< בראשית 19 >
ויבאו שני המלאכים סדמה בערב ולוט ישב בשער סדם וירא לוט ויקם לקראתם וישתחו אפים ארצה׃ | 1 |
১সেইদিনা সন্ধিয়া দুজন দূত চদোম নগৰলৈ আহিল। লোট তেতিয়া চদোম নগৰৰ প্রৱেশ দুৱাৰত বহি আছিল। তেওঁলোকক দেখা পাই লোটে উঠি সাক্ষাৎ কৰিবলৈ গ’ল আৰু মাটিত উবুৰি হৈ প্ৰণিপাত কৰিলে।
ויאמר הנה נא אדני סורו נא אל בית עבדכם ולינו ורחצו רגליכם והשכמתם והלכתם לדרככם ויאמרו לא כי ברחוב נלין׃ | 2 |
২তেওঁ ক’লে, “হে মোৰ প্ৰভুসকল, অনুগ্রহ কৰি আপোনালোকৰ এই দাসৰ ঘৰলৈ আহঁক আৰু ভৰি-হাত ধুই ৰাতিটো আজি ইয়াতে কটাওক। পুনৰ ৰাতিপুৱাতে উঠি নিজ বাটেদি গুচি যাব।” তেতিয়া তেওঁলোকে ক’লে, “নহয়, ৰাতিটো আমি নগৰৰ চকতেই থাকিম।”
ויפצר בם מאד ויסרו אליו ויבאו אל ביתו ויעש להם משתה ומצות אפה ויאכלו׃ | 3 |
৩কিন্তু বৰকৈ জোৰ কৰিবলৈ ধৰাত, তেওঁলোক লোটৰ লগত গৈ তেওঁৰ ঘৰত সোমাল; লোটে তেওঁলোকৰ কাৰণে খমীৰ নিদিয়া পিঠা সেকি এসাঁজ আহাৰ যুগুত কৰিলে আৰু তেওঁলোকক খাবলৈ দিলে।
טרם ישכבו ואנשי העיר אנשי סדם נסבו על הבית מנער ועד זקן כל העם מקצה׃ | 4 |
৪কিন্তু তেওঁলোকে শুবলৈ যোৱাৰ আগতে নগৰৰ লোকসকলে অৰ্থাৎ চদোমৰ ল’ৰা-বৃদ্ধ আদি কৰি সকলো লোক নগৰৰ চাৰিওফালৰ পৰা আহি ঘৰটো বেৰি ধৰিলেহি।
ויקראו אל לוט ויאמרו לו איה האנשים אשר באו אליך הלילה הוציאם אלינו ונדעה אתם׃ | 5 |
৫তেওঁলোকে লোটক মাতি ক’লে, “আজি ৰাতি যি কেইজন লোক তোমাৰ ইয়াত সোমাল, তেওঁলোক ক’ত আছে? তেওঁলোকক আমাৰ ওচৰলৈ উলিয়াই আনা; আমি সিহঁতৰ পৰিচয় লওঁ।”
ויצא אלהם לוט הפתחה והדלת סגר אחריו׃ | 6 |
৬তেতিয়া লোটে দুৱাৰৰ বাহিৰত ওলাই গৈ দুৱাৰখন জপাই ক’লে,
৭“হে ভাইসকল, মই বিনয় কৰিছোঁ, আপোনালোকে এনে কু-আচৰণ নকৰিব;
הנה נא לי שתי בנות אשר לא ידעו איש אוציאה נא אתהן אליכם ועשו להן כטוב בעיניכם רק לאנשים האל אל תעשו דבר כי על כן באו בצל קרתי׃ | 8 |
৮চাওঁক, মোৰ দুজনী ছোৱালী আছে; কোনো পুৰুষৰ সৈতে সিহঁতৰ সংস্পৰ্শ হোৱা নাই; সিহঁতকে মই আপোনালোকৰ ওচৰলৈ উলিয়াই আনো; সিহঁতৰ লগত আপোনালোকে যি ভাল দেখে কৰক; কেৱল এই লোকসকলক একো নকৰিব; কিয়নো তেওঁলোকে এতিয়া মোৰ ঘৰৰ ছাঁত আশ্ৰয় লৈছে।”
