< מלכים א 17 >

ויאמר אליהו התשבי מתשבי גלעד אל אחאב חי יהוה אלהי ישראל אשר עמדתי לפניו אם יהיה השנים האלה טל ומטר כי אם לפי דברי׃ 1
পাছত গিলিয়দ-প্ৰবাসীসকলৰ মাজৰ তিচবীয়া এলিয়াই আহাবক ক’লে, “মই যি জনৰ সাক্ষাতে থিয় হৈ আছোঁ, সেই ইস্ৰায়েলৰ ঈশ্বৰ যিহোৱাৰ জীৱনৰ শপত, এই কেইবছৰ নিয়ৰ বা বৰষুণ নহ’ব; কেৱল মোৰ বাক্য অনুসাৰে হ’ব।”
ויהי דבר יהוה אליו לאמר׃ 2
পাছত এলিয়াৰ ওচৰলৈ যিহোৱাৰ বাক্য আহিল বোলে,
לך מזה ופנית לך קדמה ונסתרת בנחל כרית אשר על פני הירדן׃ 3
“তুমি এই ঠাই ত্যাগ কৰা, পূব দিশে যৰ্দ্দনৰ সন্মুখত থকা কৰীৎ জুৰিলৈ যোৱা, আৰু তাৰ কাষত নিজে গৈ লুকাই থাকা।
והיה מהנחל תשתה ואת הערבים צויתי לכלכלך שם׃ 4
তাতে তুমি সেই জুৰিৰ পানী পান কৰিবলৈ পাবা আৰু সেই ঠাইত তোমাৰ খোৱা বস্তু যোগাৰ কৰিবলৈ মই ঢোঁৰা-কাউৰীবোৰক আজ্ঞা দিলোঁ।”
וילך ויעש כדבר יהוה וילך וישב בנחל כרית אשר על פני הירדן׃ 5
তেতিয়া তেওঁ গৈ যিহোৱাৰ বাক্য অনুসাৰে সেই কাৰ্য কৰিলে; তেওঁ গৈ যৰ্দ্দনৰ সন্মুখত থকা কৰীৎ জুৰিৰ কাষত বাস কৰিলে।
והערבים מביאים לו לחם ובשר בבקר ולחם ובשר בערב ומן הנחל ישתה׃ 6
তাতে ঢোঁৰা-কাউৰীবোৰে তেওঁৰ কাৰণে ৰাতিপুৱা আৰু সন্ধিয়া সময়ত পিঠা আৰু মঙহ আনি দিছিল আৰু তেওঁ সেই জুৰিৰ পানী পান কৰিছিল।
ויהי מקץ ימים וייבש הנחל כי לא היה גשם בארץ׃ 7
কিন্তু কিছু সময়ৰ পাছত দেশত বৰষুণ নোহোৱাৰ কাৰণে সেই জুৰিৰ পানী শুকাই গ’ল।
ויהי דבר יהוה אליו לאמר׃ 8
সেই সময়ত তেওঁৰ ওচৰলৈ যিহোৱাৰ বাক্য আহিল বোলে,
קום לך צרפתה אשר לצידון וישבת שם הנה צויתי שם אשה אלמנה לכלכלך׃ 9
“তুমি উঠি গৈ চীদোনৰ অধীনত থকা চাৰিফতত বাস কৰাগৈ; আৰু চোৱা, সেই ঠাইত তোমাৰ খোৱা বস্তু যোগাবলৈ মই এজনী বিধৱা মহিলাক আজ্ঞা কৰিলোঁ।”
ויקם וילך צרפתה ויבא אל פתח העיר והנה שם אשה אלמנה מקששת עצים ויקרא אליה ויאמר קחי נא לי מעט מים בכלי ואשתה׃ 10
১০তেতিয়া তেওঁ উঠি চাৰিফতলৈ যাত্ৰা কৰিলে, আৰু যেতিয়া তেওঁ সেই নগৰৰ দুৱাৰ-মুখ পালে, তেতিয়া সেই ঠাইত তেওঁ এজনী বিধৱা মহিলাক খৰি বুটলি থকা দেখিলে৷ তেতিয়া তেওঁ তাইক মাতি ক’লে, “বিনয় কৰোঁ, পান কৰিবৰ বাবে মোলৈ এটা পাত্ৰত পানী অলপ আনা।”
ותלך לקחת ויקרא אליה ויאמר לקחי נא לי פת לחם בידך׃ 11
