< 1 שְׁמוּאֵל 26 >
וַיָּבֹ֤אוּ הַזִּפִים֙ אֶל־שָׁא֔וּל הַגִּבְעָ֖תָה לֵאמֹ֑ר הֲל֨וֹא דָוִ֤ד מִסְתַּתֵּר֙ בְּגִבְעַ֣ת הַחֲכִילָ֔ה עַ֖ל פְּנֵ֥י הַיְשִׁימֹֽן׃ | 1 |
১পাছত জীফীয়াসকলে গিবিয়াত থকা চৌলৰ ওচৰলৈ গ’ল আৰু ক’লে, “দায়ুদ জানো মৰুপ্ৰান্তৰ সন্মুখত থকা হখীলা পাহাৰত লুকাই থকা নাই?”
וַיָּ֣קָם שָׁא֗וּל וַיֵּ֙רֶד֙ אֶל־מִדְבַּר־זִ֔יף וְאִתּ֛וֹ שְׁלֹֽשֶׁת־אֲלָפִ֥ים אִ֖ישׁ בְּחוּרֵ֣י יִשְׂרָאֵ֑ל לְבַקֵּ֥שׁ אֶת־דָּוִ֖ד בְּמִדְבַּר־זִֽיף׃ | 2 |
২তেতিয়া চৌল উঠিল আৰু জীফৰ মৰুপ্ৰান্তলৈ নামি গ’ল। তাতে তেওঁ ইস্ৰায়েলৰ তিনি হাজাৰ মনোনীত লোকক লগত ল’লে আৰু জীফৰ মৰুপ্ৰান্তলৈ দায়ূদক বিচাৰি গ’ল।
וַיִּ֨חַן שָׁא֜וּל בְּגִבְעַ֣ת הַחֲכִילָ֗ה אֲשֶׁ֛ר עַל־פְּנֵ֥י הַיְשִׁימֹ֖ן עַל־הַדָּ֑רֶךְ וְדָוִד֙ יֹשֵׁ֣ב בַּמִּדְבָּ֔ר וַיַּ֕רְא כִּ֣י בָ֥א שָׁא֛וּל אַחֲרָ֖יו הַמִּדְבָּֽרָה׃ | 3 |
৩চৌলে হখীলা পাহাৰত ছাউনি পাতিলে, সেয়া মৰুপ্ৰান্তৰ পথৰ দাতিত আছিল। কিন্তু দায়ুদ মৰুপ্ৰান্তত আছিল, তেওঁ দেখিলে যে চৌলে তেওঁক বিচাৰি মৰুপ্ৰান্তলৈ আহিছে।
וַיִּשְׁלַ֥ח דָּוִ֖ד מְרַגְּלִ֑ים וַיֵּ֕דַע כִּֽי־בָ֥א שָׁא֖וּל אֶל־נָכֽוֹן׃ | 4 |
৪তেতিয়া তালৈ দায়ুদে চোৰাং-চোৱা পঠিয়ালে আৰু চৌল যে নিশ্চয়ে আহিছে, সেই বিষয়ে জানিব বিচাৰিলে।
וַיָּ֣קָם דָּוִ֗ד וַיָּבֹא֮ אֶֽל־הַמָּקוֹם֮ אֲשֶׁ֣ר חָנָה־שָׁ֣ם שָׁאוּל֒ וַיַּ֣רְא דָּוִ֗ד אֶת־הַמָּקוֹם֙ אֲשֶׁ֣ר שָֽׁכַב־שָׁ֣ם שָׁא֔וּל וְאַבְנֵ֥ר בֶּן־נֵ֖ר שַׂר־צְבָא֑וֹ וְשָׁאוּל֙ שֹׁכֵ֣ב בַּמַּעְגָּ֔ל וְהָעָ֖ם חֹנִ֥ים סביבתו׃ | 5 |
৫পাছত দায়ুদ উঠিল আৰু চৌলে ছাউনি পতা ঠাইলৈ গ’ল। তেওঁ চৌল আৰু তেওঁৰ সেনাপতি নেৰৰ পুত্ৰ অবনেৰৰ শোৱা ঠাই চালে; তেতিয়া চৌল ছাউনিৰ ভিতৰত শুই আছিল আৰু লোকসকল ছাউনিৰ চাৰিওফালে শুই আছিল।