ויאמרו גש הלאה ויאמרו האחד בא לגור וישפט שפוט עתה נרע לך מהם ויפצרו באיש בלוט מאד ויגשו לשבר הדלת׃ | 9 |
৯তেতিয়া তেওঁলোকে ক’লে, “যোৱা, আমাৰ পথৰ পৰা আঁতৰ হৈ যোৱা!” তেওঁলোকে আকৌ ক’লে, “এইজন বিদেশী হিচাবে আমাৰ ইয়ালৈ আহিছিল আৰু এতিয়া আমাৰে বিচাৰক হ’বলৈ গৈছে। এতিয়া আমি সিহঁততকৈ তোৰ লগত আৰু বেয়া আচৰণ কৰিম।” এই বুলি কৈ লোকসকলে সেই মানুহৰ বিৰুদ্ধে আগবঢ়িল আৰু লোটক ঠেলা মাৰি দুৱাৰ ভাঙিবলৈ কাষ চাপি গ’ল।
וישלחו האנשים את ידם ויביאו את לוט אליהם הביתה ואת הדלת סגרו׃ | 10 |
১০তেতিয়া সেই দুজন পুৰুষে হাত মেলি লোটক ঘৰৰ ভিতৰলৈ টানি নিলে আৰু ভিতৰৰ পৰা দুৱাৰ বন্ধ কৰি দিলে;
ואת האנשים אשר פתח הבית הכו בסנורים מקטן ועד גדול וילאו למצא הפתח׃ | 11 |
১১তাৰ পাছত লোটৰ অতিথিসকলে ঘৰৰ দুৱাৰৰ বাহিৰত থকা সৰু বৰ সকলো মানুহকে আঘাত কৰি কণা কৰিলে; তাতে সেই মানুহবোৰে দুৱাৰ বিচাৰি বিচাৰি হাবাথুৰি খালে।
ויאמרו האנשים אל לוט עד מי לך פה חתן ובניך ובנתיך וכל אשר לך בעיר הוצא מן המקום׃ | 12 |
১২তাৰ পাছত সেই লোক দুজনে লোটক সুধিলে, “এই ঠাইত তোমাৰ আৰু কোনোবা আছে নেকি? তোমাৰ জোঁৱাই, পো, জী বা কোনো আত্মীয়-স্বজন আদি কৰি যিসকল লোক এই নগৰত আছে, সেই সকলোকে এই ঠাইৰ পৰা উলিয়াই লৈ যোৱা।
כי משחתים אנחנו את המקום הזה כי גדלה צעקתם את פני יהוה וישלחנו יהוה לשחתה׃ | 13 |
১৩কিয়নো আমি এই নগৰ ধ্বংস কৰিবৰ কাৰণে যুগুত হৈছোঁ। যিহোৱাৰ আগত এই ঠাইৰ লোকসকলৰ বিৰুদ্ধে ভীষণ হৈ চৈ হৈছে আৰু সেইবাবে তেওঁ তাক ধ্বংস কৰিবলৈ আমাক পঠাইছে।”
ויצא לוט וידבר אל חתניו לקחי בנתיו ויאמר קומו צאו מן המקום הזה כי משחית יהוה את העיר ויהי כמצחק בעיני חתניו׃ | 14 |
১৪তেতিয়া লোটে বাহিৰলৈ গৈ তেওঁৰ হবলগীয়া জোৱাঁইসকলক ক’লে, “সোনকাল কৰা! এতিয়াই এই ঠাই এৰি গুছি যোৱা; কিয়নো যিহোৱাই এই নগৰ ধ্বংস কৰিবলৈ যুগুত হৈছে।” কিন্তু জোঁৱায়েকহঁতে ভাৱিলে, তেওঁ ধেমালি কৰিছে।
