< שמות 36 >

ועשה בצלאל ואהליאב וכל איש חכם לב אשר נתן יהוה חכמה ותבונה בהמה לדעת לעשת את כל מלאכת עבדת הקדש לכל אשר צוה יהוה׃ 1
সেয়ে পবিত্ৰ-স্থানৰ সকলো কাৰ্য ভালদৰে কৰিবলৈ, যিহোৱাই বচলেল আৰু অহলীয়াৰ সৈতে আন যি সকলো লোকক দক্ষতা আৰু বুজিব পৰা শক্তি দিলে, সেই সকলো জ্ঞানী লোকে যিহোৱাৰ আজ্ঞা অনুসাৰে কাৰ্য কৰিব।”
ויקרא משה אל בצלאל ואל אהליאב ואל כל איש חכם לב אשר נתן יהוה חכמה בלבו כל אשר נשאו לבו לקרבה אל המלאכה לעשת אתה׃ 2
তাৰ পাছত মোচিয়ে বচলেল আৰু অহলীয়াবৰ সৈতে যিহোৱাই যিসকল লোকক দক্ষতা দিছিল, আৰু ইচ্ছাকৃত ভাৱে তেওঁলোকৰ লগত কাম কৰিবলৈ আহিছিল, তেওঁলোকক মাতিলে।
ויקחו מלפני משה את כל התרומה אשר הביאו בני ישראל למלאכת עבדת הקדש לעשת אתה והם הביאו אליו עוד נדבה בבקר בבקר׃ 3
তেওঁলোকে, পবিত্ৰ-স্থানৰ নিৰ্মাণ কাৰ্যৰ বাবে ইস্ৰায়েলী লোকসকলে আনি দিয়া সকলো উপহাৰ মোচিৰ পৰা গ্রহণ কৰিলে। লোকসকলে প্ৰতি ৰাতিপুৱা মোচিৰ আগত ইচ্ছাকৃত ভাৱে দান আনিছিল।
ויבאו כל החכמים העשים את כל מלאכת הקדש איש איש ממלאכתו אשר המה עשים׃ 4
সেয়ে পবিত্ৰ স্থানত কাম কৰি থকা সকলো দক্ষতাসম্পন্ন লোকসকল কামৰ পৰা আহিল।
ויאמרו אל משה לאמר מרבים העם להביא מדי העבדה למלאכה אשר צוה יהוה לעשת אתה׃ 5
তেওঁলোকে মোচিক ক’লে, “যিহোৱাই যিবোৰ কাম কৰিবলৈ আজ্ঞা দিছিল, সেই কাৰ্যৰ বাবে প্রয়োজনীয় বস্তুতকৈ লোকসকলে অধিক বস্তু আনি আছে।”
ויצו משה ויעבירו קול במחנה לאמר איש ואשה אל יעשו עוד מלאכה לתרומת הקדש ויכלא העם מהביא׃ 6
সেয়ে মোচিয়ে নিৰ্দেশ দিলে যে, তম্বুত থকা লোকসকলে পবিত্ৰ-স্থানৰ কাৰ্যৰ বাবে আৰু উপহাৰ আনিব নালাগে। তেতিয়া লোকসকলে উপহাৰ অনা বন্ধ কৰিলে।
והמלאכה היתה דים לכל המלאכה לעשות אתה והותר׃ 7
কিয়নো সকলো কাৰ্য কৰিবৰ অর্থে তেওঁলোকৰ যথেষ্ট বস্তু আছিল, এনেকি প্রয়োজনতকৈ অধিক আছিল।
ויעשו כל חכם לב בעשי המלאכה את המשכן עשר יריעת שש משזר ותכלת וארגמן ותולעת שני כרבים מעשה חשב עשה אתם׃ 8
