< יְשַׁעְיָהוּ 5 >
אָשִׁ֤ירָה נָּא֙ לִֽידִידִ֔י שִׁירַ֥ת דּוֹדִ֖י לְכַרְמ֑וֹ כֶּ֛רֶם הָיָ֥ה לִֽידִידִ֖י בְּקֶ֥רֶן בֶּן־שָֽׁמֶן׃ | 1 |
১মোৰ প্ৰিয়ৰ উদ্দেশ্যে গীত গাঁও, তেওঁৰ দ্ৰাক্ষাবাৰীৰ বিষয়ে মোৰ প্ৰিয় গীত গাঁও। মোৰ প্রিয়ৰ অতি উৰ্ব্বৰা এক পাহাৰত এখন দ্ৰাক্ষাবাৰী আছিল।
וַֽיְעַזְּקֵ֣הוּ וַֽיְסַקְּלֵ֗הוּ וַיִּטָּעֵ֙הוּ֙ שֹׂרֵ֔ק וַיִּ֤בֶן מִגְדָּל֙ בְּתוֹכ֔וֹ וְגַם־יֶ֖קֶב חָצֵ֣ב בּ֑וֹ וַיְקַ֛ו לַעֲשׂ֥וֹת עֲנָבִ֖ים וַיַּ֥עַשׂ בְּאֻשִֽׁים׃ | 2 |
২তেওঁ তাক খানি তাৰ পৰা শিলবোৰ উলিয়াই পেলালে, আৰু তাত উত্তম দ্ৰাক্ষালতা ৰুলে, তাৰ মাজত এটা ওখ স্তম্ভ সাজিলে, আৰু এটা দ্ৰাক্ষাকুণ্ডও নিৰ্মাণ কৰিলে; তেওঁ উত্তম দ্ৰাক্ষাগুটি লগা আশা কৰিছিল, কিন্তু তাত বনৰীয়া দ্ৰাক্ষাগুটি লাগিল।
וְעַתָּ֛ה יוֹשֵׁ֥ב יְרוּשָׁלִַ֖ם וְאִ֣ישׁ יְהוּדָ֑ה שִׁפְטוּ־נָ֕א בֵּינִ֖י וּבֵ֥ין כַּרְמִֽי׃ | 3 |
৩সেয়ে এতিয়া হে যিৰূচালেম নিবাসীসকল আৰু যিহূদাৰ লোকসকল, মোৰ আৰু মোৰ দ্ৰাক্ষাবাৰীৰ মাজত বিচাৰ কৰা।
מַה־לַּעֲשׂ֥וֹת עוֹד֙ לְכַרְמִ֔י וְלֹ֥א עָשִׂ֖יתִי בּ֑וֹ מַדּ֧וּעַ קִוֵּ֛יתִי לַעֲשׂ֥וֹת עֲנָבִ֖ים וַיַּ֥עַשׂ בְּאֻשִֽׁים׃ | 4 |
৪মই মোৰ দ্ৰাক্ষাবাৰীৰ বাবে আৰু কি কৰিব পাতিলোঁ হেতেন, যিটো মই তাৰ বাবে কৰা নাই? মই দ্ৰাক্ষাগুটি লাগিবৰ অপেক্ষাত থাকোঁতে, কিয় তাত বনৰীয়া দ্ৰাক্ষাগুটি লাগিল?
