< מִשְׁלֵי 19 >
טֽוֹב־רָ֭שׁ הוֹלֵ֣ךְ בְּתֻמּ֑וֹ מֵעִקֵּ֥שׁ שְׂ֝פָתָ֗יו וְה֣וּא כְסִֽיל׃ | 1 |
১নিজৰ সিদ্ধতাত চলা দৰিদ্ৰ লোক, কোনো এজন কথাত বিপথগামী আৰু অজ্ঞানী লোকতকৈ ভাল।
גַּ֤ם בְּלֹא־דַ֣עַת נֶ֣פֶשׁ לֹא־ט֑וֹב וְאָ֖ץ בְּרַגְלַ֣יִם חוֹטֵֽא׃ | 2 |
২জ্ঞানৰ অবিহনে অভিপ্রায় থকা ভাল নহয়; আৰু যি জনে বেগেৰে যায়, তেওঁ পথ হেৰুৱাই।
אִוֶּ֣לֶת אָ֭דָם תְּסַלֵּ֣ף דַּרְכּ֑וֹ וְעַל־יְ֝הוָ֗ה יִזְעַ֥ף לִבּֽוֹ׃ | 3 |
৩মানুহৰ অজ্ঞানতাই তেওঁৰ জীৱন ধ্বংস কৰে; আৰু তেওঁৰ হৃদয় যিহোৱাৰ বিৰুদ্ধে ক্রোধাম্বিত হয়।
ה֗וֹן יֹ֭סִיף רֵעִ֣ים רַבִּ֑ים וְ֝דָ֗ל מֵרֵ֥עהוּ יִפָּרֵֽד׃ | 4 |
৪ধন-সম্পত্তিয়ে অনেক বন্ধু একত্রিত কৰে; কিন্তু দৰিদ্ৰ লোক নিজৰ বন্ধুসকলৰ পৰা বিছিন্ন হয়।
עֵ֣ד שְׁ֭קָרִים לֹ֣א יִנָּקֶ֑ה וְיָפִ֥יחַ כְּ֝זָבִ֗ים לֹ֣א יִמָּלֵֽט׃ | 5 |
৫মিছা সাক্ষী দিয়া জনে দণ্ড নোপোৱাকৈ নাথাকিব; আৰু যি জনে মিছা কথা কয় তেৱোঁ অব্যাহতি নাপায়।
רַ֭בִּים יְחַלּ֣וּ פְנֵֽי־נָדִ֑יב וְכָל־הָ֝רֵ֗עַ לְאִ֣ישׁ מַתָּֽן׃ | 6 |
৬অনেক লোকে অনুগ্ৰহ পাবলৈ দয়ালু লোকৰ আগত নিবেদন কৰে, আৰু যি জনে উপহাৰ দিয়ে, তেওঁৰ সকলো বন্ধু হয়।
כָּ֥ל אֲחֵי־רָ֨שׁ ׀ שְֽׂנֵאֻ֗הוּ אַ֤ף כִּ֣י מְ֭רֵעֵהוּ רָחֲק֣וּ מִמֶּ֑נּוּ מְרַדֵּ֖ף אֲמָרִ֣ים לוֹ הֵֽמָּה׃ | 7 |
৭যদি দৰিদ্ৰ লোকৰ ভায়েক সকলে তেওঁক ঘিণ কৰে; তেনেহলে তাতকৈ কিমান অধিক পৰিমাণে তেওঁৰ বন্ধুসকল তেওঁৰ পৰা আঁতৰি যাব! তেওঁ তেওঁলোকক আহ্বান কৰে, কিন্তু তেওঁলোক আতৰি যায়।
קֹֽנֶה־לֵּ֭ב אֹהֵ֣ב נַפְשׁ֑וֹ שֹׁמֵ֥ר תְּ֝בוּנָ֗ה לִמְצֹא־טֽוֹב׃ | 8 |
৮যিজনে জ্ঞান লাভ কৰে, তেওঁ নিজৰ প্ৰাণক প্ৰেম কৰে, যিজনে বিবেচনা শক্তি ৰাখে, তেওঁ যি ভাল তাক বিচাৰি পায়।
עֵ֣ד שְׁ֭קָרִים לֹ֣א יִנָּקֶ֑ה וְיָפִ֖יחַ כְּזָבִ֣ים יֹאבֵֽד׃ פ | 9 |
৯মিছা সাক্ষী দিয়া জনে দণ্ড নোপোৱাকৈ নাথাকিব; কিন্তু মিছা কথা কোৱা জন বিনষ্ট হ’ব।
לֹֽא־נָאוֶ֣ה לִכְסִ֣יל תַּעֲנ֑וּג אַ֝֗ף כִּֽי־לְעֶ֤בֶד ׀ מְשֹׁ֬ל בְּשָׂרִֽים׃ | 10 |
১০অজ্ঞানী লোকে বিলাসীতা জীৱন যাপন কৰা অনুপযুক্ত; তেনেহলে ৰাজকুমাৰৰ ওপৰত দাসে শাসন কৰা তাতকৈ কিমান অধিক পৰিমাণে অনুপযুক্ত!
