< איוב 22 >
וַיַּעַן אֱלִיפַז הַֽתֵּמָנִי וַיֹּאמַֽר׃ | 1 |
১তেতিয়া তৈমনীয়া ইলীফজে পুনৰায় উত্তৰ কৰি ক’লে,
הַלְאֵל יִסְכָּן־גָּבֶר כִּֽי־יִסְכֹּן עָלֵימוֹ מַשְׂכִּֽיל׃ | 2 |
২মানুহ জানো ঈশ্বৰৰ উপকাৰী হব পাৰে? বাস্তৱিক জ্ঞানী মানুহ নিজৰেইহে উপকাৰী হয়।
הַחֵפֶץ לְשַׁדַּי כִּי תִצְדָּק וְאִם־בֶּצַע כִּֽי־תַתֵּם דְּרָכֶֽיךָ׃ | 3 |
৩তুমি ধাৰ্মিক হলে সৰ্ব্বশক্তিমান জনাৰ কিবা হিত হব নে? তুমি সিদ্ধ আচৰণ কৰিলে তেওঁৰ কি লাভ হব?
הֲֽמִיִּרְאָתְךָ יֹכִיחֶךָ יָבוֹא עִמְּךָ בַּמִּשְׁפָּֽט׃ | 4 |
৪তেওঁলৈ তোমাৰ কি ভয়, তাৰ কাৰণেহে তেওঁ জানো তোমাক অনুযোগ কৰে? তাৰ নিমিত্তেহে জানো তেওঁ তোমাৰ লগত বিচাৰত সোমাব?
הֲלֹא רָעָֽתְךָ רַבָּה וְאֵֽין־קֵץ לַעֲוֺנֹתֶֽיךָ׃ | 5 |
৫তোমাৰ দুষ্টতা অধিক নহয় নে? তোমাৰ অপৰাধ অসীম নহয় নে?
כִּֽי־תַחְבֹּל אַחֶיךָ חִנָּם וּבִגְדֵי עֲרוּמִּים תַּפְשִֽׁיט׃ | 6 |
৬কিয়নো তুমি অকাৰণতে নিজ ভাইৰ পৰা বন্ধক ল’লা, আৰু বস্ত্ৰহীনৰ পৰাও বস্ত্ৰ কাঢ়ি ল’লা।
לֹא־מַיִם עָיֵף תַּשְׁקֶה וּמֵרָעֵב תִּֽמְנַֽע־לָֽחֶם׃ | 7 |
৭তুমি তৃষ্ণাতুৰ লোকক পানী নিদিলা, আৰু ক্ষুধাতুৰ লোকৰ আহাৰ আটক কৰিলা।
וְאִישׁ זְרוֹעַ לוֹ הָאָרֶץ וּנְשׂוּא פָנִים יֵשֶׁב בָּֽהּ׃ | 8 |
৮কিন্তু দেশখন পৰাক্ৰমী জনাৰেই আছিল; আৰু মৰ্য্যদাৱান জনাই তাত বাস কৰিছিল।
אַלְמָנוֹת שִׁלַּחְתָּ רֵיקָם וּזְרֹעוֹת יְתֹמִים יְדֻכָּֽא׃ | 9 |
৯তুমি বিধৱাসকলক শুদা হাতে বিদায় দিলা; আৰু পিতৃহীনসকলৰ বাহু ভঙা হ’ল।
עַל־כֵּן סְבִיבוֹתֶיךָ פַחִים וִֽיבַהֶלְךָ פַּחַד פִּתְאֹֽם׃ | 10 |
১০এই হেতুকে তোমাৰ চাৰিওফালে ফান্দ আছে; আৰু আকস্মিক ত্ৰাসে তোমাক বিহ্বল কৰিছে।
אוֹ־חֹשֶׁךְ לֹֽא־תִרְאֶה וְֽשִׁפְעַת־מַיִם תְּכַסֶּֽךָּ׃ | 11 |
১১তুমি আন্ধাৰ দেখা নাই নে? তোমাক তল নিওঁতা ঢল-পানী জানো দেখা নোপোৱা?
