< זְכַרְיָה 11 >
פְּתַ֥ח לְבָנ֖וֹן דְּלָתֶ֑יךָ וְתֹאכַ֥ל אֵ֖שׁ בַּאֲרָזֶֽיךָ׃ | 1 |
১হে লিবানোন, অগ্নিয়ে তোমাৰ এৰচ গছবোৰ গ্ৰাস কৰিবৰ কাৰণে তোমাৰ দুৱাৰবোৰ মুকলি কৰা!
הֵילֵ֤ל בְּרוֹשׁ֙ כִּֽי־נָ֣פַל אֶ֔רֶז אֲשֶׁ֥ר אַדִּרִ֖ים שֻׁדָּ֑דוּ הֵילִ֙ילוּ֙ אַלּוֹנֵ֣י בָשָׁ֔ן כִּ֥י יָרַ֖ד יַ֥עַר הַבָּצִֽיר׃ | 2 |
২হে দেৱদাৰু, বিলাপ কৰা, কিয়নো এৰচ বৃক্ষ পতিত হ’ল, কাৰণ যি উত্তম আছিল সেইবোৰ নষ্ট হ’ল! হে বাচানৰ অলোন গছবোৰ, বিলাপ কৰা কিয়নো দুৰ্গম কাঠনি ভাঙি পৰিছে।
ק֚וֹל יִֽלְלַ֣ת הָרֹעִ֔ים כִּ֥י שֻׁדְּדָ֖ה אַדַּרְתָּ֑ם ק֚וֹל שַׁאֲגַ֣ת כְּפִירִ֔ים כִּ֥י שֻׁדַּ֖ד גְּא֥וֹן הַיַּרְדֵּֽן׃ ס | 3 |
৩মেৰ-ছাগ ৰখীয়াবোৰৰ মাতে চিঞৰিছে, কিয়নো তেওঁলোকৰ গৌৰৱ ধ্বংস-প্রাপ্ত হ’ল! যুৱা সিংহবোৰ গৰ্জি উঠিছে, কিয়নো যৰ্দ্দনৰ গৌৰৱ উচ্ছন্ন হ’ল।
כֹּ֥ה אָמַ֖ר יְהוָ֣ה אֱלֹהָ֑י רְעֵ֖ה אֶת־צֹ֥אן הַהֲרֵגָֽה׃ | 4 |
৪এই হেতুকে মোৰ ঈশ্বৰ যিহোৱাই এই কথা ক’লে, “বধ কৰিবলগীয়া মেৰ-ছাগৰ জাকক তুমি চৰোৱা;
אֲשֶׁ֨ר קֹנֵיהֶ֤ן יַֽהֲרְגֻן֙ וְלֹ֣א יֶאְשָׁ֔מוּ וּמֹכְרֵיהֶ֣ן יֹאמַ֔ר בָּר֥וּךְ יְהוָ֖ה וַאעְשִׁ֑ר וְרֹ֣עֵיהֶ֔ם לֹ֥א יַחְמ֖וֹל עֲלֵיהֶֽן׃ | 5 |
৫(সেইবোৰৰ কিনোতাবোৰে সেইবোৰক বধ কৰে আৰু নিজক দোষী বুলি নাভাবে; আৰু সেইবোৰক বেচোঁতা প্ৰতিজনে কয়, ‘যিহোৱা ধন্য হওঁক! কিয়নো মই ধনী হ’লো’, কাৰণ সেইবোৰৰ নিজ ৰখীয়াসকলে সেইবোৰক মৰম নকৰে।)
כִּ֠י לֹ֣א אֶחְמ֥וֹל ע֛וֹד עַל־יֹשְׁבֵ֥י הָאָ֖רֶץ נְאֻם־יְהוָ֑ה וְהִנֵּ֨ה אָנֹכִ֜י מַמְצִ֣יא אֶת־הָאָדָ֗ם אִ֤ישׁ בְּיַד־רֵעֵ֙הוּ֙ וּבְיַ֣ד מַלְכּ֔וֹ וְכִתְּתוּ֙ אֶת־הָאָ֔רֶץ וְלֹ֥א אַצִּ֖יל מִיָּדָֽם׃ | 6 |
