< הוֹשֵׁעַ 8 >
אֶל־חִכְּךָ֣ שֹׁפָ֔ר כַּנֶּ֖שֶׁר עַל־בֵּ֣ית יְהוָ֑ה יַ֚עַן עָבְר֣וּ בְרִיתִ֔י וְעַל־תּוֹרָתִ֖י פָּשָֽׁעוּ׃ | 1 |
১তোমাৰ মুখত এটি শিঙা ৰাখা। মোৰ অর্থাৎ যিহোৱাৰ গৃহৰ ওপৰত শত্রু এক ঈগল চৰাইৰ নিচিনাকৈ আহিছে; কিয়নো ইস্রায়েলবাসীয়ে মই দিয়া নিয়মটি লঙ্ঘন কৰিলে, আৰু মোৰ ব্যৱস্থাৰ অহিতে বিদ্রোহ কৰিলে।
לִ֖י יִזְעָ֑קוּ אֱלֹהַ֥י יְֽדַעֲנ֖וּךָ יִשְׂרָאֵֽל׃ | 2 |
২ইস্রায়েলে মোৰ ওচৰত কাতৰোক্তি কৰি কৈছে, ‘হে মোৰ ঈশ্বৰ, আমি ইস্ৰায়েলবাসীয়ে আপোনাক জানো।’
זָנַ֥ח יִשְׂרָאֵ֖ל ט֑וֹב אוֹיֵ֖ב יִרְדְּֽפוֹ׃ | 3 |
৩কিন্তু যি উত্তম, ইস্রায়েলে তাক অগ্রাহ্য কৰিলে; সেয়ে শত্ৰুৱে তেওঁৰ পাছে পাছে খেদি যাব।
הֵ֤ם הִמְלִיכוּ֙ וְלֹ֣א מִמֶּ֔נִּי הֵשִׂ֖ירוּ וְלֹ֣א יָדָ֑עְתִּי כַּסְפָּ֣ם וּזְהָבָ֗ם עָשׂ֤וּ לָהֶם֙ עֲצַבִּ֔ים לְמַ֖עַן יִכָּרֵֽת׃ | 4 |
৪মোৰ নির্দেশ নোলোৱাকৈয়ে ইস্রায়েলীয়াসকলে ৰজাসকলক নিযুক্ত কৰিলে; মই নজনাকৈয়ে তেওঁলোকে নেতাসকলক মনোনীত কৰিলে। তেওঁলোকে নিজৰ নিজৰ সোণ আৰু ৰূপেৰে তেওঁলোকৰ বাবে মূর্তি তৈয়াৰ কৰি নিজৰেই সর্বনাশ কৰিলে।
זָנַח֙ עֶגְלֵ֣ךְ שֹֽׁמְר֔וֹן חָרָ֥ה אַפִּ֖י בָּ֑ם עַד־מָתַ֕י לֹ֥א יוּכְל֖וּ נִקָּיֹֽן׃ | 5 |
৫হে চমৰিয়া, মই তোমাৰ দামুৰিৰ মূর্তিক অগ্রাহ্য কৰিলোঁ। এই লোকসকলৰ বিৰুদ্ধে মোৰ ক্ৰোধ প্ৰজ্বলিত হ’ল; নির্দোষী হ’বলৈ তেওঁলোকৰ পুনৰ কিমান কাল লাগিব?
כִּ֤י מִיִּשְׂרָאֵל֙ וְה֔וּא חָרָ֣שׁ עָשָׂ֔הוּ וְלֹ֥א אֱלֹהִ֖ים ה֑וּא כִּֽי־שְׁבָבִ֣ים יִֽהְיֶ֔ה עֵ֖גֶל שֹׁמְרֽוֹן׃ | 6 |
৬কিয়নো এই দামুৰিৰ মূর্তি ইস্ৰায়েলৰ লোকসকলেই নির্মাণ কৰিছে; এজন শিল্পকাৰে তাক নির্মাণ কৰিলে; কিন্তু সেয়া ঈশ্বৰ নহয়; চমৰিয়াৰ সেই দামুৰিৰ মূর্তিটো ডোখৰ ডোখৰকৈ ভঙা হ’ব।
כִּ֛י ר֥וּחַ יִזְרָ֖עוּ וְסוּפָ֣תָה יִקְצֹ֑רוּ קָמָ֣ה אֵֽין־ל֗וֹ צֶ֚מַח בְּלִ֣י יַֽעֲשֶׂה־קֶּ֔מַח אוּלַ֣י יַֽעֲשֶׂ֔ה זָרִ֖ים יִבְלָעֻֽהוּ׃ | 7 |
৭তেওঁলোকে বতাহক ৰোপণ কৰে আৰু শেষত বা’মৰলীৰ শস্য দাব। শস্যৰ গোচাত কোনো দানা নাথাকে, তাৰ পৰা কোনো আহাৰ উৎপন্ন নহ’ব। যদি তাত কিছু উৎপন্ন হয়ও, তেন্তে বিদেশীসকলে তাক গ্ৰাস কৰিব।