הֲֽלֹא־אֱלוֹהַּ גֹּבַהּ שָׁמָיִם וּרְאֵה רֹאשׁ כּוֹכָבִים כִּי־רָֽמּוּ׃ | 12 |
১২ঈশ্বৰ নিচেই ওখত থকা স্বৰ্গত নাই নে? সকলোতকৈ ওপৰত থকা তৰাবোৰ চোৱা, সেইবোৰ কিমান ওখত আছে?
וְֽאָמַרְתָּ מַה־יָּדַֽע אֵל הַבְעַד עֲרָפֶל יִשְׁפּֽוֹט׃ | 13 |
১৩তুমি কৈছা, “ঈশ্বৰে কি জানে? ঘন মেঘৰ মাজেদি তেওঁ জানো বিচাৰ কৰিব পাৰে?
עָבִים סֵֽתֶר־לוֹ וְלֹא יִרְאֶה וְחוּג שָׁמַיִם יִתְהַלָּֽךְ׃ | 14 |
১৪ঘন মেঘে আঁৰ কৰি ধৰাত, তেওঁ দেখিবলৈ নাপায়, কেৱল আকাশ-মণ্ডল ফুৰি থাকে।”
הַאֹרַח עוֹלָם תִּשְׁמֹר אֲשֶׁר דָּרְכוּ מְתֵי־אָֽוֶן׃ | 15 |
১৫তুমি পুৰণি পথকে ধৰি থাকিবা নে, যি পথেৰে দুৰ্জনবোৰে খোজকাঢ়ে -
אֲשֶֽׁר־קֻמְּטוּ וְלֹא־עֵת נָהָר יוּצַק יְסוֹדָֽם׃ | 16 |
১৬সিহঁতক অকালতে ধৰি নিয়া হৈছিল; আৰু সিহঁতৰ ভিত্তিমূল বান-পানীয়ে উটাই নিছিল।
הָאֹמְרִים לָאֵל סוּר מִמֶּנּוּ וּמַה־יִּפְעַל שַׁדַּי לָֽמוֹ׃ | 17 |
১৭সেই সময়ত সিহঁতে ঈশ্বৰক কৈছিল, “আমাৰ পৰা দূৰ হোৱা;” আৰু “সৰ্ব্বশক্তিমান জনাই আমাৰ অৰ্থে কি কৰিব পাৰে?”
וְהוּא מִלֵּא בָתֵּיהֶם טוֹב וַעֲצַת רְשָׁעִים רָחֲקָה מֶֽנִּי׃ | 18 |
১৮তথাপি তেওঁ সিহঁতৰ ঘৰবোৰ উত্তম উত্তম দ্ৰব্যেৰে পৰিপূৰ্ণ কৰিছিল; কিন্তু দুষ্টবোৰৰ আলচ মোৰ পৰা দূৰত থাকে।
יִרְאוּ צַדִּיקִים וְיִשְׂמָחוּ וְנָקִי יִלְעַג־לָֽמוֹ׃ | 19 |
১৯তাকে দেখি ধাৰ্মিকসকলে আনন্দ কৰে; আৰু নিৰ্দ্দোষী লোকে সিহঁতক খেঁজেলিয়াই,
אִם־לֹא נִכְחַד קִימָנוּ וְיִתְרָם אָכְלָה אֵֽשׁ׃ | 20 |
২০আৰু কয়, “আমাৰ বিৰুদ্ধে উঠাবোৰ নিশ্চয়ে বিনষ্ট হল; আৰু সিহঁতৰ প্ৰচুৰ সম্পত্তি অগ্নিয়ে গ্রাস কৰিলে।”
הַסְכֶּן־נָא עִמּוֹ וּשְׁלם בָּהֶם תְּֽבוֹאַתְךָ טוֹבָֽה׃ | 21 |