১১তেতিয়া সেই মহিলাগৰাকীয়ে তেওঁলৈ পানী আনিবলৈ যাওঁতে, তেওঁ তাইক আকৌ মাতি ক’লে, “বিনয় কৰোঁ, তুমি মোৰ কাৰণে এডোখৰ পিঠাও হাতত লৈ আহিবা।”
ותאמר חי יהוה אלהיך אם יש לי מעוג כי אם מלא כף קמח בכד ומעט שמן בצפחת והנני מקששת שנים עצים ובאתי ועשיתיהו לי ולבני ואכלנהו ומתנו׃ 12
১২তেতিয়া তাই ক’লে, “তোমাৰ ঈশ্বৰ যিহোৱাৰ জীৱনৰ শপত, মোৰ ঘৰত এটি পিঠাও নাই; কেৱল বয়ামত এমুঠিমান আটাগুড়ি আৰু টেকেলিত এটোপমান তেল আছে৷ চোৱা, মোৰ আৰু মোৰ ল’ৰাটিৰ কাৰণে তাৰে ৰান্ধিবলৈ মই দুডালমান খৰি যোগাৰ কৰি আছোঁ; আৰু এইখিনি খোৱাৰ পাছতে আমাৰ মৃত্যু হ’ব।
ויאמר אליה אליהו אל תיראי באי עשי כדברך אך עשי לי משם עגה קטנה בראשנה והוצאת לי ולך ולבנך תעשי באחרנה׃ 13
১৩তেতিয়া এলিয়াই তাইক ক’লে, “ভয় নকৰিবা। তুমি যি ক’লা, তাকেই কৰাগৈ, কিন্তু প্ৰথমে তাৰে মোৰ কাৰণে এটি সৰু পিঠা তৈয়াৰ কৰা, তাৰ পাছত তোমাৰ আৰু তোমাৰ ল’ৰাটিৰ কাৰণে তৈয়াৰ কৰিবা।
כי כה אמר יהוה אלהי ישראל כד הקמח לא תכלה וצפחת השמן לא תחסר עד יום תתן יהוה גשם על פני האדמה׃ 14
১৪কিয়নো ইস্ৰায়েলৰ ঈশ্বৰ যিহোৱাই এই কথা কৈছে যে, “যিহোৱাই পৃথিৱীত বৰষুণ নেপেলোৱালৈকে সেই বয়ামৰ আটাগুড়ি উদং নহ’ব আৰু সেই টেকেলিৰ তেলো শেষ নহ’ব।”
ותלך ותעשה כדבר אליהו ותאכל הוא והיא וביתה ימים׃ 15
১৫তেতিয়া তাই গৈ এলিয়াৰ বাক্যৰ দৰেই কৰিলে আৰু তেতিয়াৰে পৰা এলিয়া, তাই আৰু তাইৰ ল’ৰাটিয়ে বহুদিনলৈকে খাবলৈ পালে।
כד הקמח לא כלתה וצפחת השמן לא חסר כדבר יהוה אשר דבר ביד אליהו׃ 16
১৬যিহোৱাৰ বাক্য অনুসাৰে এলিয়াৰ দ্ৱাৰাই কোৱা সেই কথাৰ দৰে সেই বয়ামৰ আটাগুড়ি উদং নহ’ল আৰু সেই টেকেলিৰ তেলৰো ওৰ নপৰিল।
ויהי אחר הדברים האלה חלה בן האשה בעלת הבית ויהי חליו חזק מאד עד אשר לא נותרה בו נשמה׃ 17
১৭এই ঘটনা ঘটি যোৱাৰ পাছত, সেই ঘৰৰ গৃহিনীজনীৰ ল’ৰাজন বেমাৰত পৰিল। পাছত ল’ৰাজনৰ বেমাৰ ইমান টান হ’ল যে, তাৰ শৰীৰৰ নিশ্বাস বন্ধ হৈ গ’ল।
ותאמר אל אליהו מה לי ולך איש האלהים באת אלי להזכיר את עוני ולהמית את בני׃ 18
১৮তেতিয়া ল’ৰাটিৰ মাতৃয়ে এলিয়াক ক’লে, “হে ঈশ্বৰৰ লোক, আপোনাৰ লগত মোৰ কি সমন্ধ? আপুনি জনো মোৰ অপৰাধ সোঁৱৰাবলৈ আৰু মোৰ পুত্ৰক মাৰি পেলাবলৈ আহিছে!”
