< רוּת 4 >

וּבֹ֨עַז עָלָ֣ה הַשַּׁעַר֮ וַיֵּ֣שֶׁב שָׁם֒ וְהִנֵּ֨ה הַגֹּאֵ֤ל עֹבֵר֙ אֲשֶׁ֣ר דִּבֶּר־בֹּ֔עַז וַיֹּ֛אמֶר ס֥וּרָה שְׁבָה־פֹּ֖ה פְּלֹנִ֣י אַלְמֹנִ֑י וַיָּ֖סַר וַיֵּשֵֽׁב׃ 1
তাৰ পাছত, বোৱজে বৈৎলেহেম নগৰৰ দুৱাৰৰ সন্মুখলৈ উঠি গৈ তাতে বহিল; এনেতে যিজন ওচৰ সম্পৰ্কীয় ব্যক্তিৰ কথা ৰূথক তেওঁ কৈছিল, সেই ব্যক্তি জন বাটেদি আহি আছিল; তেতিয়া বোৱজে তেওঁক নাম কাঢ়ি মাতি ক’লে, “ইয়ালৈ আহি বহাচোন।” পাছত তেওঁ তাতে আহি বহিল।
וַיִּקַּ֞ח עֲשָׂרָ֧ה אֲנָשִׁ֛ים מִזִּקְנֵ֥י הָעִ֖יר וַיֹּ֣אמֶר שְׁבוּ־פֹ֑ה וַיֵּשֵֽׁבוּ׃ 2
তেতিয়া বোৱজে নগৰৰ বৃদ্ধ সকলৰ মাজৰ দহজনক মাতি আনি ক’লে, “আপোনালোক এই ঠাইতে বহ’ক।” তেতিয়া তেওঁলোক আহি সেই ঠাইতে বহিল।
וַיֹּ֙אמֶר֙ לַגֹּאֵ֔ל חֶלְקַת֙ הַשָּׂדֶ֔ה אֲשֶׁ֥ר לְאָחִ֖ינוּ לֶאֱלִימֶ֑לֶךְ מָכְרָ֣ה נָעֳמִ֔י הַשָּׁ֖בָה מִשְּׂדֵ֥ה מֹואָֽב׃ 3
তেতিয়া বোৱজে সেই ওচৰ সম্পৰ্কীয় ব্যক্তিজনক ক’লে, “আমাৰ ভাই ইলীমেলকৰ যি মাটিডোখৰ আছিল, সেই ডোখৰ মাটি মোৱাব দেশৰ পৰা ঘূৰি অহা নয়মীয়ে বেচিব খুজিছে৷
וַאֲנִ֨י אָמַ֜רְתִּי אֶגְלֶ֧ה אָזְנְךָ֣ לֵאמֹ֗ר קְ֠נֵה נֶ֥גֶד הַֽיֹּשְׁבִים֮ וְנֶ֣גֶד זִקְנֵ֣י עַמִּי֒ אִם־תִּגְאַל֙ גְּאָ֔ל וְאִם־לֹ֨א יִגְאַ֜ל הַגִּ֣ידָה לִּ֗י וְאֵדַע (וְאֵֽדְעָה֙) כִּ֣י אֵ֤ין זוּלָֽתְךָ֙ לִגְאֹ֔ול וְאָנֹכִ֖י אַחֲרֶ֑יךָ וַיֹּ֖אמֶר אָנֹכִ֥י אֶגְאָֽל׃ 4
এই হেতুকে মই তোমাক এই কথা জনাব খুজিছোঁ যে, আমাৰ সন্মুখত বহি থকা ব্যক্তিসকলৰ আৰু মোৰ জাতিৰ বৃ্দ্ধসকলৰ আগত তুমি সেই মাটি ডোখৰ কিনি লোৱা৷ তুমি যদি মুক্ত কৰা, তেন্তে কৰা৷ কিন্তু যদি নকৰা, তেন্তে মোক কোৱা, মই জানিব খুজিছোঁ। কিয়নো মুক্ত কৰিবলৈ তোমাতকৈ ওচৰ-সম্পৰ্কীয় আন কোনো ব্যক্তি নাই, কিন্তু তোমাৰ পাছত মইহে আছোঁ।” তেতিয়া সেই ব্যক্তি জনে ক’লে, “মই মুক্ত কৰিম।”
