< מִשְׁלֵי 9 >
חָ֭כְמֹות בָּנְתָ֣ה בֵיתָ֑הּ חָצְבָ֖ה עַמּוּדֶ֣יהָ שִׁבְעָֽה׃ | 1 |
১প্ৰজ্ঞাই নিজৰ গৃহ নিৰ্মাণ কৰিলে; তেওঁ শিলৰ পৰা সাতটা স্তম্ভ কাটিলে।
טָבְחָ֣ה טִ֭בְחָהּ מָסְכָ֣ה יֵינָ֑הּ אַ֝֗ף עָֽרְכָ֥ה שֻׁלְחָנָֽהּ׃ | 2 |
২তেওঁ ৰাতিৰ আহাৰৰ বাবে নিজৰ পশু আৰু দ্রাক্ষাৰস যুগুত কৰিলে; আৰু তেওঁ নিজৰ মেজ সজালে।
שָֽׁלְחָ֣ה נַעֲרֹתֶ֣יהָ תִקְרָ֑א עַל־גַּ֝פֵּ֗י מְרֹ֣מֵי קָֽרֶת׃ | 3 |
৩তেওঁ নিজৰ দাসীসকলক বাহিৰলৈ পঠাই নগৰৰ ওখ ঠাইৰ পৰা নিমন্ত্ৰণ কৰিলে।
מִי־פֶ֭תִי יָסֻ֣ר הֵ֑נָּה חֲסַר־לֵ֝֗ב אָ֣מְרָה לֹּֽו׃ | 4 |
৪“যিসকল অশিক্ষিত, তেওঁলোক ইয়ালৈ আহক!” যিসকল জ্ঞানশূন্য তেওঁলোকক তেওঁ ক’লে,
לְ֭כוּ לַחֲמ֣וּ בְֽלַחֲמִ֑י וּ֝שְׁת֗וּ בְּיַ֣יִן מָסָֽכְתִּי׃ | 5 |
৫“আহাঁ, মোৰ আহাৰ ভোজন কৰা, আৰু মই মিহলাই থোৱা দ্ৰাক্ষাৰস পান কৰা।
עִזְב֣וּ פְתָאיִ֣ם וִֽחְי֑וּ וְ֝אִשְׁר֗וּ בְּדֶ֣רֶךְ בִּינָֽה׃ | 6 |
৬শিক্ষাবিহীন পথ এৰি জীৱন ধাৰণ কৰা, সুবিবেচনাৰ পথত চলা।
יֹ֤סֵ֨ר ׀ לֵ֗ץ לֹקֵ֣חַֽ לֹ֣ו קָלֹ֑ון וּמֹוכִ֖יחַ לְרָשָׁ֣ע מוּמֹֽו׃ | 7 |
৭যিজনে নিন্দক লোকক শিক্ষা দিয়ে, তেওঁ অপমান পায়, আৰু যিজনে দুষ্টক অনুযোগ কৰে, তেওঁ মনত আঘাত পায়।
אַל־תֹּ֣וכַח לֵ֭ץ פֶּן־יִשְׂנָאֶ֑ךָּ הֹוכַ֥ח לְ֝חָכָ֗ם וְיֶאֱהָבֶֽךָּ׃ | 8 |
৮তুমি নিন্দক লোকক অনুযোগ নকৰিবা, কৰিলে তেওঁ তোমাক ঘিণ কৰিব; জ্ঞানী লোকক অনুযোগ কৰা, তেওঁ তোমাক প্ৰেম কৰিব।
תֵּ֣ן לְ֭חָכָם וְיֶחְכַּם־עֹ֑וד הֹודַ֥ע לְ֝צַדִּ֗יק וְיֹ֣וסֶף לֶֽקַח׃ פ | 9 |
৯জ্ঞানী লোকক শিক্ষা দিয়া, তেওঁ অধিক জ্ঞানী হ’ব; ধাৰ্মিক লোকক শিক্ষা দিয়া, তেওঁ শিক্ষাত বৃদ্ধি পাব।
