< תְהִלִּים 105 >
הוֹד֣וּ לַ֭יהוָה קִרְא֣וּ בִּשְׁמ֑וֹ הוֹדִ֥יעוּ בָ֝עַמִּ֗ים עֲלִילוֹתָֽיו׃ | 1 |
১যিহোৱাৰ ধন্যবাদ কৰা, তেওঁৰ নামত প্ৰাৰ্থনা কৰা; জাতিবোৰৰ মাজত তেওঁৰ কাৰ্যবোৰ জনোৱা।
שִֽׁירוּ־ל֭וֹ זַמְּרוּ־ל֑וֹ שִׂ֝֗יחוּ בְּכָל־נִפְלְאוֹתָֽיו׃ | 2 |
২তেওঁৰ উদ্দেশ্যে গীত গোৱা, তেওঁৰ উদ্দেশ্যে প্ৰশংসাৰ গান কৰা; তেওঁৰ আচৰিত কাৰ্যবোৰৰ বিষয়ে কোৱা।
הִֽ֭תְהַלְלוּ בְּשֵׁ֣ם קָדְשׁ֑וֹ יִ֝שְׂמַ֗ח לֵ֤ב ׀ מְבַקְשֵׁ֬י יְהוָֽה׃ | 3 |
৩তোমালোকে তেওঁৰ পবিত্ৰ নামৰ গৌৰৱ কৰা; যিহোৱাক বিচৰাসকলৰ হৃদয়ে আনন্দ কৰক।
דִּרְשׁ֣וּ יְהוָ֣ה וְעֻזּ֑וֹ בַּקְּשׁ֖וּ פָנָ֣יו תָּמִֽיד׃ | 4 |
৪তোমালোকে যিহোৱা আৰু তেওঁৰ শক্তি বিচাৰা; নিতৌ তেওঁৰ সাক্ষাৎ হ’বলৈ বিচাৰা।
זִכְר֗וּ נִפְלְאוֹתָ֥יו אֲשֶׁר־עָשָׂ֑ה מֹ֝פְתָ֗יו וּמִשְׁפְּטֵי־פִֽיו׃ | 5 |
৫তেওঁ কৰা আচৰিত কাৰ্যবোৰ সোঁৱৰণ কৰা; তেওঁৰ অদ্ভুত কার্য আৰু তেওঁৰ মুখে কৰা বিচাৰবোৰ সোঁৱৰণ কৰা।
זֶ֭רַע אַבְרָהָ֣ם עַבְדּ֑וֹ בְּנֵ֖י יַעֲקֹ֣ב בְּחִירָֽיו׃ | 6 |
৬তোমালোক তেওঁৰ দাস অব্ৰাহামৰ বংশধৰ, তেওঁৰ মনোনীত যাকোবৰ সন্তান।
ה֭וּא יְהוָ֣ה אֱלֹהֵ֑ינוּ בְּכָל־הָ֝אָ֗רֶץ מִשְׁפָּטָֽיו׃ | 7 |
৭তেৱেঁই আমাৰ ঈশ্বৰ যিহোৱা; তেওঁৰ শাসন-প্ৰণালী সমুদায় পৃথিৱীত বিদ্যমান।
זָכַ֣ר לְעוֹלָ֣ם בְּרִית֑וֹ דָּבָ֥ר צִ֝וָּ֗ה לְאֶ֣לֶף דּֽוֹר׃ | 8 |
৮তেওঁ অনন্তকাললৈকে নিজ নিয়ম সোঁৱৰণ কৰে, আৰু সেই বাক্যৰ আদেশ তেওঁ হাজাৰ হাজাৰ পুৰুষলৈকে দিলে।
אֲשֶׁ֣ר כָּ֭רַת אֶת־אַבְרָהָ֑ם וּשְׁב֖וּעָת֣וֹ לְיִשְׂחָֽק׃ | 9 |
৯সেই নিয়ম তেওঁ অব্ৰাহামৰে সৈতে স্থাপন কৰিছিল আৰু ইচহাকৰ আগত প্রতিজ্ঞা কৰিছিল।
