< שופטים 16 >
וילך שמשון עזתה וירא שם אשה זונה ויבא אליה׃ | 1 |
১এদিন চিমচোন গাজালৈ গৈছিল আৰু তাত এজনী বেশ্যা তিৰোতা দেখি তাইৰ ওচৰলৈ গ’ল।
לעזתים לאמר בא שמשון הנה ויסבו ויארבו לו כל הלילה בשער העיר ויתחרשו כל הלילה לאמר עד אור הבקר והרגנהו׃ | 2 |
২তাতে “চিমচোন এই ঠাইলৈ আহিছে” বুলি ঘচাতীয়াহঁতে যেতিয়া জানিব পাৰিলে, তেতিয়া তেওঁলোকে সেই ঠাইখন বেৰি ধৰি নগৰৰ দুৱাৰত ওৰে ৰাতি তেওঁলৈ খাপ দি লুকাই থাকিল। “আহাঁ আমি ৰাতিপুৱালৈকে থাকো আৰু দিন হ’লে আমি তাক বধ কৰিম এইবুলি কৈ ওৰে ৰাতি মনে মনে থাকিল।”
וישכב שמשון עד חצי הלילה ויקם בחצי הלילה ויאחז בדלתות שער העיר ובשתי המזוזות ויסעם עם הבריח וישם על כתפיו ויעלם אל ראש ההר אשר על פני חברון׃ | 3 |
৩কিন্তু চিমচোন মাজ নিশালৈকে তাতে থাকি, মাজনিশা উঠি নগৰৰ দুৱাৰৰ দুখলপা আৰু খুঁটা দুটা হাতেৰে ধৰি উঘালি ডাঙেৰে সৈতে কান্ধত তুলি হিব্ৰোণৰ আগত থকা পৰ্ব্বতৰ টিঙলৈ লৈ গ’ল।
ויהי אחרי כן ויאהב אשה בנחל שרק ושמה דלילה׃ | 4 |
৪তাৰ পাছত চোৰেক উপত্যকাত থকা দলীলা নামেৰে এজনী তিৰোতাৰ প্ৰেমত মোহ গ’ল।
ויעלו אליה סרני פלשתים ויאמרו לה פתי אותו וראי במה כחו גדול ובמה נוכל לו ואסרנהו לענתו ואנחנו נתן לך איש אלף ומאה כסף׃ | 5 |
৫তাতে পলেষ্টীয়াসকলৰ অধিপতিসকল তাইৰ ওচৰলৈ আহিল আৰু তাইক ক’লে, “তই তাক ফুচুলাই তাৰ এই গোপণ ৰহস্য জানিবলৈ চেষ্টা কৰ। তেতিয়া তাক কি দৰে ধৰি বান্ধিব পাৰিম, সেই বিষয়ে জানিব পাৰিম আৰু আমি তাক ইচ্ছামতে চলাব পাৰিম। যদি তই এইটো কাম কৰি দিয়, আমি প্রত্যেকে তোক এঘাৰ শ চেকল ৰূপৰ মুদ্ৰা দিম।”
ותאמר דלילה אל שמשון הגידה נא לי במה כחך גדול ובמה תאסר לענותך׃ | 6 |
৬পাছত দলীলাই চিমচোনক ক’লে, “বিনয় কৰোঁ তোমাৰ এনে মহাবল কিহত আছে আৰু দুৰ্গতি কৰিবলৈ তোমাক কিহেৰে বান্ধিব লাগে সেই বিষয়ে মোক কোৱা।”
ויאמר אליה שמשון אם יאסרני בשבעה יתרים לחים אשר לא חרבו וחליתי והייתי כאחד האדם׃ | 7 |
৭তেতিয়া চিমচোনে তাইক ক’লে “নতুন সাত খন ধনুৰ নুশুকুৱা গুণেৰে যদি মোক বান্ধে, তেতিয়া মই দুৰ্ব্বল হৈ আন মানুহৰ নিচিনা হ’ম।”
ויעלו לה סרני פלשתים שבעה יתרים לחים אשר לא חרבו ותאסרהו בהם׃ | 8 |
৮পাছত পলেষ্টীয়াসকলৰ অধিপতিসকলে সাতডাল নুশুকুৱা ধনুৰগুণ আনি সেই মহিলাক দিলে; তেতিয়া তাই তাৰে চিমচোনক বান্ধিলে।
והארב ישב לה בחדר ותאמר אליו פלשתים עליך שמשון וינתק את היתרים כאשר ינתק פתיל הנערת בהריחו אש ולא נודע כחו׃ | 9 |
