< יְחֶזְקֵאל 13 >
וַיְהִ֥י דְבַר־יְהוָ֖ה אֵלַ֥י לֵאמֹֽר׃ | 1 |
১পুনৰ যিহোৱাৰ বাক্য মোৰ ওচৰলৈ আহিল আৰু ক’লে,
בֶּן־אָדָ֕ם הִנָּבֵ֛א אֶל־נְבִיאֵ֥י יִשְׂרָאֵ֖ל הַנִּבָּאִ֑ים וְאָֽמַרְתָּ֙ לִנְבִיאֵ֣י מִלִּבָּ֔ם שִׁמְע֖וּ דְּבַר־יְהוָֽה׃ | 2 |
২“হে মনুষ্য সন্তান, ভাববাণী প্ৰচাৰ কৰোঁতা ইস্ৰায়েলৰ ভাববাদীসকলৰ বিৰুদ্ধে ভাববাণী প্ৰচাৰ কৰা আৰু নিজ নিজ হৃদয়ৰ পৰা ভাববাণী প্ৰচাৰ কৰোঁতা সকলক কোৱা, ‘তোমালোকে যিহোৱাৰ বাক্য শুনা!
כֹּ֤ה אָמַר֙ אֲדֹנָ֣י יְהוִ֔ה ה֖וֹי עַל־הַנְּבִיאִ֣ים הַנְּבָלִ֑ים אֲשֶׁ֥ר הֹלְכִ֛ים אַחַ֥ר רוּחָ֖ם וּלְבִלְתִּ֥י רָאֽוּ׃ | 3 |
৩প্ৰভু যিহোৱাই এই কথা কৈছে: “নিজ নিজ আত্মাৰ আৰু নোপোৱা দৰ্শনৰ অনুগামী হোৱা মুৰ্খ ভাববাদীবোৰৰ সন্তাপ হ’ব!
כְּשֻׁעָלִ֖ים בָּחֳרָב֑וֹת נְבִיאֶ֥יךָ יִשְׂרָאֵ֖ל הָיֽוּ׃ | 4 |
৪হে ইস্ৰায়েল, তোমাৰ ভাববাদীসকল উচ্ছন্ন ঠাইৰ শিয়ালৰ নিচিনা।
לֹ֤א עֲלִיתֶם֙ בַּפְּרָצ֔וֹת וַתִּגְדְּר֥וּ גָדֵ֖ר עַל־בֵּ֣ית יִשְׂרָאֵ֑ל לַעֲמֹ֥ד בַּמִּלְחָמָ֖ה בְּי֥וֹם יְהוָֽה׃ | 5 |
৫যিহোৱাৰ যুদ্ধৰ দিনা থিৰে থাকিবলৈ, তোমালোকে দেৱালৰ ভঙা বাটত উঠা নাই বা ইস্ৰায়েলৰ বংশৰ চাৰিওফালে দেৱাল নিৰ্ম্মাণ কৰা নাই;
חָ֤זוּ שָׁוְא֙ וְקֶ֣סֶם כָּזָ֔ב הָאֹֽמְרִים֙ נְאֻם־יְהוָ֔ה וַֽיהוָ֖ה לֹ֣א שְׁלָחָ֑ם וְיִֽחֲל֖וּ לְקַיֵּ֥ם דָּבָֽר׃ | 6 |
৬যিহোৱাই কৈছে এই বুলি কওঁতাসকলে অনৰ্থক দৰ্শন পায়, মিছা মঙ্গল চায়’।” আৰু যিহোৱাই নপঠোৱাকৈয়ে বাক্য সিদ্ধ হ’ব বুলি বাট চাই থাকে।
הֲל֤וֹא מַֽחֲזֵה־שָׁוְא֙ חֲזִיתֶ֔ם וּמִקְסַ֥ם כָּזָ֖ב אֲמַרְתֶּ֑ם וְאֹֽמְרִים֙ נְאֻם־יְהוָ֔ה וַאֲנִ֖י לֹ֥א דִבַּֽרְתִּי׃ ס | 7 |
৭তোমালোকে জানো অনৰ্থক দৰ্শন পোৱা নাই? আৰু মিছা মঙ্গলৰ কথা জানো কোৱা নাই? “তথাপি মই নোকোৱাকৈয়ে যিহোৱাই কৈছে বুলি তোমালোকে কোৱা?”