וַיֹּ֣אמֶר בֹּ֔עַז בְּיֹום־קְנֹותְךָ֥ הַשָּׂדֶ֖ה מִיַּ֣ד נָעֳמִ֑י וּ֠מֵאֵת ר֣וּת הַמֹּואֲבִיָּ֤ה אֵֽשֶׁת־הַמֵּת֙ קָנִיתִי (קָנִ֔יתָה) לְהָקִ֥ים שֵׁם־הַמֵּ֖ת עַל־נַחֲלָתֹֽו׃ 5
তেতিয়া বোৱজে ক’লে, “তুমি যিদিনা নয়মীৰ হাতৰ পৰা মাটি ডোখৰ কিনিবা, সেইদিনা তুমি মৃতজনৰ বংশৰ নাম জীয়াই ৰাখিবলৈ তেওঁৰ মোৱাবীয়া পত্নী ৰূথকো গ্ৰহণ কৰিব লাগিব৷”
וַיֹּ֣אמֶר הַגֹּאֵ֗ל לֹ֤א אוּכַל֙ לִגְאֹול־ (לִגְאָל)־לִ֔י פֶּן־אַשְׁחִ֖ית אֶת־נַחֲלָתִ֑י גְּאַל־לְךָ֤ אַתָּה֙ אֶת־גְּאֻלָּתִ֔י כִּ֥י לֹא־אוּכַ֖ל לִגְאֹֽל׃ 6
তেতিয়া সেই ওচৰ সম্পৰ্কীয় ব্যক্তিজনে বোৱজক ক’লে, “তেনেহ’লে মই নিজৰ বংশৰ ক্ষতি কৰি তেওঁক গ্ৰহণ কৰিব নোৱাৰোঁ; তুমি মোৰ অধিকাৰ লৈ তেওঁক গ্ৰহণ কৰা, কিয়নো মই কৰিব নোৱাৰোঁ।”
וְזֹאת֩ לְפָנִ֨ים בְּיִשְׂרָאֵ֜ל עַל־הַגְּאוּלָּ֤ה וְעַל־הַתְּמוּרָה֙ לְקַיֵּ֣ם כָּל־דָּבָ֔ר שָׁלַ֥ף אִ֛ישׁ נַעֲלֹ֖ו וְנָתַ֣ן לְרֵעֵ֑הוּ וְזֹ֥את הַתְּעוּדָ֖ה בְּיִשְׂרָאֵֽל׃ 7
ইস্ৰায়েলৰ মাজত মুক্ত কৰা আৰু সলোৱাৰ এনে ৰীতি-নীতি প্ৰচলিত আছিল, এই ৰীতি স্থিৰ কৰিবলৈ এজনে নিজৰ জোতা সোলোকাই আন জনক দিয়ে, এইদৰে ইস্ৰায়েলৰ মাজত সাক্ষীস্বৰূপ চৰ্ত আছিল।
וַיֹּ֧אמֶר הַגֹּאֵ֛ל לְבֹ֖עַז קְנֵה־לָ֑ךְ וַיִּשְׁלֹ֖ף נַעֲלֹֽו׃ 8
সেয়ে তেওঁৰ ওচৰ সম্পৰ্কীয় ব্যক্তিজনে বোৱজক ক’লে, “তুমি নিজে কিনি লোৱা।” এইদৰে কৈ, তেওঁ নিজৰ জোতা সোলোকাই দিলে।
וַיֹּאמֶר֩ בֹּ֨עַז לַזְּקֵנִ֜ים וְכָל־הָעָ֗ם עֵדִ֤ים אַתֶּם֙ הַיֹּ֔ום כִּ֤י קָנִ֙יתִי֙ אֶת־כָּל־אֲשֶׁ֣ר לֶֽאֱלִימֶ֔לֶךְ וְאֵ֛ת כָּל־אֲשֶׁ֥ר לְכִלְיֹ֖ון וּמַחְלֹ֑ון מִיַּ֖ד נָעֳמִֽי׃ 9
তাৰ পাছত বোৱজে বৃদ্ধ সকলক আৰু আটাই লোকসকলক ক’লে, “ইলীমেলকৰ যি যি আছিল, আৰু কিলিয়োন আৰু মহলোনৰ যি যি আছিল, সেই সকলোকে মই নয়মীৰ হাতৰ পৰা কিনিলোঁ; আজি তোমালোক ইয়াৰ সাক্ষী থ’লো।