৯সেই সময়ত তাইৰ ঘৰৰ ভিতৰ-কোঠালিত গোপনে মানুহ বহি আছিল; পাছত দলীলাই চিমচোনক ক’লে, “হেৰা চিমচোন, পলেষ্টীয়াহঁতে তোমাক ধৰেহে এতিয়া।” তাতে জুইৰ তাপত শণ সূতা যেনেকৈ ছিগে, তেনেকৈ তেওঁ সেই ধনুৰ গুণবোৰ বোৰ ছিঙি পেলালে; এইদৰে তেওঁৰ শক্তিৰ বিষয়ে একো বুজি পোৱা নগ’ল।
ותאמר דלילה אל שמשון הנה התלת בי ותדבר אלי כזבים עתה הגידה נא לי במה תאסר׃ | 10 |
১০পাছত দলীলাই চিমচোনক ক’লে “চোৱা, তুমি মোক ঠগিলা আৰু মিছা কথা ক’লা; এতিয়া বিনয় কৰোঁ, তুমি কোৱাচোন তোমাৰ এই মহাশক্তি কৰ পৰা হয়।”
ויאמר אליה אם אסור יאסרוני בעבתים חדשים אשר לא נעשה בהם מלאכה וחליתי והייתי כאחד האדם׃ | 11 |
১১তেতিয়া তেওঁ তাইক ক’লে, “যি ৰছীৰে কোনো লোকে কোনো কাম কৰা নাই, এনে কেইবাডালো নতুন ৰছীৰে যদি মোক বান্ধে, তেতিয়া মই দুৰ্ব্বল হৈ আন মানুহৰ নিচিনা হ’ম।”
ותקח דלילה עבתים חדשים ותאסרהו בהם ותאמר אליו פלשתים עליך שמשון והארב ישב בחדר וינתקם מעל זרעתיו כחוט׃ | 12 |
১২তাতে দলীলাই নতুন ৰছী কেইডালমান লৈ তাৰে তেওঁক বান্ধিলে; তেতিয়া তাইৰ ঘৰৰ ভিতৰ-কোঠালিত গোপনে মানুহ বহি আছিল; পাছত দলীলাই তেওঁক ক’লে “হেৰা চিমচোন, পলেষ্টীয়াহঁতে তোমাক ধৰেহে এতিয়া;” তেতিয়া তেওঁ নিজৰ হাতেৰে সেইবোৰক সূতাৰ নিচিনাকৈ ছিঙি পেলালে।
ותאמר דלילה אל שמשון עד הנה התלת בי ותדבר אלי כזבים הגידה לי במה תאסר ויאמר אליה אם תארגי את שבע מחלפות ראשי עם המסכת׃ | 13 |
১৩পাছত দলীলাই চিমচোনক ক’লে, “তুমি এতিয়াও মোক ঠগিলা আৰু মিছা কথা কৈছা; কিহেৰে তোমাক বান্ধিব পৰা যায় সেই বিষয়ে মোক কোৱা।” চিমচোনে তাইক ক’লে, “তই যদি মোৰ চুলি সাতকোঁচা তাঁতৰ লগত বৱ, তেতিয়া হ’লে মই আন মানুহৰ দৰে হৈ পৰিম।”
ותתקע ביתד ותאמר אליו פלשתים עליך שמשון וייקץ משנתו ויסע את היתד הארג ואת המסכת׃ | 14 |
১৪তেতিয়া তাই তাঁতৰ খুটিৰ লগত তাক বান্ধি তেওঁক ক’লে, “হেৰা চিমচোন, পলেষ্টীয়াসকলে তোমাক ধৰেহে এতিয়া;” তাতে তেওঁ টোপনিৰ পৰা সাৰ পাই, তাঁতেৰে সৈতে তাঁতৰ খুটি উঘালি পেলালে।
ותאמר אליו איך תאמר אהבתיך ולבך אין אתי זה שלש פעמים התלת בי ולא הגדת לי במה כחך גדול׃ | 15 |
১৫পাছত দলীলাই তেওঁক ক’লে, “তুমি মোক বিশ্বাস কৰা নাই; অথচ তুমি মোক ভাল পাওঁ বুলি কোৱা। তোমাৰ মহাশক্তিৰ গোপন ৰহস্যৰ কথা তুমি মোক নক’লা; কিন্তু এই বিষয়লৈ তুমি মোক তিনিবাৰকৈ ঠগিলা।”
ויהי כי הציקה לו בדבריה כל הימים ותאלצהו ותקצר נפשו למות׃ | 16 |
১৬এইদৰে তাই প্রতিদিনে তেওঁক ইমানকৈ ধৰিলে যে, তেওঁৰ নিজ প্ৰাণত বেজাৰ লাগিল আৰু মৰিবলৈ ইচ্ছা কৰিলে।