וַיַּֽעֲמִידֶ֣הָ לְיַעֲקֹ֣ב לְחֹ֑ק לְ֝יִשְׂרָאֵ֗ל בְּרִ֣ית עוֹלָֽם׃ | 10 |
১০তেওঁ তাক যাকোবৰ কাৰণে এক বিধি ৰূপে, ইস্ৰায়েলৰ কাৰণে এটি অনন্তকলীয়া নিয়ম ৰূপে স্থিৰ কৰিলে।
לֵאמֹ֗ר לְךָ֗ אֶתֵּ֥ן אֶת־אֶֽרֶץ־כְּנָ֑עַן חֶ֝֗בֶל נַחֲלַתְכֶֽם׃ | 11 |
১১তেওঁ ক’লে, “মই তোমাক কনান দেশখন দিম; সেয়াই হ’ব তোমাৰ আধিপত্য।
בִּֽ֭הְיוֹתָם מְתֵ֣י מִסְפָּ֑ר כִּ֝מְעַ֗ט וְגָרִ֥ים בָּֽהּ׃ | 12 |
১২সেই কালত তেওঁলোকৰ সংখ্যা অধিক নাছিল, তেওঁলোক অতি তাকৰ আছিল আৰু তাত তেওঁলোক প্ৰবাসী আছিল;
וַֽ֭יִּתְהַלְּכוּ מִגּ֣וֹי אֶל־גּ֑וֹי מִ֝מַּמְלָכָ֗ה אֶל־עַ֥ם אַחֵֽר׃ | 13 |
১৩তেওঁলোকে যেতিয়া তাত এটা জাতিৰ পৰা আন জাতিৰ ওচৰলৈ, এক ৰাজ্যৰ পৰা আন লোক সমূহৰ মাজত ভ্ৰমি ফুৰিছিল,
לֹֽא־הִנִּ֣יחַ אָדָ֣ם לְעָשְׁקָ֑ם וַיּ֖וֹכַח עֲלֵיהֶ֣ם מְלָכִֽים׃ | 14 |
১৪তেতিয়া তেওঁ কোনো মনুষ্যকে তেওঁলোকৰ ওপৰত উপদ্রৱ কৰিবলৈ নিদিলে; বৰং তেওঁলোকৰ কাৰণে তেওঁ ৰজাসকলক ধমক দি কৈছিল,
אַֽל־תִּגְּע֥וּ בִמְשִׁיחָ֑י וְ֝לִנְבִיאַי אַל־תָּרֵֽעוּ׃ | 15 |
১৫“তোমালোকে মোৰ অভিষিক্ত ব্যক্তিসকলক স্পর্শ নকৰিবা; মোৰ ভাববাদীসকলৰো কোনো অপকাৰ নকৰিবা।”
וַיִּקְרָ֣א רָ֭עָב עַל־הָאָ֑רֶץ כָּֽל־מַטֵּה־לֶ֥חֶם שָׁבָֽר׃ | 16 |
১৬তেওঁ সেই দেশলৈ দুৰ্ভিক্ষ মাতি আনিলে, তেওঁ সম্পূর্ণৰূপে শস্যৰ ভঁৰালবোৰ ধ্বংস কৰি পেলালে।
שָׁלַ֣ח לִפְנֵיהֶ֣ם אִ֑ישׁ לְ֝עֶ֗בֶד נִמְכַּ֥ר יוֹסֵֽף׃ | 17 |
১৭তেতিয়া তেওঁ তেওঁলোকৰ আগেয়ে এজন মানুহ পঠালে- যিজনৰ নাম যোচেফ আছিল; তেওঁক দাসৰূপে বেচা হ’ল।
עִנּ֣וּ בַכֶּ֣בֶל רַגְל֑וֹ בַּ֝רְזֶ֗ל בָּ֣אָה נַפְשֽׁוֹ׃ | 18 |
১৮লোকসকলে তেওঁৰ ভৰিত বেৰীৰ শিকলিৰে দুখ দিলে; লোহাৰ শিকলিৰে তেওঁৰ ডিঙি বন্ধা হ’ল।