לָכֵ֗ן כֹּ֤ה אָמַר֙ אֲדֹנָ֣י יְהוִ֔ה יַ֚עַן דַּבֶּרְכֶ֣ם שָׁ֔וְא וַחֲזִיתֶ֖ם כָּזָ֑ב לָכֵן֙ הִנְנִ֣י אֲלֵיכֶ֔ם נְאֻ֖ם אֲדֹנָ֥י יְהוִֽה׃ | 8 |
৮এই হেতুকে প্ৰভু যিহোৱাই এই কথা কৈছে: তোমালোকে অনৰ্থক বাক্য কৈছা আৰু মিছা দৰ্শন পাইছা; চোৱা, মই তোমালোকৰ বিপক্ষ - এই কাৰণে, প্ৰভু যিহোৱাই এইদৰে কৈছে।
וְהָיְתָ֣ה יָדִ֗י אֶֽל־הַנְּבִיאִ֞ים הַחֹזִ֣ים שָׁוְא֮ וְהַקֹּסְמִ֣ים כָּזָב֒ בְּס֧וֹד עַמִּ֣י לֹֽא־יִהְי֗וּ וּבִכְתָ֤ב בֵּֽית־יִשְׂרָאֵל֙ לֹ֣א יִכָּתֵ֔בוּ וְאֶל־אַדְמַ֥ת יִשְׂרָאֵ֖ל לֹ֣א יָבֹ֑אוּ וִידַעְתֶּ֕ם כִּ֥י אֲנִ֖י אֲדֹנָ֥י יְהוִֽה׃ | 9 |
৯“মোৰ হাত অনৰ্থক দৰ্শন পোৱা, আৰু মিছা মঙ্গল চোৱা ভাববাদীসকলৰ বিপক্ষ হ’ব। তেওঁলোক মোৰ প্ৰজাসকলৰ সভাত নাথাকিব বা ইস্ৰায়েল-বংশৰ নামৰ তালিকাত তেওঁলোকৰ নাম লিখা নহ’ব; তেওঁলোক কোনোমতে ইস্ৰায়েল দেশত সোমাব নোৱাৰিব। কাৰণ মই যে প্ৰভু যিহোৱা, এই বিষয়ে তোমালোকে জানিবা!
יַ֣עַן וּבְיַ֜עַן הִטְע֧וּ אֶת־עַמִּ֛י לֵאמֹ֥ר שָׁל֖וֹם וְאֵ֣ין שָׁל֑וֹם וְהוּא֙ בֹּ֣נֶה חַ֔יִץ וְהִנָּ֛ם טָחִ֥ים אֹת֖וֹ תָּפֵֽל׃ | 10 |
১০শান্তি নোহোৱাকৈয়ে তেওঁলোকে ‘শান্তি!’ বুলি কৈ মোৰ প্ৰজাসকলক ভুলায় আৰু যেতিয়া কোনোৱে দেৱাল সাজে, তেতিয়া তেওঁলোকে তাক চূণেৰে লিপে।
אֱמֹ֛ר אֶל־טָחֵ֥י תָפֵ֖ל וְיִפֹּ֑ל הָיָ֣ה ׀ גֶּ֣שֶׁם שׁוֹטֵ֗ף וְאַתֵּ֜נָה אַבְנֵ֤י אֶלְגָּבִישׁ֙ תִּפֹּ֔לְנָה וְר֥וּחַ סְעָר֖וֹת תְּבַקֵּֽעַ׃ | 11 |
১১এই হেতুকে চূণেৰে লিপি থকা লোকসকলক তুমি কোৱা: ‘এইবোৰ পৰিব; প্লাবন কৰোঁতা মহাবৃষ্টি আহিব; এইবোৰ পৰিবলৈ মই বৃষ্টিৰ মহাশিল আৰু ভাঙিবলৈ মহা বতাহ পঠিয়াম।
וְהִנֵּ֖ה נָפַ֣ל הַקִּ֑יר הֲלוֹא֙ יֵאָמֵ֣ר אֲלֵיכֶ֔ם אַיֵּ֥ה הַטִּ֖יחַ אֲשֶׁ֥ר טַחְתֶּֽם׃ ס | 12 |
১২চোৱা, যেতিয়া দেৱাল পৰিব, তেতিয়া, “তোমালোকে যিবোৰত চূণ দিলা, সেই লেও ক’ত? এইবুলি তোমালোকক কোৱা নাযাব নে’?”
