< דברי הימים ב 25 >
בן עשרים וחמש שנה מלך אמציהו ועשרים ותשע שנה מלך בירושלם ושם אמו יהועדן מירושלים׃ | 1 |
১অমচিয়াই পঁচিশ বছৰ বয়সত ৰাজপদ লৈ যিৰূচালেমত ঊনত্ৰিশ বছৰ ৰাজত্ব কৰিলে৷ তেওঁৰ মাতৃ যিৰূচালেম-নিবাসিনী যিহোৱাদ্দন আছিল।
ויעש הישר בעיני יהוה רק לא בלבב שלם׃ | 2 |
২যিহোৱাৰ দৃষ্টিত যি ন্যায়, তেওঁ তাকে কৰিছিল, কিন্তু সিদ্ধ মনেৰে কৰা নাছিল।
ויהי כאשר חזקה הממלכה עליו ויהרג את עבדיו המכים את המלך אביו׃ | 3 |
৩তেওঁ ৰজা হিচাপে নিজৰ অধিকাৰ প্ৰায় ভালদৰে স্থাপিত কৰাৰ পাছত, তেওঁৰ পিতৃ ৰজাক বধ কৰা নিজৰ দাসবোৰক তেওঁ বধ কৰিছিল।
ואת בניהם לא המית כי ככתוב בתורה בספר משה אשר צוה יהוה לאמר לא ימותו אבות על בנים ובנים לא ימותו על אבות כי איש בחטאו ימותו׃ | 4 |
৪কিন্তু তেওঁ তেওঁলোকৰ সন্তান সকলক বধ কৰা নাছিল৷ মোচিৰ ব্যৱস্থা-পুস্তকখনত লিখা যিহোৱাৰ আজ্ঞা অনুসাৰে তেওঁ কাৰ্য কৰিছিল; ব্যৱস্থা-পুস্তকত লিখা আছিল, “পুত্ৰসকলৰ কাৰণে পিতৃসকল আৰু পিতৃসকলৰ কাৰণে পুত্ৰসকল নমৰিব৷ প্ৰতিজনে নিজ নিজ পাপৰ কাৰণে মৰিব।”
ויקבץ אמציהו את יהודה ויעמידם לבית אבות לשרי האלפים ולשרי המאות לכל יהודה ובנימן ויפקדם למבן עשרים שנה ומעלה וימצאם שלש מאות אלף בחור יוצא צבא אחז רמח וצנה׃ | 5 |
৫তদুপৰি অমচিয়াই যিহূদাক এক গোট কৰিছিল আৰু গোটেই যিহূদা আৰু বিন্যামীনৰ পিতৃবংশ অনুসাৰে সহস্ৰপতি আৰু শতপতিসকলৰ অধীনত লোকসকলক শৃংখলাকৈ ৰাখিছিল। বিশ বছৰতকৈ অধিক বয়সীয়া লোকসকলক হিচাব কৰিলে, আৰু যাঠী-ঢাল ধৰি যুদ্ধলৈ যাব পৰা তিনি লাখ মনোনীত লোকক বিচাৰি পাইছিল।
וישכר מישראל מאה אלף גבור חיל במאה ככר כסף׃ | 6 |
৬তেওঁ এশ কিক্কৰ ৰূপ বেচ হিচাবে দি ইস্ৰায়েলৰ পৰা এক লাখ পৰাক্ৰমী বীৰ পুৰুষ আনিছিল।
ואיש האלהים בא אליו לאמר המלך אל יבא עמך צבא ישראל כי אין יהוה עם ישראל כל בני אפרים׃ | 7 |
৭কিন্তু ঈশ্বৰৰ এজন লোক তেওঁৰ ওচৰলৈ আহি ক’লে, “হে মহাৰাজ, ইস্ৰায়েলৰ সৈন্য আপোনাৰ লগত যাবলৈ নিদিব, কাৰণ ইস্ৰায়েলৰ লগত নাইবা ইফ্ৰয়িমৰ কোনো সন্তানৰ লগত যিহোৱা নাথাকে।
כי אם בא אתה עשה חזק למלחמה יכשילך האלהים לפני אויב כי יש כח באלהים לעזור ולהכשיל׃ | 8 |
৮কিন্তু আপুনি যদি তেনে কৰ্ম কৰি সাহসী আৰু শক্তিশালী হৈও যুদ্ধলৈ যায়, তথাপি ঈশ্বৰে হ’লে আপোনাক শত্রুবোৰৰ হাতত পেলাই দিব; কিয়নো সহায় কৰিবলৈ আৰু তলতীয়া কৰিবলৈ ঈশ্বৰৰ শক্তি আছে।”