ויגד לה את כל לבו ויאמר לה מורה לא עלה על ראשי כי נזיר אלהים אני מבטן אמי אם גלחתי וסר ממני כחי וחליתי והייתי ככל האדם׃ | 17 |
১৭তেতিয়া তেওঁ নিজৰ মনৰ সকলো কথা ভাঙি-পাতি এইদৰে ক’লে যে, “মোৰ মূৰত কেতিয়াও খুৰ লগোৱা হোৱা নাই, কিয়নো মাৰ গৰ্ভৰে পৰা মই ঈশ্বৰৰ উদ্দেশ্যে নাচৰীয় মানুহ; মুৰ খুৰালেই মোৰ শক্তিয়ে মোক এৰি যাব; তেতিয়া মই দুৰ্ব্বল হৈ আন মানুহৰ নিচিনা হ’ম।”
ותרא דלילה כי הגיד לה את כל לבו ותשלח ותקרא לסרני פלשתים לאמר עלו הפעם כי הגיד לה את כל לבו ועלו אליה סרני פלשתים ויעלו הכסף בידם׃ | 18 |
১৮এইদৰে তেওঁ মনৰ সকলো কথা ভাঙি ক’লে বুলি দলীলাই বুজি পোৱাৰ পাছত, মানুহ পঠিয়াই পলেষ্টীয়াসকলৰ অধিপতি সকলক মাতি আনি ক’লে, “এইবাৰ আহাঁ কিয়নো তেওঁ মোক নিজৰ মনৰ সকলো কথা ভাঙি-পাতি ক’লে।” তেতিয়া ফিলিষ্টীয়াসকলৰ অধিপতিসকলে ধন হাতত লৈ তাইৰ ওচৰলৈ আহিল।
ותישנהו על ברכיה ותקרא לאיש ותגלח את שבע מחלפות ראשו ותחל לענותו ויסר כחו מעליו׃ | 19 |
১৯পাছত তাই নিজৰ কোলাত তেওঁক শুৱাই ল’লে আৰু এটা মানুহ মাতি আনি তেওঁৰ মূৰৰ সাতকোঁচা চুলি খুৰুৱালে; আৰু তেওঁক দুখ দিবলৈ ধৰিলে। তাতে তেওঁৰ শক্তিয়ে তেওঁক এৰি গ’ল।
ותאמר פלשתים עליך שמשון ויקץ משנתו ויאמר אצא כפעם בפעם ואנער והוא לא ידע כי יהוה סר מעליו׃ | 20 |
২০পাছত তাই ক’লে, “হেৰা চিমচোন, পলেষ্টীয়াহঁতে তোমাক ধৰেহে এতিয়া।” তাতে তেওঁ টোপনিৰ পৰা সাৰ পাই মনতে ভাবিলে আন আন সময়ৰ নিচিনাকৈ বাহিৰলৈ গৈ গা জোকাৰিম; কিন্তু যিহোৱাই যে তেওঁক ত্যাগ কৰিলে সেই বিষয়ে হ’লে তেওঁ নাজানিলে।
ויאחזוהו פלשתים וינקרו את עיניו ויורידו אותו עזתה ויאסרוהו בנחשתים ויהי טוחן בבית האסירים׃ | 21 |
২১পাছত পলেষ্টীয়াহঁতে তেওঁক বন্দী কৰিলে। তাৰ পাছত তেওঁৰ চকু দুটা কাঢ়িলে; তেওঁক গাজালৈ আনি পিতলৰ দুডাল শিকলিৰে বান্ধিলে আৰু তেওঁ কাৰাগাৰত জাঁত পিহিলে।
ויחל שער ראשו לצמח כאשר גלח׃ | 22 |
২২তথাপি খুৰুৱাৰ পাছত তেওঁৰ মুৰৰ চুলি আকৌ বাঢ়িবলৈ ধৰিলে।
וסרני פלשתים נאספו לזבח זבח גדול לדגון אלהיהם ולשמחה ויאמרו נתן אלהינו בידנו את שמשון אויבינו׃ | 23 |
২৩পাছত পলেষ্টীয়াসকলৰ অধিপতিসকলে তেওঁলোকৰ দেৱতা দাগোনৰ উদ্দেশ্যে মহা-যজ্ঞ আৰু ৰং ধেমালি কৰিবলৈ গোট খালে; কিয়নো সিহঁতে ক’লে, “আমাৰ দেৱতাই আমাৰ শত্রু চিমচোনক আমাৰ হাতত দিলে।”
ויראו אתו העם ויהללו את אלהיהם כי אמרו נתן אלהינו בידנו את אויבנו ואת מחריב ארצנו ואשר הרבה את חללינו׃ | 24 |
২৪আৰু তেওঁক দেখি লোকসকলে তেওঁলোকৰ দেৱতাৰ প্ৰশংসা কৰিলে; কিয়নো তেওঁলোকে ক’লে “আমাৰ অনেকক বধ কৰি, দেশ বিনষ্ট কৰা শত্রুক আমাৰ দেৱতাই আমাৰ হাতত সমৰ্পণ কৰিলে।”
