< וַיִּקְרָא 22 >
וַיְדַבֵּ֥ר יְהוָ֖ה אֶל־מֹשֶׁ֥ה לֵּאמֹֽר׃ | 1 |
১যিহোৱাই মোচিক ক’লে, বোলে,
דַּבֵּ֨ר אֶֽל־אַהֲרֹ֜ן וְאֶל־בָּנָ֗יו וְיִנָּֽזְרוּ֙ מִקָּדְשֵׁ֣י בְנֵֽי־יִשְׂרָאֵ֔ל וְלֹ֥א יְחַלְּל֖וּ אֶת־שֵׁ֣ם קָדְשִׁ֑י אֲשֶׁ֨ר הֵ֧ם מַקְדִּשִׁ֛ים לִ֖י אֲנִ֥י יְהוָֽה׃ | 2 |
২“ইস্ৰায়েলৰ সন্তানসকলে মোৰ উদ্দেশ্যে যি বস্তু পবিত্ৰ কৰে, তাৰ পৰা যেন নিজকে পৃথকে ৰাখে আৰু মোৰ পবিত্ৰ নাম যেন অপবিত্ৰ নকৰে, এনে আজ্ঞা তুমি হাৰোণ আৰু তেওঁৰ পুত্ৰসকলক দিয়া। মই যিহোৱা।
אֱמֹ֣ר אֲלֵהֶ֗ם לְדֹרֹ֨תֵיכֶ֜ם כָּל־אִ֣ישׁ ׀ אֲשֶׁר־יִקְרַ֣ב מִכָּל־זַרְעֲכֶ֗ם אֶל־הַקֳּדָשִׁים֙ אֲשֶׁ֨ר יַקְדִּ֤ישׁוּ בְנֵֽי־יִשְׂרָאֵל֙ לַֽיהוָ֔ה וְטֻמְאָת֖וֹ עָלָ֑יו וְנִכְרְתָ֞ה הַנֶּ֧פֶשׁ הַהִ֛וא מִלְּפָנַ֖י אֲנִ֥י יְהוָֽה׃ | 3 |
৩তুমি তেওঁলোকক কোৱা, ‘ইস্ৰায়েলৰ সন্তানসকলে যিহোৱাৰ উদ্দেশ্যে পবিত্ৰ কৰা পবিত্ৰ বস্তুৰ ওচৰলৈ, পুৰুষানুক্ৰমে তোমালোকৰ বংশৰ মাজৰ যিকোনোৱে অশুচি হৈ ওচৰ চাপিব, তেওঁক মোৰ সন্মূখৰ পৰা উচ্ছন্ন কৰা হ’ব। মই যিহোৱা।
אִ֣ישׁ אִ֞ישׁ מִזֶּ֣רַע אַהֲרֹ֗ן וְה֤וּא צָר֙וּעַ֙ א֣וֹ זָ֔ב בַּקֳּדָשִׁים֙ לֹ֣א יֹאכַ֔ל עַ֖ד אֲשֶׁ֣ר יִטְהָ֑ר וְהַנֹּגֵ֙עַ֙ בְּכָל־טְמֵא־ נֶ֔פֶשׁ א֣וֹ אִ֔ישׁ אֲשֶׁר־תֵּצֵ֥א מִמֶּ֖נּוּ שִׁכְבַת־זָֽרַע׃ | 4 |
৪হাৰোণৰ বংশৰ মাজত যিজন লোক কুষ্ঠৰোগী বা যিজনৰ গাৰ পৰা কিবা বৈ থকা ৰোগ থাকে, তেওঁ শুচি নহয় মানে পবিত্ৰ বস্তুৰ একোকে ভোজন কৰিব নোৱাৰিব। আৰু মৰা শৱৰ দ্বাৰাই অশুচি হোৱা বস্তু চুব বা যিজনৰ বীৰ্য্যপাত হ’ব,
אוֹ־אִישׁ֙ אֲשֶׁ֣ר יִגַּ֔ע בְּכָל־שֶׁ֖רֶץ אֲשֶׁ֣ר יִטְמָא־ל֑וֹ א֤וֹ בְאָדָם֙ אֲשֶׁ֣ר יִטְמָא־ל֔וֹ לְכֹ֖ל טֻמְאָתֽוֹ׃ | 5 |