ויאמר אליה תני לי את בנך ויקחהו מחיקה ויעלהו אל העליה אשר הוא ישב שם וישכבהו על מטתו׃ 19
১৯তেতিয়া এলিয়াই তাইক ক’লে, “তোমাৰ ল’ৰাটিক মোক দিয়া।” পাছত তাইৰ কোলাৰ পৰা তেওঁ ল’ৰাজনক ল’লে, আৰু নিজে থকা ওপৰ কোঠালিলৈ তাক লৈ গ’ল; তাতে তেওঁ নিজৰ শয্যাত সেই ল’ৰাজনক শুৱাই হ’ল।
ויקרא אל יהוה ויאמר יהוה אלהי הגם על האלמנה אשר אני מתגורר עמה הרעות להמית את בנה׃ 20
২০তেওঁ যিহোৱাৰ আগত প্ৰাৰ্থনা কৰি ক’লে, “হে মোৰ ঈশ্বৰ যিহোৱা, মই যি বিধৱাৰ ঘৰত প্ৰৱাস কৰি আছোঁ, আপুনি জনো তাইৰ ল’ৰাটিক মাৰি পেলাই তাইলৈয়ো অমঙ্গল ঘটাইছে নে?”
ויתמדד על הילד שלש פעמים ויקרא אל יהוה ויאמר יהוה אלהי תשב נא נפש הילד הזה על קרבו׃ 21
২১তেতিয়া তেওঁ ল’ৰাটিৰ ওপৰত তিনিবাৰ দীঘল হৈ পৰি যিহোৱাৰ আগত প্ৰাৰ্থনা কৰি ক’লে, “হে মোৰ ঈশ্বৰ যিহোৱা, মই বিনয় কৰোঁ, এই ল’ৰাটিৰ ভিতৰলৈ পুনৰায় প্ৰাণ ঘূৰাই আনক।”
וישמע יהוה בקול אליהו ותשב נפש הילד על קרבו ויחי׃ 22
২২তেতিয়া যিহোৱাই এলিয়াৰ সেই কথা শুনিলে; ল’ৰাটিৰ প্ৰাণ তাৰ ভিতৰলৈ পুনৰায় ঘূৰি আহিল আৰু সি সুস্থ হ’ল৷
ויקח אליהו את הילד וירדהו מן העליה הביתה ויתנהו לאמו ויאמר אליהו ראי חי בנך׃ 23
২৩তাৰ পাছত এলিয়াই ল’ৰাটি লৈ ওপৰ কোঁঠালিৰ পৰা নামি আহি ঘৰৰ ভিতৰত সোমাই তাৰ মাতৃৰ হাতত শোধাই দি ক’লে, “চোৱা, তোমাৰ এই ল’ৰাটি জীৱিত আছে।”
ותאמר האשה אל אליהו עתה זה ידעתי כי איש אלהים אתה ודבר יהוה בפיך אמת׃ 24
২৪তেতিয়া সেই মহিলাগৰাকীয়ে এলিয়াক ক’লে, “এতিয়া মই জানিলোঁ যে, আপুনি ঈশ্বৰৰ লোক আৰু আপোনাৰ মুখত থকা যিহোৱাৰ বাক্যও সত্য।”

< מלכים א 17 >