৬কিয়নো দেশ-নিবাসীসকলক মই দয়া নকৰিম।” এয়ে যিহোৱাৰ ঘোষণা। “কিন্তু চোৱা! মই লোকসকলৰ প্ৰতিজনক নিজ মেৰ-ৰখীয়াৰ আৰু নিজ ৰজাৰ হাতত শোধাই দিম; তেওঁলোকে দেশ চূৰ্ণ কৰিব, কিন্তু মই তেওঁলোকৰ হাতৰ পৰা তেওঁলোকক উদ্ধাৰ নকৰিম।”
וָֽאֶרְעֶה֙ אֶת־צֹ֣אן הַֽהֲרֵגָ֔ה לָכֵ֖ן עֲנִיֵּ֣י הַצֹּ֑אן וָאֶקַּֽח־לִ֞י שְׁנֵ֣י מַקְל֗וֹת לְאַחַ֞ד קָרָ֤אתִי נֹ֙עַם֙ וּלְאַחַד֙ קָרָ֣אתִי חֹֽבְלִ֔ים וָאֶרְעֶ֖ה אֶת־הַצֹּֽאן׃ | 7 |
৭তেতিয়া বেচোঁতাসকলৰ বধ কৰিবলগীয়া সেই মেৰ-ছাগ জাকবোৰৰ ৰখীয়া মই হ’লো, আৰু মই নিজৰ কাৰণে দুডাল লাখুটি ললোঁ; এডালৰ নাম “দয়া” আৰু আনডালৰ নাম “একতা” ৰাখিলোঁ। এইদৰে মই মেৰ-ছাগৰ জাকটো চৰাবলৈ ধৰিলোঁ।
וָאַכְחִ֛ד אֶת־שְׁלֹ֥שֶׁת הָרֹעִ֖ים בְּיֶ֣רַח אֶחָ֑ד וַתִּקְצַ֤ר נַפְשִׁי֙ בָּהֶ֔ם וְגַם־נַפְשָׁ֖ם בָּחֲלָ֥ה בִֽי׃ | 8 |
৮মই এক মাহৰ ভিতৰতে সেই তিনিজন মেৰ-ছাগ ৰখীয়াক বিনষ্ট কৰিলোঁ; কিয়নো মই তেওঁলোকৰ প্রতি অধৈৰ্য হ’লো - কিয়নো তেওঁলোকৰ প্ৰাণেও মোক ঘিণ কৰিলে।
וָאֹמַ֕ר לֹ֥א אֶרְעֶ֖ה אֶתְכֶ֑ם הַמֵּתָ֣ה תָמ֗וּת וְהַנִּכְחֶ֙דֶת֙ תִּכָּחֵ֔ד וְהַ֨נִּשְׁאָר֔וֹת תֹּאכַ֕לְנָה אִשָּׁ֖ה אֶת־בְּשַׂ֥ר רְעוּתָֽהּ׃ | 9 |
৯তেতিয়া মই ক’লো, “মই তোমালোকক আৰু নচৰাওঁ। যিবোৰ মৰি আছে - সেইবোৰক বিনষ্ট হ’বলৈ দিয়া। আৰু যিবোৰ অৱশিষ্ট থাকিব, সেইবোৰক ইজনে সিজনৰ মাংস খাওঁক।”
וָאֶקַּ֤ח אֶת־מַקְלִי֙ אֶת־נֹ֔עַם וָאֶגְדַּ֖ע אֹת֑וֹ לְהָפֵיר֙ אֶת־בְּרִיתִ֔י אֲשֶׁ֥ר כָּרַ֖תִּי אֶת־כָּל־הָעַמִּֽים׃ | 10 |
১০সেই কাৰণে মই সকলো জাতিৰ লগত স্থাপন কৰা নিয়মটি ভাঙিবলৈ মোৰ সেই “দয়া” নামৰ লাখুটিডাল দুডোখৰ কৰিলোঁ।
וַתֻּפַ֖ר בַּיּ֣וֹם הַה֑וּא וַיֵּדְע֨וּ כֵ֜ן עֲנִיֵּ֤י הַצֹּאן֙ הַשֹּׁמְרִ֣ים אֹתִ֔י כִּ֥י דְבַר־יְהוָ֖ה הֽוּא׃ | 11 |
১১সেইদিনা সেই নিয়মটি ভঙা হ’ল আৰু মোক সেইদৰে কৰা দেখি বেচোঁতাসকলে জানিলে যে, এয়ে যিহোৱাৰ বাক্য!