שֵׂ֣כֶל אָ֭דָם הֶאֱרִ֣יךְ אַפּ֑וֹ וְ֝תִפאַרְתּ֗וֹ עֲבֹ֣ר עַל־פָּֽשַׁע׃ | 11 |
১১মানুহৰ বিবেচনাই তেওঁক ক্ৰোধত ধীৰ কৰে, আৰু অপৰাধ অৱমাননা কৰা তেওঁৰ গৌৰৱ।
נַ֣הַם כַּ֭כְּפִיר זַ֣עַף מֶ֑לֶךְ וּכְטַ֖ל עַל־עֵ֣שֶׂב רְצוֹנֽוֹ׃ | 12 |
১২ৰজাৰ ক্ৰোধ ডেকা সিংহৰ গৰ্জ্জনৰ দৰে; কিন্তু তেওঁৰ অনুগ্ৰহ ঘাঁহৰ ওপৰত পৰা নিয়ৰৰ দৰে।
הַוֹּ֣ת לְ֭אָבִיו בֵּ֣ן כְּסִ֑יל וְדֶ֥לֶף טֹ֝רֵ֗ד מִדְיְנֵ֥י אִשָּֽׁה׃ | 13 |
১৩মূৰ্খ পুত্ৰই পিতৃলৈ ধ্বংস আনে, আৰু কন্দল কৰা মহিলা টোপ-টোপকৈ পৰি থকা পানীৰ দৰে।
בַּ֣יִת וָ֭הוֹן נַחֲלַ֣ת אָב֑וֹת וּ֝מֵיְהוָ֗ה אִשָּׁ֥ה מַשְׂכָּֽלֶת׃ | 14 |
১৪ঘৰ আৰু ধন-সম্পত্তি পিতৃসকলৰ পৰা পোৱা উত্তৰাধিকাৰ; কিন্তু জ্ঞানৱতী ভাৰ্যা যিহোৱাৰ পৰা পোৱা যায়।
עַ֭צְלָה תַּפִּ֣יל תַּרְדֵּמָ֑ה וְנֶ֖פֶשׁ רְמִיָּ֣ה תִרְעָֽב׃ | 15 |
১৫এলাহে মানুহক দুৰ্ঘোৰ নিদ্রাত পেলায়, কিন্তু যিজনে কাম কৰিবলৈ ইচ্ছা নকৰে, তেওঁ ভোকত থাকিব।
שֹׁמֵ֣ר מִ֭צְוָה שֹׁמֵ֣ר נַפְשׁ֑וֹ בּוֹזֵ֖ה דְרָכָ֣יו יָמֽוּת׃ | 16 |
১৬যি জনে আজ্ঞা পালন কৰে, তেওঁ নিজৰ প্ৰাণ ৰক্ষা কৰে; কিন্তু যি জনে নিজৰ পথৰ বিষয়ে চিন্তা নকৰে, তেওঁৰ মৃত্যু হ’ব।
מַלְוֵ֣ה יְ֭הוָה ח֣וֹנֵֽן דָּ֑ל וּ֝גְמֻל֗וֹ יְשַׁלֶּם־לֽוֹ׃ | 17 |
১৭যি জনে দৰিদ্ৰক দয়া কৰে, তেওঁ যিহোৱাক ঋণ দিয়ে; আৰু তেওঁ কৰা কাৰ্যৰ বিনিময়, তেওঁ তেওঁক পৰিশোধ কৰিব।
יַסֵּ֣ר בִּ֭נְךָ כִּי־יֵ֣שׁ תִּקְוָ֑ה וְאֶל־הֲ֝מִית֗וֹ אַל־תִּשָּׂ֥א נַפְשֶֽׁךָ׃ | 18 |
১৮আশা থাকোতে নিজৰ সন্তানক নিয়মানুবৰ্তিতা শিকোৱা; আৰু সন্তানক মাৰি পেলোৱাৰ কথা হৃদয়ত নাভাবিবা।
גְּֽדָל חֵ֭מָה נֹ֣שֵׂא עֹ֑נֶשׁ כִּ֥י אִם־תַּ֝צִּ֗יל וְע֣וֹד תּוֹסִֽף׃ | 19 |
১৯অতি ক্ৰোধী মানুহে দণ্ড পোৱা উচিত; যদি তুমি তেওঁক মুক্ত কৰা, তেনেহলে তুমি দ্বিতীয় বাৰৰ বাবেও কৰিব লাগিব।
שְׁמַ֣ע עֵ֭צָה וְקַבֵּ֣ל מוּסָ֑ר לְ֝מַ֗עַן תֶּחְכַּ֥ם בְּאַחֲרִיתֶֽךָ׃ | 20 |