৫বা বস্তুৰ দ্বাৰাই মানুহ অশুচি হ’ব পৰা এনে বগাই ফুৰা জন্তু বা যিকোনো প্ৰকাৰ অশৌচ মানুহৰ পৰা লাগিব পৰা অৱস্থা, এনে অশৌচ থকা মানুহক যদি চুব,
נֶ֚פֶשׁ אֲשֶׁ֣ר תִּגַּע־בּ֔וֹ וְטָמְאָ֖ה עַד־הָעָ֑רֶב וְלֹ֤א יֹאכַל֙ מִן־הַקֳּדָשִׁ֔ים כִּ֛י אִם־רָחַ֥ץ בְּשָׂר֖וֹ בַּמָּֽיִם׃ | 6 |
৬সেই চুৱা লগা মানুহজন সন্ধ্যালৈকে অশুচি হৈ থাকিব আৰু পানীত নিজৰ গা নুধুলে পবিত্ৰ বস্তু ভোজন কৰিব নোৱাৰিব।
וּבָ֥א הַשֶּׁ֖מֶשׁ וְטָהֵ֑ר וְאַחַר֙ יֹאכַ֣ל מִן־הַקֳּדָשִׁ֔ים כִּ֥י לַחְמ֖וֹ הֽוּא׃ | 7 |
৭বেলি মাৰ গলেহে তেওঁ শুচি হ’ব। বেলি মাৰ যোৱাৰ পাছত তেওঁ পবিত্ৰ বস্তু ভোজন কৰিব পাৰিব, কিয়নো সেইবোৰ তেওঁৰেই আহাৰ।
נְבֵלָ֧ה וּטְרֵפָ֛ה לֹ֥א יֹאכַ֖ל לְטָמְאָה־בָ֑הּ אֲנִ֖י יְהוָֽה׃ | 8 |
৮পুৰোহিতে নিজক অশুচি কৰিবৰ অৰ্থে কোনো মৰি থকা বা হিংসুক জন্তুৱে ছিৰা পশুৰ মঙহ নাখাব। মই যিহোৱা।
וְשָׁמְר֣וּ אֶת־מִשְׁמַרְתִּ֗י וְלֹֽא־יִשְׂא֤וּ עָלָיו֙ חֵ֔טְא וּמֵ֥תוּ ב֖וֹ כִּ֣י יְחַלְּלֻ֑הוּ אֲנִ֥י יְהוָ֖ה מְקַדְּשָֽׁם׃ | 9 |
৯এই হেতুকে তেওঁলোকে মোৰ পালনীয় নিৰ্দেশনাবোৰ পালন কৰিব লাগে, নতুবা তেওঁলোকে সেইবোৰ অপবিত্ৰ কৰিলে, তাৰ কাৰণে তেওঁলোক পাপত পৰিব আৰু তাৰ বাবে মৰিব। মই তেওঁলোকক পবিত্ৰ কৰোঁতা যিহোৱা।
וְכָל־זָ֖ר לֹא־יֹ֣אכַל קֹ֑דֶשׁ תּוֹשַׁ֥ב כֹּהֵ֛ן וְשָׂכִ֖יר לֹא־יֹ֥אכַל קֹֽדֶשׁ׃ | 10 |
১০পুৰোহিত বংশৰ নোহোৱা কোনো লোকে পবিত্ৰ বস্তু খাব নোৱৰিব; পুৰোহিতৰ ঘৰত থকা আলহী বা বেচ-খোৱা চাকৰসকলেও পবিত্ৰ বস্তু ভোজন কৰিব নোৱাৰিব।
וְכֹהֵ֗ן כִּֽי־יִקְנֶ֥ה נֶ֙פֶשׁ֙ קִנְיַ֣ן כַּסְפּ֔וֹ ה֖וּא יֹ֣אכַל בּ֑וֹ וִילִ֣יד בֵּית֔וֹ הֵ֖ם יֹאכְל֥וּ בְלַחְמֽוֹ׃ | 11 |