עַד־עֵ֥ת בֹּֽא־דְבָר֑וֹ אִמְרַ֖ת יְהוָ֣ה צְרָפָֽתְהוּ׃ | 19 |
১৯যেতিয়ালৈকে তেওঁ কোৱা বাক্য সিদ্ধ নহয়, তেতিয়ালৈকে যিহোৱাৰ বাক্যই তেওঁক পৰীক্ষা কৰি আছিল।
שָׁ֣לַח מֶ֭לֶךְ וַיַּתִּירֵ֑הוּ מֹשֵׁ֥ל עַ֝מִּ֗ים וַֽיְפַתְּחֵֽהוּ׃ | 20 |
২০ৰজাই লোক পঠাই তেওঁক মুকলি কৰি দিলে, লোকসকলৰ শাসনকর্তাই তেওঁক মুক্ত কৰিলে।
שָׂמ֣וֹ אָד֣וֹן לְבֵית֑וֹ וּ֝מֹשֵׁ֗ל בְּכָל־קִנְיָנֽוֹ׃ | 21 |
২১তেওঁ তেওঁক নিজৰ ৰাজগৃহৰ প্ৰভু পাতিলে, সকলো সম্পত্তিৰ কর্তা কৰিলে।
לֶאְסֹ֣ר שָׂרָ֣יו בְּנַפְשׁ֑וֹ וּזְקֵנָ֥יו יְחַכֵּֽם׃ | 22 |
২২যাতে তেওঁ তেওঁৰ ৰাজকর্মচাৰীসকলক ইচ্ছা অনুসাৰে অধীনত ৰাখিব পাৰে, আৰু তেওঁৰ বৃদ্ধসকলক জ্ঞানৰ পৰামর্শ দিব পাৰে।
וַיָּבֹ֣א יִשְׂרָאֵ֣ל מִצְרָ֑יִם וְ֝יַעֲקֹ֗ב גָּ֣ר בְּאֶֽרֶץ־חָֽם׃ | 23 |
২৩তাৰ পাছত ইস্ৰায়েল মিচৰ দেশলৈ আহিল, যাকোবে হাম বংশীয়সকলৰ দেশত প্ৰবাস কৰিলে।
וַיֶּ֣פֶר אֶת־עַמּ֣וֹ מְאֹ֑ד וַ֝יַּֽעֲצִמֵהוּ מִצָּרָֽיו׃ | 24 |
২৪ঈশ্বৰে নিজৰ লোকসকলৰ বংশ অতিশয় বৃদ্ধি কৰিলে, শত্ৰুবোৰতকৈয়ো তেওঁলোকক শক্তিশালী কৰিলে।
הָפַ֣ךְ לִ֭בָּם לִשְׂנֹ֣א עַמּ֑וֹ לְ֝הִתְנַכֵּ֗ל בַּעֲבָדָֽיו׃ | 25 |
২৫তেওঁ মিচৰীয়সকলৰ অন্তৰক এনে পৰিবর্তন আনি দিলে যে, তেওঁলোকে তেওঁৰ লোকসকলক ঘৃণা কৰিলে; তেওঁৰ দাসবোৰৰ প্রতি ধূর্ত ব্যৱহাৰ কৰিলে।
שָׁ֭לַח מֹשֶׁ֣ה עַבְדּ֑וֹ אַ֝הֲרֹ֗ן אֲשֶׁ֣ר בָּֽחַר־בּֽוֹ׃ | 26 |
২৬তেওঁ নিজ দাস মোচিক আৰু তেওঁৰ মনোনীত হাৰোণক পঠালে;
שָֽׂמוּ־בָ֭ם דִּבְרֵ֣י אֹתוֹתָ֑יו וּ֝מֹפְתִ֗ים בְּאֶ֣רֶץ חָֽם׃ | 27 |
২৭তেওঁলোকে তেওঁলোকৰ মাজত নানা চিন আৰু হাম দেশত অদ্ভুত লক্ষণবোৰ দেখুৱালে;