וַיַּ֨עַן דָּוִ֜ד וַיֹּ֣אמֶר ׀ אֶל־אֲחִימֶ֣לֶךְ הַחִתִּ֗י וְאֶל־אֲבִישַׁ֨י בֶּן־צְרוּיָ֜ה אֲחִ֤י יוֹאָב֙ לֵאמֹ֔ר מִֽי־יֵרֵ֥ד אִתִּ֛י אֶל־שָׁא֖וּל אֶל־הַֽמַּחֲנֶ֑ה וַיֹּ֣אמֶר אֲבִישַׁ֔י אֲנִ֖י אֵרֵ֥ד עִמָּֽךְ׃ | 6 |
৬তাতে দায়ূদে হিত্তীয়া অহীমেলক আৰু চৰূয়াৰ পুত্ৰ যোৱাবৰ ভায়েক অবীচয়ক ক’লে, “চৌলৰ ছাউনিৰ ওচৰলৈ মোৰ লগত কোন যাব?” অবীচয়ে ক’লে, “আপোনাৰ লগত মই যাম।”
וַיָּבֹא֩ דָוִ֨ד וַאֲבִישַׁ֥י ׀ אֶל־הָעָם֮ לַיְלָה֒ וְהִנֵּ֣ה שָׁא֗וּל שֹׁכֵ֤ב יָשֵׁן֙ בַּמַּעְגָּ֔ל וַחֲנִית֥וֹ מְעוּכָֽה־בָאָ֖רֶץ מראשתו וְאַבְנֵ֣ר וְהָעָ֔ם שֹׁכְבִ֖ים סביבתו׃ ס | 7 |
৭সেয়ে দায়ুদ আৰু অবীচয়ে সেই ৰাতি সেনাসকলৰ ওচৰলৈ গৈ দেখিলে যে, চৌল ছাউনিৰ ভিতৰত শুই আছে আৰু তেওঁৰ মূৰ-শিতানৰ ওচৰত তেওঁৰ যাঠী মাটিত খোঁচ মাৰি থোৱা আছে। অবনেৰ আৰু তেওঁৰ সেনাসকলে তেওঁৰ চাৰিওফালে শুই আছিল।
וַיֹּ֤אמֶר אֲבִישַׁי֙ אֶל־דָּוִ֔ד סִגַּ֨ר אֱלֹהִ֥ים הַיּ֛וֹם אֶת־אוֹיִבְךָ֖ בְּיָדֶ֑ךָ וְעַתָּה֩ אַכֶּ֨נּוּ נָ֜א בַּחֲנִ֤ית וּבָאָ֙רֶץ֙ פַּ֣עַם אַחַ֔ת וְלֹ֥א אֶשְׁנֶ֖ה לֽוֹ׃ | 8 |
৮তেতিয়া অবীচয়ে দায়ূদক ক’লে, “আজি ঈশ্বৰে আপোনাৰ শত্ৰুক আপোনাৰ হাতত সমৰ্পণ কৰিছে, এতিয়া যাঠীৰে তেওঁক একেবাৰে মাটিয়ে সৈতে শালিবলৈ মোক অনুমতি দিয়ক; মই তেওঁক দ্ধিতীয়বাৰ আঘাত নকৰোঁ।”
וַיֹּ֧אמֶר דָּוִ֛ד אֶל־אֲבִישַׁ֖י אַל־תַּשְׁחִיתֵ֑הוּ כִּ֠י מִ֣י שָׁלַ֥ח יָד֛וֹ בִּמְשִׁ֥יחַ יְהוָ֖ה וְנִקָּֽה׃ פ | 9 |
৯দায়ূদে অবীচয়ক ক’লে, “তেওঁক বিনষ্ট নকৰিবা; কাৰণ যিহোৱাৰ অভিষিক্ত জনৰ বিৰুদ্ধে হাত দাঙি কোনো নিৰপৰাধী হৈ থাকিব নোৱাৰে?”