וְגַ֣ם אֶת־ר֣וּת הַמֹּאֲבִיָּה֩ אֵ֨שֶׁת מַחְלֹ֜ון קָנִ֧יתִי לִ֣י לְאִשָּׁ֗ה לְהָקִ֤ים שֵׁם־הַמֵּת֙ עַל־נַ֣חֲלָתֹ֔ו וְלֹא־יִכָּרֵ֧ת שֵׁם־הַמֵּ֛ת מֵעִ֥ם אֶחָ֖יו וּמִשַּׁ֣עַר מְקֹומֹ֑ו עֵדִ֥ים אַתֶּ֖ם הַיֹּֽום׃ 10
১০আপোনাৰ ভাইসকলৰ মাজৰ পৰা আৰু আপুনি বাস কৰা ঠাইৰ পৰা সেই মৃত লোকৰ নাম যেন লুপ্ত নহয়, সেইবাবে মৃতলোকৰ অধিকাৰত তেওঁৰ নাম ৰাখিবৰ অৰ্থে মই নিজ ভাৰ্য্যাস্বৰূপে মহলোনৰ ভাৰ্যা মোৱাবীয়া ৰূথকো কিনিলোঁ; আজি আপোনালোকে সকলোৱে ইয়াৰ সাক্ষী হৈ ৰ’ল।”
וַיֹּ֨אמְר֜וּ כָּל־הָעָ֧ם אֲשֶׁר־בַּשַּׁ֛עַר וְהַזְּקֵנִ֖ים עֵדִ֑ים יִתֵּן֩ יְהוָ֨ה אֶֽת־הָאִשָּׁ֜ה הַבָּאָ֣ה אֶל־בֵּיתֶ֗ךָ כְּרָחֵ֤ל ׀ וּכְלֵאָה֙ אֲשֶׁ֨ר בָּנ֤וּ שְׁתֵּיהֶם֙ אֶת־בֵּ֣ית יִשְׂרָאֵ֔ל וַעֲשֵׂה־חַ֣יִל בְּאֶפְרָ֔תָה וּקְרָא־שֵׁ֖ם בְּבֵ֥ית לָֽחֶם׃ 11
১১নগৰৰ ভিতৰত থকা সকলো লোক আৰু বৃদ্ধসকলে ক’লে, “আমি ইয়াৰ সাক্ষী হ’লো; যি গৰাকী মহিলা তোমাৰ বংশত প্ৰৱেশ কৰিলে, যিহোৱাই তেওঁক ইস্ৰায়েল বংশ স্থাপন কৰা যি ৰাহেল আৰু লেয়া আছিল, এওঁকো তেওঁলোকৰ দৰে কৰক; আৰু ইফ্ৰাথাত তোমাৰ পৰাক্ৰম আৰু বৈৎলেহেমত তোমাৰ সুখ্যাতি হওক।
וִיהִ֤י בֵֽיתְךָ֙ כְּבֵ֣ית פֶּ֔רֶץ אֲשֶׁר־יָלְדָ֥ה תָמָ֖ר לִֽיהוּדָ֑ה מִן־הַזֶּ֗רַע אֲשֶׁ֨ר יִתֵּ֤ן יְהוָה֙ לְךָ֔ מִן־הַֽנַּעֲרָ֖ה הַזֹּֽאת׃ 12
১২যিহোৱাই সেই মহিলাৰ পৰা তোমাক যি সন্তান দিব, সেই সন্তানৰ দ্বাৰাই, তামাৰৰ পৰা যিহূদালৈ জন্মা পেৰচৰ বংশৰ দৰে হওক।”
וַיִּקַּ֨ח בֹּ֤עַז אֶת־רוּת֙ וַתְּהִי־לֹ֣ו לְאִשָּׁ֔ה וַיָּבֹ֖א אֵלֶ֑יהָ וַיִּתֵּ֨ן יְהוָ֥ה לָ֛הּ הֵרָיֹ֖ון וַתֵּ֥לֶד בֵּֽן׃ 13
১৩বোৱজে ৰূথক বিবাহ কৰি তেওঁৰ ভাৰ্যা ৰূপে গ্রহণ কৰিলে আৰু বোৱজে তেওঁৰ লগত শয়ন কৰাৰ পাছত তেওঁ যিহোৱাৰ পৰা আশীৰ্ব্বাদ পাই গৰ্ভধাৰণ কৰি এটি পুত্ৰ প্ৰসৱ কৰিলে।
וַתֹּאמַ֤רְנָה הַנָּשִׁים֙ אֶֽל־נָעֳמִ֔י בָּר֣וּךְ יְהוָ֔ה אֲ֠שֶׁר לֹ֣א הִשְׁבִּ֥ית לָ֛ךְ גֹּאֵ֖ל הַיֹּ֑ום וְיִקָּרֵ֥א שְׁמֹ֖ו בְּיִשְׂרָאֵֽל׃ 14
