< איוב 27 >
וַיֹּסֶף אִיּוֹב שְׂאֵת מְשָׁלוֹ וַיֹּאמַֽר׃ | 1 |
১পাছত ইয়োবে পুনৰায় কথা উত্থাপন কৰি ক’লে,
חַי־אֵל הֵסִיר מִשְׁפָּטִי וְשַׁדַּי הֵמַר נַפְשִֽׁי׃ | 2 |
২যি ঈশ্বৰে মোৰ বিচাৰ অগ্ৰাহ্য কৰিলে, যি সৰ্ব্বশক্তিমান জনাই মোৰ প্ৰাণত তিতা লগালে, সেই জীৱন্ত ঈশ্বৰৰ নামেৰে শপত খাই কৈছোঁ,
כִּֽי־כָל־עוֹד נִשְׁמָתִי בִי וְרוּחַ אֱלוֹהַּ בְּאַפִּֽי׃ | 3 |
৩কিয়নো এতিয়াও নিশ্বাস-প্ৰশ্বাস মোত সম্পূৰ্ণৰূপে আছে, আৰু মোৰ নাকত ঈশ্বৰে দিয়া প্ৰাণ-বায়ু আছে;
אִם־תְּדַבֵּרְנָה שְׂפָתַי עַוְלָה וּלְשׁוֹנִי אִם־יֶהְגֶּה רְמִיָּֽה׃ | 4 |
৪মোৰ ওঁঠে অধৰ্ম কথা কেতিয়াও নকয়, আৰু মোৰ জিভাই ভাণ্ডনা কথা প্ৰকাশ নকৰে।
חָלִילָה לִּי אִם־אַצְדִּיק אֶתְכֶם עַד־אֶגְוָע לֹא־אָסִיר תֻּמָּתִי מִמֶּֽנִּי׃ | 5 |
৫মই যে তোমালোকৰ কথা স্বৰূপ বুলি স্বীকাৰ কৰিম, এনে কথা মোৰ পৰা দূৰ হওক। মই নমৰোমানে মোৰ সিদ্ধতা মোৰ পৰা দূৰ নকৰিম।
בְּצִדְקָתִי הֶחֱזַקְתִּי וְלֹא אַרְפֶּהָ לֹֽא־יֶחֱרַף לְבָבִי מִיָּמָֽי׃ | 6 |
৬মোৰ ধাৰ্মিকতা মই ধৰি ৰাখিম, এৰি নিদিম; মোৰ আয়ুসৰ দিনলৈকো মোৰ অন্তৰে মোক নোদোষে।
יְהִי כְרָשָׁע אֹיְבִי וּמִתְקוֹמְמִי כְעַוָּֽל׃ | 7 |
৭মোৰ শত্ৰূ দুৰ্জনৰ দৰে হওক, আৰু মোৰ বিৰুদ্ধে উঠা জন অধৰ্মি দৰে হওক।
כִּי מַה־תִּקְוַת חָנֵף כִּי יִבְצָע כִּי יֵשֶׁל אֱלוֹהַּ נַפְשֽׁוֹ׃ | 8 |
৮কিয়নো, যেতিয়া অধৰ্মিৰ প্ৰাণ ঈশ্বৰে হৰণ কৰি নিব, তেতিয়া সি ধন লাভ কৰিলেও তাৰ কি আশা থাকিব?
הַֽצַעֲקָתוֹ יִשְׁמַע ׀ אֵל כִּֽי־תָבוֹא עָלָיו צָרָֽה׃ | 9 |
৯তাৰ সঙ্কট ঘটিলে, ঈশ্বৰে কাতৰোক্তি শুনিব নে?
אִם־עַל־שַׁדַּי יִתְעַנָּג יִקְרָא אֱלוֹהַּ בְּכָל־עֵֽת׃ | 10 |
১০সি জানো সৰ্ব্বশক্তিমান জনাত আনন্দ পায়? বা সদায় ঈশ্বৰৰ আগত প্ৰাৰ্থনা কৰে?
אוֹרֶה אֶתְכֶם בְּיַד־אֵל אֲשֶׁר עִם־שַׁדַּי לֹא אֲכַחֵֽד׃ | 11 |
১১ঈশ্বৰে কেনেকৈ ব্যৱহাৰ কৰে, সেই বিষয়ে মই তোমালোকক শিক্ষা দিওঁ, আৰু সৰ্ব্বশক্তিমানৰ কাৰ্য-প্ৰণালী মই লুকুৱাই নাৰাখোঁ।
הֵן־אַתֶּם כֻּלְּכֶם חֲזִיתֶם וְלָמָּה־זֶּה הֶבֶל תֶּהְבָּֽלוּ׃ | 12 |
১২চোৱা, তোমালোক সকলোৱেই দেখিলা; তেন্তে তোমালোকে কিয় এনে সম্পূৰ্ণ অসাৰ কথা কোৱা?
