< עזרא 4 >
וישמעו צרי יהודה ובנימן כי בני הגולה בונים היכל ליהוה אלהי ישראל׃ | 1 |
১বন্দিত্ৱৰ পৰা উভতি অহা লোকসকলে ইস্ৰায়েলৰ ঈশ্বৰ যিহোৱাৰ উদ্দেশ্যে মন্দিৰ পুনৰ নিৰ্ম্মাণ কৰিছে বুলি যিহূদা আৰু বিন্যামীনৰ কিছুমান শত্ৰুৱে শুনিলে।
ויגשו אל זרבבל ואל ראשי האבות ויאמרו להם נבנה עמכם כי ככם נדרוש לאלהיכם ולא אנחנו זבחים מימי אסר חדן מלך אשור המעלה אתנו פה׃ | 2 |
২সেয়ে তেওঁলোকে জৰুব্বাবিল আৰু তেওঁলোকৰ পূৰ্বপুৰুষৰ জাতিৰ মূল লোকসকলৰ কাষ চাপিল। তেওঁলোকে তেওঁলোকক ক’লে, “আহাঁ আমি তোমালোকৰ সৈতে তোমালোকৰ দৰেই মন্দিৰ নিৰ্ম্মাণ কৰোঁহক, আমি তোমালোকৰ ঈশ্বৰক বিচাৰো আৰু অচূৰৰ এচৰ-হদ্দোন ৰজাই আমাক এই ঠাইলৈ অনা দিনৰে পৰা আমি সেই ঈশ্বৰৰ উদ্দেশ্যেই বলি-দান কৰি আছোঁ।”
ויאמר להם זרבבל וישוע ושאר ראשי האבות לישראל לא לכם ולנו לבנות בית לאלהינו כי אנחנו יחד נבנה ליהוה אלהי ישראל כאשר צונו המלך כורש מלך פרס׃ | 3 |
৩কিন্তু জৰুব্বাবিল, যেচুৱা আৰু তেওঁলোকৰ পূৰ্বপুৰুষৰ জাতিৰ মূল লোকসকলে ক’লে, “তোমালোক নহয়, কিন্তু আমিহে আমাৰ ঈশ্বৰৰ গৃহ নিৰ্ম্মাণ কৰিম। পাৰস্যৰ কোৰচ ৰজাই আদেশ দিয়া অনুসাৰে ইস্ৰায়েলৰ ঈশ্বৰ যিহোৱাৰ উদ্দেশ্যে আমি গৃহ নিৰ্ম্মাণ কৰিম।”
ויהי עם הארץ מרפים ידי עם יהודה ומבלהים אותם לבנות׃ | 4 |
৪সেয়ে দেশৰ লোকসকলে যিহূদাৰ লোকসকলক ভয় দেখুৱাই গৃহ নিৰ্ম্মাণ কাৰ্যত বাধা প্রয়োগ কৰিলে।
וסכרים עליהם יועצים להפר עצתם כל ימי כורש מלך פרס ועד מלכות דריוש מלך פרס׃ | 5 |
৫তেওঁলোকৰ অভিপ্রায় ব্যৰ্থ কৰিবলৈ তেওঁলোকে পৰমৰ্শদাতাকো উৎকোচ হিচাবে ধন প্রদান কৰিছিল। পাৰস্যৰ কোৰচ ৰজাই ৰাজত্ব কৰা দিনলৈকে আৰু পাৰস্যৰ দাৰিয়াবচ ৰজাৰ ৰাজত্ব সময়লৈকে, তেওঁলোকে এনেদৰে কৰি থাকিল।
ובמלכות אחשורוש בתחלת מלכותו כתבו שטנה על ישבי יהודה וירושלם׃ | 6 |
৬তাৰ পাছত অহচবেৰোচ ৰজাৰ ৰাজত্বৰ আৰম্ভণিতে তেওঁলোকে যিহূদা আৰু যিৰূচালেম-নিবাসীসকলৰ বিৰুদ্ধে এখন অভিযোগ-পত্ৰ লিখিলে।
ובימי ארתחששתא כתב בשלם מתרדת טבאל ושאר כנותו על ארתחששתא מלך פרס וכתב הנשתון כתוב ארמית ומתרגם ארמית׃ | 7 |
৭অহচবেৰোচ ৰজাৰ ৰাজত্বৰ সময়ত, সেই বিশ্লম, মিত্ৰদাৎ, টাবেল, আৰু তেওঁৰ সহকাৰীসকলে, পাৰস্যৰ অহচবেৰোচ ৰজালৈ এখন পত্র লিখিলে। সেই পত্ৰ অৰামীয়া ভাষাৰে লিখা আৰু অনুবাদ কৰা আছিল।