১৪পাছত এই বাতৰি পাই, মহিলাসকলে নয়মীক ক’লে, “ধন্য যিহোৱা, তেওঁ আজি তোমাক ওচৰ সম্পৰ্কীয় কোনো নথকাকৈ অকলশৰে ৰখা নাই; এই সন্তানটিৰ নামো ইস্ৰায়েলৰ মাজত প্ৰখ্যাত হওক।
וְהָ֤יָה לָךְ֙ לְמֵשִׁ֣יב נֶ֔פֶשׁ וּלְכַלְכֵּ֖ל אֶת־שֵׂיבָתֵ֑ךְ כִּ֣י כַלָּתֵ֤ךְ אֲ‍ֽשֶׁר־אֲהֵבַ֙תֶךְ֙ יְלָדַ֔תּוּ אֲשֶׁר־הִיא֙ טֹ֣ובָה לָ֔ךְ מִשִּׁבְעָ֖ה בָּנִֽים׃ 15
১৫ই তোমাৰ জীৱন পুনৰ প্ৰতিষ্ঠা কৰিব, আৰু বৃদ্ধ অৱস্থাত তোমাৰ প্ৰতিপালক হ’ব, কাৰণ তোমাক প্ৰেম কৰোঁতা, আৰু তোমাৰ সাতজন পুত্ৰতকৈও উত্তম যি তোমাৰ বোৱাৰী তেওঁ ইয়াক প্ৰসৱ কৰিলে।”
וַתִּקַּ֨ח נָעֳמִ֤י אֶת־הַיֶּ֙לֶד֙ וַתְּשִׁתֵ֣הוּ בְחֵיקָ֔הּ וַתְּהִי־לֹ֖ו לְאֹמֶֽנֶת׃ 16
১৬তেতিয়া নয়মীয়ে ল’ৰাটিক নিজৰ কোলাত ল’লে, আৰু তেওঁ তাৰ ধাই মাতৃস্বৰূপ হ’ল।
וַתִּקְרֶאנָה֩ לֹ֨ו הַשְּׁכֵנֹ֥ות שֵׁם֙ לֵאמֹ֔ר יֻלַּד־בֵּ֖ן לְנָעֳמִ֑י וַתִּקְרֶ֤אנָֽה שְׁמֹו֙ עֹובֵ֔ד ה֥וּא אֲבִי־יִשַׁ֖י אֲבִ֥י דָוִֽד׃ פ 17
১৭পাছত নয়মীৰ এটি পুত্ৰ জন্মিল, এই বুলি তেওঁৰ ওচৰ-চুবুৰীয়া মহিলাসকলে তাৰ নাম ওবেদ হ’ল। তেওঁ দায়ুদৰ ককাক, অৰ্থাৎ যিচয়ৰ বাপেক।
וְאֵ֙לֶּה֙ תֹּולְדֹ֣ות פָּ֔רֶץ פֶּ֖רֶץ הֹולִ֥יד אֶת־חֶצְרֹֽון׃ 18
১৮এয়ে পেৰচৰ বংশাৱলী: পেৰচৰ পুতেক হিষ্ৰোণ,
וְחֶצְרֹון֙ הֹולִ֣יד אֶת־רָ֔ם וְרָ֖ם הֹולִ֥יד אֶת־עַמִּֽינָדָֽב׃ 19
১৯হিষ্ৰোণৰ পুতেক ৰাম, ৰামৰ পুতেক অম্মীনাদব,
וְעַמִּֽינָדָב֙ הֹולִ֣יד אֶת־נַחְשֹׁ֔ון וְנַחְשֹׁ֖ון הֹולִ֥יד אֶת־שַׂלְמָֽה׃ 20
২০অম্মীনাদবৰ পুতেক নহচোন, নহচোনৰ পুতেক চলমোন,
וְשַׂלְמֹון֙ הֹולִ֣יד אֶת־בֹּ֔עַז וּבֹ֖עַז הֹולִ֥יד אֶת־עֹובֵֽד׃ 21
২১চলমোনৰ পুতেক বোৱজ, বোৱজৰ পুতেক ওবেদ,
וְעֹבֵד֙ הֹולִ֣יד אֶת־יִשָׁ֔י וְיִשַׁ֖י הֹולִ֥יד אֶת־דָּוִֽד׃ 22
২২ওবেদৰ পুতেক যিচয়, যিচয়ৰ পুতেক দায়ুদ।

< רוּת 4 >