וְעַתָּה֙ אוֹדִֽיעָה־נָּ֣א אֶתְכֶ֔ם אֵ֛ת אֲשֶׁר־אֲנִ֥י עֹשֶׂ֖ה לְכַרְמִ֑י הָסֵ֤ר מְשׂוּכָּתוֹ֙ וְהָיָ֣ה לְבָעֵ֔ר פָּרֹ֥ץ גְּדֵר֖וֹ וְהָיָ֥ה לְמִרְמָֽס׃ | 5 |
৫মই মোৰ দ্ৰাক্ষাবাৰীলৈ যি কৰিম এতিয়া তাক মই তোমালোকক জনাওঁ; মই জোপোহা গছৰ বেৰাবোৰ গুচাম, মই তাক চৰণীয়া পথাৰলৈ ৰূপান্তৰিত কৰিম, আৰু তাৰ দেৱালবোৰ ভাঙিম তাতে তাক গছকা হ’ব।
וַאֲשִׁיתֵ֣הוּ בָתָ֗ה לֹ֤א יִזָּמֵר֙ וְלֹ֣א יֵעָדֵ֔ר וְעָלָ֥ה שָׁמִ֖יר וָשָׁ֑יִת וְעַ֤ל הֶעָבִים֙ אֲצַוֶּ֔ה מֵהַמְטִ֥יר עָלָ֖יו מָטָֽר׃ | 6 |
৬মই তাৰ জাৱৰবোৰ তাতে ৰাখিম; আৰু ইয়াক কলম দিয়া নহ’ব, বা কোৰ মৰাও নহ’ব। কিন্তু তাত কাঁইট গছ আৰু কাঁইটিয়া বন গজি উঠিব, আৰু মই মেঘক ইয়াৰ ওপৰত বৰষুণ নিদিবলৈ আজ্ঞা দিম।
כִּ֣י כֶ֜רֶם יְהוָ֤ה צְבָאוֹת֙ בֵּ֣ית יִשְׂרָאֵ֔ל וְאִ֣ישׁ יְהוּדָ֔ה נְטַ֖ע שַׁעֲשׁוּעָ֑יו וַיְקַ֤ו לְמִשְׁפָּט֙ וְהִנֵּ֣ה מִשְׂפָּ֔ח לִצְדָקָ֖ה וְהִנֵּ֥ה צְעָקָֽה׃ ס | 7 |
৭কিয়নো ইস্ৰায়েল বংশৰ বাহিনীসকলৰ যিহোৱাৰ দ্ৰাক্ষাবাৰী, আৰু যিহূদাৰ লোকসকল তেওঁৰ আনন্দদায়ক গছ ৰোৱা লোক; তেওঁ ন্যায়ৰ বাবে অপেক্ষা কৰিছিল, কিন্তু তাৰপৰিৱৰ্তে তাত হত্যা কৰা হৈছিল; ধাৰ্মিকতালৈ অপেক্ষা কৰিছিল, কিন্তু তাৰপৰিৱৰ্তে সহায়ৰ বাবে ক্রন্দন হৈছিল।
ה֗וֹי מַגִּיעֵ֥י בַ֙יִת֙ בְּבַ֔יִת שָׂדֶ֥ה בְשָׂדֶ֖ה יַקְרִ֑יבוּ עַ֚ד אֶ֣פֶס מָק֔וֹם וְהֽוּשַׁבְתֶּ֥ם לְבַדְּכֶ֖ם בְּקֶ֥רֶב הָאָֽרֶץ׃ | 8 |
৮ঘৰৰ লগত ঘৰ, আৰু পথাৰৰ লগত পথাৰ যোগ দিয়া সকলৰ সন্তাপ হওক; কোঠালি অৱশিষ্ট নাথকালৈকে, দেশত কেৱল তোমালোক অবশিষ্ট থাকিবা।
בְּאָזְנָ֖י יְהוָ֣ה צְבָא֑וֹת אִם־לֹ֞א בָּתִּ֤ים רַבִּים֙ לְשַׁמָּ֣ה יִֽהְי֔וּ גְּדֹלִ֥ים וְטוֹבִ֖ים מֵאֵ֥ין יוֹשֵֽׁב׃ | 9 |
