים נשיאי עדה קראי מועד אנשי שם׃ 2
ইস্ৰায়েলৰ সন্তান সকলৰ মাজৰ দুশ পঞ্চাশজন মণ্ডলীৰ অধ্যক্ষ আৰু সমাজ ভূক্ত নাম জ্বলা লোকক লগত লৈ, মোচিৰ বিৰুদ্ধে উঠিল।
ויקהלו על משה ועל אהרן ויאמרו אלהם רב לכם כי כל העדה כלם קדשים ובתוכם יהוה ומדוע תתנשאו על קהל יהוה׃ 3
তেওঁলোকে মোচি আৰু হাৰোণৰ বিৰুদ্ধে গোট খাই তেওঁলোকক ক’লে, “তোমালোকে তোমালোকৰ পদ বৰ বুলি মানিছা। কিয়নো গোটেই সমাজৰ প্ৰতিজনেই পবিত্ৰ আৰু যিহোৱা তেওঁলোকৰ মাজত আছে; তেন্তে তোমালোকে কিয় যিহোৱাৰ সমাজৰ ওপৰত নিজকে ওখ কৰিছা?”
וישמע משה ויפל על פניו׃ 4
যেতিয়া মোচিয়ে সেই কথা শুনিলে, তেওঁ উবুৰি হৈ পৰিল।
וידבר אל קרח ואל כל עדתו לאמר בקר וידע יהוה את אשר לו ואת הקדוש והקריב אליו ואת אשר יבחר בו יקריב אליו׃ 5
আৰু তেওঁ কোৰহক আৰু তেওঁৰ গোটেই দলটোক ক’লে, “যিহোৱাৰ লোক কোন আৰু কোন পবিত্ৰ, যিহোৱাই তাক ৰাতিপুৱাই জনাব আৰু তাক নিজৰ ওচৰ চপাব; তেওঁ যিজনক মনোনীত কৰিব, তেওঁকেই নিজৰ ওচৰ চপাব।
זאת עשו קחו לכם מחתות קרח וכל עדתו׃ 6
হে কোৰহ আৰু তোমাৰ গোটেই দল, এই কাম কৰা; ধূপাধাৰ লোৱা
ותנו בהן אש ושימו עליהן קטרת לפני יהוה מחר והיה האיש אשר יבחר יהוה הוא הקדוש רב לכם בני לוי׃ 7
তোমালোকে আঙঠা-ধৰালৈ, তাত জুই দি কাইলৈ যিহোৱাৰ আগত তাৰ ওপৰত ধূপ দিবা। তাতে যিহোৱাই তেওঁক মনোনীত কৰিব, সেইজনেই পবিত্ৰ হ’ব। হে লেবীয়া সন্তান সকল, তোমালোকে নিজকে বৰ বুলি মানিছা।
ויאמר משה אל קרח שמעו נא בני לוי׃ 8
পাছত মোচিয়ে কোৰহক ক’লে, হে লেবীৰ সন্তান সকল, মোৰ কথা শুনা:
המעט מכם כי הבדיל אלהי ישראל אתכם מעדת ישראל להקריב אתכם אליו לעבד את עבדת משכן יהוה ולעמד לפני העדה לשרתם׃ 9
ইস্ৰায়েলৰ ঈশ্বৰে যে তোমালোকক ইস্ৰায়েলৰ সমাজৰ পৰা পৃথক কৰি, যিহোৱাৰ আবাসৰ সেৱাকৰ্ম কৰিবলৈ আৰু মণ্ডলীৰ আগত থিয় হৈ তাৰ পৰিচৰ্যা কৰিবলৈ নিজৰ ওচৰ চপাই ৰাখিছে, ই জানো তোমালোকৰ মানত সৰু কথা?
ויקרב אתך ואת כל אחיך בני לוי אתך ובקשתם גם כהנה׃ 10
১০তেওঁ তোমাক, আৰু তোমাৰে সৈতে তোমাৰ ভাই লেবীৰ সন্তান সকলক নিজৰ ওচৰ চপাই ৰাখিছে, তথাপি তোমালোকে পুৰোহিতৰ বাবলৈকো চেষ্টা কৰিছা নে!
לכן אתה וכל עדתך הנעדים על יהוה ואהרן מה הוא כי תלונו עליו׃ 11
১১সেইবাবে তুমি আৰু তোমাৰ গোটেই দলে যিহোৱাৰ বিৰুদ্ধে গোট খাইছা। গতিকে কিয় তোমালোকে হাৰোণৰ বিৰুদ্ধে আপত্তি কৰিছা, যিজনে যিহোৱাক মানি চলে?”