לָכֵ֗ן כֹּ֤ה אָמַר֙ אֲדֹנָ֣י יְהוִ֔ה וּבִקַּעְתִּ֥י רֽוּחַ־סְעָר֖וֹת בַּֽחֲמָתִ֑י וְגֶ֤שֶׁם שֹׁטֵף֙ בְּאַפִּ֣י יִֽהְיֶ֔ה וְאַבְנֵ֥י אֶלְגָּבִ֖ישׁ בְּחֵמָ֥ה לְכָלָֽה׃ | 13 |
১৩এই হেতুকে প্ৰভু যিহোৱাই এই কথা কৈছে: ‘মই মোৰ ক্ৰোধত মহা বতাহেৰে তাক ভাঙিম, প্লাবন কৰোঁতা মহাবৃষ্টি মোৰ কোপত আহিব, আৰু মোৰ ক্ৰোধত নষ্ট কৰিবলৈ মহাশিলাবৃষ্টি হ’ব!
וְהָ֨רַסְתִּ֜י אֶת־הַקִּ֨יר אֲשֶׁר־טַחְתֶּ֥ם תָּפֵ֛ל וְהִגַּעְתִּ֥יהוּ אֶל־הָאָ֖רֶץ וְנִגְלָ֣ה יְסֹד֑וֹ וְנָֽפְלָה֙ וּכְלִיתֶ֣ם בְּתוֹכָ֔הּ וִֽידַעְתֶּ֖ם כִּֽי־אֲנִ֥י יְהוָֽה׃ | 14 |
১৪এইদৰে, তোমালোকে চূণেৰে লিপা দেৱাল মই ভাঙিম, আৰু ইয়াৰ ভিত্তিমূল ওলাই পৰাকৈ মই তাক মাটিৰে সমান কৰিম। গতিকে সেয়ে পৰিব আৰু তোমালোকে তাৰ মাজত বিনষ্ট হ’বা। তেতিয়া মই যে যিহোৱা, তাক তোমালোকে জানিবা!
וְכִלֵּיתִ֤י אֶת־חֲמָתִי֙ בַּקִּ֔יר וּבַטָּחִ֥ים אֹת֖וֹ תָּפֵ֑ל וְאֹמַ֤ר לָכֶם֙ אֵ֣ין הַקִּ֔יר וְאֵ֖ין הַטָּחִ֥ים אֹתֽוֹ׃ | 15 |
১৫মোৰ ক্ৰোধেৰে দেৱালৰ ওপৰত আৰু চূণেৰে লিপাবোৰ নিৰ্মূল কৰিম, মই এইদৰে সিদ্ধ কৰিম আৰু মই তোমালোকক ক’ম, সেই দেৱাল আৰু নাই, আৰু তাক লিপাবোৰো,
נְבִיאֵ֣י יִשְׂרָאֵ֗ל הַֽנִבְּאִים֙ אֶל־יְר֣וּשָׁלִַ֔ם וְהַחֹזִ֥ים לָ֖הּ חֲז֣וֹן שָׁלֹ֑ם וְאֵ֣ין שָׁלֹ֔ם נְאֻ֖ם אֲדֹנָ֥י יְהֹוִֽה׃ פ | 16 |
১৬অৰ্থাৎ যিৰূচালেমৰ বিষয়ে ভাববাণী প্ৰচাৰ কৰা আৰু শান্তি নথকাতো তাৰ বাবে দৰ্শন পোৱা ইস্ৰায়েলৰ ভাববাদীবোৰো নাই!” ইয়াক প্ৰভু যিহোৱাই কৈছে।’
וְאַתָּ֣ה בֶן־אָדָ֗ם שִׂ֤ים פָּנֶ֙יךָ֙ אֶל־בְּנ֣וֹת עַמְּךָ֔ הַמִּֽתְנַבְּא֖וֹת מִֽלִּבְּהֶ֑ן וְהִנָּבֵ֖א עֲלֵיהֶֽן׃ | 17 |
