< איוב 15 >
ויען אליפז התימני ויאמר׃ | 1 |
১তেতিয়া তৈমনীয়া ইলীফজে পুনৰ উত্তৰ দি ক’লে,
החכם יענה דעת רוח וימלא קדים בטנו׃ | 2 |
২জ্ঞানৱানে জানো অনৰ্থক জ্ঞানেৰে উত্তৰ দিয়ে, বা পূবৰ বায়ুৰে জানো উদৰ পূৰ কৰে?
הוכח בדבר לא יסכון ומלים לא יועיל בם׃ | 3 |
৩সি জানো নিস্ফল কথাৰে যুক্তি দেখুৱায়, বা অনুপকাৰী বাক্যৰে বাদানুবাদ কৰে? তুমি হ’লে এই সকলোকে কৰিছা,
אף אתה תפר יראה ותגרע שיחה לפני אל׃ | 4 |
৪এনে কি, তুমি ঈশ্বৰ ভয়কো ত্যাগ কৰিছা, আৰু ঈশ্বৰৰ সাক্ষাতে ভক্তিও কম কৰিছা।
כי יאלף עונך פיך ותבחר לשון ערומים׃ | 5 |
৫কিয়নো তোমাৰ মুখেই তোমাৰ অপৰাধ প্ৰকাশ কৰিছে, আৰু তুমি ধূৰ্তবোৰৰ জিভা মনোনীত কৰিছা।
ירשיעך פיך ולא אני ושפתיך יענו בך׃ | 6 |
৬তোমাৰ মুখেই তোমাক দোষী কৰিছে, মই কৰা নাই; তোমাৰ ওঁঠেই তোমাৰ অহিতে সাক্ষ্য দিছে।
הראישון אדם תולד ולפני גבעות חוללת׃ | 7 |
৭মনুষ্য জাতিৰ মাজত তুমি প্ৰথমে জন্ম পোৱা নে? আৰু পৰ্ব্বতবোৰৰ পূৰ্বেই জানো তোমাৰ জন্ম হৈছিল?
הבסוד אלוה תשמע ותגרע אליך חכמה׃ | 8 |
৮তুমি ঈশ্বৰৰ সভাত মন্ত্ৰণা শুনিছিলা নে? আৰু তোমাৰ নিজৰ কাৰণে জ্ঞান ৰাখি থৈছা নে?
מה ידעת ולא נדע תבין ולא עמנו הוא׃ | 9 |
৯তুমি নো আমি নজনা কথা কি জানা? তুমিনো আমি নুবুজা কথা কি বুজিছা?
גם שב גם ישיש בנו כביר מאביך ימים׃ | 10 |
১০আমাৰ মাজত বেছি বয়সীয়া আৰু পকা চুলিয়াও আছে; তেওঁলোক তোমাৰ পিতৃতকৈয়ো অতি বৃদ্ধ।
המעט ממך תנחמות אל ודבר לאט עמך׃ | 11 |
১১ঈশ্বৰৰ শান্তনা-বাক্যবোৰ তোমাৰ জ্ঞানত অতি ক্ষুদ্ৰ নে? আৰু তোমাৰ লগত কৰা মৃদু আলাপ ক্ষুদ্ৰ জ্ঞান কৰিছা নে?
מה יקחך לבך ומה ירזמון עיניך׃ | 12 |
১২তুমি যে ঈশ্বৰৰ বিৰুদ্ধে জ্বলি উঠিছা, আৰু এনে কথা মুখৰ পৰা উলিয়াইছা,
כי תשיב אל אל רוחך והצאת מפיך מלין׃ | 13 |
১৩তোমাৰ মনক নো কিহে এনেকৈ বিপথলৈ নিয়ে? আৰু তোমাৰ চকু নো কিয় ইমানকৈ তিৰবিৰাইছে?
מה אנוש כי יזכה וכי יצדק ילוד אשה׃ | 14 |
১৪মৰ্ত্ত্য নো কি যে, তেওঁ শুচি হ’ব পাৰে? তিৰোতাৰ পৰা জন্মা মনুষ্যই বা কি, তেওঁ যে ধাৰ্মিক হ’ব পাৰে?