সেয়ে তেওঁলোকৰ মাজত শিল্পকাৰ্য কৰা লোকসকলে আবাসৰ কাৰ্য আৰম্ভ কৰিলে। তেওঁলোকে পকোৱা মিহি শণ সূতা, আৰু নীলা, বেঙুনীয়া, আৰু ৰঙা বৰণীয়া সূতাৰে দহখন পৰ্দা তৈয়াৰ কৰিলে। তেওঁলোকে পৰ্দাৰ ওপৰত কৰূবৰ ছবি আঁকিলে। এই কাৰ্য অতি নিপূণ শিল্পকাৰ বচলেলৰ কাম আছিল।
ארך היריעה האחת שמנה ועשרים באמה ורחב ארבע באמה היריעה האחת מדה אחת לכל היריעת׃ 9
প্ৰত্যেকখন পৰ্দাই সমান জোখৰ আছিল, আঠাইশ হাত দীঘল, আৰু চাৰি হাত বহল।
ויחבר את חמש היריעת אחת אל אחת וחמש יריעת חבר אחת אל אחת׃ 10
১০তাৰ পাছত বচলেলে পাঁচখন পৰ্দা ইখনক সিখনৰ লগত জোৰা দিলে, আৰু আন পাঁচখনো ইখনক সিখনৰ লগত জোৰা দিলে।
ויעש ללאת תכלת על שפת היריעה האחת מקצה במחברת כן עשה בשפת היריעה הקיצונה במחברת השנית׃ 11
১১তেওঁ নীলা জৰীৰ পাক প্ৰথমে জোৰা দিয়া পাঁচখন পৰ্দাৰ শেষৰ খনৰ আউঠিত লগালে, আৰু দ্বিতীয়তে জোৰা দিয়া পাঁচখন পৰ্দাৰ শেষৰ খনৰ আউঠিতো নীলা জৰীৰ পাক দিলে।
חמשים ללאת עשה ביריעה האחת וחמשים ללאת עשה בקצה היריעה אשר במחברת השנית מקבילת הללאת אחת אל אחת׃ 12
১২সেই প্ৰথমখন পৰ্দাৰ পঞ্চাশটা আউঠিত পঞ্চাশটা জৰীৰ পাক, আৰু দ্বিতীয়তে জোৰা দিয়া পৰ্দাৰ শেষৰ আউঠিত পঞ্চাশটা জৰীৰ পাক দিলে। সেই জৰীৰ পাক দুশাৰী মুখামুখকৈ লগালে।
ויעש חמשים קרסי זהב ויחבר את הירעת אחת אל אחת בקרסים ויהי המשכן אחד׃ 13
১৩তেওঁ সোণৰ পঞ্চাশটা হাঁকোটা গঢ়াই, সেই হাঁকোটাৰে পৰ্দা দুখন ইখনক সিখনৰ লগত বান্ধিলে; আৰু এইদৰে সেই আবাস একলগ কৰি এটা কৰা হ’ল।
ויעש יריעת עזים לאהל על המשכן עשתי עשרה יריעת עשה אתם׃ 14
১৪সেই আবাসৰ ওপৰৰ তম্বুৰ বাবে ছাগলীৰ নোমেৰে কাপোৰ যুগুত কৰিলে। তেওঁ এঘাৰখন পৰ্দা যুগুত কৰিলে।
ארך היריעה האחת שלשים באמה וארבע אמות רחב היריעה האחת מדה אחת לעשתי עשרה יריעת׃ 15
১৫প্ৰতিখন পৰ্দা সমান জোখৰ আছিল, দীঘলে ত্ৰিশ হাত, আৰু বহলে চাৰি হাত।
ויחבר את חמש היריעת לבד ואת שש היריעת לבד׃ 16
১৬তেওঁ পাঁচখন পৰ্দা ইখনক সিখনৰ লগত জোৰা দিলে, আৰু আন ছয়খন পৰ্দা ইখনক সিখনৰ লগত জোৰা দিলে।
ויעש ללאת חמשים על שפת היריעה הקיצנה במחברת וחמשים ללאת עשה על שפת היריעה החברת השנית׃ 17