১৭আৰু হে মনুষ্য সন্তান, তোমাৰ জাতিৰ যি জীয়াৰীবোৰে নিজ নিজ হৃদয়ৰ পৰা ভাববাণী প্ৰচাৰ কৰে, তেওঁলোকৰ অহিতে তুমি মুখ কৰা আৰু তেওঁলোকৰ বিৰুদ্ধে ভাববাণী প্ৰচাৰ কৰা।
וְאָמַרְתָּ֞ כֹּה־אָמַ֣ר ׀ אֲדֹנָ֣י יְהוִ֗ה הוֹי֩ לִֽמְתַפְּר֨וֹת כְּסָת֜וֹת עַ֣ל ׀ כָּל־אַצִּילֵ֣י יָדַ֗י וְעֹשׂ֧וֹת הַמִּסְפָּח֛וֹת עַל־רֹ֥אשׁ כָּל־קוֹמָ֖ה לְצוֹדֵ֣ד נְפָשׁ֑וֹת הַנְּפָשׁוֹת֙ תְּצוֹדֵ֣דְנָה לְעַמִּ֔י וּנְפָשׁ֖וֹת לָכֶ֥נָה תְחַיֶּֽינָה׃ | 18 |
১৮এইদৰে কোৱা, ‘প্ৰভু যিহোৱাই এই কথা কৈছে: লোকৰ প্ৰাণ মৃগয়া কৰিবলৈ, আটাইবোৰ কিলাকুটিত গাঁৰু সিয়াই দিওঁতা আৰু ওখ অনুসাৰে প্ৰত্যেকৰ মূৰৰ কাৰণে ওৰণি তৈয়াৰ কৰোঁতা মহিলাসকলৰ সন্তাপ হ’ব; তোমালোকে মোৰ প্ৰজাসকলৰ প্ৰাণ মৃগয়া কৰি তোমালোকৰ কাৰণে প্ৰাণবোৰ জীয়াই ৰাখিবা নে?
וַתְּחַלֶּלְ֨נָה אֹתִ֜י אֶל־עַמִּ֗י בְּשַׁעֲלֵ֣י שְׂעֹרִים֮ וּבִפְת֣וֹתֵי לֶחֶם֒ לְהָמִ֤ית נְפָשׁוֹת֙ אֲשֶׁ֣ר לֹֽא־תְמוּתֶ֔נָה וּלְחַיּ֥וֹת נְפָשׁ֖וֹת אֲשֶׁ֣ר לֹא־תִֽחְיֶ֑ינָה בְּכַ֨זֶּבְכֶ֔ם לְעַמִּ֖י שֹׁמְעֵ֥י כָזָֽב׃ ס | 19 |
১৯মিছা কথালৈ কাণ দিওঁতা মোৰ প্ৰজাসকলৰ আগত তোমালোকে মিছা কথা কৈ, মৰিব নলগাসকলৰ প্ৰাণ বধ কৰিবলৈ আৰু জীয়াই থাকিব নলগাসকলৰ প্ৰাণ জীয়াই ৰাখিবলৈ কেই-খামোচমান যৱৰ আৰু কেইডোখৰ মান পিঠাৰ কাৰণে মোৰ প্ৰজাসকলৰ মাজত মোক অপবিত্ৰ কৰিলা।
לָכֵ֞ן כֹּה־אָמַ֣ר ׀ אֲדֹנָ֣י יְהוִ֗ה הִנְנִ֤י אֶל־כִּסְּתוֹתֵיכֶ֙נָה֙ אֲשֶׁ֣ר אַ֠תֵּנָה מְצֹדְד֨וֹת שָׁ֤ם אֶת־הַנְּפָשׁוֹת֙ לְפֹ֣רְח֔וֹת וְקָרַעְתִּ֣י אֹתָ֔ם מֵעַ֖ל זְרוֹעֹֽתֵיכֶ֑ם וְשִׁלַּחְתִּי֙ אֶת־הַנְּפָשׁ֔וֹת אֲשֶׁ֥ר אַתֶּ֛ם מְצֹדְד֥וֹת אֶת־נְפָשִׁ֖ים לְפֹרְחֹֽת׃ | 20 |
