< אִיּוֹב 20 >

וַ֭יַּעַן צֹפַ֥ר הַנַּֽעֲמָתִ֗י וַיֹּאמַֽר׃ 1
তেতিয়া নামাথীয়া চোফৰে পুনৰায় উত্তৰ কৰি ক’লে,
לָ֭כֵן שְׂעִפַּ֣י יְשִׁיב֑וּנִי וּ֝בַעֲב֗וּר ח֣וּשִׁי בִֽי׃ 2
মোৰ ভাৱনাই উত্তৰ দিবলৈ মোক উদগাইছে, কাৰণ এইবোৰে মোক অন্তৰক অধৈৰ্য কৰিছে।
מוּסַ֣ר כְּלִמָּתִ֣י אֶשְׁמָ֑ע וְ֝ר֗וּחַ מִֽבִּינָתִ֥י יַעֲנֵֽנִי׃ 3
মোক লাজ দিয়া উপদেশ মই শুনিলোঁ, তথাপি মোৰ বুদ্ধিদায়ক আত্মাই মোক উত্তৰ যোগাইছে।
הֲזֹ֣את יָ֭דַעְתָּ מִנִּי־עַ֑ד מִנִּ֤י שִׂ֖ים אָדָ֣ם עֲלֵי־אָֽרֶץ׃ 4
কেতিয়াৰ পৰা ঈশ্বৰে পৃথিৱীত মনুষ্যক স্থাপন কৰিছিল, কালৰ আৰম্ভণিৰ সেই ৰহস্য তুমি নাজানা,
כִּ֤י רִנְנַ֣ת רְ֭שָׁעִים מִקָּר֑וֹב וְשִׂמְחַ֖ת חָנֵ֣ף עֲדֵי־רָֽגַע׃ 5
দুষ্টবোৰৰ জয়-ধ্বনি যে অলপদিনীয়া, আৰু অধাৰ্মিকৰ আনন্দ যে খন্তেকীয়া, ইয়াক তুমি নাজানা নে?
אִם־יַעֲלֶ֣ה לַשָּׁמַ֣יִם שִׂיא֑וֹ וְ֝רֹאשׁ֗וֹ לָעָ֥ב יַגִּֽיעַ׃ 6
যদি দুষ্টলোকৰ মাহাত্ম্যই আকাশ পায়গৈ, আৰু তাৰ মুৰ মেঘত লাগে,
כְּֽ֭גֶלֲלוֹ לָנֶ֣צַח יֹאבֵ֑ד רֹ֝אָ֗יו יֹאמְר֥וּ אַיּֽוֹ׃ 7
তথাপি সি নিজ বিষ্ঠাৰ দৰে চিৰকাললৈকে নষ্ট হ’ব, যিবিলাকে তাক দেখিছিল, তেওঁবিলাকে সুধিব, সি ক’ত আছে?
כַּחֲל֣וֹם יָ֭עוּף וְלֹ֣א יִמְצָא֑וּהוּ וְ֝יֻדַּ֗ד כְּחֶזְי֥וֹן לָֽיְלָה׃ 8
সি সপোনৰ দৰে উড়ি যাব, তাক পুনৰ পোৱা নাযাব; এনে কি, ৰাতিকালৰ দৰ্শনৰ দৰে সি লুপ্ত হ’ব।
עַ֣יִן שְׁ֭זָפַתּוּ וְלֹ֣א תוֹסִ֑יף וְלֹא־ע֝֗וֹד תְּשׁוּרֶ֥נּוּ מְקוֹמֽוֹ׃ 9
যি চকুৱে তাক দেখিছিল, সেই চকুৱে তাক পুনৰ নেদেখিব; তাৰ নিবাসৰ ঠায়ে তাক পুনৰ দেখা নাপাব।
בָּ֭נָיו יְרַצּ֣וּ דַלִּ֑ים וְ֝יָדָ֗יו תָּשֵׁ֥בְנָה אוֹנֽוֹ׃ 10
১০তাৰ সন্তানবোৰে দৰিদ্ৰসকলৰ পৰা অনুগ্ৰহ বিচাৰিব, আৰু তাৰ নিজ হাতে তাৰ ধন-সম্পত্তি ওভোটাই দিব।
