< אִיּוֹב 6 >

וַיַּ֥עַן אִיּ֗וֹב וַיֹּאמַֽר׃ 1
তেতিয়া ইয়োবে উত্তৰ দি ক’লে,
ל֗וּ שָׁק֣וֹל יִשָּׁקֵ֣ל כַּעְשִׂ֑י וְ֝הַוָּתִ֗י בְּֽמֹאזְנַ֥יִם יִשְׂאוּ־יָֽחַד׃ 2
“অস, মোৰ মনৰ বেজাৰ জুখিব পৰা হ’লে, আৰু তাৰ লগতে এফালে মোৰ ক্লেশকো দিব পৰা হ’লে, কেনে ভাল আছিল।
כִּֽי־עַתָּ֗ה מֵח֣וֹל יַמִּ֣ים יִכְבָּ֑ד עַל־כֵּ֝֗ן דְּבָרַ֥י לָֽעוּ׃ 3
কিয়নো সেয়ে হোৱা হ’লে, ই সমুদ্ৰৰ বালিতকৈয়ো গধুৰ হ’লহেঁতেন; এই হেতুকে মোৰ বাক্য অবিবেচনাযুক্ত।
כִּ֤י חִצֵּ֪י שַׁדַּ֡י עִמָּדִ֗י אֲשֶׁ֣ר חֲ֭מָתָם שֹׁתָ֣ה רוּחִ֑י בִּעוּתֵ֖י אֱל֣וֹהַּ יַֽעַרְכֽוּנִי׃ 4
কিয়নো সৰ্ব্বশক্তিমান জনাৰ বাণবোৰ মোৰ অন্তৰত সোমাল, মোৰ প্ৰাণে সেইবোৰৰ বিষ পান কৰিছে; ঈশ্বৰীয় ত্ৰাস সৈন্য সমূহে মোৰ বিৰুদ্ধে বেহু পাতিছে।
הֲיִֽנְהַק־פֶּ֥רֶא עֲלֵי־דֶ֑שֶׁא אִ֥ם יִגְעֶה־שּׁ֝֗וֹר עַל־בְּלִילֽוֹ׃ 5
বনৰীয়া গাধই ঘাঁহ পালে জানো চিঞৰে? বা গৰুৱে দানা পালে জানো হেম্বেলিয়াই?
הֲיֵאָכֵ֣ל תָּ֭פֵל מִבְּלִי־מֶ֑לַח אִם־יֶשׁ־טַ֝֗עַם בְּרִ֣יר חַלָּמֽוּת׃ 6
যিহৰ সোৱাদ নাই, তাক জানো লোণ নিদিয়াকৈ খোৱা যায়? বা কণীৰ বগা বিজলুৱা অংশত জানো আস্বাদ আছে?
מֵאֲנָ֣ה לִנְגּ֣וֹעַ נַפְשִׁ֑י הֵ֝֗מָּה כִּדְוֵ֥י לַחְמִֽי׃ 7
মোৰ প্ৰাণে যি যি চুবলৈ অসন্মত, সেইবোৰেই মোৰ ঘিণলগীয়া আহাৰস্বৰূপ হ’ল।
מִֽי־יִ֭תֵּן תָּב֣וֹא שֶֽׁאֱלָתִ֑י וְ֝תִקְוָתִ֗י יִתֵּ֥ן אֱלֽוֹהַּ׃ 8
অস! মোৰ নিবেদন সফল হোৱা হ’লে, আৰু ঈশ্বৰে মোৰ বাঞ্ছনীয়খিনি দিয়া হ’লে, কেনে ভাল আছিল।
וְיֹאֵ֣ל אֱ֭לוֹהַּ וִֽידַכְּאֵ֑נִי יַתֵּ֥ר יָ֝ד֗וֹ וִֽיבַצְּעֵֽנִי׃ 9
অস! ঈশ্বৰে অনুগ্ৰহ কৰি মোক গুড়ি কৰা হ’লে, তেওঁ হাত মেলি মোক কাটি পেলোৱা হ’লে, কেনে ভাল আছিল।
וּ֥תְהִי ע֨וֹד ׀ נֶ֘חָ֤מָתִ֗י וַאֲסַלְּדָ֣ה בְ֭חִילָה לֹ֣א יַחְמ֑וֹל כִּי־לֹ֥א כִ֝חַ֗דְתִּי אִמְרֵ֥י קָדֽוֹשׁ׃ 10
১০সেয়ে হোৱা হ’লেও মই শান্ত্বনা পালোহেঁতেন, এনে কি, মই নিদাৰুণ যান্ত্ৰণাতো উল্লাস কৰিলোহেঁতেন; কিয়নো মই পবিত্ৰ জনাৰ বাক্য অস্বীকাৰ কৰা নাই।
מַה־כֹּחִ֥י כִֽי־אֲיַחֵ֑ל וּמַה־קִּ֝צִּ֗י כִּֽי־אַאֲרִ֥יךְ נַפְשִֽׁי׃ 11
১১মোৰ বলনো কি, মই যে অপেক্ষা কৰিম? আৰু মোৰ শেষগতি নো কি, মই যে সহি থাকিম?
