< תְהִלִּים 82 >
מִזְמ֗וֹר לְאָ֫סָ֥ף אֱֽלֹהִ֗ים נִצָּ֥ב בַּעֲדַת־אֵ֑ל בְּקֶ֖רֶב אֱלֹהִ֣ים יִשְׁפֹּֽט׃ | 1 |
১ঈশ্বৰ তেওঁৰ স্বর্গীয় সভাৰ মাজত থিয় হৈছে; দেৱতাবোৰৰ সেই সভাত তেৱেঁই বিচাৰ কৰে।
עַד־מָתַ֥י תִּשְׁפְּטוּ־עָ֑וֶל וּפְנֵ֥י רְ֝שָׁעִ֗ים תִּשְׂאוּ־סֶֽלָה׃ | 2 |
২“কিমান কাললৈকে তোমালোকে অন্যায় বিচাৰ কৰিবা আৰু দুষ্টবোৰৰ পক্ষত থাকিবা? (চেলা)
שִׁפְטוּ־דַ֥ל וְיָת֑וֹם עָנִ֖י וָרָ֣שׁ הַצְדִּֽיקוּ׃ | 3 |
৩তোমালোকে দৰিদ্ৰ আৰু অনাথসকলৰ প্রতি ন্যায় বিচাৰ কৰা; দুখী আৰু দীনহীনৰ ন্যায্য অধিকাৰ ৰক্ষা কৰা।
פַּלְּטוּ־דַ֥ל וְאֶבְי֑וֹן מִיַּ֖ד רְשָׁעִ֣ים הַצִּֽילוּ׃ | 4 |
৪দুখীয়া আৰু কঙালক বচোৱা; দুষ্টবোৰৰ হাতৰ পৰা তেওঁলোকক মুক্ত কৰা।”
לֹ֤א יָֽדְע֨וּ ׀ וְלֹ֥א יָבִ֗ינוּ בַּחֲשֵׁכָ֥ה יִתְהַלָּ֑כוּ יִ֝מּ֗וֹטוּ כָּל־מ֥וֹסְדֵי אָֽרֶץ׃ | 5 |
৫তেওঁলোকৰ জ্ঞান আৰু বিচাৰ-বুদ্ধি বুলি একো নাই; চাৰিওফালে অন্ধকাৰতে তেওঁলোক ফুৰে; পৃথিবীৰ আটাই ভিত্তিমূলবোৰ কঁপি উঠিছে।
אֲֽנִי־אָ֭מַרְתִּי אֱלֹהִ֣ים אַתֶּ֑ם וּבְנֵ֖י עֶלְי֣וֹן כֻּלְּכֶֽם׃ | 6 |
৬মই ক’লো, “তোমালোকেই দেৱতাবোৰ; তোমালোক সকলোৱেই সৰ্ব্বোপৰি জনাৰ সন্তান।
אָ֭כֵן כְּאָדָ֣ם תְּמוּת֑וּן וּכְאַחַ֖ד הַשָּׂרִ֣ים תִּפֹּֽלוּ׃ | 7 |
৭কিন্তু তথাপিও তোমালোক মনুষ্যৰ দৰে মৰিবা; অধিপতিসকলৰ এজনৰ দৰেই তোমালোকৰ পতন হ’ব।”
קוּמָ֣ה אֱ֭לֹהִים שָׁפְטָ֣ה הָאָ֑רֶץ כִּֽי־אַתָּ֥ה תִ֝נְחַ֗ל בְּכָל־הַגּוֹיִֽם׃ | 8 |
৮হে ঈশ্বৰ, তুমি উঠা, পৃথিবীৰ বিচাৰ কৰা; কিয়নো সমুদায় জাতি তোমাৰ অধিকাৰত আছে।