וַיֹּ֤אמֶר דָּוִד֙ חַי־יְהוָ֔ה כִּ֥י אִם־יְהוָ֖ה יִגָּפֶ֑נּוּ אֽוֹ־יוֹמ֤וֹ יָבוֹא֙ וָמֵ֔ת א֧וֹ בַמִּלְחָמָ֛ה יֵרֵ֖ד וְנִסְפָּֽה׃ | 10 |
১০দায়ূদে পুনৰ ক’লে, “যিহোৱাৰ জীৱনৰ শপত, তেওঁক যিহোৱাই আঘাত কৰিব, বা তেওঁৰ অন্তিম কাল আহিলে তেওঁ নিজে মৰিব, নাইবা তেওঁ ৰণলৈ গৈ তাতেই বিনষ্ট হ’ব।
חָלִ֤ילָה לִּי֙ מֵֽיהוָ֔ה מִשְּׁלֹ֥חַ יָדִ֖י בִּמְשִׁ֣יחַ יְהוָ֑ה וְ֠עַתָּה קַח־נָ֨א אֶֽת־הַחֲנִ֜ית אֲשֶׁ֧ר מראשתו וְאֶת־צַפַּ֥חַת הַמַּ֖יִם וְנֵ֥לֲכָה לָּֽנוּ׃ | 11 |
১১মই যে যিহোৱাৰ অভিষিক্ত জনৰ বিৰুদ্ধে হাত দাঙিম, যিহোৱাই মোৰ পৰা এনে কাৰ্য দূৰ কৰক; কিন্তু মই বিনয় কৰোঁ, তুমি এতিয়া গৈ, তেওঁৰ মূৰ-শিতানৰ ওচৰত থকা যাঠি আৰু জলপাত্ৰটো লৈ আহাঁ, তাৰ পাছত আমি গুচি যাম।”
וַיִּקַּח֩ דָּוִ֨ד אֶֽת־הַחֲנִ֜ית וְאֶת־צַפַּ֤חַת הַמַּ֙יִם֙ מֵרַאֲשֹׁתֵ֣י שָׁא֔וּל וַיֵּלְכ֖וּ לָהֶ֑ם וְאֵ֣ין רֹאֶה֩ וְאֵ֨ין יוֹדֵ֜עַ וְאֵ֣ין מֵקִ֗יץ כִּ֤י כֻלָּם֙ יְשֵׁנִ֔ים כִּ֚י תַּרְדֵּמַ֣ת יְהוָ֔ה נָפְלָ֖ה עֲלֵיהֶֽם׃ | 12 |
১২এইদৰে দায়ূদে চৌলৰ মূৰ-শিতানৰ ওচৰৰ পৰা সেই যাঠি আৰু জলপাত্ৰটো লৈ আতৰি আহিল, কিন্তু কোনেও তাক নেদেখিলে আৰু নাজানিলে। তেতিয়া কোনেও সাৰ নাপালে; কিয়নো সকলোৱেই নিদ্ৰিত আছিল, কাৰণ যিহোৱাই তেওঁলোকক ঘোৰ নিদ্ৰাত পেলাইছিল।
וַיַּעֲבֹ֤ר דָּוִד֙ הָעֵ֔בֶר וַיַּעֲמֹ֥ד עַל־רֹאשׁ־הָהָ֖ר מֵֽרָחֹ֑ק רַ֥ב הַמָּק֖וֹם בֵּינֵיהֶֽם׃ | 13 |
১৩পাছত দায়ুদ আনফালে গ’ল আৰু পৰ্ব্বতৰ টিঙলৈ উঠি গ’ল; তেওঁলোকৰ মাজত বৰ বহল ঠাই আছিল।
וַיִּקְרָ֨א דָוִ֜ד אֶל־הָעָ֗ם וְאֶל־אַבְנֵ֤ר בֶּן־נֵר֙ לֵאמֹ֔ר הֲל֥וֹא תַעֲנֶ֖ה אַבְנֵ֑ר וַיַּ֤עַן אַבְנֵר֙ וַיֹּ֔אמֶר מִ֥י אַתָּ֖ה קָרָ֥אתָ אֶל־הַמֶּֽלֶךְ׃ פ | 14 |
১৪তেতিয়া দায়ূদে লোকসকলক আৰু নেৰৰ পুত্ৰ অবনেৰক মাতি ৰিঙিয়াই ক’লে, হে অবনেৰ, তুমি জানো উত্তৰ নিদিয়া? তাতে অবনেৰে উত্তৰ দি ক’লে, “ৰজালৈ চিঞৰি কোৱা তুমি কোন?”