וישלח משה לקרא לדתן ולאבירם בני אליאב ויאמרו לא נעלה׃ 12
১২তেতিয়া মোচিয়ে ইলিয়াবৰ পুতেক দাথনক আৰু অবীৰামক মাতিবলৈ মানুহ পঠালে, কিন্তু তেওঁলোকে ক’লে, আমি নাযাওঁ।
המעט כי העליתנו מארץ זבת חלב ודבש להמיתנו במדבר כי תשתרר עלינו גם השתרר׃ 13
১৩তুমি আমাক মৰুভূমিত মাৰিবলৈ দুগ্ধমধু বোৱা দেশৰ পৰা আনিছা, এয়ে জানো সৰু কথা? তুমি সদায় আমাৰ ওপৰত অধিকাৰ কৰি থাকিবানে?
אף לא אל ארץ זבת חלב ודבש הביאתנו ותתן לנו נחלת שדה וכרם העיני האנשים ההם תנקר לא נעלה׃ 14
১৪কেৱল এয়ে নহয়, তুমি আমাক দুগ্ধমধু বোৱা দেশলৈ নিয়া নাই আৰু শস্যৰ খেতি ও দ্ৰাক্ষাবাৰীৰো অধিকাৰ দিয়া নাই। তুমি এই লোকসকলক অন্ধ কৰিবা নে? আমি নাযাওঁ।
ויחר למשה מאד ויאמר אל יהוה אל תפן אל מנחתם לא חמור אחד מהם נשאתי ולא הרעתי את אחד מהם׃ 15
১৫তাতে মোচিয়ে অতিশয় ক্ৰুদ্ধ হৈ যিহোৱাক জনালে, বোলে, “এওঁলোকৰ উপহাৰ গ্ৰহণ নকৰিবা; মই এওঁলোকৰ পৰা এটা গাধও লোৱা নাই, আৰু এওঁলোকৰ এজনকো দুখ দিয়া নাই।”
ויאמר משה אל קרח אתה וכל עדתך היו לפני יהוה אתה והם ואהרן מחר׃ 16
১৬পাছত মোচিয়ে কোৰহক ক’লে, “তুমি আৰু তোমাৰ গোটেই দল কাইলৈ হাৰোণে সৈতে যিহোৱাৰ আগত উপস্থিত হ’বা।
וקחו איש מחתתו ונתתם עליהם קטרת והקרבתם לפני יהוה איש מחתתו חמשים ומאתים מחתת ואתה ואהרן איש מחתתו׃ 17
১৭তোমালোকে প্ৰতিজনে আঙঠা-ধৰালৈ তাৰ ওপৰত ধূপ দি, নিজ নিজ আঙঠা-ধৰা যিহোৱাৰ আগত লৈ আনিবা। দুশ পঞ্চাশ আঙঠা-ধৰাই আগ কৰিবা; তুমি আৰু হাৰোণেও নিজ নিজ আঙঠা-ধৰা ল’বা।”
ויקחו איש מחתתו ויתנו עליהם אש וישימו עליהם קטרת ויעמדו פתח אהל מועד ומשה ואהרן׃ 18
১৮পাছত তেওঁলোক প্ৰতিজনে নিজ নিজ আঙঠা-ধৰা লৈ, তাৰ ওপৰত জুই ৰাখি, ধূপ দি, মোচি আৰু হাৰোণৰ লগত সাক্ষাৎ কৰা তম্বুৰ দুৱাৰ মুখত থিয় হ’ল।
ויקהל עליהם קרח את כל העדה אל פתח אהל מועד וירא כבוד יהוה אל כל העדה׃ 19
১৯আৰু কোৰহে সাক্ষাৎ কৰা তম্বুৰ দুৱাৰৰ ওচৰত তেওঁলোকৰ অহিতে গোটেই সমাজকে গোট খুৱালে; তেতিয়া যিহোৱাৰ প্ৰতাপ গোটেই সমাজলৈ প্ৰকাশিত হ’ল।
וידבר יהוה אל משה ואל אהרן לאמר׃ 20
২০পাছত যিহোৱাই মোচি আৰু হাৰোণক ক’লে,
הבדלו מתוך העדה הזאת ואכלה אתם כרגע׃ 21
২১“তোমালোক এই সমাজৰ মাজৰ পৰা বেলেগ হোৱা, মই এক নিমিষতে এওঁলোকক সংহাৰ কৰোঁ।”
ויפלו על פניהם ויאמרו אל אלהי הרוחת לכל בשר האיש אחד יחטא ועל כל העדה תקצף׃ 22
২২তেতিয়া তেওঁলোকে উবুৰি হৈ পৰি ক’লে, “হে ঈশ্বৰ, এজনে পাপ কৰাত তোমাৰ কুপ জানো গোটেই সমাজৰ ওপৰত হ’ব লাগে?”