שָׁ֣לַֽח חֹ֭שֶׁךְ וַיַּחְשִׁ֑ךְ וְלֹֽא־מָ֝ר֗וּ אֶת־דְּבָרֽוֹ׃ | 28 |
২৮তেওঁ অন্ধকাৰ পঠালে, তাতে সেই দেশ আন্ধাৰ হ’ল; তেওঁৰ বাক্যৰ বিৰুদ্ধে তেওঁলোকে বিৰুদ্ধাচৰণ নকৰিলে।
הָפַ֣ךְ אֶת־מֵימֵיהֶ֣ם לְדָ֑ם וַ֝יָּ֗מֶת אֶת־דְּגָתָֽם׃ | 29 |
২৯তেওঁলোকৰ জল সমূহক তেওঁ তেজলৈ পৰিণত কৰিলে; তাতে তেওঁলোকৰ সকলো মাছ মৰিল।
שָׁרַ֣ץ אַרְצָ֣ם צְפַרְדְּעִ֑ים בְּ֝חַדְרֵ֗י מַלְכֵיהֶֽם׃ | 30 |
৩০তেওঁলোকৰ দেশ বেঙেৰে ভৰি পৰিল; এনে কি, তেওঁলোকৰ ৰজাসকলৰ ৰাজপ্রাসাদো বেঙেৰে ভৰি পৰিল।
אָ֭מַר וַיָּבֹ֣א עָרֹ֑ב כִּ֝נִּ֗ים בְּכָל־גְּבוּלָֽם׃ | 31 |
৩১তেওঁৰ কথাতেই তেওঁলোকৰ সকলো অঞ্চলত জাকে জাকে ডাঁহ আৰু ওকণী আহিল।
נָתַ֣ן גִּשְׁמֵיהֶ֣ם בָּרָ֑ד אֵ֖שׁ לֶהָב֣וֹת בְּאַרְצָֽם׃ | 32 |
৩২তেওঁ তেওঁলোকক বৰষুণৰ পৰিবর্তে শিলাবৃষ্টি দিলে; গোটেই দেশ বিজুলী আৰু বজ্ৰপাতৰ অগ্নি বৰষালে।
וַיַּ֣ךְ גַּ֭פְנָם וּתְאֵנָתָ֑ם וַ֝יְשַׁבֵּ֗ר עֵ֣ץ גְּבוּלָֽם׃ | 33 |
৩৩তেওঁলোকৰ দ্ৰাক্ষালতা আৰু ডিমৰু গছবোৰত তেওঁ আঘাত কৰিলে, আৰু দেশৰ গছবোৰ ভাঙি পেলালে।
אָ֭מַר וַיָּבֹ֣א אַרְבֶּ֑ה וְ֝יֶ֗לֶק וְאֵ֣ין מִסְפָּֽר׃ | 34 |
৩৪তেওঁৰ কথাতেই কাকতি ফৰিং আহিল, অসংখ্য সৰু ফৰিঙো আহিল।
וַיֹּ֣אכַל כָּל־עֵ֣שֶׂב בְּאַרְצָ֑ם וַ֝יֹּ֗אכַל פְּרִ֣י אַדְמָתָֽם׃ | 35 |
৩৫সেইবোৰে তেওঁলোকৰ দেশৰ সকলো শাক-পাচলি আৰু ভূমিৰ সকলো শস্য খাই পেলালে।
וַיַּ֣ךְ כָּל־בְּכ֣וֹר בְּאַרְצָ֑ם רֵ֝אשִׁ֗ית לְכָל־אוֹנָֽם׃ | 36 |
৩৬তাৰ পাছত তেওঁলোকৰ সকলো শক্তিৰ প্রথম ফল অর্থাৎ দেশৰ জ্যেষ্ঠ পুত্র সংহাৰ কৰিলে।
וַֽ֭יּוֹצִיאֵם בְּכֶ֣סֶף וְזָהָ֑ב וְאֵ֖ין בִּשְׁבָטָ֣יו כּוֹשֵֽׁל׃ | 37 |
