< ירמיה 45 >

הדבר אשר דבר ירמיהו הנביא אל ברוך בן נריה בכתבו את הדברים האלה על ספר מפי ירמיהו בשנה הרבעית ליהויקים בן יאשיהו מלך יהודה לאמר׃ 1
যোচিয়াৰ পুত্ৰ যিহূদাৰ ৰজা যিহোয়াকীমৰ ৰাজত্ব কালৰ চতুৰ্থ বছৰত, নেৰিয়াৰ পুত্ৰ বাৰুকে এইবোৰ কথা যিৰিমিয়াৰ মুখৰ পৰা পুথি এখনত লিখা সময়ত, যিৰিমিয়া ভাববাদীয়ে তেওঁক এই কথা ক’লে,
כה אמר יהוה אלהי ישראל עליך ברוך׃ 2
“হে বাৰুক, ইস্ৰায়েলৰ ঈশ্বৰ যিহোৱাই তোমাক এইদৰে কৈছে:
אמרת אוי נא לי כי יסף יהוה יגון על מכאבי יגעתי באנחתי ומנוחה לא מצאתי׃ 3
তুমি ক’লা, যে, ‘হায় হায়, মই সন্তাপৰ পাত্ৰ। কিয়নো যিহোৱাই মোৰ বেদনাতে শোক লগ লগাই দিছে; মই কেঁকাই কেঁকাই ক্লান্ত হৈছোঁ, অলপ জিৰণী নাপাওঁ।’
כה תאמר אליו כה אמר יהוה הנה אשר בניתי אני הרס ואת אשר נטעתי אני נתש ואת כל הארץ היא׃ 4
তুমি তেওঁক কোৱা: যিহোৱাই এই কথা কৈছে: চোৱা, মই যি সাজিলোঁ, তাক ভাঙিম, আৰু মই যি ক’লোঁ, তাক উঘালিম, আৰু গোটেই দেশত এনেকৈয়ে কৰিম।
ואתה תבקש לך גדלות אל תבקש כי הנני מביא רעה על כל בשר נאם יהוה ונתתי לך את נפשך לשלל על כל המקמות אשר תלך שם׃ 5
তেন্তে তুমি নিজৰ বাবে মহত্ব বিচাৰিছা নে? সেইবোৰ নিবিচাৰিবা; কিয়নো, যিহোৱাই কৈছে, মই সকলো মৰ্ত্ত্যলৈ অমঙ্গল ঘটাম; কিন্তু তুমি যি যি ঠাইলৈ যাবা, সেই সেই ঠাইত মই তোমাক লুটদ্ৰব্যস্বৰূপে তোমাৰ প্ৰাণ দান কৰিম’।”

< ירמיה 45 >