וַיֹּאמֶר֩ דָּוִ֨ד אֶל־אַבְנֵ֜ר הֲלוֹא־אִ֣ישׁ אַתָּ֗ה וּמִ֤י כָמ֙וֹךָ֙ בְּיִשְׂרָאֵ֔ל וְלָ֙מָּה֙ לֹ֣א שָׁמַ֔רְתָּ אֶל־אֲדֹנֶ֖יךָ הַמֶּ֑לֶךְ כִּי־בָא֙ אַחַ֣ד הָעָ֔ם לְהַשְׁחִ֖ית אֶת־הַמֶּ֥לֶךְ אֲדֹנֶֽיךָ׃ | 15 |
১৫পাছত দায়ুদে অবনেৰক কলে, “তুমি জানো বীৰ নোহোৱা? ইস্ৰায়েলৰ মাজত তোমাৰ নিচিনা কোন আছে? তেনেহলে তুমি নিজ প্ৰভু ৰজাক কিয় ক্ষমা নকৰিবা? কিয়নো চোৱা, তোমাৰ প্ৰভু ৰজাক ধ্বংস কৰিবলৈ লোকসকলৰ মাজত কোনোবা এজন সোমাইছিল।
לֹא־ט֞וֹב הַדָּבָ֣ר הַזֶּה֮ אֲשֶׁ֣ר עָשִׂיתָ֒ חַי־יְהוָ֗ה כִּ֤י בְנֵי־מָ֙וֶת֙ אַתֶּ֔ם אֲשֶׁ֧ר לֹֽא־שְׁמַרְתֶּ֛ם עַל־אֲדֹנֵיכֶ֖ם עַל־מְשִׁ֣יחַ יְהוָ֑ה וְעַתָּ֣ה ׀ רְאֵ֗ה אֵֽי־חֲנִ֥ית הַמֶּ֛לֶךְ וְאֶת־צַפַּ֥חַת הַמַּ֖יִם אֲשֶׁ֥ר מראשתו׃ | 16 |
১৬তুমি ভাল কৰ্ম কৰা নাই। যিহোৱাৰ জীৱনৰ শপত, তোমালোক প্ৰাণণ্ডৰ যোগ্য; কিয়নো তোমালোকে যিহোৱাৰ অভিষিক্ত তোমালোকৰ প্ৰভুক ৰক্ষা কৰা নাই। আৰু তুমি এতিয়া চোৱা, ৰজাৰ মূৰ-শিতানৰ ওচৰত থকা বৰছা আৰু জলপাত্ৰ ক’ত আছে?
וַיַּכֵּ֤ר שָׁאוּל֙ אֶת־ק֣וֹל דָּוִ֔ד וַיֹּ֕אמֶר הֲקוֹלְךָ֥ זֶ֖ה בְּנִ֣י דָוִ֑ד וַיֹּ֣אמֶר דָּוִ֔ד קוֹלִ֖י אֲדֹנִ֥י הַמֶּֽלֶךְ׃ | 17 |
১৭তেতিয়া চৌলে দায়ুদৰ মাত বুজি পাই ক’লে, “হে মোৰ বোপা দায়ুদ, এয়ে তোমাৰ মাত নে?” তাতে দায়ুদে ক’লে, “হয় প্ৰভু মহাৰাজ, মোৰ মাত।”
וַיֹּ֕אמֶר לָ֥מָּה זֶּ֛ה אֲדֹנִ֥י רֹדֵ֖ף אַחֲרֵ֣י עַבְדּ֑וֹ כִּ֚י מֶ֣ה עָשִׂ֔יתִי וּמַה־בְּיָדִ֖י רָעָֽה׃ | 18 |
১৮তেওঁ পুনৰ ক’লে, “মোৰ প্ৰভুৱে আপোনাৰ দাসৰ পাছে পাছে কিন্তু খেদি আহিছে? মই নো কি কৰিলোঁ? আৰু মোৰ হাতত বা কি অনিষ্ট আছে?