১১কিন্তু যদি পুৰোহিতে ধন দি কোনো লোকক কিনি লয়, তেন্তে তেওঁ যিহোৱাৰ বাবে ৰখা অংশৰ পৰা ভোজন কৰিব পাৰিব; আৰু তেওঁৰ ঘৰৰ উপজা লোকসকল আৰু চাকৰসকলেও তেওঁৰ সৈতে আহাৰ খাব পাৰিব।
וּבַת־כֹּהֵ֔ן כִּ֥י תִהְיֶ֖ה לְאִ֣ישׁ זָ֑ר הִ֕וא בִּתְרוּמַ֥ת הַקֳּדָשִׁ֖ים לֹ֥א תֹאכֵֽל׃ | 12 |
১২পুৰোহিতৰ জীয়েক যদি আন বংশৰ লোকৰ সৈতে বিয়া হয়, তেন্তে উপহাৰ স্বৰূপে দিয়া পবিত্ৰ বস্তু তাই ভোজন কৰিব নোৱাৰিব।
וּבַת־כֹּהֵן֩ כִּ֨י תִהְיֶ֜ה אַלְמָנָ֣ה וּגְרוּשָׁ֗ה וְזֶרַע֮ אֵ֣ין לָהּ֒ וְשָׁבָ֞ה אֶל־בֵּ֤ית אָבִ֙יהָ֙ כִּנְעוּרֶ֔יהָ מִלֶּ֥חֶם אָבִ֖יהָ תֹּאכֵ֑ל וְכָל־זָ֖ר לֹא־יֹ֥אכַל בּֽוֹ׃ ס | 13 |
১৩কিন্তু পুৰোহিতৰ জীয়েক যদি বিধৱা বা স্বামীয়ে ত্যাগ কৰা হয় আৰু তাইৰ যদি সন্তান নাথাকে আৰু নিজ পিতৃৰ ঘৰলৈ আহি, জীয়াৰীকালৰ দৰে থাকে, তেন্তে তাই পিতৃৰ আহাৰ খাব পাৰে। কিন্তু পুৰোহিত বংশৰ নোহোৱা লোকে সেই পুৰোহিতৰ আহাৰ ভোজন নকৰিব।
וְאִ֕ישׁ כִּֽי־יֹאכַ֥ל קֹ֖דֶשׁ בִּשְׁגָגָ֑ה וְיָסַ֤ף חֲמִֽשִׁיתוֹ֙ עָלָ֔יו וְנָתַ֥ן לַכֹּהֵ֖ן אֶת־הַקֹּֽדֶשׁ׃ | 14 |
১৪যদি কোনোৱে অজানিতে পবিত্ৰ বস্তু খায়, তেন্তে তেওঁ পুৰোহিতক তাৰ ক্ষতিপূৰণ কৰিব আৰু তাৰ পাঁচভাগৰ এভাগ বেচিকৈ দিব।
וְלֹ֣א יְחַלְּל֔וּ אֶת־קָדְשֵׁ֖י בְּנֵ֣י יִשְׂרָאֵ֑ל אֵ֥ת אֲשֶׁר־יָרִ֖ימוּ לַיהוָֽה׃ | 15 |
১৫এইদৰে ইস্ৰায়েলৰ সন্তানসকলে যিহোৱাৰ উদ্দেশ্যে উৎসৰ্গ কৰা পবিত্ৰ বস্তুবোৰ পুৰোহিতসকলে অপবিত্ৰ নকৰিব,
וְהִשִּׂ֤יאוּ אוֹתָם֙ עֲוֺ֣ן אַשְׁמָ֔ה בְּאָכְלָ֖ם אֶת־קָדְשֵׁיהֶ֑ם כִּ֛י אֲנִ֥י יְהוָ֖ה מְקַדְּשָֽׁם׃ פ | 16 |