וָאֹמַ֣ר אֲלֵיהֶ֗ם אִם־ט֧וֹב בְּעֵינֵיכֶ֛ם הָב֥וּ שְׂכָרִ֖י וְאִם־לֹ֣א ׀ חֲדָ֑לוּ וַיִּשְׁקְל֥וּ אֶת־שְׂכָרִ֖י שְׁלֹשִׁ֥ים כָּֽסֶף׃ | 12 |
১২মই তেওঁলোকক কলোঁ, “যদি তোমালোকে ভাল দেখা, তেন্তে মোক মোৰ বেচ দিয়া; যদি ভাল নেদেখা তেন্তে নালাগে।” তেতিয়া তেওঁলোকে মোৰ বেচৰ অৰ্থে ত্ৰিশ চেকল ৰূপ জুখি মোক দিলে।
וַיֹּ֨אמֶר יְהוָ֜ה אֵלַ֗י הַשְׁלִיכֵ֙הוּ֙ אֶל־הַיּוֹצֵ֔ר אֶ֣דֶר הַיְקָ֔ר אֲשֶׁ֥ר יָקַ֖רְתִּי מֵֽעֲלֵיהֶ֑ם וָֽאֶקְחָה֙ שְׁלֹשִׁ֣ים הַכֶּ֔סֶף וָאַשְׁלִ֥יךְ אֹת֛וֹ בֵּ֥ית יְהוָ֖ה אֶל־הַיּוֹצֵֽר׃ | 13 |
১৩তেতিয়া যিহোৱাই মোক ক’লে, “সেই ৰূপ ধন-ভঁৰালত জমা দিয়া, তেওঁলোকৰ বিবেচনাত এয়ে উচিত মূল্য!” তেতিয়া মই সেই ত্ৰিশ চেকল ৰূপ লৈ যিহোৱাৰ গৃহত কুমাৰৰ আগত জমা দিলোঁ।
וָֽאֶגְדַּע֙ אֶת־מַקְלִ֣י הַשֵּׁנִ֔י אֵ֖ת הַחֹֽבְלִ֑ים לְהָפֵר֙ אֶת־הָֽאַחֲוָ֔ה בֵּ֥ין יְהוּדָ֖ה וּבֵ֥ין יִשְׂרָאֵֽל׃ ס | 14 |
১৪পাছত যিহূদা আৰু ইস্ৰায়েলৰ মাজত ভ্ৰাত্বৰ বন্ধন ভাঙিবলৈ মোৰ “একতা” নামৰ আনডাল লাখুটি দুডোখৰ কৰিলোঁ।
וַיֹּ֥אמֶר יְהוָ֖ה אֵלָ֑י ע֣וֹד קַח־לְךָ֔ כְּלִ֖י רֹעֶ֥ה אֱוִלִֽי׃ | 15 |
১৫তেতিয়া যিহোৱাই মোক পুনৰায় ক’লে, “তুমি আকৌ নিজৰ বাবে এজন অজ্ঞান মেৰ-ছাগ ৰখীয়াৰ সঁজুলি লোৱা,
כִּ֣י הִנֵּֽה־אָנֹכִי֩ מֵקִ֨ים רֹעֶ֜ה בָּאָ֗רֶץ הַנִּכְחָד֤וֹת לֹֽא־יִפְקֹד֙ הַנַּ֣עַר לֹֽא־יְבַקֵּ֔שׁ וְהַנִּשְׁבֶּ֖רֶת לֹ֣א יְרַפֵּ֑א הַנִּצָּבָה֙ לֹ֣א יְכַלְכֵּ֔ל וּבְשַׂ֤ר הַבְּרִיאָה֙ יֹאכַ֔ל וּפַרְסֵיהֶ֖ן יְפָרֵֽק׃ ס | 16 |
১৬কিয়নো চোৱা! মই দেশত এজন মেৰ-ছাগৰ ৰখীয়া উৎপন্ন কৰিম! তেওঁ নষ্ট হ’বলগীয়া ছাগলীবোৰৰ বুজ বিচাৰ নল’ব। ছিন্ন-ভিন্ন হোৱা ছাগলীবোৰক নিবিচাৰিব বা ভগ্ন হোৱাটোক সুস্থ নকৰিব। আনকি সুস্থকো প্ৰতিপালন নকৰিব, কিন্তু হৃষ্টপুষ্টবোৰে মাংস খাব পাব আৰু সেইবোৰৰ খুৰাও ডোখৰ ডোখৰকৈ ছিঙিব।
ה֣וֹי רֹעִ֤י הָֽאֱלִיל֙ עֹזְבִ֣י הַצֹּ֔אן חֶ֥רֶב עַל־זְרוֹע֖וֹ וְעַל־עֵ֣ין יְמִינ֑וֹ זְרֹעוֹ֙ יָב֣וֹשׁ תִּיבָ֔שׁ וְעֵ֥ין יְמִינ֖וֹ כָּהֹ֥ה תִכְהֶֽה׃ ס | 17 |
১৭হায়, জাক এৰি যোৱা অযোগ্য মেৰ-ৰখীয়া! তেওঁৰ সোঁ চকু আৰু সোঁ হাতৰ বিৰুদ্ধে তৰোৱাল লৈ আহা! তেওঁৰ সোঁ হাত নিষ্কৰ্মা হৈ যাব আৰু তেওঁৰ সোঁ চকু অন্ধ হ’ব।