זֶה ׀ חֵֽלֶק־אָדָם רָשָׁע ׀ עִם־אֵל וְֽנַחֲלַת עָרִיצִים מִשַׁדַּי יִקָּֽחוּ׃ | 13 |
১৩দুৰ্জন লোকে ঈশ্বৰৰ পৰা যি ভাগ পায়, আৰু অত্যাচাৰীবোৰে যি অংশ সৰ্ব্বশক্তিমান জনাৰ পৰা ভোগ কৰে, সেয়ে এই,
אִם־יִרְבּוּ בָנָיו לְמוֹ־חָרֶב וְצֶאֱצָאָיו לֹא יִשְׂבְּעוּ־לָֽחֶם׃ | 14 |
১৪তাৰ পো-নাতি বাঢ়িলে তৰোৱালৰ নিমিত্তেহে বাঢ়ে, আৰু তাৰ সন্তান-সন্ততিয়ে পেট ভৰাই খাবলৈ নাপায়।
שרידו שְׂרִידָיו בַּמָּוֶת יִקָּבֵרוּ וְאַלְמְנֹתָיו לֹא תִבְכֶּֽינָה׃ | 15 |
১৫তাৰ অৱশিষ্টবোৰক মহামাৰীৰ দ্ধাৰাই পুতি থুৱা যাব, আৰু তাৰ বিধৱাবিলাকে বিলাপ নকৰিব।
אִם־יִצְבֹּר כֶּעָפָר כָּסֶף וְכַחֹמֶר יָכִין מַלְבּֽוּשׁ׃ | 16 |
১৬যদি সি ধুলিৰ নিচিনাকৈ ৰূপ দ’মায়, আৰু পিন্ধা কাপোৰকো বোকাৰ দৰে সৰহকৈ যুগুত কৰে,
יָכִין וְצַדִּיק יִלְבָּשׁ וְכֶסֶף נָקִי יַחֲלֹֽק׃ | 17 |
১৭তেন্তে যুগুত কৰক, কিন্তু ধাৰ্মিক লোকেহে পিন্ধিব, আৰু নিৰ্দ্দোষী লোকে সেই ৰূপ ভাগ বাঁটি ল’ব।
בָּנָה כָעָשׁ בֵּיתוֹ וּכְסֻכָּה עָשָׂה נֹצֵֽר׃ | 18 |
১৮সি নিজৰ ঘৰ পোকৰ দৰে সাজে, আৰু খেতি-ৰখীয়া টঙিৰ দৰে নিৰ্ম্মাণ কৰে।
עָשִׁיר יִשְׁכַּב וְלֹא יֵאָסֵף עֵינָיו פָּקַח וְאֵינֶֽנּוּ׃ | 19 |
১৯সি ধনী হৈ শুব, কিন্তু তাক মৈদাম দিয়া নাযাব; সি চকু মেলামাত্ৰকে নাইকিয়া হয়।
תַּשִּׂיגֵהוּ כַמַּיִם בַּלָּהוֹת לַיְלָה גְּנָבַתּוּ סוּפָֽה׃ | 20 |
২০নানা ত্ৰাসে তাক ঢল পানীৰ দৰে আক্ৰণ কৰে। ৰাতি ধুমুহাই অকস্মাতে তাক উড়ুৱাই নিয়ে।
יִשָּׂאֵהוּ קָדִים וְיֵלַךְ וִֽישָׂעֲרֵהוּ מִמְּקֹמֽוֹ׃ | 21 |
২১পূবৰ বতাহে তাক তুলি নি স্থানান্তৰ কৰে, আৰু নিজ ঠাইৰ পৰা তাক দূৰৈত পেলাই দিয়ে।
וְיַשְׁלֵךְ עָלָיו וְלֹא יַחְמֹל מִיָּדוֹ בָּרוֹחַ יִבְרָֽח׃ | 22 |
২২কিয়নো ঈশ্বৰে দয়া নকৰি তালৈ কাঁড় মাৰি থাকিব, সি তেওঁৰ ভয়ত পলাই ফুৰিব।
יִשְׂפֹּק עָלֵימוֹ כַפֵּימוֹ וְיִשְׁרֹק עָלָיו מִמְּקֹמֽוֹ׃ | 23 |
২৩লোকে তাক দেখি হাত-তালি দিব, আৰু ছি ছি কৰি তাৰ ঠাইৰ তাক খেদি দিব।