וְעַתָּ֗ה יִֽשְׁמַֽע־נָא֙ אֲדֹנִ֣י הַמֶּ֔לֶךְ אֵ֖ת דִּבְרֵ֣י עַבְדּ֑וֹ אִם־יְהוָ֞ה הֱסִֽיתְךָ֥ בִי֙ יָרַ֣ח מִנְחָ֔ה וְאִ֣ם ׀ בְּנֵ֣י הָאָדָ֗ם אֲרוּרִ֥ים הֵם֙ לִפְנֵ֣י יְהוָ֔ה כִּֽי־גֵרְשׁ֣וּנִי הַיּ֗וֹם מֵהִסְתַּפֵּ֜חַ בְּנַחֲלַ֤ת יְהוָה֙ לֵאמֹ֔ר לֵ֥ךְ עֲבֹ֖ד אֱלֹהִ֥ים אֲחֵרִֽים׃ | 19 |
১৯এই হেতুকে বিনয় কৰোঁ, মোৰ প্ৰভু মহাৰাজে আপোনাৰ দাসৰ কথা শুনক। যদি যিহোৱাই মোৰ বিৰুদ্ধে আপোনাক উদগাই থাকে, তেন্তে তেওঁ নৈবেদ্যৰ ঘ্ৰাণ গ্ৰহণ কৰক; কিন্তু যদি মানুহৰ সন্তান সকলেহে তাক কৰে, তেন্তে সিহঁত যিহোৱাৰ সাক্ষাতে শাপগ্ৰস্ত হওঁক; কিয়নো মই যেন যিহোৱাৰ আধিপত্যৰ ভগী নহ’ম, এই কাৰণে সিহঁতে অন্য দেৱতাবোৰৰ আৰাধনা কৰাগৈ বুলি মোক আজি বাহিৰ কৰি খেদিলে।
וְעַתָּ֗ה אַל־יִפֹּ֤ל דָּֽמִי֙ אַ֔רְצָה מִנֶּ֖גֶד פְּנֵ֣י יְהוָ֑ה כִּֽי־יָצָ֞א מֶ֣לֶךְ יִשְׂרָאֵ֗ל לְבַקֵּשׁ֙ אֶת־פַּרְעֹ֣שׁ אֶחָ֔ד כַּאֲשֶׁ֛ר יִרְדֹּ֥ף הַקֹּרֵ֖א בֶּהָרִֽים׃ | 20 |
২০এই হেতুকে এতিয়া যিহোৱাৰ অসাক্ষাতে মোৰ তেজ ভুমিত নপৰক; কিয়নো পৰ্ব্বতত কইৰা চৰাইৰ পাছত খেদি ফুৰা চিকাৰীৰ নিচিনাকৈ, ইস্ৰায়েলৰ ৰজাই এটি কুকুৰচিটিকাক বিচাৰি ওলাই আহিছে।”
וַיֹּאמֶר֩ שָׁא֨וּל חָטָ֜אתִי שׁ֣וּב בְּנִֽי־דָוִ֗ד כִּ֠י לֹֽא־אָרַ֤ע לְךָ֙ ע֔וֹד תַּ֠חַת אֲשֶׁ֨ר יָקְרָ֥ה נַפְשִׁ֛י בְּעֵינֶ֖יךָ הַיּ֣וֹם הַזֶּ֑ה הִנֵּ֥ה הִסְכַּ֛לְתִּי וָאֶשְׁגֶּ֖ה הַרְבֵּ֥ה מְאֹֽד׃ | 21 |
২১তাতে চৌলে ক’লে, “মই পাপ কৰিলোঁ। হে মোৰ বোপা দায়ুদ, তুমি উভটি আহাঁ; মই তোমাক পুনৰ হিংসা নকৰোঁ; কিয়নো আজি মোৰ প্ৰাণ তোমাৰ দৃষ্টিত মহামূল্যৱান হ’ল; চোৱা, মই অজ্ঞানৰ কৰ্ম কৰিলোঁ আৰু অতিশয় ভুলত পৰিলোঁ।”