וכמו השחר עלה ויאיצו המלאכים בלוט לאמר קום קח את אשתך ואת שתי בנתיך הנמצאת פן תספה בעון העיר׃ | 15 |
১৫তাৰ পাছত ৰাতিপুৱা সেই দুজন দূতে লোটক সোনকাল কৰিবলৈ দিলে আৰু ক’লে, “ইয়াত থকা তোমাৰ ভার্য্যা আৰু দুজনী জীয়ৰীক লৈ গৈ থাকা; তেতিয়াহে নগৰৰ লগত তোমালোকক এই শাস্তিত ধ্বংস কৰা নহ’ব।”
ויתמהמה ויחזקו האנשים בידו וביד אשתו וביד שתי בנתיו בחמלת יהוה עליו ויצאהו וינחהו מחוץ לעיר׃ | 16 |
১৬লোটে সংকোচ কৰি পলম কৰিবলৈ ধৰিলে। কিন্তু যিহোৱাৰ দয়া তেওঁৰ ওপৰত থকা কাৰণে সেই পুৰুষ দুজনে তেওঁক, তেওঁৰ ভার্য্যাক আৰু দুজনী জীয়েককো হাতত ধৰি টানি নগৰৰ বাহিৰলৈ উলিয়াই আনিলে।
ויהי כהוציאם אתם החוצה ויאמר המלט על נפשך אל תביט אחריך ואל תעמד בכל הככר ההרה המלט פן תספה׃ | 17 |
১৭সকলোকে বাহিৰ কৰি অনাৰ পাছত তেওঁলোকৰ এজনে লোটক ক’লে, “প্ৰাণ বচাবলৈ হ’লে পলোৱা! পাছলৈ ঘূৰি নাচাবা আৰু এই সমভূমিৰ কোনো ঠাইতে নৰখিবা; পাহাৰটোলৈ পলাই যোৱা; নহ’লে তোমালোকো বিনষ্ট হ’বা।”
ויאמר לוט אלהם אל נא אדני׃ | 18 |
১৮তেতিয়া লোটে তেওঁলোকক ক’লে, “নহয়, হে মোৰ প্ৰভু, তেনে নকব!
הנה נא מצא עבדך חן בעיניך ותגדל חסדך אשר עשית עמדי להחיות את נפשי ואנכי לא אוכל להמלט ההרה פן תדבקני הרעה ומתי׃ | 19 |
১৯চাওঁক, আপোনালোকৰ দৃষ্টিত আপোনালোকৰ এই দাসে অনুগ্ৰহ পাইছো আৰু মোৰ জীৱন ৰক্ষা কৰাত আপোনালোকে মোলৈ দয়াও দেখুৱালে; কিন্তু মই পাহাৰটোলৈ পলাই যাব নোৱাৰোঁ; কিয়নো মই গৈ পোৱাৰ আগেয়ে হয়তো সেই বিপদ আহি পৰিব আৰু মই মৰিম।
הנה נא העיר הזאת קרבה לנוס שמה והיא מצער אמלטה נא שמה הלא מצער הוא ותחי נפשי׃ | 20 |
২০চাওঁক, পলাই যাবলৈ হ’লে যথেষ্ট কাষতে সেইখন সৰু চহৰ আছে। প্রাণ ৰক্ষাৰ বাবে মোক তালৈকে পলাই যাবলৈ দিয়ক। ই জানো সৰু নহয়? তাতেই মোৰ প্ৰাণ ৰক্ষা পৰিব।”
ויאמר אליו הנה נשאתי פניך גם לדבר הזה לבלתי הפכי את העיר אשר דברת׃ | 21 |
২১তেতিয়া দূতে ক’লে, “বাৰু, মই তোমাৰ এই অনুৰোধ ৰাখিলোঁ। যি চহৰখনৰ কথা তুমি ক’লা, তাক মই ধ্বংস নকৰোঁ;