১৬ইস্ৰায়েলৰ সন্তানসকলে তেওঁলোকৰ পবিত্ৰ বস্তুবোৰ খোৱাৰ সময়ত, তেওঁলোকক দোষাৰোপ কৰি অপৰাধৰ ফল ভোগ কৰাব নালাগে। কিয়নো মই তেওঁলোকক পবিত্ৰ কৰোঁতা যিহোৱা’।”
וַיְדַבֵּ֥ר יְהוָ֖ה אֶל־מֹשֶׁ֥ה לֵּאמֹֽר׃ | 17 |
১৭পাছে যিহোৱাই মোচিক ক’লে, বোলে,
דַּבֵּ֨ר אֶֽל־אַהֲרֹ֜ן וְאֶל־בָּנָ֗יו וְאֶל֙ כָּל־בְּנֵ֣י יִשְׂרָאֵ֔ל וְאָמַרְתָּ֖ אֲלֵהֶ֑ם אִ֣ישׁ אִישׁ֩ מִבֵּ֨ית יִשְׂרָאֵ֜ל וּמִן־הַגֵּ֣ר בְּיִשְׂרָאֵ֗ל אֲשֶׁ֨ר יַקְרִ֤יב קָרְבָּנוֹ֙ לְכָל־נִדְרֵיהֶם֙ וּלְכָל־נִדְבוֹתָ֔ם אֲשֶׁר־יַקְרִ֥יבוּ לַיהוָ֖ה לְעֹלָֽה׃ | 18 |
১৮“তুমি হাৰোণক, তেওঁৰ পুত্ৰসকলক আৰু ইস্ৰায়েলৰ সকলো সন্তানক কোৱা; তেওঁলোকক এইদৰে কোৱা যে, ‘প্ৰতিজ্ঞা সিদ্ধ কৰিবৰ অৰ্থে দিয়া বা ইচ্ছামতে এনেই দিয়া, যিহোৱাৰ উদ্দেশ্যে হোম-বলি স্বৰূপে অনা উপহাৰবোৰৰ মাজৰ নিজৰ উপহাৰ যদি ইস্ৰায়েল বংশৰ কোনো মানুহে, নাইবা ইস্ৰায়েলৰ মাজত প্ৰবাস কৰা কোনো বিদেশীলোকে আনে,
לִֽרְצֹנְכֶ֑ם תָּמִ֣ים זָכָ֔ר בַּבָּקָ֕ר בַּכְּשָׂבִ֖ים וּבָֽעִזִּֽים׃ | 19 |
১৯তেন্তে সেয়ে গ্ৰাহ্য হ’বৰ বাবে গৰুৰ বা মেৰৰ বা ছাগলীৰ পৰা নিঘূণ মতা পশু উৎসৰ্গ কৰিব লাগে।
כֹּ֛ל אֲשֶׁר־בּ֥וֹ מ֖וּם לֹ֣א תַקְרִ֑יבוּ כִּי־לֹ֥א לְרָצ֖וֹן יִהְיֶ֥ה לָכֶֽם׃ | 20 |
২০কিন্তু তোমালোকে ঘূণ থকা একোকে উৎসৰ্গ নকৰিবা। কিয়নো সেয়ে তোমালোকৰ পক্ষে মই গ্রহণ নকৰিম।
וְאִ֗ישׁ כִּֽי־יַקְרִ֤יב זֶֽבַח־שְׁלָמִים֙ לַיהוָ֔ה לְפַלֵּא־נֶ֙דֶר֙ א֣וֹ לִנְדָבָ֔ה בַּבָּקָ֖ר א֣וֹ בַצֹּ֑אן תָּמִ֤ים יִֽהְיֶה֙ לְרָצ֔וֹן כָּל־מ֖וּם לֹ֥א יִהְיֶה־בּֽוֹ׃ | 21 |
২১কোনো লোকে যদি প্ৰতিজ্ঞা সিদ্ধ কৰিবৰ অৰ্থে নাইবা ইচ্ছামতে এনেই দিবৰ অৰ্থে, গৰু, কি মেৰ, কি ছাগলীৰ জাকৰ পৰা মঙ্গলাৰ্থক বলি যিহোৱাৰ উদ্দেশ্যে উৎসৰ্গ কৰে, তেন্তে গ্ৰাহ্য হবৰ বাবে সেয়ে নিৰ্ঘূণ হব লাগিব। তাত কোনো ঘূণ থাকিব নালাগিব।