וידבר יהוה אל משה לאמר׃ 23
২৩তেতিয়া যিহোৱাই মোচিক ক’লে। তেওঁ ক’লে,
דבר אל העדה לאמר העלו מסביב למשכן קרח דתן ואבירם׃ 24
২৪“তুমি সমাজক কোৱা, ‘তোমালোক কোৰহ, দাথন আৰু অবীৰামৰ বসতিৰ ঠাইৰ চাৰিওফালৰ পৰা গুচি যোৱা’।”
ויקם משה וילך אל דתן ואבירם וילכו אחריו זקני ישראל׃ 25
২৫তেতিয়া মোচি উঠি দাথন আৰু অবীৰামৰ ওচৰলৈ গ’ল; আৰু ইস্ৰায়েলৰ বৃদ্ধসকলে তেওঁৰ পাছে পাছে গ’ল।
וידבר אל העדה לאמר סורו נא מעל אהלי האנשים הרשעים האלה ואל תגעו בכל אשר להם פן תספו בכל חטאתם׃ 26
২৬তেওঁ সমাজক ক’লে, “বিনয় কৰোঁ, তোমালোকে এই দুষ্ট লোকসকলৰ তম্বুৰ ওচৰৰ পৰা আঁতৰি যোৱা, আৰু এওঁলোকৰ একো বস্তু নুচুবা; নহ’লে এওঁলোকৰ পাপ সমূহত বিনষ্ট হ’বা।”
ויעלו מעל משכן קרח דתן ואבירם מסביב ודתן ואבירם יצאו נצבים פתח אהליהם ונשיהם ובניהם וטפם׃ 27
২৭তেতিয়া তেওঁলোকে কোৰহ, দাথন আৰু অবীৰামৰ বসতিৰ ঠাইৰ চাৰিওফালৰ পৰা আঁতৰি গ’ল, কিন্তু দাথন আৰু অবীৰাম ওলাই নিজ নিজ ল’ৰা-তিৰোতাই সৈতে নিজ নিজ দুৱাৰমুখত থিয় হ’ল।
ויאמר משה בזאת תדעון כי יהוה שלחני לעשות את כל המעשים האלה כי לא מלבי׃ 28
২৮পাছত মোচিয়ে কলে, এই সকলো কাৰ্য কৰিবলৈ মোক যে, যিহোৱাই পঠালে, তাক ইয়াৰ দ্বাৰাই জানিবলৈ পাবা। কিয়নো মই নিজ ইচ্ছাৰে তাক কৰা নাই।
אם כמות כל האדם ימתון אלה ופקדת כל האדם יפקד עליהם לא יהוה שלחני׃ 29
২৯আন লোক সমূহ যি মৰণেৰে মৰে, এই মানুহ যদি তেনে মৰণেৰে মৰে বা লোকসমূহলৈ যেনে আপদ ঘটে, এই লোক সমূহৰ প্ৰতিও যদি তেনে আপদ ঘটে, তেন্তে যিহোৱাই মোক পঠোৱা নাই।
ואם בריאה יברא יהוה ופצתה האדמה את פיה ובלעה אתם ואת כל אשר להם וירדו חיים שאלה וידעתם כי נאצו האנשים האלה את יהוה׃ (Sheol h7585) 30
৩০কিন্তু যিহোৱাই যদি নতুন কাৰ্য কৰে, আৰু যদি পৃথিৱীয়ে নিজ মুখ মেলি ইহঁতক, আৰু ইহঁতৰ সকলোকে গ্ৰাস কৰে, আৰু ইহঁত জীয়াই জীয়াই চিয়োললৈ নামি যায়, তেন্তে এওঁলোকে যে যিহোৱাক হেয়জ্ঞান কৰিলে, তাক তোমালোকে জানিবলৈ পাবা। (Sheol h7585)
ויהי ככלתו לדבר את כל הדברים האלה ותבקע האדמה אשר תחתיהם׃ 31
৩১পাছত মোচিয়ে এইবোৰ কথা কৈ শেষ কৰা মাত্ৰকে, তেওঁলোকৰ তলত থকা মাটি ফাটিল,
ותפתח הארץ את פיה ותבלע אתם ואת בתיהם ואת כל האדם אשר לקרח ואת כל הרכוש׃ 32