מהר המלט שמה כי לא אוכל לעשות דבר עד באך שמה על כן קרא שם העיר צוער׃ | 22 |
২২কিন্তু সোনকাল কৰা! বেগাই সেই ঠাইলৈকে পলোৱা; কিয়নো তুমি সেই ঠাই নোপোৱালৈকে, মই একো কৰিব নোৱাৰোঁ।” সেয়ে সেই চহৰখনৰ নাম হ’ল চোৱৰ।
השמש יצא על הארץ ולוט בא צערה׃ | 23 |
২৩লোটে যেতিয়া চোৱৰ গৈ পালে তেতিয়া সূৰ্য উদয় হৈছিল।
ויהוה המטיר על סדם ועל עמרה גפרית ואש מאת יהוה מן השמים׃ | 24 |
২৪তেনেতে যিহোৱাই আকাশৰ পৰা চদোম আৰু ঘমোৰাৰ ওপৰত গন্ধক আৰু অগ্নি বর্ষাবলৈ ধৰিলে।
ויהפך את הערים האל ואת כל הככר ואת כל ישבי הערים וצמח האדמה׃ | 25 |
২৫তেওঁ সেই নগৰকেইখন, গোটেই সমথল, নগৰৰ সকলো লোক আৰু ভূমিত গজা সকলো বস্তুকে বিনষ্ট কৰিলে।
ותבט אשתו מאחריו ותהי נציב מלח׃ | 26 |
২৬কিন্তু পাছত গৈ থকা লোটৰ ভার্য্যাই পাছফালে উভটি চালে, তাতে তেওঁ লোণৰ এটা স্তম্ভ হৈ গ’ল।
וישכם אברהם בבקר אל המקום אשר עמד שם את פני יהוה׃ | 27 |
২৭অব্ৰাহামে অতি পুৱাতে উঠি যি ঠাইত পূৰ্বতে যিহোৱাৰ সন্মুখত থিয় হৈছিল, সেই ঠাইলৈ গ’ল।
וישקף על פני סדם ועמרה ועל כל פני ארץ הככר וירא והנה עלה קיטר הארץ כקיטר הכבשן׃ | 28 |
২৮তেওঁ তলৰ ফালে চদোম, ঘমোৰা আৰু গোটেই সমতল ভূমিলৈ চাই দেখিলে যে অগ্নিকুণ্ডৰ ধুঁৱাৰ দৰে সেই সকলো ঠাইৰ পৰা ধুঁৱা উঠিছে।
ויהי בשחת אלהים את ערי הככר ויזכר אלהים את אברהם וישלח את לוט מתוך ההפכה בהפך את הערים אשר ישב בהן לוט׃ | 29 |
২৯যেতিয়া ঈশ্বৰে সমথলৰ নগৰবোৰ বিনষ্ট কৰিলে, তেতিয়া ঈশ্বৰে অব্ৰাহামক সোঁৱৰণ কৰিলে; তেওঁ লোটে য’ত বাস কৰিছিল, সেই নগৰবোৰৰ ধ্বংসস্তূপৰ মাজৰ পৰা তেওঁক বাহিৰলৈ উলিয়াই পঠালে।
ויעל לוט מצוער וישב בהר ושתי בנתיו עמו כי ירא לשבת בצוער וישב במערה הוא ושתי בנתיו׃ | 30 |
৩০পাছত লোটৰ চোৱৰত থাকিবলৈ সাহস নহ’ল আৰু সেয়ে তেওঁ জীয়েক দুজনীক লগত লৈ চোৱৰৰ পৰা ওলাই পাহাৰত বাস কৰিবলৈ উঠি গ’ল; তাত তেওঁ জীয়েক দুজনীৰে সৈতে এটা গুহাত বাস কৰিলে।