ויהי כי טוב לבם ויאמרו קראו לשמשון וישחק לנו ויקראו לשמשון מבית האסירים ויצחק לפניהם ויעמידו אותו בין העמודים׃ | 25 |
২৫পাছত সিহঁতে আনন্দ উৎসৱ পাতি ক’লে, “চিমচোনক বাহিৰলৈ মাতি আনা, সি আমাৰ আগত ৰং দেখুৱাওঁক।” তেতিয়া লোকসকলে বন্দীশালৰ পৰা চিমচোনক উলিয়াই আনিলে আৰু তেওঁ সিহঁতৰ আগত ৰং দেখুৱালে; পাছত সিহঁতে স্তম্ভ দুটাৰ মাজত তেওঁক থিয় কৰালে।
ויאמר שמשון אל הנער המחזיק בידו הניחה אותי והימשני את העמדים אשר הבית נכון עליהם ואשען עליהם׃ | 26 |
২৬তেতিয়া চিমচোনে তেওঁৰ হাতত ধৰি থকা ল’ৰাটোক ক’লে, “মোক এৰি দে, যি দুটা স্তম্ভৰ ওপৰত ঘৰৰ ভৰ আছে, সেই দুটা মোক চুবলৈ দে, মই তাত আঁউজি থিয় হওঁ।”
והבית מלא האנשים והנשים ושמה כל סרני פלשתים ועל הגג כשלשת אלפים איש ואשה הראים בשחוק שמשון׃ | 27 |
২৭সেই সময়ত পুৰুষ-মহিলাৰে সেই ঘৰ ভৰি আছিল আৰু পলেষ্টীয়াসকলৰ সকলো অধিপতিও তাত আছিল। ঘৰৰ চালৰ ওপৰত প্রায় তিনি হাজাৰ পুৰুষ-মহিলাই চিমচোনে দেখুউৱা ৰং চাই আছিল।
ויקרא שמשון אל יהוה ויאמר אדני יהוה זכרני נא וחזקני נא אך הפעם הזה האלהים ואנקמה נקם אחת משתי עיני מפלשתים׃ | 28 |
২৮তেতিয়া চিমচোনে যিহোৱাৰ আগত প্ৰাৰ্থনা কৰি ক’লে, “হে প্ৰভু যিহোৱা মই যেন মোৰ চকু দুটাৰ কাৰণে পলেষ্টীয়াসকলৰ ওপৰত একেবাৰে প্ৰতিকাৰ সাধিব পাৰোঁ, ইয়াৰ বাবে মোক অনুগ্ৰহ কৰি সোঁৱৰণ কৰা: হে ঈশ্বৰ, এইবাৰ মাথোন মোক বলৱান কৰা।”
וילפת שמשון את שני עמודי התוך אשר הבית נכון עליהם ויסמך עליהם אחד בימינו ואחד בשמאלו׃ | 29 |
২৯তাতে মাজত থকা স্তম্ভ দুটাৰ ওপৰত ঘৰৰ ভৰ আছিল, চিমচোনে তাৰ এটাক সোঁহাতেৰে, আনটোক বাওঁ-হাতেৰে ধৰি চাপৰি ক’লে “পলেষ্টীয়াহঁতৰ সৈতে মোৰ প্ৰাণ যাওক।”
ויאמר שמשון תמות נפשי עם פלשתים ויט בכח ויפל הבית על הסרנים ועל כל העם אשר בו ויהיו המתים אשר המית במותו רבים מאשר המית בחייו׃ | 30 |
৩০এইবুলি কৈ, নিজৰ সকলো বলেৰে তেওঁ ভৰ দিলে; তেতিয়া সেই ঘৰ, তাৰ ভিতৰত থকা অধিপতি আদি সকলো লোকৰ ওপৰত পৰিল; এইদৰে তেওঁ জীৱনৰ কালত বধ কৰা লোকতকৈ মৰণৰ কালত বধ কৰা লোক অধিক হ’ল।
וירדו אחיו וכל בית אביהו וישאו אתו ויעלו ויקברו אותו בין צרעה ובין אשתאל בקבר מנוח אביו והוא שפט את ישראל עשרים שנה׃ | 31 |
৩১পাছত তেওঁ ভাইসকলৰ লগতে আদি কৰি সকলো পিতৃ-বংশই নামি আহি, তেওঁক লৈ গৈ চৰা আৰু ইষ্টায়োলৰ মাজ ঠাইত তেওঁৰ পিতৃ মানোহৰ মৈদামত তেওঁকো মৈদাম দিলে। তেওঁ বিশ বছৰ ইস্ৰায়েলৰ বিচাৰ কৰিছিল।