ויאמר אמציהו לאיש האלהים ומה לעשות למאת הככר אשר נתתי לגדוד ישראל ויאמר איש האלהים יש ליהוה לתת לך הרבה מזה׃ | 9 |
৯তেতিয়া অমচিয়াই ঈশ্বৰৰ সেই লোকজনক ক’লে, “কিন্তু সেই ইস্ৰায়েলীয়া সৈন্যদলক মই যি এশ কিক্কৰ ৰূপ দিলোঁ তাৰ বাবে আমি কি কৰিম?” ঈশ্বৰৰ লোকজনে ক’লে, “যিহোৱাই আপোনাক তাতকৈয়ো অধিক দিব পাৰে।”
ויבדילם אמציהו להגדוד אשר בא אליו מאפרים ללכת למקומם ויחר אפם מאד ביהודה וישובו למקומם בחרי אף׃ | 10 |
১০তেতিয়া অমচিয়াই ইফ্ৰয়িমৰ পৰা তেওঁৰ ওচৰলৈ অহা সেই সৈন্যদলক নিজ নিজ ঘৰলৈ যাবৰ বাবে পৃথক কৰি দিছিল৷ তেতিয়া যিহূদাৰ বিৰুদ্ধে তেওঁলোকৰ ক্ৰোধ জ্বলি উঠিল আৰু তেওঁলোকে অতি ক্ৰুদ্ধ হৈ নিজ নিজ ঠাইলৈ ঘূৰি গৈছিল।
ואמציהו התחזק וינהג את עמו וילך גיא המלח ויך את בני שעיר עשרת אלפים׃ | 11 |
১১তাৰ পাছত অমচিয়া সাহসিয়াল হ’ল, আৰু তেওঁৰ নেতৃত্বত তেওঁৰ লোকসকলক লৱণ উপত্যকালৈ উলিয়াই লৈ গ’ল; তাতে তেওঁ চেয়ীৰৰ সন্তান সকলৰ দহ হাজাৰ লোকক পৰাস্ত কৰিছিল।
ועשרת אלפים חיים שבו בני יהודה ויביאום לראש הסלע וישליכום מראש הסלע וכלם נבקעו׃ | 12 |
১২যিহূদাৰ সৈন্যদলটোৱে তেওঁলোকৰ আন দহ হাজাৰ লোকক জীয়াই জীয়াই ধৰি বন্দী কৰি আনিছিল৷ তেওঁলোকে বন্দীসকলক পৰ্বতৰ টিঙলৈ তুলি নি সেই ঠাইৰ পৰা তললৈ পেলাই দিছিল, যাতে তেওঁলোকৰ আটাইবোৰক গুড়ি হৈ যায়।
ובני הגדוד אשר השיב אמציהו מלכת עמו למלחמה ויפשטו בערי יהודה משמרון ועד בית חורון ויכו מהם שלשת אלפים ויבזו בזה רבה׃ | 13 |
১৩কিন্তু অমচিয়াই তেওঁৰ লগত যুদ্ধ-যাত্ৰা কৰিবলৈ নিদি ওভোটাই পঠিওৱা সৈন্যদলৰ লোকসকলে চমৰিয়াৰ পৰা বৈৎ-হোৰোণলৈকে যিহূদাৰ নগৰবোৰ আক্ৰমণ কৰিলে৷ তেওঁলোকে তিনি হাজাৰ লোকক বধ কৰিলে আৰু বহুত বস্তু লুট কৰি নিলে।
ויהי אחרי בוא אמציהו מהכות את אדומים ויבא את אלהי בני שעיר ויעמידם לו לאלהים ולפניהם ישתחוה ולהם יקטר׃ | 14 |
১৪ইদোমীয়াসকলক বধ কৰি ঘূৰি অহাৰ পাছত, অমচিয়াই চেয়ীৰৰ সন্তান সকলৰ দেৱতাবোৰ লগত আনি নিজৰ দেৱতা বুলি সেইবোৰ স্থাপন কৰিলে৷ তেওঁ সেইবোৰৰ আগত প্ৰণিপাত কৰিবলৈ ও সেইবোৰৰ উদ্দেশ্যে ধূপ জ্বলাবলৈ ধৰিলে।
ויחר אף יהוה באמציהו וישלח אליו נביא ויאמר לו למה דרשת את אלהי העם אשר לא הצילו את עמם מידך׃ | 15 |
১৫তেতিয়া অমচিয়ালৈ যিহোৱাৰ ক্ৰোধ প্ৰজ্বলিত হ’ল৷ যিহোৱাই তেওঁৰ ওচৰলৈ এজন ভাববাদী পঠিয়ালে, তেওঁ ৰজাক ক’লে, “যি জাতিৰ দেৱতাবোৰে নিজ প্ৰজাসকলক তোমাৰ হাতৰ পৰা উদ্ধাৰ কৰিবলৈ নোৱাৰিলে, সেইবোৰক তুমি কিয় বিচাৰ কৰিছা?”