וַיַּ֤עַן דָּוִד֙ וַיֹּ֔אמֶר הִנֵּ֖ה החנית הַמֶּ֑לֶךְ וְיַעֲבֹ֛ר אֶחָ֥ד מֵֽהַנְּעָרִ֖ים וְיִקָּחֶֽהָ׃ | 22 |
২২পাছত দায়ূদে উত্তৰ দিলে, “হে মহাৰাজ, যাঠিডাল চাওক; আৰু ডেকাসকলৰ কোনো এজনে আহি ইয়াক লৈ যাওক।
וַֽיהוָה֙ יָשִׁ֣יב לָאִ֔ישׁ אֶת־צִדְקָת֖וֹ וְאֶת־אֱמֻנָת֑וֹ אֲשֶׁר֩ נְתָנְךָ֨ יְהוָ֤ה ׀ הַיּוֹם֙ בְּיָ֔ד וְלֹ֣א אָבִ֔יתִי לִשְׁלֹ֥חַ יָדִ֖י בִּמְשִׁ֥יחַ יְהוָֽה׃ | 23 |
২৩যিহোৱাই প্ৰতিজনক তাৰ ধাৰ্মিকতা আৰু বিশ্বস্ততা অনুসাৰে প্ৰতিফল দিব; কিয়নো যিহোৱাই আজি আপোনাক মোৰ হাতত শোধাই দিছিল, কিন্তু মই যিহোৱাৰ অভিষিক্ত জনৰ বিৰুদ্ধে হাত দাঙিবলৈ সন্মত নহ’লো।
וְהִנֵּ֗ה כַּאֲשֶׁ֨ר גָּדְלָ֧ה נַפְשְׁךָ֛ הַיּ֥וֹם הַזֶּ֖ה בְּעֵינָ֑י כֵּ֣ן תִּגְדַּ֤ל נַפְשִׁי֙ בְּעֵינֵ֣י יְהוָ֔ה וְיַצִּלֵ֖נִי מִכָּל־צָרָֽה׃ פ | 24 |
২৪এই হেতুকে চাওক, আজি যেনেকৈ মোৰ সাক্ষাতে আপোনাৰ প্ৰাণ মহামূল্যৱান হ’ল, তেনেকৈ যিহোৱাৰ সাক্ষাতে মোৰ প্ৰাণো মহামূল্যৱান হওক, আৰু তেওঁ সকলো সঙ্কটৰ পৰা মোক উদ্ধাৰ কৰক।”
וַיֹּ֨אמֶר שָׁא֜וּל אֶל־דָּוִ֗ד בָּר֤וּךְ אַתָּה֙ בְּנִ֣י דָוִ֔ד גַּ֚ם עָשֹׂ֣ה תַעֲשֶׂ֔ה וְגַ֖ם יָכֹ֣ל תּוּכָ֑ל וַיֵּ֤לֶךְ דָּוִד֙ לְדַרְכּ֔וֹ וְשָׁא֖וּל שָׁ֥ב לִמְקוֹמֽוֹ׃ פ | 25 |
২৫পাছত চৌলে দায়ূদক ক’লে, “হে মোৰ বোপা দায়ুদ, তুমি ধন্য; তুমি অৱশ্যে মহৎ কৰ্ম কৰিবা, আৰু কৃতকাৰ্যও হ’বা।” পাছত দায়ূদে নিজ বাটেদি গুচি গ’ল, আৰু চৌলো তেওঁৰ ঠাইলৈ উভটি গ’ল।