< איוב 29 >

ויסף איוב שאת משלו ויאמר׃ 1
পাছত ইয়োবে আকৌ কথা উত্থাপন কৰিলে আৰু ক’লে,
מי יתנני כירחי קדם כימי אלוה ישמרני׃ 2
অস, আগৰ মাহ কেইটাত, যি কালত মোৰ ওপৰত ঈশ্বৰে দৃষ্টি ৰাখিছিল,
בהלו נרו עלי ראשי לאורו אלך חשך׃ 3
যি কালত মোৰ মূৰৰ ওপৰত তেওঁৰ প্ৰদীপ জ্বলি আছিল, আৰু মই তেওঁৰ পোহৰৰ বলত অন্ধকাৰৰ মাজতো ফুৰিছিলোঁ, সেই কালত মই যেনেকৈ আছিলোঁ,
כאשר הייתי בימי חרפי בסוד אלוה עלי אהלי׃ 4
যি কালত ঈশ্বৰৰ বন্ধুতাই মোৰ তম্বু ৰাখিছিল,
בעוד שדי עמדי סביבותי נערי׃ 5
সেই কালত সৰ্ব্বশক্তিমান জনা মোৰ লগত থাকিছিল, আৰু মোৰ পো-জীবিলাক মোৰ চাৰিওফালে আছিল,
ברחץ הליכי בחמה וצור יצוק עמדי פלגי שמן׃ 6
যি কালত মই গাখীৰৰ ওপৰতহে খোজ কাঢ়িছিলোঁ, আৰু শিলে মোন নিমিত্তে তেলৰ সোঁত বোৱাইছিল; মোৰ সেই পূৰ্ণ যৌৱনৰ কালত মই যেনেকৈ আছিলোঁ, তেনেকৈ এতিয়াও মই থকা হলে, কেনে ভাল আছিল!
בצאתי שער עלי קרת ברחוב אכין מושבי׃ 7
যেতিয়া মই নগৰলৈ গৈ ৰাজদুৱাৰত উপস্থিত হৈছিলোঁ, চকত মোৰ আসন যুগুত কৰিছিলোঁ,
ראוני נערים ונחבאו וישישים קמו עמדו׃ 8
তেতিয়া ডেকাসকলে মোক দেখি লুকাইছিল, আৰু বৃদ্ধসকল উঠি থিয় হৈছিল;
שרים עצרו במלים וכף ישימו לפיהם׃ 9
প্ৰধান লোকসকলে কথা কবলৈ এৰি, নিজ নিজ মোখত হাত দিছিল;
קול נגידים נחבאו ולשונם לחכם דבקה׃ 10
১০ডাঙৰীয়াবিলাকে তালুত জিভা লগাই মনে মনে আছিল।
כי אזן שמעה ותאשרני ועין ראתה ותעידני׃ 11
১১কিয়নো লোকে কাণেৰে শুনি মোক ধন্য বুলিছিল, আৰু চকুৰে দেখি মোৰ পক্ষে সাক্ষ্য দিছিল।
כי אמלט עני משוע ויתום ולא עזר לו׃ 12
১২কাৰণ কাতৰোক্তি কৰা দৰিদ্ৰক মই উদ্ধাৰ কৰিছিলোঁ, আৰু সহায় নথকা পিতৃহীনক মই ৰক্ষা কৰিছিলোঁ।
ברכת אבד עלי תבא ולב אלמנה ארנן׃ 13
১৩বিনষ্ট হবলগীয়া মানুহৰ আশীৰ্ব্বাদ মোৰ ওপৰত পৰিছিল; মই বাঁৰী তিৰোতাৰ মন উল্লাসিত কৰিছিলোঁ।
צדק לבשתי וילבשני כמעיל וצניף משפטי׃ 14
১৪মই ধাৰ্মিকতাক পিদ্ধিছিলোঁ, আৰু ধাৰ্মিকতাই মোক পিন্ধিছিল, আৰু মোৰ ন্যায়পৰায়ণতা গুণ মোৰ দমা চোলা আৰু পাগুৰিস্বৰূপ আছিল।
עינים הייתי לעור ורגלים לפסח אני׃ 15
১৫মই অন্ধৰ চকু আছিলোঁ; আৰু খোৰাৰ ভৰি আছিলোঁ।
אב אנכי לאביונים ורב לא ידעתי אחקרהו׃ 16
১৬মই দৰিদ্ৰবিলাকৰ পিতৃ আছিলোঁ। আৰু মই চিনি নোপোৱা মানুহৰো বিচাৰ লৈছিলোঁ।
ואשברה מתלעות עול ומשניו אשליך טרף׃ 17
১৭মই দুৰাচাৰী লোকৰ জামু দাঁত ভাঙিছিলোঁ, আৰু তাৰ চিকাৰ তাৰ দাঁতৰ মাজৰ পৰা উলিয়াইছিলো।
ואמר עם קני אגוע וכחול ארבה ימים׃ 18
১৮তেতিয়া মই ভাবিছিলোঁ যে, মই নিজ বাঁহত মৰিম, মোৰ দিন বালিৰ দৰে অসংখ্য হব;
שרשי פתוח אלי מים וטל ילין בקצירי׃ 19
১৯আৰু পানী সোমাবলৈ মোৰ শিপা মুকলি হৈ থাকিব, আৰু নিয়ৰ মোৰ ডালত ওৰে ৰাতি পৰি লাগি থাকিব;
כבודי חדש עמדי וקשתי בידי תחליף׃ 20
২০মোৰ নাম-মৰ্য্যদাও মোত সতেজ হৈ থকিব, আৰু মোৰ ধনু মোৰ হাতত সদায় নতুনে থাকিব।
לי שמעו ויחלו וידמו למו עצתי׃ 21
২১লোকবিলাকে মোলৈ কাণ পাতি বাট চাইছিল, আৰু পৰামৰ্শ শুনিবলৈ নিমাত হৈ থাকিছিল।
אחרי דברי לא ישנו ועלימו תטף מלתי׃ 22
২২মোৰ কথাৰ শেষত সিবিলাকৰ কোনেও উত্তৰ নকৰিছিল; মোৰ বাক্য সিবিলাকৰ ওপৰত নিয়ৰৰ দৰে পৰিছিল।
ויחלו כמטר לי ופיהם פערו למלקוש׃ 23
২৩বৰষুণলৈ অপেক্ষা কৰাৰ দৰে সিবিলাকে মোলৈকো অপেক্ষা কৰিছিল, আৰু শেষতীয়া বৰষুণলৈ মুখ মেলাৰ দৰে সিবিলাকে মুখ মেলিছিল।
אשחק אלהם לא יאמינו ואור פני לא יפילון׃ 24
২৪সিবিলাক নিৰাশ হলে মই সিবিলাকলৈ মিচিকিয়াই হাঁহিছিলোঁ, আৰু সিবিলোকে মোৰ মুখৰ দীপ্তি নোগুচালে।
אבחר דרכם ואשב ראש ואשכון כמלך בגדוד כאשר אבלים ינחם׃ 25
২৫মই সিবিলাকৰ নিমিত্তে পথ মনোনীত কৰি প্ৰধান হৈ বহিছিলো, আৰু সৈন্যদলৰ মাজত ৰজাৰ দৰে থাকিছিলোঁ, আৰু শোকাতুৰৰ মাজত শান্ত্বনাকাৰীৰ দৰে আছিলোঁ।

< איוב 29 >