১৭প্ৰথমে জোৰা দিয়া পাঁচখন পৰ্দাৰ শেষৰ খনৰ আউঠিত পঞ্চাশটা জৰীৰ পাক, আৰু তেনেকুৱাই জোৰা দিয়া দ্বিতীয়খন পৰ্দাৰ শেষৰ আউঠিত পঞ্চাশটা জৰীৰ পাক দিলে।
ויעש קרסי נחשת חמשים לחבר את האהל להית אחד׃ 18
১৮বচলেলে প্রথম আৰু দ্বিতীয়তে জোৰা দিয়া পৰ্দাবোৰ লগলগাই তম্বু একে লগ কৰিবৰ অৰ্থে পিতলৰ পঞ্চাশটা হাঁকোটা গঢ়ালে।
ויעש מכסה לאהל ערת אלים מאדמים ומכסה ערת תחשים מלמעלה׃ 19
১৯ৰঙা ৰং কৰা মেৰ-ছাগৰ ছালেৰে তম্বুৰ বাবে এটা আবৰণ আৰু তাৰ ওপৰতো তহচ জন্তুৰ ছালেৰে আৰু এটা আবৰণ যুগুত কৰিলে।
ויעש את הקרשים למשכן עצי שטים עמדים׃ 20
২০বচলেলে আবাসৰ বাবে চিটীম কাঠেৰে থিয়কৈ দিয়া তক্তা যুগুত কৰিলে।
עשר אמת ארך הקרש ואמה וחצי האמה רחב הקרש האחד׃ 21
২১তাৰ এখন তক্তা দহ হাত দীঘল, আৰু ডেৰ হাত বহল আছিল।
שתי ידת לקרש האחד משלבת אחת אל אחת כן עשה לכל קרשי המשכן׃ 22
২২প্ৰতিখন তক্তাত তেওঁ একে জোখৰ দুটাকৈ ওলোৱা অংশ কৰিলে; এইদৰে তাৰ আবাসৰ সকলো তক্তা কৰিলে।
ויעש את הקרשים למשכן עשרים קרשים לפאת נגב תימנה׃ 23
২৩এইদৰে আবাসৰ বাবে যি তক্তা প্রস্তুত কৰিলে তাৰে বিশখন তক্তা দক্ষিণ ফালৰ বাবে যুগুত কৰিলে।
וארבעים אדני כסף עשה תחת עשרים הקרשים שני אדנים תחת הקרש האחד לשתי ידתיו ושני אדנים תחת הקרש האחד לשתי ידתיו׃ 24
২৪বচলেলে সেই বিশখন তক্তাৰ তলত ৰূপৰ চল্লিশটা চুঙী গঢ়ালে; এখন তক্তাৰ তলত তাৰ দুটা খুটাৰ বাবে দুটা চুঙী, আৰু আন আন তক্তাৰ তলতো দুটাকৈ চুঙী গঢ়ালে।
ולצלע המשכן השנית לפאת צפון עשה עשרים קרשים׃ 25
২৫আবাসৰ দ্বিতীয় ফালৰ উত্তৰ দিশে বিশখন তক্তা যুগুত কৰিলে,
וארבעים אדניהם כסף שני אדנים תחת הקרש האחד ושני אדנים תחת הקרש האחד׃ 26
২৬আৰু সেইবোৰৰ বাবে ৰূপৰ চল্লিশটা চুঙী গঢ়ালে। এখন তক্তাৰ তলত দুটা চুঙী, আৰু আনবোৰ তক্তাৰ তলতো দুটাকৈ চুঙী লগালে।
ולירכתי המשכן ימה עשה ששה קרשים׃ 27
২৭আবাসৰ পিছফালৰ পশ্চিম দিশৰ বাবে ছয় খন তক্তা যুগুত কৰিলে।
ושני קרשים עשה למקצעת המשכן בירכתים׃ 28
২৮আবাসৰ পিছফালৰ চুক দুটাৰ বাবে দুখন তক্তা যুগুত কৰিলে।
והיו תואמם מלמטה ויחדו יהיו תמים אל ראשו אל הטבעת האחת כן עשה לשניהם לשני המקצעת׃ 29