৩৭পাছত তেওঁ লোকসকলক ৰূপ আৰু সোণে সৈতে উলিয়াই আনিলে; তেওঁৰ ফৈদ সমূহৰ মাজত এজনো দুৰ্ব্বল হোৱা নাছিল।
שָׂמַ֣ח מִצְרַ֣יִם בְּצֵאתָ֑ם כִּֽי־נָפַ֖ל פַּחְדָּ֣ם עֲלֵיהֶֽם׃ | 38 |
৩৮তেওঁলোক গুছি যোৱাত মিচৰীয়সকলে আনন্দ কৰিলে, কিয়নো তেওঁলোকে ইস্রায়েলীয়াসকলক ভীষণ ভয় কৰিছিল।
פָּרַ֣שׂ עָנָ֣ן לְמָסָ֑ךְ וְ֝אֵ֗שׁ לְהָאִ֥יר לָֽיְלָה׃ | 39 |
৩৯তেওঁ চন্দ্ৰতাপৰ কাৰণে মেঘ বিস্তাৰ কৰিলে; ৰাতি পোহৰ দিবৰ কাৰণে অগ্নি দিলে।
שָׁאַ֣ל וַיָּבֵ֣א שְׂלָ֑ו וְלֶ֥חֶם שָׁ֝מַ֗יִם יַשְׂבִּיעֵֽם׃ | 40 |
৪০তেওঁলোকে আহাৰ বিচাৰিছিলে, তাতে তেওঁ তেওঁলোকক বটা চৰাই আনি দিলে; আৰু স্বর্গীয় আহাৰেৰে তেওঁলোকক তৃপ্ত কৰিলে।
פָּ֣תַח צ֭וּר וַיָּז֣וּבוּ מָ֑יִם הָ֝לְכ֗וּ בַּצִּיּ֥וֹת נָהָֽר׃ | 41 |
৪১তেওঁ শিল খুলি দিলে, তাতে জল ওলাই আহিল; সেয়ে নদীৰ দৰে মৰুভূমিৰ মাজেদি বৈ গ’ল।
כִּֽי־זָ֭כַר אֶת־דְּבַ֣ר קָדְשׁ֑וֹ אֶֽת־אַבְרָהָ֥ם עַבְדּֽוֹ׃ | 42 |
৪২তেওঁ তেওঁৰ পবিত্ৰ প্রতিজ্ঞা সোঁৱৰণ কৰিলে; তেওঁৰ দাস অব্ৰাহামকো সোঁৱৰণ কৰিলে।
וַיּוֹצִ֣א עַמּ֣וֹ בְשָׂשׂ֑וֹן בְּ֝רִנָּ֗ה אֶת־בְּחִירָֽיו׃ | 43 |
৪৩এইদৰে তেওঁ নিজৰ লোক সমূহক আনন্দেৰে সৈতে, তেওঁৰ মনোনীত লোকসকলক গীত-মাতেৰে সৈতে উলিয়াই আনিলে।
וַיִּתֵּ֣ן לָ֭הֶם אַרְצ֣וֹת גּוֹיִ֑ם וַעֲמַ֖ל לְאֻמִּ֣ים יִירָֽשׁוּ׃ | 44 |
৪৪তেওঁ তেওঁলোকক অন্যান্য জাতিবোৰৰ দেশবোৰ দিলে; সেই সকলো জাতিৰ পৰিশ্রমৰ ফল তেওঁৰ লোকসকলে অধিকাৰ কৰিলে,
בַּעֲב֤וּר ׀ יִשְׁמְר֣וּ חֻ֭קָּיו וְתוֹרֹתָ֥יו יִנְצֹ֗רוּ הַֽלְלוּ־יָֽהּ׃ | 45 |
৪৫যেন তেওঁলোকে তেওঁৰ বিধিবোৰ পালন কৰে আৰু তেওঁৰ ব্যৱস্থাবোৰ মানি চলে। তোমালোকে যিহোৱাৰ প্রশংসা কৰা।