৯বাহিনীসকলৰ যিহোৱাই মোক কৈছিল, “অনেক ঘৰ খালী হৈ থাকিব, এনে কি, ডাঙৰ আৰু সুন্দৰ ঘৰবোৰতো কোনো প্ৰাণী বাস নকৰাকৈ থাকিব।
כִּ֗י עֲשֶׂ֙רֶת֙ צִמְדֵּי־כֶ֔רֶם יַעֲשׂ֖וּ בַּ֣ת אֶחָ֑ת וְזֶ֥רַע חֹ֖מֶר יַעֲשֶׂ֥ה אֵיפָֽה׃ פ | 10 |
১০কিয়নো দহ একৰ আসক্ত হ’বলৈ অতি ৰাতিপুৱাতে উঠে, আৰু এক হোমৰ বীজত এক ঐফা উৎপন্ন হয়।
ה֛וֹי מַשְׁכִּימֵ֥י בַבֹּ֖קֶר שֵׁכָ֣ר יִרְדֹּ֑פוּ מְאַחֲרֵ֣י בַנֶּ֔שֶׁף יַ֖יִן יַדְלִיקֵֽם׃ | 11 |
১১আৰু দ্ৰাক্ষাৰসেৰে মতলীয়া নোহোৱালৈকে বহু ৰাতিলৈকে বহি থাকে তেওঁলোকৰ সন্তাপ হ’ব।
וְהָיָ֨ה כִנּ֜וֹר וָנֶ֗בֶל תֹּ֧ף וְחָלִ֛יל וָיַ֖יִן מִשְׁתֵּיהֶ֑ם וְאֵ֨ת פֹּ֤עַל יְהוָה֙ לֹ֣א יַבִּ֔יטוּ וּמַעֲשֵׂ֥ה יָדָ֖יו לֹ֥א רָאֽוּ׃ | 12 |
১২তেওঁলোকৰ ভোজৰ আয়োজন বীণা, নেবল, খঞ্জৰী, বাঁহী, আৰু দ্ৰাক্ষাৰস; কিন্তু তেওঁলোকে যিহোৱাৰ কার্য বুজি নাপায়, নাইবা তেওঁৰ হাতৰ কার্য বিবেচনা নকৰে।
לָכֵ֛ן גָּלָ֥ה עַמִּ֖י מִבְּלִי־דָ֑עַת וּכְבוֹדוֹ֙ מְתֵ֣י רָעָ֔ב וַהֲמוֹנ֖וֹ צִחֵ֥ה צָמָֽא׃ | 13 |
১৩এই হেতুকে জ্ঞানৰ অভাৱত মোৰ লোকসকলক বন্দীত্বলৈ নিয়া হৈছে; তেওঁলোকৰ মূখ্যলোক সকল ভোকাতুৰ হৈছে, আৰু তেওঁৰ লোক সকলৰ পান কৰিবলৈ পানী নাছিল।
לָכֵ֗ן הִרְחִ֤יבָה שְּׁאוֹל֙ נַפְשָׁ֔הּ וּפָעֲרָ֥ה פִ֖יהָ לִבְלִי־חֹ֑ק וְיָרַ֨ד הֲדָרָ֧הּ וַהֲמוֹנָ֛הּ וּשְׁאוֹנָ֖הּ וְעָלֵ֥ז בָּֽהּ׃ (Sheol ) | 14 |
১৪সেই কাৰণে মৃত্যুৱে তেওঁলোকৰ ভোক বঢ়াইছে, আৰু নিজৰ মুখ বহলকৈ মেলিছে, তেওঁলোকৰ মাজৰ অভিজাতলোক, লোক সমূহ, মূখ্যলোক, আনন্দকৰা লোক, আৰু উল্লাসিত লোকসকল চিয়োললৈ নামি গৈছে। (Sheol )
וַיִּשַּׁ֥ח אָדָ֖ם וַיִּשְׁפַּל־אִ֑ישׁ וְעֵינֵ֥י גְבֹהִ֖ים תִּשְׁפַּֽלְנָה׃ | 15 |
১৫মানুহবোৰে তলমুখ কৰিছে, আৰু মহান লোক নম্র হৈছে, আৰু অহঙ্কাৰীবোৰৰ দৃষ্টি নত হৈছে।