২৯প্ৰত্যেক তক্তাৰ তলৰফাল খোলা ৰাখিলে, কিন্তু ওপৰফালে আঙঠিৰে একলগ কৰা হ’ল। দুয়োটা চুকৰ বাবে দুয়োখন তক্তা এইদৰে কৰা হ’ল।
והיו שמנה קרשים ואדניהם כסף ששה עשר אדנים שני אדנים שני אדנים תחת הקרש האחד׃ 30
৩০ৰূপৰ চুঙীৰে সৈতে আঠখন তক্তা আছিল। সেইবোৰৰ বাবে ৰূপৰ চুঙী সৰ্বমুঠ ষোল্লটা, প্ৰত্যেক তক্তাৰ তলত দুটাকৈ চুঙী লগোৱা হ’ল।
ויעש בריחי עצי שטים חמשה לקרשי צלע המשכן האחת׃ 31
৩১বচলেলে আবাসৰ এফালৰ তক্তাৰ বাবে পাঁচডাল,
וחמשה בריחם לקרשי צלע המשכן השנית וחמשה בריחם לקרשי המשכן לירכתים ימה׃ 32
৩২আৰু আবাসৰ আন ফালৰ তক্তাৰ বাবে পাঁচডাল, আৰু আবাসৰ পশ্চিম দিশে থকা পাছফালৰ তক্তাৰ বাবেও পাঁচডাল চিটীম কাঠৰ পথালি ডাং যুগুত কৰিলে।
ויעש את הבריח התיכן לברח בתוך הקרשים מן הקצה אל הקצה׃ 33
৩৩কিন্তু মাজৰ ডাং ডাল তক্তাবোৰৰ মাজেদি এমুৰৰ পৰা আন মুৰলৈকে যোৱাকৈ কৰিলে।
ואת הקרשים צפה זהב ואת טבעתם עשה זהב בתים לבריחם ויצף את הבריחם זהב׃ 34
৩৪সেই তক্তাবোৰত সোণৰ পতা মাৰিলে, আৰু ডাংবোৰ সুমুৱাবলৈ, সেইবোৰত সোণৰ আঙঠি গঢ়ালে; আৰু ডাং বোৰতো সোণৰ পতা মাৰিলে।
ויעש את הפרכת תכלת וארגמן ותולעת שני ושש משזר מעשה חשב עשה אתה כרבים׃ 35
৩৫বচলেলে নীলা, বেঙেনা, আৰু ৰঙা বৰণীয়া সূতা আৰু পকোৱা মিহি শণ সূতাৰে এখন পৰ্দা তৈয়াৰ কৰিলে। সেই পৰ্দাত নিপুণ শিল্পকাৰৰ দ্বাৰাই কৰূবৰ নক্সা তৈয়াৰ কৰা হ’ল।
ויעש לה ארבעה עמודי שטים ויצפם זהב וויהם זהב ויצק להם ארבעה אדני כסף׃ 36
৩৬পৰ্দাৰ বাবে চিটীম কাঠৰ চাৰিটা খুঁটা বনাই, সেইবোৰত সোণৰ পতা মাৰিলে। খুটাৰ বাবে সোণৰ হাঁকোটা গঢ়ালে, আৰু ৰূপৰ চাৰিটা চুঙী সাঁচত ঢালিলে।
ויעש מסך לפתח האהל תכלת וארגמן ותולעת שני ושש משזר מעשה רקם׃ 37
৩৭তেওঁ তম্বুৰ দুৱাৰৰ বাবে নীলা, বেঙেনা আৰু ৰঙা বৰণীয়া সূতা আৰু পকোৱা মিহি শণ সূতাৰে বোৱা, শিল্পকাৰে ফুল বছা এখন পৰ্দা যুগত কৰিলে।
ואת עמודיו חמשה ואת וויהם וצפה ראשיהם וחשקיהם זהב ואדניהם חמשה נחשת׃ 38
৩৮পৰ্দাৰ বাবে পাঁচোটা খুঁটা আৰু সেইবোৰৰ হাঁকোটা বনালে। খুটাবোৰৰ ওপৰভাগত আৰু মাৰিবোৰত সোণৰ পতা মাৰিলে। সেইবোৰৰ বাবে পাঁচটা পিতলৰ চুঙী তৈয়াৰ কৰিলে।

< שמות 36 >