עַ֭צְמוֹתָיו מָלְא֣וּ עֲלוּמָ֑יו וְ֝עִמּ֗וֹ עַל־עָפָ֥ר תִּשְׁכָּֽב׃ 11
১১তাৰ অস্থিবোৰ ডেকা কালৰ শক্তিৰ পৰিপূৰ্ণ, কিন্তু ইয়ো তাৰ লগত ধূলিত শুব।
אִם־תַּמְתִּ֣יק בְּפִ֣יו רָעָ֑ה יַ֝כְחִידֶ֗נָּה תַּ֣חַת לְשׁוֹנֽוֹ׃ 12
১২যদিও দুষ্টতা তাৰ মুখত সোৱাদ লাগে, যদিও সি জিভাৰ তলত তাক লুকুৱাই ৰাখে,
יַחְמֹ֣ל עָ֭לֶיהָ וְלֹ֣א יַֽעַזְבֶ֑נָּה וְ֝יִמְנָעֶ֗נָּה בְּת֣וֹךְ חִכּֽוֹ׃ 13
১৩যদিও সি তাতে ধৰি ৰাখে আৰু এৰি দিব নিবিচাৰে, কিন্তু তাৰ মুখৰ ভিতৰতে তাক ৰাখি থয়,
לַ֭חְמוֹ בְּמֵעָ֣יו נֶהְפָּ֑ךְ מְרוֹרַ֖ת פְּתָנִ֣ים בְּקִרְבּֽוֹ׃ 14
১৪তথাপি তাৰ আহাৰ পেট পাই বিকৃত হয়, সেয়ে তাৰ ভিতৰত কালসৰ্পৰ বিষস্বৰূপ হৈ পৰে।
חַ֣יִל בָּ֭לַע וַיְקִאֶ֑נּוּ מִ֝בִּטְנ֗וֹ יוֹרִשֶׁ֥נּוּ אֵֽל׃ 15
১৫সি ধন-সম্পত্তি গ্ৰাস কৰে, আৰু তাক পুনৰাই বতিঁয়াই পেলাব; ঈশ্বৰে তাৰ পেটৰ পৰা তাক উলিয়াই পেলাব।
רֹאשׁ־פְּתָנִ֥ים יִינָ֑ק תַּֽ֝הַרְגֵ֗הוּ לְשׁ֣וֹן אֶפְעֶֽה׃ 16
১৬সি কালসৰ্পৰ বিষ চুহিব; বিশাল সাপৰ জিভাই তাক বধ কৰিব।
אַל־יֵ֥רֶא בִפְלַגּ֑וֹת נַהֲרֵ֥י נַ֝חֲלֵ֗י דְּבַ֣שׁ וְחֶמְאָֽה׃ 17
১৭সি নদীবোৰ দেখা নাপাব, মৌ আৰু দৈ গাখীৰ বৈ যোৱা সুঁতিবোৰ নেদেখিব।
מֵשִׁ֣יב יָ֭גָע וְלֹ֣א יִבְלָ֑ע כְּחֵ֥יל תְּ֝מוּרָת֗וֹ וְלֹ֣א יַעֲלֹֽס׃ 18
১৮সি নিজ পৰিশ্ৰমৰ ফল ওভোটাই দিব, গ্ৰাস নকৰিব; সি লাভ পোৱা নিজ সম্পত্তি অনুসাৰে উল্লাস নকৰিব।
כִּֽי־רִ֭צַּץ עָזַ֣ב דַּלִּ֑ים בַּ֥יִת גָּ֝זַ֗ל וְלֹ֣א יִבֶנֵֽהוּ׃ 19
১৯সি দৰিদ্ৰবোৰক উপদ্ৰৱ আৰু ত্যাগ কৰিলে; এই হেতুকে যি ঘৰ কাঢ়ি ল’লে, সেই ঘৰ সি সাজি উলিয়াব নোৱাৰিব।
כִּ֤י ׀ לֹא־יָדַ֣ע שָׁלֵ֣ו בְּבִטְנ֑וֹ בַּ֝חֲמוּד֗וֹ לֹ֣א יְמַלֵּֽט׃ 20
২০তাৰ পেট কেতিয়াও তৃপ্ত নহয়; এই হেতুকে সি নিজৰ মৰমৰ বস্তুৰ মাজৰ একোকে ৰক্ষা কৰিব নোৱাৰিব।