וַיִּגְבַּ֛ה יְהוָ֥ה צְבָא֖וֹת בַּמִּשְׁפָּ֑ט וְהָאֵל֙ הַקָּד֔וֹשׁ נִקְדָּ֖שׁ בִּצְדָקָֽה׃ | 16 |
১৬বাহিনীসকলৰ যিহোৱা ন্যায় বিচাৰত উন্নত হৈছে, আৰু পবিত্ৰ ঈশ্বৰ নিজৰ ধাৰ্মিকতাত পবিত্ৰীকৃত হৈছে।
וְרָע֥וּ כְבָשִׂ֖ים כְּדָבְרָ֑ם וְחָרְב֥וֹת מֵחִ֖ים גָּרִ֥ים יֹאכֵֽלוּ׃ | 17 |
১৭তাৰ পাছত মেৰ-ছাগবোৰে নিজৰ চৰণীয়া পথাৰত চৰাৰ দৰে চৰিছে, আৰু ধনী লোকৰ ধ্বংসাৱশেষৰ মেৰ-ছাগবোৰে চৰিছে।
ה֛וֹי מֹשְׁכֵ֥י הֶֽעָוֹ֖ן בְּחַבְלֵ֣י הַשָּׁ֑וְא וְכַעֲב֥וֹת הָעֲגָלָ֖ה חַטָּאָֽה׃ | 18 |
১৮যিসকলে অসাৰতাৰূপ ৰছীৰে অপৰাধ আৰু ৰছীৰে গাড়ী টনা জৰী সৈতে পাপ টানি নিয়ে, তেওঁলোকৰ সন্তাপ হ’ব;
הָאֹמְרִ֗ים יְמַהֵ֧ר ׀ יָחִ֛ישָׁה מַעֲשֵׂ֖הוּ לְמַ֣עַן נִרְאֶ֑ה וְתִקְרַ֣ב וְתָב֗וֹאָה עֲצַ֛ת קְד֥וֹשׁ יִשְׂרָאֵ֖ל וְנֵדָֽעָה׃ ס | 19 |
১৯যি সকলে কয়, ঈশ্বৰ লৰালৰি কৰক, তেওঁৰ কাৰ্য শীঘ্ৰে কৰক, সেয়ে আমি ইয়াক ঘটা দেখিবলৈ পাম; আৰু আমি যেন জানিব পৰো তাৰ বাবে ইস্ৰায়েলৰ পবিত্ৰ ঈশ্বৰ জনাৰ কল্পনাই আকৃতিলৈ আহক।”
ה֣וֹי הָאֹמְרִ֥ים לָרַ֛ע ט֖וֹב וְלַטּ֣וֹב רָ֑ע שָׂמִ֨ים חֹ֤שֶׁךְ לְאוֹר֙ וְא֣וֹר לְחֹ֔שֶׁךְ שָׂמִ֥ים מַ֛ר לְמָת֖וֹק וּמָת֥וֹק לְמָֽר׃ ס | 20 |
২০যি সকলে বেয়াক ভাল আৰু ভালক বেয়া বোলে, যি সকলে আন্ধাৰক পোহৰৰ দৰে আৰু পোহৰক আন্ধাৰৰ দৰে, আৰু যি সকলে তিতাক মিঠাৰ দৰে আৰু মিঠাক তিতাৰ দৰে জ্ঞান কৰে, তেওঁলোকৰ সন্তাপ হ’ব।
ה֖וֹי חֲכָמִ֣ים בְּעֵֽינֵיהֶ֑ם וְנֶ֥גֶד פְּנֵיהֶ֖ם נְבֹנִֽים׃ | 21 |
২১যি সকল নিজৰ দৃষ্টিত জ্ঞানী, আৰু নিজৰ বিবেচনাত বিচক্ষণ, তেওঁলোকৰ সন্তাপ হ’ব।
ה֕וֹי גִּבּוֹרִ֖ים לִשְׁתּ֣וֹת יָ֑יִן וְאַנְשֵׁי־חַ֖יִל לִמְסֹ֥ךְ שֵׁכָֽר׃ | 22 |