עַוֶּרֶת֩ א֨וֹ שָׁב֜וּר אוֹ־חָר֣וּץ אֽוֹ־יַבֶּ֗לֶת א֤וֹ גָרָב֙ א֣וֹ יַלֶּ֔פֶת לֹא־תַקְרִ֥יבוּ אֵ֖לֶּה לַיהוָ֑ה וְאִשֶּׁ֗ה לֹא־תִתְּנ֥וּ מֵהֶ֛ם עַל־הַמִּזְבֵּ֖חַ לַיהוָֽה׃ | 22 |
২২কণা, কি ঠেং ভগা, কি খুন হোৱা, কি পুঁজ-পানী বৈ থকা, কি খহুৱা, কি নিকৰি বন্ধা, এনে পশু তোমালোকে যিহোৱাৰ উদ্দেশ্যে উৎসৰ্গ নকৰিবা; আৰু তাৰ একোকে যিহোৱাৰ উদ্দেশ্যে অগ্নিকৃত উপহাৰ স্বৰূপে যজ্ঞবেদীত নুতুলিবা।
וְשׁ֥וֹר וָשֶׂ֖ה שָׂר֣וּעַ וְקָל֑וּט נְדָבָה֙ תַּעֲשֶׂ֣ה אֹת֔וֹ וּלְנֵ֖דֶר לֹ֥א יֵרָצֶֽה׃ | 23 |
২৩আৰু অধিক অঙ্গ কি কম অঙ্গ থকা গৰু, মেৰ বা ছাগলী পোৱালি ইচ্ছামতে এনেই দিয়া উপহাৰ স্বৰূপে উৎসৰ্গ কৰিব পাৰা; কিন্তু প্ৰতিজ্ঞা সিদ্ধ কৰিবৰ অৰ্থে সেয়ে গ্ৰহণ নহ’ব।
וּמָע֤וּךְ וְכָתוּת֙ וְנָת֣וּק וְכָר֔וּת לֹ֥א תַקְרִ֖יבוּ לַֽיהוָ֑ה וּֽבְאַרְצְכֶ֖ם לֹ֥א תַעֲשֽׂוּ׃ | 24 |
২৪আৰু অণ্ডকোষ চেপি ভঙা, কি খুন্দা, কি মুচৰি চিঙা, কি কটা, একোকে যিহোৱাৰ উদ্দেশ্যে উৎসৰ্গ নকৰিবা। এইবোৰ তোমাৰ দেশত উৎসৰ্গ নকৰিবা,
וּמִיַּ֣ד בֶּן־נֵכָ֗ר לֹ֥א תַקְרִ֛יבוּ אֶת־לֶ֥חֶם אֱלֹהֵיכֶ֖ם מִכָּל־אֵ֑לֶּה כִּ֣י מָשְׁחָתָ֤ם בָּהֶם֙ מ֣וּם בָּ֔ם לֹ֥א יֵרָצ֖וּ לָכֶֽם׃ פ | 25 |
২৫আৰু বিদেশীৰ হাতৰ পৰাও কিবা লৈ, সেইবোৰৰ মাজৰ তোমালোকৰ ঈশ্বৰৰ ভক্ষ্য স্বৰূপে উৎসৰ্গ নকৰিবা; কিয়নো সেইবোৰত দোষ আছে, সেইবোৰত ঘূণ আছে; সেইবোৰ তোমালোকৰ পক্ষে মই গ্ৰহণ নকৰিম’।”
וַיְדַבֵּ֥ר יְהוָ֖ה אֶל־מֹשֶׁ֥ה לֵּאמֹֽר׃ | 26 |
২৬পাছত যিহোৱাই মোচিক ক’লে,