נִבְלַ֖ע יִשְׂרָאֵ֑ל עַתָּה֙ הָי֣וּ בַגּוֹיִ֔ם כִּכְלִ֖י אֵֽין־חֵ֥פֶץ בּֽוֹ׃ | 8 |
৮ইস্ৰায়েলক গ্ৰাস কৰা হ’ল; তেওঁলোক এতিয়া বিভিন্ন জাতিবোৰৰ মাজত এক অৱহেলিত পাত্রৰ নিচিনাকৈ আছে।
כִּֽי־הֵ֙מָּה֙ עָל֣וּ אַשּׁ֔וּר פֶּ֖רֶא בּוֹדֵ֣ד ל֑וֹ אֶפְרַ֖יִם הִתְנ֥וּ אֲהָבִֽים | 9 |
৯এটা বনৰীয়া গাধই অকলে ইফালে-সিফালে ঘূৰি ফুৰাৰ দৰে তেওঁলোক অচূৰলৈকে উঠি গ’ল; ইফ্ৰয়িমে নিজকে প্রতিৰক্ষা কৰিবলৈ প্ৰেমিকসকলক বেচ দি আনিলে।
גַּ֛ם כִּֽי־יִתְנ֥וּ בַגּוֹיִ֖ם עַתָּ֣ה אֲקַבְּצֵ֑ם וַיָּחֵ֣לּוּ מְּעָ֔ט מִמַּשָּׂ֖א מֶ֥לֶךְ שָׂרִֽים׃ | 10 |
১০যদিও তেওঁলোকে বিভিন্ন জাতিবোৰৰ সৈতে বেচ দি বন্ধুত্ব কৰিলে, তথাপিও মই এতিয়া তেওঁলোকক বিনাশ কৰিবলৈ একেলগে গোটাম; ৰজা আৰু নেতাসকলৰ অত্যাচাৰৰ অধীনত তেওঁলোকে যাতনা ভোগ কৰিব।
כִּֽי־הִרְבָּ֥ה אֶפְרַ֛יִם מִזְבְּחֹ֖ת לַחֲטֹ֑א הָיוּ־ל֥וֹ מִזְבְּח֖וֹת לַחֲטֹֽא׃ | 11 |
১১পাপৰ প্রায়শ্চিত্ত কৰিবৰ কাৰণে ইফ্ৰয়িমে অনেক যজ্ঞ-বেদী সাজিলে; কিন্তু সেইবোৰ পাপ কৰাৰ যজ্ঞ-বেদী হ’ল।
אֶ֨כְתָּב ל֔וֹ רֻבֵּ֖י תּֽוֹרָתִ֑י כְּמוֹ־זָ֖ר נֶחְשָֽׁבוּ׃ | 12 |
১২মোৰ ব্যৱস্থাৰ অনেক কথাও যদি মই লিখোঁ, সেইবোৰ এক বিজতৰীয়া কোনো অদ্ভুত কথা বুলি গণ্য হ’ব।
זִבְחֵ֣י הַבְהָבַ֗י יִזְבְּח֤וּ בָשָׂר֙ וַיֹּאכֵ֔לוּ יְהוָ֖ה לֹ֣א רָצָ֑ם עַתָּ֞ה יִזְכֹּ֤ר עֲוֹנָם֙ וְיִפְקֹ֣ד חַטֹּאותָ֔ם הֵ֖מָּה מִצְרַ֥יִם יָשֽׁוּבוּ׃ | 13 |
১৩যদিও তেওঁলোকে মোৰ উদ্দেশ্যে পশু বলি দি তাৰ মাংস খায়, কিন্তু মই, যিহোৱাই তেওঁলোকক গ্ৰহণ নকৰোঁ। এতিয়া মই তেওঁলোকৰ অপৰাধ সোঁৱৰণ কৰি তেওঁলোকক পাপৰ প্ৰতিফল দিম; তেওঁলোক মিচৰলৈ উলটি যাব।
וַיִּשְׁכַּ֨ח יִשְׂרָאֵ֜ל אֶת־עֹשֵׂ֗הוּ וַיִּ֙בֶן֙ הֵֽיכָל֔וֹת וִֽיהוּדָ֕ה הִרְבָּ֖ה עָרִ֣ים בְּצֻר֑וֹת וְשִׁלַּחְתִּי־אֵ֣שׁ בְּעָרָ֔יו וְאָכְלָ֖ה אַרְמְנֹתֶֽיהָ׃ ס | 14 |
১৪ইস্ৰায়েলে মোক, তেওঁলোকৰ সৃষ্টিকৰ্ত্তা ঈশ্বৰক পাহৰি গৈ ডাঙৰ ডাঙৰ ৰাজগৃহ নির্মাণ কৰিলে; যিহূদাই অনেক নগৰ গড়েৰে আবৃত কৰিলে; কিন্তু মই তেওঁৰ নগৰবোৰৰ ওপৰত জুই বর্ষাম; তাতে তেওঁৰ সকলো কোঁঠ জুইয়ে পুৰি গ্ৰাস কৰিব।