২২যি সকল দ্ৰাক্ষাৰস পান কৰাত প্রথমশ্রেণীৰ, আৰু সুৰা মিহলি কৰাত নিপুণ, তেওঁলোকৰ সন্তাপ হ’ব।
מַצְדִּיקֵ֥י רָשָׁ֖ע עֵ֣קֶב שֹׁ֑חַד וְצִדְקַ֥ת צַדִּיקִ֖ים יָסִ֥ירוּ מִמֶּֽנּוּ׃ ס | 23 |
২৩ভেঁটীৰ বাবে যি সকলে দুষ্টক নিৰ্দ্দোষী কৰে, আৰু নির্দ্দোষীক ধাৰ্মিকতাৰ পৰা বঞ্চিত কৰে।
לָכֵן֩ כֶּאֱכֹ֨ל קַ֜שׁ לְשׁ֣וֹן אֵ֗שׁ וַחֲשַׁ֤שׁ לֶֽהָבָה֙ יִרְפֶּ֔ה שָׁרְשָׁם֙ כַּמָּ֣ק יִֽהְיֶ֔ה וּפִרְחָ֖ם כָּאָבָ֣ק יַעֲלֶ֑ה כִּ֣י מָאֲס֗וּ אֵ֚ת תּוֹרַת֙ יְהוָ֣ה צְבָא֔וֹת וְאֵ֛ת אִמְרַ֥ת קְדֽוֹשׁ־יִשְׂרָאֵ֖ל נִאֵֽצוּ׃ | 24 |
২৪এই হেতুকে জুইৰ জিভাই যেনেকৈ নৰা গ্ৰাস কৰে আৰু অগ্নিশিখাত যেনেকৈ শুকান ঘাঁহ ভষ্ম হৈ যায়, সেয়ে তেওঁলোকৰ ভিত্তিমূল পচিব, আৰু তেওঁলোকৰ ফুলবোৰ ধুলিৰ দ্বৰে উড়ি যাব; কাৰণ তেওঁলোকে বাহিনীসকলৰ যিহোৱাৰ ব্যৱস্থা অগ্ৰাহ্য কৰিলে, আৰু ইস্ৰায়েলৰ পবিত্ৰ ঈশ্বৰৰ বাক্য তুচ্ছ জ্ঞান কৰিলে।
עַל־כֵּ֡ן חָרָה֩ אַף־יְהוָ֨ה בְּעַמּ֜וֹ וַיֵּ֣ט יָד֧וֹ עָלָ֣יו וַיַּכֵּ֗הוּ וַֽיִּרְגְּזוּ֙ הֶֽהָרִ֔ים וַתְּהִ֧י נִבְלָתָ֛ם כַּסּוּחָ֖ה בְּקֶ֣רֶב חוּצ֑וֹת בְּכָל־זֹאת֙ לֹא־שָׁ֣ב אַפּ֔וֹ וְע֖וֹד יָד֥וֹ נְטוּיָֽה׃ | 25 |
২৫এই হেতুকে নিজৰ লোকসকলৰ বিৰুদ্ধে যিহোৱাৰ ক্ৰোধ প্ৰজলিত হ’ল, আৰু তেওঁলোকৰ বিৰুদ্ধে তেওঁ হাত মেলি তেওঁলোকক প্ৰহাৰ কৰিলে; তাতে পৰ্ব্বতবোৰ কঁপিল, আৰু বাটৰ মাজত তেওঁলোকৰ শৱবোৰ বাটৰ জাবৰৰ দ্বৰে হ’ল, কিন্তু এতিয়াও তেওঁ দণ্ড দিবলৈ হাত দাঙি আছে।
וְנָֽשָׂא־נֵ֤ס לַגּוֹיִם֙ מֵרָח֔וֹק וְשָׁ֥רַק ל֖וֹ מִקְצֵ֣ה הָאָ֑רֶץ וְהִנֵּ֥ה מְהֵרָ֖ה קַ֥ל יָבֽוֹא׃ | 26 |
২৬তেওঁ দূৰৰ দেশবোৰৰ বাবে সঙ্কেত দিয়া পতাকা তুলিব, আৰু পৃথিৱীৰ অন্তৰ পৰা তেওঁলোকৰ বাবে সুহুৰি মাৰিব; চোৱা তেওঁলোক ক্ষিপ্রতাৰে আৰু শীঘ্ৰে আহিব!