רחום בעל טעם ושמשי ספרא כתבו אגרה חדה על ירושלם לארתחששתא מלכא כנמא׃ | 8 |
৮ৰহূম সেনাপতি আৰু চিমচয় লিখকেও অৰ্তক্ষত্ৰ ৰজালৈ যিৰূচালেমৰ বিষয়ে এইদৰে এখন পত্র লিখিলে।
אדין רחום בעל טעם ושמשי ספרא ושאר כנותהון דיניא ואפרסתכיא טרפליא אפרסיא ארכוי בבליא שושנכיא דהוא עלמיא׃ | 9 |
৯তাৰ পাছত ৰহূম, চিমচয়, আৰু তেওঁৰ সহকাৰীসকল দীনায়ীয়া, অফৰ্চৎখীয়া, টৰ্পলীয়া, অৰ্ফচীয়া, অৰ্কবীয়া, বাবিলীয়া, চুচনখীয়া, দেহয়ীয়া, আৰু এলমীয়া লোকসকলে এখন পত্র লিখিলে।
ושאר אמיא די הגלי אסנפר רבא ויקירא והותב המו בקריה די שמרין ושאר עבר נהרה וכענת׃ | 10 |
১০নদীৰ সিপাৰে থকা দেশৰ অৱশিষ্ট লোকসকলৰ সৈতে তেওঁলোকে মহামহিম মৰ্য্যদাৱান অস্নপ্পৰে চমৰিয়াত বাস কৰিবলৈ বাধ্য কৰোঁৱা লোকসকলৰ লগত যোগ দিলে।
דנה פרשגן אגרתא די שלחו עלוהי על ארתחששתא מלכא עבדיך אנש עבר נהרה וכענת׃ | 11 |
১১এই খনেই তেওঁলোকে অৰ্তক্ষত্ৰ ৰজালৈ পঠোৱা পত্ৰখনৰ অনুলিপি, “নদীৰ সিপাৰে থকা আপোনাৰ দাসবোৰে এই পত্র লিখিছে:
ידיע להוא למלכא די יהודיא די סלקו מן לותך עלינא אתו לירושלם קריתא מרדתא ובאישתא בנין ושורי אשכללו ואשיא יחיטו׃ | 12 |
১২মহাৰাজক জানিবলৈ দিওঁ যে, যি যিহূদী লোকসকল আপোনাৰ পৰা আঁতৰি গৈ, পুনৰ যিৰূচালেমলৈ আহি আমাৰ বিৰুদ্ধে বিদ্রোহী নগৰ নিৰ্ম্মাণ কৰিছে। তেওঁলোকে দেৱালবোৰ সম্পূৰ্ণ কৰিলে আৰু ভিত্তিমূল মেৰামতি কৰিলে।
כען ידיע להוא למלכא די הן קריתא דך תתבנא ושוריה ישתכללון מנדה בלו והלך לא ינתנון ואפתם מלכים תהנזק׃ | 13 |
১৩এতিয়া ৰজাক জানিবলৈ দিওঁ যে, যদি তেওঁলোকে এই নগৰ নিৰ্ম্মাণ কৰে আৰু দেৱালবোৰ সম্পূৰ্ণ কৰে তেনেহলে, তেওঁলোকে আপোনাক কোনো প্রকাৰৰ কৰ-কাটল নিদিব, কিন্তু তেওঁলোকে ৰজাৰ অনিষ্টহে কৰিব।
כען כל קבל די מלח היכלא מלחנא וערות מלכא לא אריך לנא למחזא על דנה שלחנא והודענא למלכא׃ | 14 |
১৪আমি হ’ল সচাঁকৈয়ে ৰজা প্রসাদৰ নিমখ খাই আছোঁ, সেয়ে ৰজাৰ কোনো অপমান হোৱা চাই থকা আমাৰ পক্ষে উচিত নহয়। এই কাৰণে আমি মহাৰাজক এই কথা জনাইছোঁ।
די יבקר בספר דכרניא די אבהתך ותהשכח בספר דכרניא ותנדע די קריתא דך קריא מרדא ומהנזקת מלכין ומדנן ואשתדור עבדין בגוה מן יומת עלמא על דנה קריתא דך החרבת׃ | 15 |
১৫আপোনাৰ পিতৃৰ ইতিহাস-পুস্তকত বিচাৰি চাওক আৰু প্রমাণ কৰক যে, এইখন এখন বিদ্ৰোহী নগৰ ই ৰজা আৰু প্ৰদেশবোৰৰ অনিষ্টজনক। ই ৰজা আৰু প্রদেশলৈ বহুতো সমস্যাৰ সৃষ্টি কৰিব। বহু আগৰে পৰা বিদ্রোহীসকলৰ বাবে এইখন এখন মূখ্য ঠাই। ইয়াৰ বাবেই সেই নগৰখন ধংস হৈছিল।
