< יִרְמְיָהוּ 19 >
כֹּ֚ה אָמַ֣ר יְהוָ֔ה הָל֛וֹךְ וְקָנִ֥יתָ בַקְבֻּ֖ק יוֹצֵ֣ר חָ֑רֶשׂ וּמִזִּקְנֵ֣י הָעָ֔ם וּמִזִּקְנֵ֖י הַכֹּהֲנִֽים׃ | 1 |
১যিহোৱাই এই কথা ক’লে, “তুমি গৈ কুমাৰৰ এটা টেকেলি কিনা, আৰু প্ৰজাসকলৰ জনচাৰেক ও পুৰোহিতসকলৰ জনচাৰেক বৃদ্ধ লোকসকল
וְיָצָ֙אתָ֙ אֶל־גֵּ֣יא בֶן־הִנֹּ֔ם אֲשֶׁ֕ר פֶּ֖תַח שַׁ֣עַר הַֽחַרְסִ֑ית וְקָרָ֣אתָ שָּׁ֔ם אֶת־הַדְּבָרִ֖ים אֲשֶׁר־אֲדַבֵּ֥ר אֵלֶֽיךָ׃ | 2 |
২খোলা-কটি পৰি থকা দুৱাৰৰ সোমোৱা ঠাইৰ ওচৰত থকা হিন্নোমৰ পুতেকৰ উপত্যকালৈ ওলাই যোৱা, আৰু মই তোমাক বাক্য কম, তাত এই বাক্য প্ৰচাৰ কৰিবা;
וְאָֽמַרְתָּ֙ שִׁמְע֣וּ דְבַר־יְהוָ֔ה מַלְכֵ֣י יְהוּדָ֔ה וְיֹשְׁבֵ֖י יְרֽוּשָׁלִָ֑ם כֹּֽה־אָמַר֩ יְהוָ֨ה צְבָא֜וֹת אֱלֹהֵ֣י יִשְׂרָאֵ֗ל הִנְנִ֨י מֵבִ֤יא רָעָה֙ עַל־הַמָּק֣וֹם הַזֶּ֔ה אֲשֶׁ֥ר כָּל־שֹׁמְעָ֖הּ תִּצַּ֥לְנָה אָזְנָֽיו׃ | 3 |
৩আৰু ক’বা, ‘হে যিহূদাৰ ৰজাসকল, হে যিৰূচালেম-নিবাসীসকল! যিহোৱাৰ বাক্য শুনা, ইস্ৰায়েলৰ ঈশ্বৰ বাহিনীসকলৰ যিহোৱাই এইদৰে কৈছে: চোৱা! মই ঠাইলৈ অমঙ্গল ঘটাম; যেয়ে তাক শুনিব, তাৰেই নোম শিয়ৰি উঠিব।
יַ֣עַן ׀ אֲשֶׁ֣ר עֲזָבֻ֗נִי וַֽיְנַכְּר֞וּ אֶת־הַמָּק֤וֹם הַזֶּה֙ וַיְקַטְּרוּ־בוֹ֙ לֵאלֹהִ֣ים אֲחֵרִ֔ים אֲשֶׁ֧ר לֹֽא־יְדָע֛וּם הֵ֥מָּה וַאֲבֽוֹתֵיהֶ֖ם וּמַלְכֵ֣י יְהוּדָ֑ה וּמָֽלְא֛וּ אֶת־הַמָּק֥וֹם הַזֶּ֖ה דַּ֥ם נְקִיִּֽם׃ | 4 |
৪তেওঁলোকে মোক ত্যাগ কৰিলে, এই ঠাই বিজাতীয় ঠাই কৰিলে, আৰু তেওঁলোক, তেওঁলোকৰ পূৰ্বপুৰুষসকল আৰু যিহূদাৰ ৰজাসকলে নজনা ইতৰ দেৱতাবোৰৰ উদ্দেশ্যে এই ঠাইত ধূপ জ্বলালে আৰু নিৰ্দ্দোষী লোকসকলৰ তেজেৰে এই ঠাই পৰিপূৰ্ণ কৰিলে।
וּבָנ֞וּ אֶת־בָּמ֣וֹת הַבַּ֗עַל לִשְׂרֹ֧ף אֶת־בְּנֵיהֶ֛ם בָּאֵ֖שׁ עֹל֣וֹת לַבָּ֑עַל אֲשֶׁ֤ר לֹֽא־צִוִּ֙יתִי֙ וְלֹ֣א דִבַּ֔רְתִּי וְלֹ֥א עָלְתָ֖ה עַל־לִבִּֽי׃ פ | 5 |
৫তেওঁলোকে বালৰ উদ্দেশ্যে হোম-বলিস্বৰূপে নিজ নিজ পুতেকসকলক জুইত পুৰিবলৈ, বালৰ কাৰণে ওখ ঠাইবোৰ সাজিলে, ইয়াক মই আজ্ঞা কৰা নাছিলোঁ, কোৱা নাছিলোঁ, বা মোৰ মনত উদয়ো হোৱা নাছিল।