אֵין־עָיֵ֤ף וְאֵין־כּוֹשֵׁל֙ בּ֔וֹ לֹ֥א יָנ֖וּם וְלֹ֣א יִישָׁ֑ן וְלֹ֤א נִפְתַּח֙ אֵז֣וֹר חֲלָצָ֔יו וְלֹ֥א נִתַּ֖ק שְׂר֥וֹךְ נְעָלָֽיו׃ | 27 |
২৭তেওঁলোকৰ মাজৰ কোনেও ক্লান্ত নহ’ব, নাইবা উজুটি নাখাব, আৰু টোপনি নাযাব নাইবা গভীৰ টোপনি নাযাব; নাইবা তেওঁলোকৰ কটিবন্ধন ঢিলা নহ’ব, নাইবা তেওঁলোকৰ জোতাৰ আগভাগো নাভাঙিব।
אֲשֶׁ֤ר חִצָּיו֙ שְׁנוּנִ֔ים וְכָל־קַשְּׁתֹתָ֖יו דְּרֻכ֑וֹת פַּרְס֤וֹת סוּסָיו֙ כַּצַּ֣ר נֶחְשָׁ֔בוּ וְגַלְגִּלָּ֖יו כַּסּוּפָֽה׃ | 28 |
২৮তেওঁলোকৰ কাঁড়বোৰ চোকা, আৰু আটাই ধনু ভিৰোৱা; তেওঁলোকৰ ঘোঁৰাবোৰৰ খুৰা চকমকিয়া পাথৰৰ দৰে, আৰু তেওঁলোকৰ ৰথৰ চক্ৰবোৰ ধুমুহাৰ দৰে;
שְׁאָגָ֥ה ל֖וֹ כַּלָּבִ֑יא יִשְׁאַ֨ג כַּכְּפִירִ֤ים וְיִנְהֹם֙ וְיֹאחֵ֣ז טֶ֔רֶף וְיַפְלִ֖יט וְאֵ֥ין מַצִּֽיל׃ | 29 |
২৯তেওঁলোকৰ গৰ্জ্জন সিংহৰ গৰ্জ্জনৰ দৰে হ’ব; তেওঁলোকে যুবা সিংহৰ দৰে গুজৰিব এনে কি, কোনেও উদ্ধাৰ কৰিব নোৱাৰাকৈ তেওঁলোকে গুজৰি চিকাৰ ধৰিব আৰু টানি লৈ যাব।
וְיִנְהֹ֥ם עָלָ֛יו בַּיּ֥וֹם הַה֖וּא כְּנַהֲמַת־יָ֑ם וְנִבַּ֤ט לָאָ֙רֶץ֙ וְהִנֵּה־חֹ֔שֶׁךְ צַ֣ר וָא֔וֹר חָשַׁ֖ךְ בַּעֲרִיפֶֽיהָ׃ פ | 30 |
৩০সেই দিনা তেওঁলোকে সমুদ্ৰই গৰ্জ্জন কৰাৰ দৰে চিকাৰৰ বিৰুদ্ধে গৰ্জ্জন কৰিব, কোনোৱে যদি ভূমিৰ ওপৰেৰে চায় তেওঁ কেৱল অন্ধকাৰ আৰু সঙ্কট দেখিব, আৰু মেঘৰ দ্বাৰাই পোহৰ অন্ধকাৰময় হ’ব।