২১এতিয়া তুমি তেৱেঁ সৈতে পৰিচয় কৰি শাস্তি লাভ কৰা; তাকে কৰিলে তোমাৰ মঙ্গল হব।
קַח־נָא מִפִּיו תּוֹרָה וְשִׂים אֲמָרָיו בִּלְבָבֶֽךָ׃ | 22 |
২২তেওঁৰ মুখৰ পৰা ব্যৱস্থা গ্ৰহণ কৰা, আৰু তেওঁৰ বাক্যবোৰ তোমাৰ হৃদয়ত ৰাখা।
אִם־תָּשׁוּב עַד־שַׁדַּי תִּבָּנֶה תַּרְחִיק עַוְלָה מֵאָהֳלֶֽךָ׃ | 23 |
২৩যদি তুমি সৰ্ব্বশক্তিমান জনালৈ ঘূৰা, আৰু তোমাৰ তম্বুৰ পৰা অধৰ্ম দূৰ কৰা, তেন্তে তুমি পুনৰায় উন্নতি লাভ কৰিবা।
וְשִׁית־עַל־עָפָר בָּצֶר וּבְצוּר נְחָלִים אוֹפִֽיר׃ | 24 |
২৪তোমাৰ বহুমূল্য ধন ধূলিত ৰাখা, আৰু ওফীৰৰ সোণ জুৰিৰ শিলবোৰৰ মাজত পেলোৱা;
וְהָיָה שַׁדַּי בְּצָרֶיךָ וְכֶסֶף תּוֹעָפוֹת לָֽךְ׃ | 25 |
২৫তাতে সৰ্ব্বশক্তিমান জনা তোমাৰ বহুমূল্য ধন হ’ব, আৰু তেওঁ তোমাৰ উজ্জ্বল ৰূপস্বৰূপ হব।
כִּי־אָז עַל־שַׁדַּי תִּתְעַנָּג וְתִשָּׂא אֶל־אֱלוֹהַּ פָּנֶֽיךָ׃ | 26 |
২৬কিয়নো তেতিয়া তুমি সৰ্ব্বশক্তিমান জনাত আনন্দ কৰিবা, আৰু ঈশ্বৰলৈ মুখ তুলিবা।
תַּעְתִּיר אֵלָיו וְיִשְׁמָעֶךָּ וּנְדָרֶיךָ תְשַׁלֵּֽם׃ | 27 |
২৭তুমি তেওঁৰ আগত প্ৰাৰ্থনা কৰিলে তেওঁ শুনিব; তাতে তেওঁ তোমাৰ সঙ্কল্প সিদ্ধ কৰিব।
וְֽתִגְזַר־אוֹמֶר וְיָקָם לָךְ וְעַל־דְּרָכֶיךָ נָגַֽהּ אֽוֹר׃ | 28 |
২৮তুমি কোনো বিষয় মনত স্থিৰ কৰিলে, সেয়ে তোমালৈ সিদ্ধ হ’ব; আৰু তোমাৰ পথত পোহৰ পৰিব।
כִּֽי־הִשְׁפִּילוּ וַתֹּאמֶר גֵּוָה וְשַׁח עֵינַיִם יוֹשִֽׁעַ׃ | 29 |
২৯বিপদৰ কালত তুমি কবা, উন্নতি হব; আৰু অধোমুখক তেওঁ নিস্তাৰ কৰিব।
יֽ͏ְמַלֵּט אִֽי־נָקִי וְנִמְלַט בְּבֹר כַּפֶּֽיךָ׃ | 30 |
৩০তেওঁ নিৰ্দ্দোষী নোহোৱা জনকো উদ্ধাৰ কৰিব; এনে কি, সি তোমাৰ হাতৰ যোগেদি পবিত্ৰতাৰ উদ্ধাৰ পাব।”