לָכֵ֞ן הִנֵּֽה־יָמִ֤ים בָּאִים֙ נְאֻם־יְהוָ֔ה וְלֹא־יִקָּרֵא֩ לַמָּק֨וֹם הַזֶּ֥ה ע֛וֹד הַתֹּ֖פֶת וְגֵ֣יא בֶן־הִנֹּ֑ם כִּ֖י אִם־גֵּ֥יא הַהֲרֵגָֽה׃ | 6 |
৬এই কাৰণে যিহোৱাই কৈছে, চোৱা, “যি দিনা এই ঠাই তোফৎ, বা হিন্নোমৰ পুতেকৰ উপত্যকা বুলি আৰু প্ৰখ্যাত হ’ব, এনে দিন আহিছে।
וּ֠בַקֹּתִי אֶת־עֲצַ֨ת יְהוּדָ֤ה וִירוּשָׁלִַ֙ם֙ בַּמָּק֣וֹם הַזֶּ֔ה וְהִפַּלְתִּ֤ים בַּחֶ֙רֶב֙ לִפְנֵ֣י אֹֽיְבֵיהֶ֔ם וּבְיַ֖ד מְבַקְשֵׁ֣י נַפְשָׁ֑ם וְנָתַתִּ֤י אֶת־נִבְלָתָם֙ לְמַֽאֲכָ֔ל לְע֥וֹף הַשָּׁמַ֖יִם וּלְבֶהֱמַ֥ת הָאָֽרֶץ׃ | 7 |
৭আৰু মই এই ঠাইত যিহূদাৰ আৰু যিৰূচালেমৰ মন্ত্ৰণা ব্যৰ্থ কৰিম আৰু শত্ৰূবোৰৰ আগত তৰোৱালৰ দ্বাৰাই, আৰু তেওঁলোকৰ প্ৰাণ লবলৈ বিচাৰি ফুৰাবোৰৰ হাতৰ দ্বাৰাই তেওঁলোকক পতিত কৰোৱাম, আৰু তেওঁলোকৰ শৱ আকাশৰ চৰাইবোৰক আৰু পৃথিৱীত ফুৰা জন্তুবোৰক খাবলৈ দিম।
וְשַׂמְתִּי֙ אֶת־הָעִ֣יר הַזֹּ֔את לְשַׁמָּ֖ה וְלִשְׁרֵקָ֑ה כֹּ֚ל עֹבֵ֣ר עָלֶ֔יהָ יִשֹּׁ֥ם וְיִשְׁרֹ֖ק עַל־כָּל־מַכֹּתֶֽהָ׃ | 8 |
৮আৰু তেতিয়া মই এই নগৰ বিস্ময় মনাৰ আৰু ইচ্ ইচ্ কৰাৰ বিষয় কৰিম; যি কোনোৱে তাৰ ওচৰেদি যাব, তেওঁ বিস্ময় মানিব, আৰু তালৈ ঘটা আটাই মহামাৰীৰ উৎপাত দেখি ইচ্ ইচ্ কৰিব।
וְהַֽאֲכַלְתִּ֞ים אֶת־בְּשַׂ֣ר בְּנֵיהֶ֗ם וְאֵת֙ בְּשַׂ֣ר בְּנֹתֵיהֶ֔ם וְאִ֥ישׁ בְּשַׂר־רֵעֵ֖הוּ יֹאכֵ֑לוּ בְּמָצוֹר֙ וּבְמָצ֔וֹק אֲשֶׁ֨ר יָצִ֧יקוּ לָהֶ֛ם אֹיְבֵיהֶ֖ם וּמְבַקְשֵׁ֥י נַפְשָֽׁם׃ | 9 |
৯আৰু নগৰ অৱৰোধ কৰা সময়ত, শত্ৰূবোৰৰ আৰু প্ৰাণ লবলৈ বিচাৰি ফুৰাবোৰৰ দ্বাৰাই ঘটা সঙ্কটৰ কালত, মই তেওঁলোকক নিজ নিজ পো-জীৰ মাংস ভোজন কৰিব আৰু তেওঁলোকে নিজ নিজ বন্ধুৰ মাংস খাব’।”
וְשָׁבַרְתָּ֖ הַבַּקְבֻּ֑ק לְעֵינֵי֙ הָֽאֲנָשִׁ֔ים הַהֹלְכִ֖ים אוֹתָֽךְ׃ | 10 |
১০পাছে তোমাৰ লগত যোৱা পুৰুষসকলৰ আগতে তুমি সেই টেকেলিতো ভাঙি পেলাবা,
וְאָמַרְתָּ֨ אֲלֵיהֶ֜ם כֹּה־אָמַ֣ר ׀ יְהוָ֣ה צְבָא֗וֹת כָּ֣כָה אֶשְׁבֹּ֞ר אֶת־הָעָ֤ם הַזֶּה֙ וְאֶת־הָעִ֣יר הַזֹּ֔את כַּאֲשֶׁ֤ר יִשְׁבֹּר֙ אֶת־כְּלִ֣י הַיּוֹצֵ֔ר אֲשֶׁ֛ר לֹֽא־יוּכַ֥ל לְהֵרָפֵ֖ה ע֑וֹד וּבְתֹ֣פֶת יִקְבְּר֔וּ מֵאֵ֥ין מָק֖וֹם לִקְבּֽוֹר׃ | 11 |