תְּחִלַּ֣ת חָ֭כְמָה יִרְאַ֣ת יְהוָ֑ה וְדַ֖עַת קְדֹשִׁ֣ים בִּינָֽה׃ | 10 |
১০যিহোৱালৈ ভয় ৰখাই প্রজ্ঞাৰ আৰম্ভণ, আৰু পবিত্ৰজনাক জনাই সুবিবেচনা।
כִּי־בִ֭י יִרְבּ֣וּ יָמֶ֑יךָ וְיֹוסִ֥יפוּ לְּ֝ךָ֗ שְׁנֹ֣ות חַיִּֽים׃ | 11 |
১১কিয়নো মোৰ দ্বাৰাই তোমাৰ আয়ুস বৃদ্ধি হ’ব, আৰু তোমাৰ জীৱনৰ বছৰবোৰ বাঢ়ি যাব।
אִם־חָ֭כַמְתָּ חָכַ֣מְתָּ לָּ֑ךְ וְ֝לַ֗צְתָּ לְֽבַדְּךָ֥ תִשָּֽׂא׃ | 12 |
১২তুমি যদি জ্ঞানী, তেনেহ’লে তোমাৰ বাবেই তুমি জ্ঞানী, কিন্তু যদি তুমি নিন্দক, তেনেহ’লে তুমি অকলেই তাৰ ভাৰ ব’বা।”
אֵ֣שֶׁת כְּ֭סִילוּת הֹֽמִיָּ֑ה פְּ֝תַיּ֗וּת וּבַל־יָ֥דְעָה מָּֽה׃ | 13 |
১৩অজ্ঞানী মহিলা কোলাহলপূৰ্ণ- তেওঁ অশিক্ষিত, আৰু তেওঁ একো নাজানে।
וְֽ֭יָשְׁבָה לְפֶ֣תַח בֵּיתָ֑הּ עַל־כִּ֝סֵּ֗א מְרֹ֣מֵי קָֽרֶת׃ | 14 |
১৪তেওঁ নিজৰ ঘৰৰ দুৱাৰত, আৰু নগৰৰ উচ্চ স্থানত বহে।
לִקְרֹ֥א לְעֹֽבְרֵי־דָ֑רֶךְ הַֽ֝מְיַשְּׁרִ֗ים אֹֽרְחֹותָֽם׃ | 15 |
১৫যিসকলে সেই পথেৰে যায়, তেওঁলোকক মাতে; সেই লোকসকল নিজ পথত গৈ থাকিলেও তেওঁ মাতে,
מִי־פֶ֭תִי יָסֻ֣ר הֵ֑נָּה וַחֲסַר־לֵ֝֗ב וְאָ֣מְרָה לֹּֽו׃ | 16 |
১৬“যিসকলে শিক্ষা পোৱা নাই, তেওঁলোক ইয়ালৈ আহক!” যিসকল জ্ঞানশূন্য, তেওঁলোকক তেওঁ কয়,
מַֽיִם־גְּנוּבִ֥ים יִמְתָּ֑קוּ וְלֶ֖חֶם סְתָרִ֣ים יִנְעָֽם׃ | 17 |
১৭“চুৰ কৰা পানী মিঠা, আৰু গুপুতে খোৱা আহাৰ অতি সুস্বাদু।”
וְֽלֹא־יָ֭דַע כִּֽי־רְפָאִ֣ים שָׁ֑ם בְּעִמְקֵ֖י שְׁאֹ֣ול קְרֻאֶֽיהָ׃ פ (Sheol ) | 18 |
১৮কিন্তু মৃত্যু যে তাত আছে, আৰু তেওঁৰ অতিথি সকল যে চিয়োলৰ গভীৰ ঠাইত আছে, সেই কথা তেওঁ নাজানে। (Sheol )