< בראשית 50 >
ויפל יוסף על פני אביו ויבך עליו וישק לו׃ | 1 |
১তেতিয়া যোচেফে তেওঁৰ বাপেকৰ মুখৰ ওপৰত মুখ দি পৰিল, আৰু কান্দি কান্দি তেওঁক চুমা খালে।
ויצו יוסף את עבדיו את הרפאים לחנט את אביו ויחנטו הרפאים את ישראל׃ | 2 |
২পাছত যোচেফে তেওঁৰ বাপেকৰ মৃতদেহ সুগন্ধিদ্ৰব্যযুক্ত কৰি ৰাখিবলৈ, তেওঁৰ দাস চিকিৎসকসলক আজ্ঞা দিলে; তাতে চিকিৎসকসকলে ইস্ৰায়েলৰ দেহ সুগন্ধিদ্ৰব্যযুক্ত কৰিলে।
וימלאו לו ארבעים יום כי כן ימלאו ימי החנטים ויבכו אתו מצרים שבעים יום׃ | 3 |
৩তেওঁলোকে এই কাৰ্যত চল্লিশ দিন সময় ল’লে; কিয়নো সেই কাৰ্য কৰিবলৈ ইমান দিনেই প্ৰয়োজন হয়। পাছত মিচৰীয়াসকলে তেওঁৰ কাৰণে সত্তৰ দিন শোক কৰিলে।
ויעברו ימי בכיתו וידבר יוסף אל בית פרעה לאמר אם נא מצאתי חן בעיניכם דברו נא באזני פרעה לאמר׃ | 4 |
৪সেই শোকৰ দিন অতীত হোৱাৰ পাছত, যোচেফে ফৰৌণৰ অধিকাৰীসকলক ক’লে, “মই যদি আপোনালোকৰ আগত অনুগ্ৰহ প্ৰাপ্ত হৈছোঁ, তেনেহলে বিনয় কৰোঁ, ফৰৌণৰ ওচৰত এই কথা কওক যে,
אבי השביעני לאמר הנה אנכי מת בקברי אשר כריתי לי בארץ כנען שמה תקברני ועתה אעלה נא ואקברה את אבי ואשובה׃ | 5 |
৫‘মোৰ পিতৃয়ে মোক শপত কৰাই কৈছিল, চোৱা, মই এতিয়া মৰোঁহে; কনান দেশত মই মোৰ নিজৰ অৰ্থে খান্দি থোৱা মৈদামতেই তুমি মোক মৈদাম দিবা’। এতেকে, মই বিনয় কৰোঁ, এতিয়া মোৰ পিতৃক মৈদাম দিবলৈ মোক যাব দিয়ক; পাছত মই পুনৰ ঘূৰি আহিম’।”
ויאמר פרעה עלה וקבר את אביך כאשר השביעך׃ | 6 |
৬তেতিয়া ফৰৌণে ক’লে, “যোৱা; তোমাৰ পিতৃয়ে তোমাক শপত কৰোঁৱাৰ দৰেই তুমি তেওঁক মৈদাম দিয়াগৈ।”
ויעל יוסף לקבר את אביו ויעלו אתו כל עבדי פרעה זקני ביתו וכל זקני ארץ מצרים׃ | 7 |
৭তেতিয়া যোচেফে তেওঁৰ বাপেকক মৈদাম দিবলৈ যাত্ৰা কৰিলে; তাতে ফৰৌণৰ পাত্ৰমন্ত্ৰীসকল, তেওঁৰ ঘৰৰ বৃদ্ধসকল, মিচৰ দেশৰ সকলো বৃদ্ধ লোক,
וכל בית יוסף ואחיו ובית אביו רק טפם וצאנם ובקרם עזבו בארץ גשן׃ | 8 |
৮যোচেফ আৰু তেওঁৰ আটাই পৰিয়াল, তেওঁৰ ভায়েক-ককায়েকসকল, আৰু বাপেকৰ পৰিয়ালো তেওঁৰ লগত গ’ল; তেওঁলোকে কেৱল নিজৰ ল’ৰা-তিৰোতা আৰু মেৰ, ছাগ, আৰু গৰু আদিৰ জাকবোৰহে গোচনত এৰি গ’ল।
ויעל עמו גם רכב גם פרשים ויהי המחנה כבד מאד׃ | 9 |
৯তেওঁৰ লগত ৰথ, আৰু অশ্বাৰোহীসকল গ’ল। এইদৰে সকলো মিলি এটা অতি বৃহৎ দল হ’ল।
ויבאו עד גרן האטד אשר בעבר הירדן ויספדו שם מספד גדול וכבד מאד ויעש לאביו אבל שבעת ימים׃ | 10 |
১০পাছত তেওঁলোকে গৈ যৰ্দ্দনৰ সিপাৰে থকা আটদৰ মৰণা মৰা ঠাই পালে, সেই ঠাইতে তেওঁলোকে অতি দাৰুণ মহা-বিলাপেৰে বিলাপ কৰিলে।