שׁ֣וֹר אוֹ־כֶ֤שֶׂב אוֹ־עֵז֙ כִּ֣י יִוָּלֵ֔ד וְהָיָ֛ה שִׁבְעַ֥ת יָמִ֖ים תַּ֣חַת אִמּ֑וֹ וּמִיּ֤וֹם הַשְּׁמִינִי֙ וָהָ֔לְאָה יֵרָצֶ֕ה לְקָרְבַּ֥ן אִשֶּׁ֖ה לַיהוָֽה׃ | 27 |
২৭“গৰু, কি মেৰ, কি ছাগলী জগাৰ পাছত সাতদিনলৈকে মাকৰ লগত থাকিব লাগিব। তেতিয়া অষ্টম দিনৰ পৰা যিহোৱাৰ উদ্দেশ্যে আগ কৰা অগ্নিকৃত উপহাৰৰ বাবে তাক গ্ৰহণ কৰা হ’ব।
וְשׁ֖וֹר אוֹ־שֶׂ֑ה אֹת֣וֹ וְאֶת־בְּנ֔וֹ לֹ֥א תִשְׁחֲט֖וּ בְּי֥וֹם אֶחָֽד׃ | 28 |
২৮গাই গৰু হওঁক, কি মাইকী মেৰ বা ছাগলী হওঁক, তাইক তাইৰ পোৱালিৰে সৈতে একেদিনাই মাৰিব নালাগে।
וְכִֽי־תִזְבְּח֥וּ זֶֽבַח־תּוֹדָ֖ה לַיהוָ֑ה לִֽרְצֹנְכֶ֖ם תִּזְבָּֽחוּ׃ | 29 |
২৯তোমালোকে যি সময়ত যিহোৱাৰ উদ্দেশ্যে অনুগ্ৰহ মনা বলি উৎসৰ্গ কৰিবা সেই সময়ত, গ্রহণ হবৰ বাবেহে তাক উৎসৰ্গ কৰিবা।
בַּיּ֤וֹם הַהוּא֙ יֵאָכֵ֔ל לֹֽא־תוֹתִ֥ירוּ מִמֶּ֖נּוּ עַד־בֹּ֑קֶר אֲנִ֖י יְהוָֽה׃ | 30 |
৩০সেয়ে একেদিনাই তাক ভোজন কৰিব লাগিব। তোমালোকে ৰাতিপুৱালৈ তাৰ একোকে অৱশিষ্ট নাৰাখিবা। মই যিহোৱা।
וּשְׁמַרְתֶּם֙ מִצְוֺתַ֔י וַעֲשִׂיתֶ֖ם אֹתָ֑ם אֲנִ֖י יְהוָֽה׃ | 31 |
৩১এই হেতুকে তোমালোকে মোৰ আজ্ঞাবোৰ পালন কৰি, সেই অনুসাৰে কাৰ্য কৰিবা। মই যিহোৱা।
וְלֹ֤א תְחַלְּלוּ֙ אֶת־שֵׁ֣ם קָדְשִׁ֔י וְנִ֨קְדַּשְׁתִּ֔י בְּת֖וֹךְ בְּנֵ֣י יִשְׂרָאֵ֑ל אֲנִ֥י יְהוָ֖ה מְקַדִּשְׁכֶֽם׃ | 32 |
৩২আৰু তোমালোকে মোৰ পবিত্ৰ নাম অপবিত্ৰ নকৰিবা; কিন্তু মই ইস্ৰায়েলৰ সন্তান সকলৰ মাজত পবিত্ৰীকৃত হ’ম। তোমালোকক পবিত্ৰ কৰোঁতা যিহোৱা ময়েই।
הַמּוֹצִ֤יא אֶתְכֶם֙ מֵאֶ֣רֶץ מִצְרַ֔יִם לִהְי֥וֹת לָכֶ֖ם לֵאלֹהִ֑ים אֲנִ֖י יְהוָֽה׃ פ | 33 |
৩৩তোমালোকৰ ঈশ্বৰ হবৰ বাবে যিজনে মিচৰ দেশৰ পৰা তোমালোকক উলিয়াই আনিলে। মই যিহোৱা।”