אִם־כֹּ֣חַ אֲבָנִ֣ים כֹּחִ֑י אִֽם־בְּשָׂרִ֥י נָחֽוּשׁ׃ 12
১২মোৰ বল জানো শিলৰ বল? বা মোৰ মাংস জানো পিতলৰ?
הַאִ֬ם אֵ֣ין עֶזְרָתִ֣י בִ֑י וְ֝תֻשִׁיָּ֗ה נִדְּחָ֥ה מִמֶּֽנִּי׃ 13
১৩মই একেবাৰেই উপায়হীন নহওঁ নে? আৰু বুদ্ধি-কৌশল মোৰ পৰা সমুলি দূৰ কৰা নহ’ল নে?
לַמָּ֣ס מֵרֵעֵ֣הוּ חָ֑סֶד וְיִרְאַ֖ת שַׁדַּ֣י יַעֲזֽוֹב׃ 14
১৪নিৰাশ হৈ যোৱা জনে নিজ বন্ধুৰ পৰা দয়া পাব লাগে; সেয়ে নহ’লে কিজানি তেওঁ সৰ্ব্বশক্তিমান জনাৰ ভক্তি ত্যাগ কৰিব।
אַ֭חַי בָּגְד֣וּ כְמוֹ־נָ֑חַל כַּאֲפִ֖יק נְחָלִ֣ים יַעֲבֹֽרוּ׃ 15
১৫মোৰ ভাইসকল পৰ্ব্বতৰ জুৰিৰ নিচিনা বিশ্বাসঘাতক; বৈ শুকাই যোৱা জুৰিৰ নিচিনা অবিশ্বাসী।
הַקֹּדְרִ֥ים מִנִּי־קָ֑רַח עָ֝לֵ֗ימוֹ יִתְעַלֶּם־שָֽׁלֶג׃ 16
১৬সেইবোৰ বৰফৰ কাৰণে ঘোলা হৈ পৰে, আৰু হিম সেইবোৰত লীন হৈ যায়;
בְּ֭עֵת יְזֹרְב֣וּ נִצְמָ֑תוּ בְּ֝חֻמּ֗וֹ נִדְעֲכ֥וּ מִמְּקוֹמָֽם׃ 17
১৭কিন্তু শীতকাল হোৱামাত্ৰে সেইবোৰ লুপ্ত হয়, আৰু গ্রীষ্মকালত নিজ ঠাইৰ পৰা নাইকিয়া হয়।
יִ֭לָּ֣פְתוּ אָרְח֣וֹת דַּרְכָּ֑ם יַעֲל֖וּ בַתֹּ֣הוּ וְיֹאבֵֽדוּ׃ 18
১৮সেইবোৰৰ কাষে কাষে যোৱা ভ্রমনকৰীদলবোৰে বাট এৰি যায়, আৰু মৰুপ্ৰান্তত গৈ সোমাই বিনষ্ট হয়।
הִ֭בִּיטוּ אָרְח֣וֹת תֵּמָ֑א הֲלִיכֹ֥ת שְׁ֝בָ֗א קִוּוּ־לָֽמוֹ׃ 19
১৯তেমাৰ ভ্রমনকাৰীদলবোৰে সেইবোৰক বিচাৰে, আৰু চিবাৰ যাত্ৰীসমূহে সেইবোৰলৈ অপেক্ষা কৰে;
בֹּ֥שׁוּ כִּֽי־בָטָ֑ח בָּ֥אוּ עָ֝דֶ֗יהָ וַיֶּחְפָּֽרוּ׃ 20
২০কিন্তু তেওঁলোক আশাত বঞ্চিত হয়, তেওঁলোক সেই ঠাইলৈ গৈ হতাশ হয়।
כִּֽי־עַ֭תָּה הֱיִ֣יתֶם ל֑וֹ תִּֽרְא֥וּ חֲ֝תַ֗ת וַתִּירָֽאוּ׃ 21
২১কিয়নো এতিয়া তোমালোক একো নোহোৱা; তোমালোকে আপদ দেখি ভয় পাইছা।
הֲֽכִי־אָ֭מַרְתִּי הָ֣בוּ לִ֑י וּ֝מִכֹּחֲכֶ֗ם שִׁחֲד֥וּ בַעֲדִֽי׃ 22
২২মই জানো তোমালোকক কৈছিলোঁ যে, মোক কিছু দিয়া; তোমালোকৰ সম্পত্তিৰ পৰা মোক উপহাৰ দিয়া?