אֵין־שָׂרִ֥יד לְאָכְל֑וֹ עַל־כֵּ֝֗ן לֹא־יָחִ֥יל טוּבֽוֹ׃ 21
২১সি গ্ৰাস নকৰা একোৱেই বাকী নাই; এই কাৰণে তাৰ মঙ্গল চিৰকলীয়া নহ’ব।
בִּמְלֹ֣אות שִׂ֭פְקוֹ יֵ֣צֶר ל֑וֹ כָּל־יַ֖ד עָמֵ֣ל תְּבוֹאֶֽנּוּ׃ 22
২২তাৰ বস্তু-বাহানি জোৰাওকৈ থকা সময়তো সি ঠেকত পৰিব; দুখত পৰা প্ৰতিজনৰ হাতে তাক আক্ৰমণ কৰিব।
יְהִ֤י ׀ לְמַלֵּ֬א בִטְנ֗וֹ יְֽשַׁלַּח־בּ֭וֹ חֲר֣וֹן אַפּ֑וֹ וְיַמְטֵ֥ר עָ֝לֵ֗ימוֹ בִּלְחוּמֽוֹ׃ 23
২৩সি নিজ পেট ভৰাবলৈ ধৰোঁতেই, ঈশ্বৰে তাৰ ওপৰত ক্ৰোধাগ্নি পেলাব, আৰু সি খাই থাকোঁতেই তাৰ ওপৰত তাক বৰষাব।
יִ֭בְרַח מִנֵּ֣שֶׁק בַּרְזֶ֑ל תַּ֝חְלְפֵ֗הוּ קֶ֣שֶׁת נְחוּשָֽׁה׃ 24
২৪সি লোহাৰ অস্ত্ৰৰ পৰা পলাই যাব; কিন্তু পিতলৰ ধনুবাণে তাক সৰকাই পেলাব।
שָׁלַף֮ וַיֵּצֵ֪א מִגֵּ֫וָ֥ה וּ֭בָרָק מִֽמְּרֹרָת֥וֹ יַהֲלֹ֗ךְ עָלָ֥יו אֵמִֽים׃ 25
২৫সি বাণ টানিলে, সেয়ে তাৰ গাৰ পৰা ওলাই আহে; এনে কি, তাৰ তিৰবিৰোৱা আগ, তাৰ পিত্তৰ পৰা বাহিৰ হয়; তাতে মৰণৰ ভয়ে তাক আক্ৰমণ কৰে।
כָּל־חֹשֶׁךְ֮ טָמ֪וּן לִצְפּ֫וּנָ֥יו תְּ֭אָכְלֵהוּ אֵ֣שׁ לֹֽא־נֻפָּ֑ח יֵ֖רַע שָׂרִ֣יד בְּאָהֳלֽוֹ׃ 26
২৬তাৰ সঞ্চিত বস্তুৰ অৰ্থে ঘোৰ আন্ধাৰ ৰাখি থোৱা হৈছে, মানুহে নধৰা জুয়ে তাক গ্ৰাস কৰিব; সেয়ে তাৰ তম্বুত থকা অৱশিষ্ট বস্তু ভষ্ম কৰিব।
יְגַלּ֣וּ שָׁמַ֣יִם עֲוֹנ֑וֹ וְ֝אֶ֗רֶץ מִתְקוֹמָ֘מָ֥ה לֽוֹ׃ 27
২৭আকাশ-মণ্ডলে তাৰ অপৰাধ প্ৰকাশ কৰিব, আৰু পৃথিৱী তাৰ বিৰুদ্ধে উঠিব।
יִ֭גֶל יְב֣וּל בֵּית֑וֹ נִ֝גָּר֗וֹת בְּי֣וֹם אַפּֽוֹ׃ 28
২৮তাৰ ঘৰৰ সম্পত্তি উড়ি যাব; ঈশ্বৰৰ ক্ৰোধৰ দিনা তাক ধল পানীয়ে উটুৱাই নিব।
זֶ֤ה ׀ חֵֽלֶק־אָדָ֣ם רָ֭שָׁע מֵאֱלֹהִ֑ים וְנַחֲלַ֖ת אִמְר֣וֹ מֵאֵֽל׃ פ 29
২৯দুষ্ট মানুহে ঈশ্বৰৰ পৰা পাবলগীয়া ভাগ এয়ে, আৰু এয়ে ঈশ্বৰে নিৰূপণ কৰা তাৰ অধিকাৰ।

< אִיּוֹב 20 >