৩২আৰু পৃথিৱীয়ে নিজ মুখ মেলি তেওঁলোকক আৰু তেওঁলোকৰ পৰিয়ালবোৰক আৰু কোৰহৰ আটাই লোকক আৰু তেওঁলোকৰ সৰ্ব্বস্ব গ্ৰাস কৰিলে।
וירדו הם וכל אשר להם חיים שאלה ותכס עליהם הארץ ויאבדו מתוך הקהל׃ (Sheol h7585) 33
৩৩এইদৰে তেওঁলোক আৰু তেওঁলোকৰ লগৰ সকলোৱেই জীয়াই জীয়াই চিয়োললৈ নামি গ’ল; আৰু পৃথিৱী তেওঁলোকৰ ওপৰত জাপ খাই পৰিলত, তেওঁলোক সমাজৰ মাজৰ পৰা লুপ্ত হ’ল। (Sheol h7585)
וכל ישראל אשר סביבתיהם נסו לקלם כי אמרו פן תבלענו הארץ׃ 34
৩৪তেওঁলোকৰ চাৰিওফালে থকা গোটেই ইস্ৰায়েলে তেওঁলোকৰ চিঞঁৰ শুনি পলাল। কিয়নো তেওঁলোকে আৱেগিক হৈ কৈছিল, “পৃথিৱীয়ে কিজানি আমাকো গ্ৰাস কৰিব!”
ואש יצאה מאת יהוה ותאכל את החמשים ומאתים איש מקריבי הקטרת׃ 35
৩৫তেতিয়া যিহোৱাৰ পৰা অগ্নি ওলাই ধূপ উৎসৰ্গ কৰা সেই দুশ পঞ্চাশ জনক গ্ৰাস কৰিলে।
וידבר יהוה אל משה לאמר׃ 36
৩৬আকৌ যিহোৱাই মোচিক ক’লে,
אמר אל אלעזר בן אהרן הכהן וירם את המחתת מבין השרפה ואת האש זרה הלאה כי קדשו׃ 37
৩৭“তুমি হাৰোণৰ পুত্ৰ ইলিয়াজৰ পুৰোহিতক অগ্নিয়ে গ্ৰাস কৰা ঠাইৰ পৰা এই সকলো আঙঠা ধৰা তুলি নিবলৈ আৰু তাৰ জুই দূৰৈত সিচঁৰিত কৰি পেলাই দিবলৈ কোৱা; কিয়নো সেইবোৰ আঙঠা ধৰা পবিত্ৰ।
את מחתות החטאים האלה בנפשתם ועשו אתם רקעי פחים צפוי למזבח כי הקריבם לפני יהוה ויקדשו ויהיו לאות לבני ישראל׃ 38
৩৮নিজৰ প্ৰাণৰ বিৰুদ্ধে পাপ কৰা সেই লোকসকলৰ আঙঠা ধৰাবোৰ পিতাই যজ্ঞবেদী ঢাকিবৰ বাবে লোকসকলে পতা কৰক; কিয়নো তেওঁলোকে সেইবোৰ যিহোৱাৰ আগত উৎসৰ্গ কৰিলে; এইহেতুকে সেইবোৰ পবিত্ৰ; আৰু সেইবোৰ ইস্ৰায়েলৰ সন্তান সকললৈ চিন হ’ব।
ויקח אלעזר הכהן את מחתות הנחשת אשר הקריבו השרפים וירקעום צפוי למזבח׃ 39
৩৯তাতে সেই গ্ৰাসিত লোকসকলে উৎসৰ্গ কৰা পিতলৰ আঙঠা ধৰাবোৰ ইলিয়াজৰ পুৰোহিতে নিলে,
זכרון לבני ישראל למען אשר לא יקרב איש זר אשר לא מזרע אהרן הוא להקטיר קטרת לפני יהוה ולא יהיה כקרח וכעדתו כאשר דבר יהוה ביד משה לו׃ 40
৪০আৰু মোচিৰ দ্বাৰাই যিহোৱাই দিয়া আজ্ঞা অনুসাৰে, ইস্ৰায়েলৰ সন্তান সকলৰ সোঁৱৰণৰ অৰ্থে, অৰ্থাৎ হাৰোণৰ বংশৰ বাহিৰে আন বংশৰ কোনো মানুহ যেন যিহোৱাৰ আগত ধূপ উৎসৰ্গ কৰিবৰ নিমিত্তে ওচৰ নাচাপে আৰু কোৰহৰ ও তাৰ দলৰ দৰে নহয়, এই কাৰণে সেইবোৰ পিতাই যজ্ঞবেদীৰ ঢাকনিৰ অৰ্থে পতা কৰা হ’ল।