מהודעין אנחנה למלכא די הן קריתא דך תתבנא ושוריה ישתכללון לקבל דנה חלק בעבר נהרא לא איתי לך׃ | 16 |
১৬আমি মহাৰাজক জনাও যে, যদি এই নগৰ আৰু তাৰ দেৱাল নিৰ্ম্মাণ কৰা হয় তেনেহ’লে মহা নদীৰ সিপাৰে আপোনাৰ কোনো অস্তিত্ৱ নাথাকিব।”
פתגמא שלח מלכא על רחום בעל טעם ושמשי ספרא ושאר כנותהון די יתבין בשמרין ושאר עבר נהרה שלם וכעת׃ | 17 |
১৭ৰজাই ৰহূম, চিমচয়, চমৰিয়াত থকা তেওঁলোকৰ সহকাৰীসকল আৰু নদীৰ সিপাৰে থকা অৱশিষ্ট লোকসকলক উত্তৰ লিখি পঠালে, “তোমালোকৰ মঙ্গল হওক।
נשתונא די שלחתון עלינא מפרש קרי קדמי׃ | 18 |
১৮তোমালোকে মোলৈ পঠোৱা পত্ৰ অনুবাদ কৰি মোৰ আগত পঢ়ি শুনালে।
ומני שים טעם ובקרו והשכחו די קריתא דך מן יומת עלמא על מלכין מתנשאה ומרד ואשתדור מתעבד בה׃ | 19 |
১৯সেয়ে মই বুজ-বিচাৰ কৰিবলৈ আজ্ঞা দিলোঁ আৰু জানিব পাৰিলোঁ যে, আগৰে পৰাই তেওঁলোক বিদ্রোহী আছিল আৰু ৰজাৰ বিৰুদ্ধে বিদ্রোহ কৰিছিল।
ומלכין תקיפין הוו על ירושלם ושליטין בכל עבר נהרה ומדה בלו והלך מתיהב להון׃ | 20 |
২০পৰাক্রমী ৰজাসকলে যিৰূচালেমৰ ওপৰত শাসন কৰিছিল আৰু নদীৰ সিপাৰৰ সকলো বস্তুৰ ওপৰত অধিকাৰ কৰিছিল। তেওঁলোকক কৰ-কাটল দিছিলে।
כען שימו טעם לבטלא גבריא אלך וקריתא דך לא תתבנא עד מני טעמא יתשם׃ | 21 |
২১এতিয়া, সেই লোকসকলক এই নগৰ নিৰ্ম্মাণ কাৰ্য বন্ধ কৰিবলৈ আজ্ঞা দিওঁ আৰু যেতিয়ালৈকে মই আজ্ঞা নিদিওঁ তেতিয়ালৈকে তেওঁলোকে নগৰ নিৰ্ম্মাণ কৰিব নোৱাৰে।
וזהירין הוו שלו למעבד על דנה למה ישגא חבלא להנזקת מלכין׃ | 22 |
২২সাৱধান হোৱা, ইয়াক অৱহেলা নকৰিবা। কিয় ৰজাক আঘাত দিবলৈ ক্ষতি বৃদ্ধি কৰিছা?”
אדין מן די פרשגן נשתונא די ארתחששתא מלכא קרי קדם רחום ושמשי ספרא וכנותהון אזלו בבהילו לירושלם על יהודיא ובטלו המו באדרע וחיל׃ | 23 |
২৩যেতিয়া অৰ্তক্ষত্ৰ ৰজাৰ আজ্ঞা ৰহূম, চিমচয়, আৰু তেওঁলোকৰ সহকাৰীসকলৰ আগত পঢ়ি শুনালে, তেওঁলোকে তৎক্ষণাত যিৰূচালেমলৈ গ’ল আৰু যিহূদীসকলক বলেৰে গৃহ নিৰ্ম্মাণ কাৰ্য বন্ধ কৰিলে।
באדין בטלת עבידת בית אלהא די בירושלם והות בטלא עד שנת תרתין למלכות דריוש מלך פרס׃ | 24 |
২৪সেয়ে পাৰস্যৰ ৰজা দাৰিয়াবচৰ ৰাজত্ব কালৰ দ্বিতীয় বছৰলৈকে যিৰূচালেমত ঈশ্বৰৰ গৃহৰ নিৰ্ম্মাণৰ কাৰ্য বন্ধ থাকিল।