ויהי בדברו אליו ויאמר לו הליועץ למלך נתנוך חדל לך למה יכוך ויחדל הנביא ויאמר ידעתי כי יעץ אלהים להשחיתך כי עשית זאת ולא שמעת לעצתי׃ | 16 |
১৬ভাববাদীজনে ৰজাক সেই কথা কৈ থকাত, ৰজাই তেওঁক ক’লে, “আমি জানো তোমাক ৰাজ মন্ত্ৰী পাতিলোঁ? মনে মনে থাকা; তোমাৰ কিয় মৰিবলৈ মন?” তেতিয়া সেই ভাববাদীয়ে ক্ষান্ত হৈ ক’লে, “মই জানো যে ঈশ্বৰে তোমাক বিনষ্ট কৰিবলৈ থিৰ কৰিছে, সেই বাবে তুমি এই কাম কৰিলা আৰু মোৰ পৰামৰ্শ নুশুনিলা৷”
ויועץ אמציהו מלך יהודה וישלח אל יואש בן יהואחז בן יהוא מלך ישראל לאמר לך נתראה פנים׃ | 17 |
১৭তেতিয়া সেই সময়ত যিহূদাৰ অমচিয়া ৰজাই পৰামৰ্শ-দিওঁতাবোৰৰ পৰা পৰামর্শ লৈ, যেহূৰ নাতি যিহোৱাহজৰ পুত্ৰ যোৱাচ নামেৰে ইস্ৰায়েলৰ ৰজাৰ ওচৰলৈ দূত পঠিয়াই ক’লে, “আহাঁ, আমি ইজনে সিজনে মুখা-মুখি হৈ যুদ্ধ কৰোঁহক।”
וישלח יואש מלך ישראל אל אמציהו מלך יהודה לאמר החוח אשר בלבנון שלח אל הארז אשר בלבנון לאמר תנה את בתך לבני לאשה ותעבר חית השדה אשר בלבנון ותרמס את החוח׃ | 18 |
১৮তেতিয়া ইস্ৰায়েলৰ ৰজা যোৱাচে যিহূদাৰ ৰজা অমচিয়াৰ ওচৰলৈ মানুহ পঠিয়ালে, আৰু ক’লে, “লিবানোনত থকা কাঁইটৰ গছ এজোপাই লিবানোনত থকা এৰচ গছজোপালৈ কৈ পঠিয়াইছে, বোলে, ‘তোমাৰ জীয়েৰাক পত্নীৰূপে মোৰ পুত্ৰক দিয়া,’ কিন্তু লিবানোনত থকা এটা বনৰীয়া জন্তুৱে সেই ফালে ফুৰি, সেই কাঁইটৰ গছজোপাক মোহাৰি পেলালে।
אמרת הנה הכית את אדום ונשאך לבך להכביד עתה שבה בביתך למה תתגרה ברעה ונפלת אתה ויהודה עמך׃ | 19 |
১৯তুমি কৈছিলা, ‘চোৱা, মই ইদোমক পৰাজয় কৰিলোঁ,’ আৰু তাতে তোমাৰ হৃদয়ে দৰ্প কৰিবলৈ তোমাৰ সফলতাত গৰ্ব্বী হৈছে; তুমি এতিয়া নিজ ঘৰতে থাকা; কিয় নিজ অমঙ্গলৰ অৰ্থে যুদ্ধ কৰি তুমি আৰু তোমাৰে সৈতে যিহূদাক পতিত কৰিবলৈ বিচাৰিছা?”