וילנו כל עדת בני ישראל ממחרת על משה ועל אהרן לאמר אתם המתם את עם יהוה׃ 41
৪১তথাপি পাছদিনা ইস্ৰায়েলৰ সন্তান সকলৰ গোটেই সমাজে মোচি আৰু হাৰোণৰ বিৰুদ্ধে বকি ক’লে, “তোমালোকেই যিহোৱাৰ প্ৰজাসকলক বধ কৰিলা।”
ויהי בהקהל העדה על משה ועל אהרן ויפנו אל אהל מועד והנה כסהו הענן וירא כבוד יהוה׃ 42
৪২তেতিয়া মোচি আৰু হাৰোণৰ বিৰুদ্ধে গোট খালত, তেওঁলোকে সাক্ষাৎ কৰা তম্বুলৈ মুখ ঘূৰাই দেখিলে, যে, মেঘে তাক ঢাকিছে আৰু যিহোৱাৰ প্ৰতাপ প্ৰকাশিত হৈছে।
ויבא משה ואהרן אל פני אהל מועד׃ 43
৪৩তেতিয়া মোচি আৰু হাৰোণ সাক্ষাৎ কৰা তম্বুৰ আগলৈ গ’ল।
וידבר יהוה אל משה לאמר׃ 44
৪৪তেতিয়া যিহোৱাই মোচিক ক’লে। তেওঁ ক’লে,
הרמו מתוך העדה הזאת ואכלה אתם כרגע ויפלו על פניהם׃ 45
৪৫“তোমালোকে এই সমাজৰ মাজৰ পৰা আঁতৰি যোৱা, মই এক নিমিষতে এওঁলোকক সংহাৰ কৰোঁ।” তেতিয়া তেওঁলোক উবুৰি হৈ পৰিল।
ויאמר משה אל אהרן קח את המחתה ותן עליה אש מעל המזבח ושים קטרת והולך מהרה אל העדה וכפר עליהם כי יצא הקצף מלפני יהוה החל הנגף׃ 46
৪৬মোচিয়ে হাৰোণক ক’লে, “তোমাৰ আঙঠা ধৰা লোৱা আৰু যজ্ঞবেদীৰ ওপৰৰ পৰা জুই লৈ তাত ধূপ দি, শীঘ্ৰে সমাজৰ গুৰিলৈ লৈ যোৱা আৰু তেওঁলোকক প্ৰায়শ্চিত্ত কৰা; কিয়নো যিহোৱাৰ আগৰ পৰা ক্ৰোধ বাহিৰ হোৱাত মহামাৰী আৰম্ভ হ’ল।”
ויקח אהרן כאשר דבר משה וירץ אל תוך הקהל והנה החל הנגף בעם ויתן את הקטרת ויכפר על העם׃ 47
৪৭গতিকে হাৰোণে মোচিৰ আজ্ঞা অনুসাৰে আঙঠা ধৰা লৈ, সমাজৰ মাজলৈ লৰি গ’ল। তেতিয়া চোৱা, তেওঁলোকৰ মাজত মহামাৰী আৰম্ভ হৈছে, তেতিয়া তেওঁ ধূপ দি লোকসকলক প্ৰায়শ্চিত্ত কৰিলে।
ויעמד בין המתים ובין החיים ותעצר המגפה׃ 48
৪৮আৰু মৰা ও জীয়া লোকসকলৰ মাজত তেওঁ থিয় হোৱাত, মহামাৰী নিবাৰণ হ’ল।
ויהיו המתים במגפה ארבעה עשר אלף ושבע מאות מלבד המתים על דבר קרח׃ 49
৪৯যিসকল লোক কোৰহৰ দোষত মৰিছিল, সেইসকলৰ বাহিৰে চৌদ্ধ হাজাৰ সাত শ লোক এই মহামাৰীত মৰিল।
וישב אהרן אל משה אל פתח אהל מועד והמגפה נעצרה׃ 50
৫০মহামাৰী নিবাৰণ হোৱাৰ পাছত, হাৰোণ সাক্ষাৎ কৰা তম্বুৰ দুৱাৰ মুখলৈ মোচিৰ গুৰিলৈ উলটি আহিল।

< במדבר 16 >