הן בקדשו לא יאמין ושמים לא זכו בעיניו׃ | 15 |
১৫চোৱা, তেওঁ নিজৰ পবিত্ৰবিলাকতো বিশ্বাস নকৰে, এনে কি, আকাশ-মণ্ডল তেওঁৰ দৃষ্টিত নিৰ্ম্মল নহয়।
אף כי נתעב ונאלח איש שתה כמים עולה׃ | 16 |
১৬তেনেহলে কেনেকৈ ঘৃণনীয় আৰু দুর্নীতিগ্ৰস্ত, জলৰ দৰে অপৰাধ পান কৰোঁতাই কিমান কম পৰিমানে শুচি হ’ব পাৰে।
אחוך שמע לי וזה חזיתי ואספרה׃ | 17 |
১৭মই তোমাক দেখিছোঁ, মোৰ কথা শুনা; মই যি দেখিলোঁ, সেয়া প্ৰকাশ কৰিলোঁ;
אשר חכמים יגידו ולא כחדו מאבותם׃ | 18 |
১৮যিসকলৰ হাতত দেশ শোধাই দিয়া হৈছিল, আৰু যিসকলৰ মাজত কোনো বিদেশী ঘূৰি ফুৰা নাছিল,
להם לבדם נתנה הארץ ולא עבר זר בתוכם׃ | 19 |
১৯জ্ঞানী সকলে তেওঁলোকৰ এনেকুৱা পিতৃসকলৰ পৰা শুনি, গুপুতে নাৰাখি এই কথা কয়,
כל ימי רשע הוא מתחולל ומספר שנים נצפנו לעריץ׃ | 20 |
২০দুষ্টই নিজৰ জীৱনৰ সকলো দিনত ক্লেশ পায়, অত্যাচাৰী জনে নিজৰ নিৰূপিত বছৰ কেইটা অসুখেৰে কটায়।
קול פחדים באזניו בשלום שודד יבואנו׃ | 21 |
২১ভয়ৰ শব্দ তাৰ কাণত থাকে; সম্পদৰ কালতো বিনাশকে তাক আক্ৰমণ কৰে।
לא יאמין שוב מני חשך וצפו הוא אלי חרב׃ | 22 |
২২সি কেতিয়াও নাভাবে, সি যে আন্ধাৰৰ পৰা উলটি আহিব, তৰোৱালে তালৈ বাট চাই আছে।
נדד הוא ללחם איה ידע כי נכון בידו יום חשך׃ | 23 |
২৩সি আহাৰৰ নিমিত্তে ভ্ৰমন কৰি কয়, ‘ক’ত আছে?’ সি জানে যে, আন্ধৰৰ দিন তাৰ ওচৰত উপস্থিত আছে।
יבעתהו צר ומצוקה תתקפהו כמלך עתיד לכידור׃ | 24 |
২৪ক্লেশ আৰু মনৰ তাপে তাক ভয় দেখুৱায়; যুদ্ধৰ কাৰণে সাজু হোৱা ৰজাৰ দৰে, সেই দুটাই তাক পৰাজয় কৰে।
כי נטה אל אל ידו ואל שדי יתגבר׃ | 25 |
২৫কাৰণ সি ঈশ্বৰৰ বিৰুদ্ধে হাত মেলিলে, আৰু সৰ্ব্বশক্তিমান জনাৰ বিৰুদ্ধে গৰ্ব্ব–আচৰণ কৰিলে।
ירוץ אליו בצואר בעבי גבי מגניו׃ | 26 |
২৬এইদৰে পাপীলোক ঈশ্বৰৰ বিৰুদ্ধে অনমনীয় হয়, সি ঢালৰ ডাঠ ভাগ দেখুৱাই তেওঁৰ বিৰুদ্ধে লৰ মাৰে।
כי כסה פניו בחלבו ויעש פימה עלי כסל׃ | 27 |
২৭এইটো সত্য যে, সি চৰ্বিৰে নিজৰ মুখ নোদোকা কৰিলে, আৰু নিজৰ তপিনা তৰপে তৰপে চৰ্বিযুক্ত কৰিলে;
וישכון ערים נכחדות בתים לא ישבו למו אשר התעתדו לגלים׃ | 28 |
২৮আৰু সি জনশূণ্য নগৰত বাস কৰিলে; য’ত কোনো মানুহে বাস নকৰে, শিলৰ দ’ম হবলগীয়া এনে ঘৰত বসতি কৰিলে।
לא יעשר ולא יקום חילו ולא יטה לארץ מנלם׃ | 29 |
২৯সি ধনী নহব, আৰু তাৰ সম্পত্তি নাথাকিব; সিহঁতৰ শস্য ফলৰ ভৰত মাটিলৈ দোঁ নাখাব।
לא יסור מני חשך ינקתו תיבש שלהבת ויסור ברוח פיו׃ | 30 |
৩০সি আন্ধাৰৰ পৰা সাৰিব নোৱাৰিব; অগ্নি-শিখা ই তাৰ ডালবোৰ শুকুৱাব, আৰু সি তেওঁৰ মুখৰ ফুঁতে উড়ি যাব।
אל יאמן בשו נתעה כי שוא תהיה תמורתו׃ | 31 |
৩১সি ভ্ৰান্ত হৈ অসাৰতাত বিশ্বাস নকৰক; কিয়নো অসাৰতাই তাৰ বেচ হ’ব।
בלא יומו תמלא וכפתו לא רעננה׃ | 32 |
৩২তাৰ দিন নৌ হওঁতেই সেয়ে তালৈ সিদ্ধ হ’ব, আৰু তাৰ খেজুৰৰ পাত কেঁচাই নাথাকিব।
יחמס כגפן בסרו וישלך כזית נצתו׃ | 33 |
৩৩সি দ্ৰাক্ষালতাৰ নিচিনাকৈ নিজৰ আপইতা গুটি সৰাব, আৰু জিতগছৰ দৰে নিজৰ ফুল সৰাই পেলাব।
כי עדת חנף גלמוד ואש אכלה אהלי שחד׃ | 34 |
৩৪কিয়নো অধৰ্মিবোৰৰ সমাজ বন্ধ্যা হ’ব, আৰু ভেঁটি খুৱাবোৰৰ তম্বু অগ্নিয়ে গ্রাস কৰিব।
הרה עמל וילד און ובטנם תכין מרמה׃ | 35 |
৩৫সিহঁতে অনিষ্টক গৰ্ভধাৰণ কৰি ক্লেশ প্ৰসৱ কৰে; সিহঁতৰ পেটে প্ৰতাৰণা উৎপন্ন কৰে।”