וּמַלְּט֥וּנִי מִיַּד־צָ֑ר וּמִיַּ֖ד עָרִיצִ֣ים תִּפְדּֽוּנִי׃ 23
২৩বা শত্ৰুৰ হাতৰ পৰা মোক ৰক্ষা কৰা, নাইবা অত্যাচাৰীহঁতৰ হাতৰ পৰা মোক মুক্ত কৰা?
ה֭וֹרוּנִי וַאֲנִ֣י אַחֲרִ֑ישׁ וּמַה־שָּׁ֝גִ֗יתִי הָבִ֥ינוּ לִֽי׃ 24
২৪মোক শিক্ষা দিয়া, তাতে মই নিমাতে থাকিম; আৰু মোৰ ভুল কি, সেই বিষয়ে মোক বুজায় দিয়া।
מַה־נִּמְרְצ֥וּ אִמְרֵי־יֹ֑שֶׁר וּמַה־יּוֹכִ֖יחַ הוֹכֵ֣חַ מִכֶּֽם׃ 25
২৫ন্যায় বাক্য কেনে বেদনাদায়ক! কিন্তু তোমালোকৰ তৰ্ক-বিতৰ্কত কি দোষ প্ৰকাশিত হয়?
הַלְהוֹכַ֣ח מִלִּ֣ים תַּחְשֹׁ֑בוּ וּ֝לְר֗וּחַ אִמְרֵ֥י נֹאָֽשׁ׃ 26
২৬তুমি কি বায়ুতুল্য কথাৰে নিৰাশজনক আচৰণ কৰিবা, নে তুমি মোক বাক্যৰে অবহেলা কৰাৰ পৰিকল্পনা কৰিছা?
אַף־עַל־יָת֥וֹם תַּפִּ֑ילוּ וְ֝תִכְר֗וּ עַל־רֵֽיעֲכֶֽם׃ 27
২৭তোমালোকে দেখোন পিতৃহীনৰেই চিঠি খেলালাহেঁতেন, আৰু নিজ বন্ধুকো বেপাৰৰ বস্তু কৰিলাহেঁতেন।
וְ֭עַתָּה הוֹאִ֣ילוּ פְנוּ־בִ֑י וְעַל־פְּ֝נֵיכֶ֗ם אִם־אֲכַזֵּֽב׃ 28
২৮এতিয়া তোমালোকে অনুগ্ৰহ কৰি মোলৈ চোৱা; কিয়নো মই নিশ্চয়ে তোমালোকৰ আগত মিছা কথা নকওঁ।
שֻֽׁבוּ־נָ֭א אַל־תְּהִ֣י עַוְלָ֑ה וְשׁ֥וּבוּ ע֝וֹד צִדְקִי־בָֽהּ׃ 29
২৯মই মিনতি কৰোঁ, তোমালোকে পুনৰায় আৰম্ভ কৰা, কোনো অন্যায় নহওঁক; আকৌ কওঁ, পুনৰায় আৰম্ভ কৰা, মোৰ ধাৰ্মিকতা এতিয়াও থিৰে আছে।
הֲיֵשׁ־בִּלְשׁוֹנִ֥י עַוְלָ֑ה אִם־חִ֝כִּ֗י לֹא־יָבִ֥ין הַוּֽוֹת׃ 30
৩০মোৰ জিভাত জানো অন্যায় আছে? মোৰ জিভাই জানো চাকি চায় মন্দ বিষয়ৰ আস্বাদ বুজিব নোৱাৰে?

< אִיּוֹב 6 >