২০এই হেতুকে প্ৰভু যিহোৱাই এই কথা কৈছে: চোৱা, যি গাঁৰুবোৰে পক্ষী-চিকাৰৰ দৰেই তোমালোকে প্ৰাণবোৰ মৃগয়া কৰা, তোমালোকৰ সেই গাঁৰুবোৰৰ মই বিপক্ষ আৰু মই তোমালোকৰ বাহুৰ পৰা সেইবোৰ ছিঙি পেলাম আৰু পক্ষী-চিকাৰৰ দৰেই তোমালোকে মৃগয়া কৰা প্ৰাণবোৰ এৰি দিম।
וְקָרַעְתִּ֞י אֶת־מִסְפְּחֹֽתֵיכֶ֗ם וְהִצַּלְתִּ֤י אֶת־עַמִּי֙ מִיֶּדְכֶ֔ן וְלֹֽא־יִהְי֥וּ ע֛וֹד בְּיֶדְכֶ֖ן לִמְצוּדָ֑ה וִֽידַעְתֶּ֖ן כִּֽי־אֲנִ֥י יְהוָֽה׃ | 21 |
২১মই তোমালোকৰ ওৰণিও ফালিম আৰু তোমালোকৰ হাতৰ পৰা মোৰ প্ৰজাসকলক উদ্ধাৰ কৰিম, মৃগয়া কৰিবলৈ তোমালোকৰ হাতত তেওঁলোক আৰু নাথাকিব; তাতে মই যে, যিহোৱা, সেই বিষয়ে তোমালোকে জানিবা।
יַ֣עַן הַכְא֤וֹת לֵב־צַדִּיק֙ שֶׁ֔קֶר וַאֲנִ֖י לֹ֣א הִכְאַבְתִּ֑יו וּלְחַזֵּק֙ יְדֵ֣י רָשָׁ֔ע לְבִלְתִּי־שׁ֛וּב מִדַּרְכּ֥וֹ הָרָ֖ע לְהַחֲיֹתֽוֹ׃ | 22 |
২২মই দুখ নিদিয়া ধাৰ্মিকসকলৰ হৃদয়ত তোমালোকে মিছা কথাৰে দুখ দিয়াৰ কাৰণে আৰু দুষ্টই নিজ প্ৰাণ জীয়াই ৰাখিবলৈ নিজ কু-পথৰ পৰা নুঘূৰিবৰ কাৰণে সেই দুষ্টৰ হাত সবল কৰাৰ কাৰণে,
לָכֵ֗ן שָׁ֚וְא לֹ֣א תֶחֱזֶ֔ינָה וְקֶ֖סֶם לֹא־תִקְסַ֣מְנָה ע֑וֹד וְהִצַּלְתִּ֤י אֶת־עַמִּי֙ מִיֶּדְכֶ֔ן וִֽידַעְתֶּ֖ן כִּֽי־אֲנִ֥י יְהוָֽה׃ | 23 |
২৩তোমালোকে অনৰ্থক দৰ্শন আৰু নেদেখিবা আৰু মঙ্গল চাবলৈ নাপাবা; কিন্তু মই তোমালোকৰ হাতৰ পৰা মোৰ প্ৰজাসকলক উদ্ধাৰ কৰিম; তাতে, মই যে, যিহোৱা, তাক তোমালোকে জানিবা’!”