וירא יושב הארץ הכנעני את האבל בגרן האטד ויאמרו אבל כבד זה למצרים על כן קרא שמה אבל מצרים אשר בעבר הירדן׃ | 11 |
১১তাতে সেই দেশ নিবাসী কনানীয়াসকলে আটদৰ মৰণা মৰা ঠাইত এইদৰে শোক কৰা দেখি ক’লে, “মিচৰীয়াসকলৰ এয়ে অতি দাৰুণ শোক।” এই হেতুকে যৰ্দ্দনৰ সিপাৰে থকা সেই ঠাই আবেল-নিশ্ৰিয়াম নামেৰে প্ৰখ্যাত হ’ল।
ויעשו בניו לו כן כאשר צום׃ | 12 |
১২পাছত যাকোবে নিজৰ পুত্ৰসকলক আজ্ঞা দিয়াৰ দৰেই তেওঁলোকে কৰিলে।
וישאו אתו בניו ארצה כנען ויקברו אתו במערת שדה המכפלה אשר קנה אברהם את השדה לאחזת קבר מאת עפרן החתי על פני ממרא׃ | 13 |
১৩তেওঁৰ পুত্ৰসকলে তেওঁক কনান দেশলৈ লৈ গ’ল আৰু মম্ৰিৰ সন্মুখত থকা মকপেলাৰ পথাৰৰ যি গুহা আছিল, তাতে মৈদাম দিলে। অব্ৰাহামে পথাৰে সৈতে সেই গুহা মৈদাম দিবৰ বাবে কিনিছিল। তেওঁ হিত্তীয়া ইফ্রোণৰ পৰা সেই ঠাই কিনি লৈছিল।
וישב יוסף מצרימה הוא ואחיו וכל העלים אתו לקבר את אביו אחרי קברו את אביו׃ | 14 |
১৪বাপেকক মৈদাম দিয়াৰ পাছত যোচেফ আৰু তেওঁৰ ভায়েক-ককায়েকসকলৰ লগতে বাপেকক মৈদাম দিবলৈ তেওঁলোকৰ লগত অহা সকলো লোক মিচৰদেশলৈ উভতি গ’ল।
ויראו אחי יוסף כי מת אביהם ויאמרו לו ישטמנו יוסף והשב ישיב לנו את כל הרעה אשר גמלנו אתו׃ | 15 |
১৫পাছত যোচেফৰ ককায়েকসকলে দেখিলে যে তেওঁলোকৰ পিতৃৰ মৃত্যু হ’ল, সেয়ে তেওঁলোকে ক’লে, “যদি যোচেফে ঘৃণা কৰে, আৰু আমি তেওঁলৈ যি যি অন্যায় কৰিছিলোঁ, তাৰ যদি প্ৰতিফল আমাক দিয়ে?”
ויצוו אל יוסף לאמר אביך צוה לפני מותו לאמר׃ | 16 |
১৬সেয়ে তেওঁলোকে যোচেফলৈ বার্তা পঠালে, আৰু ক’লে, “তোমাৰ পিতৃয়ে তেওঁৰ মৃত্যুৰ আগেয়ে এই আদেশ দিছিল, যে,
כה תאמרו ליוסף אנא שא נא פשע אחיך וחטאתם כי רעה גמלוך ועתה שא נא לפשע עבדי אלהי אביך ויבך יוסף בדברם אליו׃ | 17 |
১৭তোমালোকে যোচেফক এইদৰে ক’বা, ‘বিনয় কৰোঁ, তুমি তোমাৰ ককায়েৰাহঁতৰ জগৰ, তেওঁলোকৰ পাপ ক্ষমা কৰা; কিয়নো তেওঁলোকে তোমাক দুৰ্গতি কৰিছিল’। এতেকে, এতিয়া আমি বিনয় কৰোঁ, আপুনি নিজ পিতৃৰ ঈশ্বৰৰ দাসসকলৰ দোষ ক্ষমা কৰক।” এইদৰে তেওঁলোকে যোচেফলৈ কৈ পঠোৱাত, তেওঁ কান্দি পেলালে।
וילכו גם אחיו ויפלו לפניו ויאמרו הננו לך לעבדים׃ | 18 |
১৮তাৰ পাছত তেওঁৰ ককায়েকসকলে গৈ তেওঁৰ সন্মুখত পৰি ক’লে, “চাওক, আমি আপোনাৰে বন্দী।”
ויאמר אלהם יוסף אל תיראו כי התחת אלהים אני׃ | 19 |
১৯তেতিয়া যোচেফে তেওঁলোকক ক’লে, “ভয় নকৰিবা; কিয়নো, মই জানো ঈশ্বৰৰ প্ৰতিনিধি?