ותאמר הבכירה אל הצעירה אבינו זקן ואיש אין בארץ לבוא עלינו כדרך כל הארץ׃ | 31 |
৩১পাছত ডাঙৰ জীয়েকে সৰু জনীক ক’লে, “আমাৰ পিতৃ বৃদ্ধ হৈ গৈছে। এই এলেকাত এনে কোনো পুৰুষ নাই যেয়ে পৃথিৱীৰ নিয়ম অনুসাৰে আমাৰ লগত সম্বন্ধ কৰিব পাৰে।
לכה נשקה את אבינו יין ונשכבה עמו ונחיה מאבינו זרע׃ | 32 |
৩২আহাঁ, আমি আমাৰ পিতৃক দ্ৰাক্ষাৰস পান কৰাই তেওঁৰ লগত শয়ন কৰোঁহক। তাতে আমি আমাৰ পিতৃৰ বংশ ৰক্ষা কৰিব পাৰিম।”
ותשקין את אביהן יין בלילה הוא ותבא הבכירה ותשכב את אביה ולא ידע בשכבה ובקומה׃ | 33 |
৩৩সেই কথা অনুসাৰে সেইদিনা ৰাতি তেওঁলোকে বাপেকক দ্ৰাক্ষাৰস পান কৰাই মতলীয়া কৰিলে। তাৰ পাছত ডাঙৰজনীয়ে সোমাই গৈ বাপেকৰ লগত শয়ন কৰিলে; কিন্তু কেতিয়া তাই শুলে আৰু কেতিয়ানো উঠি গ’ল লোটে গমকে নাপালে।
ויהי ממחרת ותאמר הבכירה אל הצעירה הן שכבתי אמש את אבי נשקנו יין גם הלילה ובאי שכבי עמו ונחיה מאבינו זרע׃ | 34 |
৩৪পাছদিনা ডাঙৰজনীয়ে সৰু জনীক ক’লে, “শুনা, যোৱাকালি ৰাতি মই পিতৃৰ লগত শয়ন কৰিলোঁ; আহাঁ আজি ৰাতিও আমি পিতৃক দ্ৰাক্ষাৰস পান কৰাওঁ আৰু তুমি সোমাই গৈ তেওঁৰ লগত শয়ন কৰিবা। তাতে পিতৃৰ পৰা আমি আমাৰ বংশ ৰক্ষা কৰিব পাৰিম।”
ותשקין גם בלילה ההוא את אביהן יין ותקם הצעירה ותשכב עמו ולא ידע בשכבה ובקמה׃ | 35 |
৩৫এইদৰে সেইদিনা ৰাতিও তেওঁলোকে নিজৰ বাপেকক দ্ৰাক্ষাৰস পান কৰালে আৰু সৰু জীয়েকে গৈ বাপেকৰ লগত শয়ন কৰিলে; কিন্তু কেতিয়া যে তেওঁৰ ওচৰত শুলে আৰু কেতিয়ানো উঠি গ’ল, তাক লোটে গম নাপালে।
ותהרין שתי בנות לוט מאביהן׃ | 36 |
৩৬এইদৰে লোটৰ দুয়ো জনী জীয়েক নিজ বাপেকৰ দ্বাৰা গৰ্ভৱতী হ’ল।
ותלד הבכירה בן ותקרא שמו מואב הוא אבי מואב עד היום׃ | 37 |
৩৭পাছত ডাঙৰজনীৰ এটি পুত্ৰ হ’ল আৰু তেওঁ তাৰ নাম মোৱাব ৰাখিলে; এই মোৱাবেই বর্তমানৰ মোৱাবীয়াহঁতৰ আদিপিতৃ।
והצעירה גם הוא ילדה בן ותקרא שמו בן עמי הוא אבי בני עמון עד היום׃ | 38 |
৩৮পাছত সৰুজনীয়েও এটি পুত্ৰ প্ৰসব কৰিলে আৰু তাৰ নাম বিন-অম্মি হ’ল; তেওঁ বর্তমানৰ অম্মোনীয়াহঁতৰ আদিপিতৃ।