২০তুমি জীৱনৰ শেষ বয়সত জ্ঞানী হ’বলৈ পৰামৰ্শ শুনা, আৰু নিৰ্দেশ গ্ৰহণ কৰা।
רַבּ֣וֹת מַחֲשָׁב֣וֹת בְּלֶב־אִ֑ישׁ וַעֲצַ֥ת יְ֝הוָ֗ה הִ֣יא תָקֽוּם׃ | 21 |
২১মানুহৰ হৃদয়ত বহুতো আঁচনি থাকে; কিন্তু যিহোৱাৰ অভিপ্রায় থিৰে থাকিব।
תַּאֲוַ֣ת אָדָ֣ם חַסְדּ֑וֹ וְטֽוֹב־רָ֝שׁ מֵאִ֥ישׁ כָּזָֽב׃ | 22 |
২২আনুগত্য মানুহৰ ইচ্ছাৰে হয়, আৰু মিছলীয়াতকৈ দৰিদ্ৰ লোক ভাল।
יִרְאַ֣ת יְהוָ֣ה לְחַיִּ֑ים וְשָׂבֵ֥עַ יָ֝לִ֗ין בַּל־יִפָּ֥קֶד רָֽע׃ | 23 |
২৩যিহোৱাক তেওঁৰ পাবলগীয়া সন্মান দিয়া, আৰু সেয়ে তোমাৰ জীৱনদায়ক হ’ব, আৰু যি জনৰ সেয়া আছে, তেওঁ তৃপ্ত হৈ থাকিব; আৰু তেওঁ অনিষ্টৰ দ্বাৰাই পীড়িত নহ’ব।
טָ֘מַ֤ן עָצֵ֣ל יָ֭דוֹ בַּצַּלָּ֑חַת גַּם־אֶל־פִּ֝֗יהוּ לֹ֣א יְשִׁיבֶֽנָּה׃ | 24 |
২৪এলেহুৱাই পাত্ৰৰ আহাৰত হাত সুমুৱাই, এনেকি পুনৰায় মুখলৈ ঘূৰাই নিব নোৱাৰিব।
לֵ֣ץ תַּ֭כֶּה וּפֶ֣תִי יַעְרִ֑ם וְהוֹכִ֥יחַ לְ֝נָב֗וֹן יָבִ֥ין דָּֽעַת׃ | 25 |
২৫নিন্দকক প্ৰহাৰ কৰা, তাতে অশিক্ষিত দূৰদর্শী হ’ব; আৰু সুবিবেচকক অনুযোগ কৰা, তাতে তেওঁ জ্ঞান লাভ কৰিব।
מְֽשַׁדֶּד־אָ֭ב יַבְרִ֣יחַ אֵ֑ם בֵּ֝֗ן מֵבִ֥ישׁ וּמַחְפִּֽיר׃ | 26 |
২৬যি পুত্ৰই পিতৃক লুট কৰে, আৰু মাতৃক খেদি দিয়ে, তেওঁ এনে পুত্র যি জনে লাজ আৰু অপমান আনে।
חַֽדַל־בְּ֭נִי לִשְׁמֹ֣עַ מוּסָ֑ר לִ֝שְׁג֗וֹת מֵֽאִמְרֵי־דָֽעַת׃ | 27 |
২৭হে মোৰ পুত্র, যদি তুমি উপদেশ শুনিবলৈ এৰি দিয়া, তুমি জ্ঞানৰ বাক্যৰ পৰা ভ্রান্ত হবা।
עֵ֣ד בְּ֭לִיַּעַל יָלִ֣יץ מִשְׁפָּ֑ט וּפִ֥י רְ֝שָׁעִ֗ים יְבַלַּע־אָֽוֶן׃ | 28 |
২৮দুৰ্নীতিগ্রস্ত সাক্ষীয়ে ন্যায় বিচাৰৰ নিন্দা কৰে, আৰু দুষ্টসকলৰ মুখে অপৰাধ গ্ৰাস কৰে।
נָכ֣וֹנוּ לַלֵּצִ֣ים שְׁפָטִ֑ים וּ֝מַהֲלֻמ֗וֹת לְגֵ֣ו כְּסִילִֽים׃ | 29 |
২৯নিন্দকসকলৰ বাবে দণ্ড যুগুত আছে, আৰু অজ্ঞানী সকলৰ পিঠিৰ বাবে সাঁচ বহা কোব যুগুত আছে।