ואתם חשבתם עלי רעה אלהים חשבה לטבה למען עשה כיום הזה להחית עם רב׃ | 20 |
২০তোমালোকে মোৰ বিৰুদ্ধে অনিষ্টৰ কল্পনা কৰিছিলা হয়, কিন্তু এতিয়া যেনেকৈ দেখিছা তেনেকৈ অনেক লোকৰ প্ৰাণ ৰক্ষা কৰা কাৰ্য সিদ্ধ কৰাৰ অভিপ্ৰায়েৰে, ঈশ্বৰে ইয়াকে মঙ্গলৰ কল্পনা কৰিলে।
ועתה אל תיראו אנכי אכלכל אתכם ואת טפכם וינחם אותם וידבר על לבם׃ | 21 |
২১এতিয়া তোমালোকে ভয় নকৰিবা; মই তোমালোকক আৰু তোমালোকৰ ল’ৰা-তিৰোতাসকলকো প্ৰতিপালন কৰিম।” এইদৰে তেওঁলোকক তেওঁ শান্ত্বনা দিলে, আৰু মৰমৰ কথা ক’লে।
וישב יוסף במצרים הוא ובית אביו ויחי יוסף מאה ועשר שנים׃ | 22 |
২২পাছত যোচেফে তেওঁৰ পিতৃ-বংশৰ সৈতে মিচৰ দেশতে নিবাস কৰি থাকিল। আৰু যোচেফ এশ দহ বছৰ জীয়াই থাকিল।
וירא יוסף לאפרים בני שלשים גם בני מכיר בן מנשה ילדו על ברכי יוסף׃ | 23 |
২৩এইদৰে যোচেফে ইফ্ৰয়িমৰ পৰিনাতি দেখিবলৈ পালে। তেওঁ মনচিৰ পুতেক মাখীৰৰ সন্তান সকলকো দেখা পালে। তেওঁ তেওঁলোকক কোলাত লবলৈ পালে।
ויאמר יוסף אל אחיו אנכי מת ואלהים פקד יפקד אתכם והעלה אתכם מן הארץ הזאת אל הארץ אשר נשבע לאברהם ליצחק וליעקב׃ | 24 |
২৪পাছত যোচেফে তেওঁৰ ভায়েক-ককায়েকসকলক ক’লে, “মই এতিয়া মৃত্যুৰ সময়ত উপস্থিত হৈছোঁ; কিন্তু ঈশ্বৰে তোমালোকলৈ অৱশ্যে দৃষ্টি কৰিব আৰু অব্ৰাহাম, ইচহাক, আৰু যাকোবৰ আগত যি দেশ দিম বুলি শপত কৰিছিল, সেই দেশলৈ তোমালোকক এই দেশৰ পৰা লৈ যাব।”
וישבע יוסף את בני ישראל לאמר פקד יפקד אלהים אתכם והעלתם את עצמתי מזה׃ | 25 |
২৫তাৰ পাছত যোচেফে ইস্ৰায়েলৰ সন্তান সকলক শপত কৰালে। তেওঁ ক’লে, “ঈশ্বৰে অৱশ্যে তোমালোকলৈ দৃষ্টি কৰিব। সেই সময়ত নিশ্চয়কৈ তোমালোকে ইয়াৰ পৰা মোৰ অস্থি লৈ যাবা।”
וימת יוסף בן מאה ועשר שנים ויחנטו אתו ויישם בארון במצרים׃ | 26 |
২৬এইদৰে যোচেফ এশ দহ বছৰ বয়সত মৰিল; পাছত তেওঁক সুগন্ধিদ্ৰব্য যুক্ত কৰি, মিচৰত এটা পেড়াত ভৰাই ৰখা হ’ল।