১১আৰু তেওঁলোকক ক’বা, বাহিনীসকলৰ যিহোৱাই এইদৰে কৈছে, “কুমাৰৰ যি পাত্ৰ ভাঙিলে পুনৰায় বনাব নোৱাৰে, এনে পাত্ৰ ভঙাৰ দৰে মই এই জাতি আৰু এই নগৰ ভাঙি পেলাম; তাতে তোফতত পুতিবলৈ ঠাই নোহোৱালৈকে তেওঁলোকে তাত মৰা শৱ পুতি থাকিব।
כֵּֽן־אֶעֱשֶׂ֞ה לַמָּק֥וֹם הַזֶּ֛ה נְאֻם־יְהוָ֖ה וּלְיֽוֹשְׁבָ֑יו וְלָתֵ֛ת אֶת־הָעִ֥יר הַזֹּ֖את כְּתֹֽפֶת׃ | 12 |
১২যিহোৱাই কৈছে, মই এই ঠাইলৈ, আৰু ইয়াৰ নিবাসীসকললৈ এইদৰেই কৰিম, এনে কি, মই এই নগৰ তোফতৰ নিচিনা কৰিম।
וְהָי֞וּ בָּתֵּ֣י יְרוּשָׁלִַ֗ם וּבָתֵּי֙ מַלְכֵ֣י יְהוּדָ֔ה כִּמְק֥וֹם הַתֹּ֖פֶת הַטְּמֵאִ֑ים לְכֹ֣ל הַבָּתִּ֗ים אֲשֶׁ֨ר קִטְּר֜וּ עַל־גַּגֹּֽתֵיהֶם֙ לְכֹל֙ צְבָ֣א הַשָּׁמַ֔יִם וְהַסֵּ֥ךְ נְסָכִ֖ים לֵאלֹהִ֥ים אֲחֵרִֽים׃ פ | 13 |
১৩গতিকে যিৰূচালেমৰ আৰু যিহূদাৰ ৰজাসকলৰ অশুচি কৰা ঘৰবোৰ, এনে কি, যি ঘৰবোৰৰ চালত তেওঁলোকে আকাশ-মণ্ডলৰ বাহিনীসকলৰ উদ্দেশ্যে ধূপ জ্বলায়, আৰু ইতৰ দেৱতাবোৰৰ উদ্দেশ্যে পেয় নৈবেদ্য ঢালে, সেই ঘৰবোৰ তোফতৰ ঠাইৰ নিচিনা হ’ব’।”
וַיָּבֹ֤א יִרְמְיָ֙הוּ֙ מֵֽהַתֹּ֔פֶת אֲשֶׁ֨ר שְׁלָח֧וֹ יְהוָ֛ה שָׁ֖ם לְהִנָּבֵ֑א וַֽיַּעֲמֹד֙ בַּחֲצַ֣ר בֵּית־יְהוָ֔ה וַיֹּ֖אמֶר אֶל־כָּל־הָעָֽם׃ ס | 14 |
১৪পাছে যিহোৱাই যিৰিমিয়াক ভাববাণী প্ৰচাৰ কৰিবৰ অৰ্থে যি তোফতলৈ পঠাইছিল, তাৰ পৰা তেওঁ আহি যিহোৱাৰ গৃহৰ চোতালত থিয় হৈ আটাই লোকসকলক ক’লে:
כֹּֽה־אָמַ֞ר יְהוָ֤ה צְבָאוֹת֙ אֱלֹהֵ֣י יִשְׂרָאֵ֔ל הִנְנִ֨י מֵבִ֜יא אֶל־הָעִ֤יר הַזֹּאת֙ וְעַל־כָּל־עָרֶ֔יהָ אֵ֚ת כָּל־הָ֣רָעָ֔ה אֲשֶׁ֥ר דִּבַּ֖רְתִּי עָלֶ֑יהָ כִּ֤י הִקְשׁוּ֙ אֶת־עָרְפָּ֔ם לְבִלְתִּ֖י שְׁמ֥וֹעַ אֶת־דְּבָרָֽי׃ | 15 |
১৫“ইস্ৰায়েলৰ ঈশ্বৰ বাহিনীসকলৰ যিহোৱাই এই কথা কৈছে: ‘চোৱা, মই এই নগৰ আৰু তাৰ সকলো উপনগৰৰ ওপৰত, তাৰ বিৰুদ্ধে মই কোৱা সকলো অমঙ্গল ঘটাম; কাৰণ, মোৰ বাক্য নুশুনিবৰ বাবে তেওঁলোকে নিজ নিজ ডিঙি ঠৰ কৰিলে’।”