ולא שמע אמציהו כי מהאלהים היא למען תתם ביד כי דרשו את אלהי אדום׃ | 20 |
২০কিন্তু অমচিয়াই এই কথা নুশুনিলে কাৰণ ঈশ্বৰৰ পৰা এই ঘটনা হ’ল। কিয়নো লোকসকলে ইদোমীয়া দেৱতাবোৰক বিচাৰ কৰিছিল, সেই বাবে তেওঁলোকক নিজ শত্ৰুৰ হাতত তেওঁ শোধাই দিলে৷
ויעל יואש מלך ישראל ויתראו פנים הוא ואמציהו מלך יהודה בבית שמש אשר ליהודה׃ | 21 |
২১পাছত ইস্ৰায়েলৰ ৰজা যোৱাচে যুদ্ধ যাত্ৰা কৰিলে; তাতে তেওঁ আৰু যিহূদাৰ ৰজা অমচিয়াই যিহূদাৰ অধীনত থকা বৈৎচেমচত ইজনে সিজনৰ মুখা-মুখি হ’ল৷
וינגף יהודה לפני ישראל וינסו איש לאהליו׃ | 22 |
২২তেতিয়া ইস্ৰায়েলৰ আগত যিহূদা বেয়াকৈ পৰাজিত হ’ল আৰু প্ৰতিজন লোকে নিজ নিজ তম্বুলৈ পলাই যাবলগীয়া হ’ল।
ואת אמציהו מלך יהודה בן יואש בן יהואחז תפש יואש מלך ישראל בבית שמש ויביאהו ירושלם ויפרץ בחומת ירושלם משער אפרים עד שער הפונה ארבע מאות אמה׃ | 23 |
২৩পাছত ইস্ৰায়েলৰ ৰজা যোৱাচে যিহোৱাহজৰ নাতি যোৱাচৰ পুত্ৰ যিহূদাৰ ৰজা অমচিয়াক বৈৎচেমচত ধৰি বন্দী কৰিলে। পাছত তেওঁক যিৰূচালেমলৈ লৈ আহিল আৰু তেতিয়া ইফ্ৰয়িমৰ দুৱাৰৰ পৰা চুকৰ দুৱাৰলৈকে যিৰূচালেমৰ গড়ৰ চাৰিশ হাত ভাঙি পেলালে।
וכל הזהב והכסף ואת כל הכלים הנמצאים בבית האלהים עם עבד אדום ואת אצרות בית המלך ואת בני התערבות וישב שמרון׃ | 24 |
২৪তেওঁ ঈশ্বৰৰ গৃহত ওবেদ-ইদোমৰ অধীনত ৰাখি থোৱা আটাই সোণ, ৰূপ আৰু সকলো পাত্ৰ আৰু ৰাজগৃহৰ ভঁৰালত পোৱা বস্তুবোৰ আৰু বন্ধকস্বৰূপে দাসবোৰকো লৈ তেওঁ চমৰিয়ালৈ ঘূৰি গ’ল।
ויחי אמציהו בן יואש מלך יהודה אחרי מות יואש בן יהואחז מלך ישראל חמש עשרה שנה׃ | 25 |
২৫যিহোৱাহজৰ পুত্ৰ ইস্ৰায়েলৰ ৰজা যোৱাচৰ মৃত্যুৰ পাছত, যোৱাচৰ পুত্ৰ যিহূদাৰ ৰজা অমচিয়া পোন্ধৰ বছৰ জীয়াই আছিল।
ויתר דברי אמציהו הראשנים והאחרונים הלא הנם כתובים על ספר מלכי יהודה וישראל׃ | 26 |
২৬অমচিয়াৰ গুৰুত্বপূৰ্ণ বিষয়বোৰ প্ৰথমৰ পৰা শেষলৈকে যিহূদাৰ আৰু ইস্ৰায়েলৰ ৰজাসকলৰ ইতিহাস-পুস্তকখনত লিখা নাই জানো?
ומעת אשר סר אמציהו מאחרי יהוה ויקשרו עליו קשר בירושלם וינס לכישה וישלחו אחריו לכישה וימיתהו שם׃ | 27 |
২৭অমচিয়াই যিহোৱাৰ পথ ত্যাগ কৰাৰ পাছত লোকসকলে যিৰূচালেমত তেওঁৰ বিৰুদ্ধে চক্ৰান্ত কৰিছিল৷ সেয়ে তেওঁ লাখীচলৈ পলাই গৈছিল, কিন্তু লোকসকলে লাখীচলৈকে তেওঁৰ পাছত মানুহ পঠিয়ালে আৰু তেওঁক সেই ঠাইত বধ কৰালে।
וישאהו על הסוסים ויקברו אתו עם אבתיו בעיר יהודה׃ | 28 |
২৮তেওঁলোকে তেওঁক ঘোঁৰাত তুলি আনিলে, আৰু যিহূদাৰ নগৰত তেওঁৰ পূর্ব-পুৰুষসকলৰ লগত তেওঁক মৈদাম দিলে।